———- এইকেইদিন ভাৰত চাইনা টাইপৰ শীতল যুদ্ধ এখন চলি আছে ঘৰত । অৰ্থনৈতিক সংস্কাৰ এটা কৰি নিজৰ আৰ্থিক স্হিতিটো টনকিয়াল কৰি লওঁ বুলি ভাবি সিদিনা শ্ৰীমতীক যোৱা মাহত দিয়া টকা দহ হেজাৰৰ এনেই হিচাব এটা বিচৰাটোৱেই মোৰ ভুল । নিয়মমতে জি এচ টি বিলেই বিচাৰিব লাগিছিল । কিন্তু সেইটো বিচৰা হ’লে চাগে এইকেইদিন বতাহ খাই জীয়াই থাকিব লাগিলেহেঁতেন । যি কি নহওঁক কণমানিজনীকে মধ্যস্হতাকাৰী হিচাবে লৈ কোনোৰকম চাহ ভাত কেইটা পাই আছোঁ । : দেউতা মায়ে ভাত দিছে । ন’হলে : জান জান ,দেউতাক চাহ দিছো বুলি কোৱা ধৰণৰ কথাবতৰাবোৰতে শান্তিপূৰ্ণ সহাৱস্হান কৰি আছোঁ কোনোৰকম । ইফালে মহা শক্তিধৰ আমেৰিকা , মানে দেউতাৰ লগত আমাৰ এওঁৰ মোতকৈ বেছি বুজাবুজি । আনকি এইকেইদিন আমেৰিকাৰ আৰ্থিক সাহাৰ্য্যত স্কুটী জাতীয় টেংক এখন কিনাৰ ভাবুকিও পাই আছোঁ । মিছা কৈ লাভ নাই আত্মীয় মানুহৰ দুখনকৈ বিয়াৰ পাছত মোৰ আৰ্থিক অৱস্থ বেয়া । তথাপি কিন্তু সিখন দেশক সেইটো দেখুৱাই দিয়া নাই । সাত বছৰ হোৱা মোৰ আই টেন গাড়ীখনৰ ইঞ্চুৰেঞ্চ কৰাৰ পিছত মোৰো আমেৰিকাৰ লগত হাত মিলাই থকাৰ বাহিৰে গত্যন্তৰ নাই । টায়াৰ কেইটা দেখিলে বুকু চিৰিং কৰি যায় , মিহি হৈ আছে । তথাপি হাৰ মানি দিয়া নাই । এনেই টিভিত এক্স ইউ ভি টাইপৰ গাড়ীবোৰ ওলালেই কোনখন ভাল লাগিছে জান জান বুলি ছোৱালীজনীকে সুধি ইটো পাৰ্টিয়ে শুনাকৈ উত্তৰ কোৰিয়াৰ দৰে মাজে মাজে হাইদ্ৰোজেন বোমা এটা পৰীক্ষা কৰাৰ ভাবুকি মইও দি আছোঁ।নাই বিশেষ কামত অহা নাই।ইফালে মহা শক্তিধৰ আমেৰিকাই গম নোপোৱাকৈ কিছুমান ভাবুকি দিব লগা হৈছে । নাই মোৰ ভাবুকি ইখন দেখে সমীহ কৰাই নাই । মাজে মাজে চাইনাই ইণ্ডিয়াৰ সীমাৰেখা পাৰ হোৱাৰ দৰে পাৰ হৈ আহে । মই চাহ ভাত কেইটাৰ আশাত দেখিও নেদেখাৰ ভাও ধৰি আছোঁ । খাৰুৱা তেল ভাৰতৰ যেনেকৈ প্ৰধান সমস্যা এই চাহ ভাত কেইটা ৰন্ধা কথাটোও মোৰ বাবে ঠিক তেনেকুৱাই । বৰ দিগদাৰি পাওঁ । অৱশ্যে বিপদে আপদে কেতিয়াবা নৰন্ধা নহয় । সেইটো কথা ইখন দেশে ভালকৈ বুজি পায় । সেয়ে কিছু সীমাবদ্ধতাৰ ভিতৰত থাকি যুদ্ধখন কৰিব লগা হৈছে । মোৰ গাতো দোষ নথকা নহয় । পে ৰিভিজন হ’লেই ইটো কৰিম সিটো কৰিম , অমুক তাৰিখৰ পৰা আৰু এটাও বাংলাদেশী নাথাকিব , জাতীয় লেকচাৰ কিছুমান