‘তই এটা ভাল ক’মেডী মানুহ আছে ৰে’ – ঘৰৰ ওচৰৰ গেলামালৰ দোকানী বিহাৰী মহাবীৰে এদিন মোক সৰু থাকোতে কৈছিল। এই ক’মেডী শব্দটো প্ৰথম শুনিছিলো তেওঁৰ মুখত। শব্দটোৰ অৰ্থ মই সেই সময়ত বুজা নাছিলো।মই আচলতে কি, কেনেকুৱা – ভাবিবলৈ চেষ্টা কৰিছিলো,যিটোৰ কাৰণে মহাবীৰে মোক ক’ব লগা হৈছিল মই হেনো ক’মেডী মানুহ’!
মোৰ চকু দুটা দেখিলেই হেনো মই যে ‘এটা ক’মেডী মানুহ আছো’ সেইটো ধৰিব পাৰি। মোৰ হাঁহিটো বেয়া। হাঁহিলে মোক বেয়া দেখি। বেয়া দেখি বুলি নকওঁ, একেবাৰে অদ্ভূত দেখি। জোৰেৰে হাঁহিলে ‘খেক খেক’ ধৰণৰ শব্দ বাহিৰ হয় মুখেৰে।
‘বান্দৰেহে তেনেকৈ হাঁহে। তই বান্দৰ নেকি?’ -শেষৰ বেঞ্চত বহি লগৰ অতনুৱে নিজৰ চকুটো বৰ্মন ছাৰৰ কেৰা চকুটোৰ দৰে কৰি অংগী-ভংগী দেখুৱাওতেই মই খেকখেকাই হঁহা শুনি বৰ্মন ছাৰে মোলৈ চাই চিঞৰি উঠিছিল।
মই থিয় হৈছিলো মুখ জপায়। হাইস্কুলত নাম লগোৱাৰ কিছুদিনৰ পাছৰ কথা এয়া।
‘তেনেকৈ নাহাঁহিবি। বেয়া শুনি’ – ক্লাছৰ মাজত হাঁহি মৰা বাবে খং কৰা নাছিল, ছাৰে যেন আচলতে মোৰ হাঁহিৰ শব্দ শুনিহে বিৰক্ত হৈছিল। মানুহৰ হাঁহিত বান্দৰৰ ‘খেক খেকনি’ শুনি তেওঁ চাগে অবাক হৈছিল।
লগৰবোৰে সিদিনাৰ পৰা মোক মাতিছিল ‘বান্দৰ’। মই হাঁহিবলৈ বন্ধ কৰি দিছিলোঁ। হাঁহিলেও শব্দ নকৰিবলৈ প্ৰাণেপনে চেষ্টা কৰিছিলো।

‘ঐ ভদ্ৰ, এবাৰ হাঁহি দে না’ – লগৰবোৰে কুটুৰিছিল। মই মুখ বন্ধ কৰি ৰাখিছিলো।
‘লেজাৰত আচাৰ পেকেট খুৱাম দে’ – সিহঁতে জোৰ কৰিছিল।
মই হাঁহিছিলো ডাঙৰকৈ – খেক্ খেক্ খেক্। সিহঁতে ৰস পাইছিল। চিঞৰিছিল -‘ই একদম বান্দৰ!’ দুপৰীয়া দহপইচাৰ দুইপেকেট আচাৰ মোৰ হাতত পৰিছিল। দুবাৰ খেকখেকাই মই আচাৰৰ পেকেট পাইছিলো।আনন্দই নধৰা মন হৈছিল।
বেঞ্চত বহোঁতে, পথাৰত চুচৰি-বাগৰি ফুৰোতে হাফপেন্টটোৰ পিছৰ ফালে ফিচিকিবলৈ আৰম্ভ কৰিছিল। মাক কৈছিলো। মায়ে কৈছিল, কেইদিনমান পাছত হাতলৈ সৰহকৈ টকা আহিলে নতুন এটা কিনি দিব। মই সেই ফিচিকিবলৈ ধৰা পেন্টটোকেই পিন্ধি গৈছিলো। এদিন হাউলি যাওতে এজনে মোৰ পেন্টটোৰ পিছফালটো দেখিলে। হাঁহিত থাকিব নোৱৰা হ’ল সি। শ্ৰেণীৰ বাকীবোৰক মাতিলে-‘ঐ ইয়াৰ দেখোন ৰঙা নহয়! বান্দৰৰ ৰঙাহে হয়’। সকলোৱে ফূৰ্তি পাইছিল।
‘চাও ভদ্ৰ, অলপ দেখুৱাই দেচোন আকৌ পেন্টটোৰ পিছফালটো’ – এজনে কৈছিল।
মই দেখুৱাইছিলো।
সিহঁতে বলিয়াৰ দৰে হাঁহিছিল।

সেইদিনা ঘৰলৈ গৈ ঘৰ মচিবলৈ মায়ে ব্যৱহাৰ কৰা ৰঙা সূতাৰ পুৰণি মেখেলাৰ এফালৰ পৰা মই অলপ কাপোৰ ফালি আনিছিলো। পাছদিনা পেন্টৰ তলতে সেই ৰঙা মেখেলাৰ সৰু টুকুৰাটো চিলাই কৰি আনিছিলো।
‘আজি তহঁতক বেলেগ কিবা দেখুৱাম, চাবি?’ – লগৰবোৰ উৎসুক হৈছিল চাবলৈ।
মই পিছমূৰ কৰি হাউলি দিছিলো। পেন্টৰ ফিচিকা অংশেৰে ভিতৰৰ ৰঙা কাপোৰখন অস্পষ্টকৈ ওলাইছিল। আটাইবোৰে গিৰ্জনি মাৰি হাঁহিছিল। আকৌ দেখুৱাইছিলো। বিনিময়ত আটায়ে মোক মিলি দুপৰীয়া মাধেৰ দোকানত চাহ আৰু গজা খুৱাইছিল।
‘ইয়াক আজি সঁচাকৈ ‘মলুৱা’ লাগিছিল’ – লগৰ এজনে কৈছিল। সিদিনাৰ পৰা মোৰ নাম ‘মলুৱা বান্দৰ’ হ’ল।

মায়ে দিনৰ দিনটো আনৰ ঘৰত কাম কৰি যি দুপইচা পায়, তাৰে অলপেৰে মোক সদায় আবেলি মহাবীৰৰ দোকানলৈ চাউল-ডালি আনিবলৈ পঠিয়ায়। হাতত দিয়া পইচাৰে আটাইবোৰ বস্তু কিনিব নোৱাৰি।
‘আৰু এমুঠি চাউল দে না, দে না’ – মই মহাবীৰক কওঁ।
‘গুচ্ছা না দিলাবি এতিয়া, ফুট কৈছো নহয়’ – তাৰ খং উঠে।
মই আকৌ কওঁ। সি মোক ঠেলি দিয়ে। মই বান্দৰটোৰ দৰে জপিয়াওঁ।
দোকানত ৰৈ থকা মানুহবোৰেও মোক দেখি হাঁহে। মহাবীৰক ডালি এমুঠিও মোক দি দিবলৈ কোনোবা এজনে কয় -‘ঐ, তই আৰু এবাৰ বান্দৰ নাচ দে, তোৰ ডালি এশ গ্ৰামৰ পইচা মই দিম’। মই নাচিবলৈ আৰম্ভ কৰো। সকলোৱে ৰস পায়। হাঁহি ৰখাব নোৱৰা হয়। সেই হাঁহিৰ বিনিময়ত মই এশ গ্ৰাম ডালি পাওঁ। মই ফূৰ্ত্তিৰে ঘৰলৈ আহো ঘৰত অহাৰ পাছত দুচকুৰে ধাৰাসাৰ পানী নিগৰে। বান্দৰ নাচ দিয়া ভৰি-হাত দুখন কঁপে দুখত।
ৰাতিপুৱাৰ চাহকাপ মই চাৰিআলিৰ ওচৰৰে দোকানখনত খাওঁ। পুৱা তাত উজনিমুৱা নাইট চুপাৰবোৰ ৰয়। যাত্ৰীবোৰে চাহ খায়। দোকানৰ সন্মুখৰে টেবুল এখনত বহি মই গাজা কওঁ। গাজাৰ লগত অংগী-ভংগী কৰি দেখুৱাওঁ। দুই-এজন মানুহ গোট খায়। হাঁহে। ফূৰ্তি পায়। দোকানত গ্ৰাহকৰ ভিৰ হয় অলপ। মালিক পৰশুৰামে সেয়ে মোক বৰ ভাল পায়। এগিলাচ চাহ ফ্ৰীতে খাবলৈ দিয়ে। কেতিয়াবা পৰঠা এখন। আহিবৰ সময়ত প্লাষ্টিকৰ ঠোঙা এটাত মাৰ কাৰণে ৰঙাচাহ একাপো বান্ধি দিয়ে। মায়ে সেই কাপ চাহলৈ পুৱাৰে পৰা অপেক্ষা কৰি থাকে। মোৰ গাজা শুনিয়েই এদিন এজন লোকে মোৰ ওচৰলৈ আহি সুধিছিল-‘নাটক কৰিবি? দোকানৰ আগত গাজা কৈ, বান্দৰ নাচ দি কি লাভ?’
গম পাইছিলো, তেওঁ ৰসেশ্বৰ কলিতা। কৌতুক অভিনেতা। নাটক কৰে। থিয়েটাৰতো আছিল। আমিও দুবাৰমান তেওঁৰ অভিনয় চাইছিলো। বাগৰি বাগৰি হাঁহিছিলো। মই মান্তি হৈছিলো নাটক কৰিবলৈ।
‘নাটক কৰোতে দৰ্শকৰ লগত সংযোগ ৰাখিব লাগিব। গাজা কোৱাৰ দৰে নহয়। আমাৰ নাটক দেখুৱাবলৈ লৈ যাম তোক। দুদিনমান ওচৰৰপৰা চাই শিকিবি, বুজিবি’।
মই তেওঁৰ লগত গৈছিলো টাউনলৈ। তেওঁৰ অভিনয় দেখি মানুহে গিৰ্জনি মাৰি হাঁহিছিল। তেওঁৰ কথা কোৱাৰ ভংগী দেখিলেই হাঁহি ওলাইছিল মানুহৰ। ফূৰ্তিবাজ মানুহ ৰসেশ্বৰ কলিতা।
মোক সুধিছিল-‘বুজিছ নে কেনেকৈ অভিনয় কৰে? বান্দৰ নাচ দি তৰল কৌতুক কৰি দেখুৱালে মানুহে দুদিনতে আমনি পাব…মনৰ পৰা আহিব লাগিব কৌতুক আৰু ব্যংগ’।ৰসেশ্বৰ কলিতাৰ কথাবোৰ মনোযোগেৰে শুনিছিলো। এদিন তেওঁৰ উপদেশবোৰ শিৰত লৈ মঞ্চত উঠিছিলো। সংলাপ মাতিছিলো। শিকাই দিয়ামতে কথাবোৰ কৈ গৈছিলো। মঞ্চত থাকোতেই বাহিৰৰ আন্ধাৰ দেখি অনুমান কৰি লৈছিলো, ৰাতি বহুত হ’ল। মাৰ কথা মনলৈ আহিছিল। মই নোযোৱালৈ মা বিচনাত পৰি ৰৈ থাকিব। চৌকাত জুই নজ্বলে মই গৈ নোপোৱালৈকে। অশান্তি পাইছিলো মই। বুকুখন গধুৰ হৈ পৰিছিল। ৰসেশ্বৰ কলিতাৰ কথাষাৰ মনলৈ আহিছিল – অভিনয় আহিব লাগিব মনৰ পৰা। সংলাপ ক’ব লাগিব হৃদয়েৰে অনুভৱ কৰি। গধুৰ বুকুখনে ধেমেলীয়া সংলাপবোৰৰ লগত যুঁজ-বাগৰ কৰিবলৈ আৰম্ভ কৰিছিল। মোৰ মুখৰ পৰা ওলোৱা সংলাপবোৰ বিক্ষিপ্ত হৈছিল। দৰ্শকে কিৰিলি পাৰিছিল।
‘ধেইত, তই নোৱাৰিবি ও..তই মোৰ কথাবোৰ নুশুনিলি। তেনেকৈ ক’ব লাগে কাৰণে মুখস্থ মতা দি মাতি গৈছিলি যেন তই, মনৰ পৰা…’- ৰসেশ্বৰ কলিতাই মোৰ ওচৰলৈ আহি কৈছিল।
‘মই নোৱাৰিম। মোৰ ঠাইত আপুনি থকা হ’লে আপুনিও নোৱাৰিলেহেঁতেন। ঘৰত বেমাৰী মা বিচনাত। এসাঁজ খাবলৈ চিন্তা আমাৰ। মই অহালৈ আশাৰে বাট চাই থাকে, অথচ মই একোৱেই দিব নোৱাৰো।পাৰিব? পাৰিব আপুনি এনে অৱস্থাত অন্তৰৰ পৰা অভিনয় কৰিব?’
সেই ৰাতি মোক ৰসেশ্বৰ কলিতাই তেওঁৰ ঘৰলৈ লৈ গ’ল।
বাৰান্দাতে মোক বহিবলৈ দিলে। প্ৰায় কুৰিবছৰীয়া ছোৱালী এগৰাকীয়ে বাৰান্দাতে বহি ফলি এখনত কিবা আঁক-বাঁক কৰি আছিল। মোলৈ চাই অদ্ভূত ধৰণেৰে হাঁহিলে। মই আচৰিত হ’লো অলপ। ৰসেশ্বৰ কলিতাই ভিতৰৰ পৰা গিলাচ এটাত ৰঙাচাহ আনি মোক খাবলৈ দিলে। ছোৱালীজনীয়ে তেতিয়া তাইক খাবলৈ নিদিয়াৰ কাৰণে উচুপিবলৈ ধৰিলে। লাহে লাহে সেই উচুপনি কান্দোনত ৰূপান্তৰ হ’ল। ৰসেশ্বৰ কলিতাই তাইক ধমক দিলে-‘বাচ্চা ছোৱালীৰ দৰে নকৰিবি। ভিতৰলৈ যা। মাৰাই শুনিলে বেমাৰ বাঢ়িব’।
তাই চকু দুটা মচি ভিতৰলৈ লৰি গ’ল।
‘ভালেই আছিল তাই। কি জানো হ’ল দুবছৰমান আগৰে পৰা। মাথাটো একেবাৰে কিবা হৈ গ’ল তাইৰ। মেন্টেল হ’স্পিটালখনলৈ নি ৰাখিবলৈ মনত বেজাৰ। মাকজনীৰ আকৌ ভাল নোহোৱা বেমাৰ গাত। ৰৈ আছো । ভগৱানে জীউটো ৰখালৈকে ময়ো যিমান পাৰো ভালকৈ ৰাখিবলৈ চেষ্টা কৰি যাম’।

মই মূক হৈ ৰৈ থাকিলো বহুপৰ। বুকুখনে হাঁহাকাৰ কৰি উঠিল।
ঘৰৰ ওচৰৰ পৰিমল গাঁওবুঢ়াৰ চোতালত সৰু থাকোতে চিনেমা এখন চোৱা মনত আছে। ‘মেৰা নাম জ’কাৰ’। অভিনেতাজনৰ নাম ৰাজ কাপুৰ বুলি কোনোবাই কৈছিল। তেওঁ আছিল চাৰ্কাছত কাম কৰা এজন জ’কাৰ। জ’কাৰে মানুহক হহুৱায়। মানুহে জ’কাৰক দেখিলেই হাঁহে কিন্তু জ’কাৰৰ দুচকুৰ চকুপানী নেদেখে।
ৰসেশ্বৰ কলিতাকো মোৰ সেই চিনেমাৰ জ’কাৰজন যেনেই লাগিল। স্কুলত এপেকেট আচাৰৰ কাৰণে বান্দৰ নাচ দিয়া সেই কণমানি শিশু মইটোও কেতিয়া যে তেনে এক জ’কাৰ হৈ গ’ল আপোনা-আপুনি গমেই নাপালো।ভাবি ভাবি মই নি:শব্দে হাঁহিলো,চকুদুটা তেতিয়াও সিক্ত!

☆★☆★☆

Comments

  1. তোমাৰ কলমত মিডাচ টাচ এটা আছে, যি লিখা, অন্তৰ চুই যায়। গৌৰৱান্বিত দিগন্ত

  2. সুন্দৰ।
    নিৰ্মম জীৱনৰ কথাৰ সোঁৱৰণী সুন্দৰ প্ৰকাশ

Leave a Reply

Your email address will not be published. Required fields are marked *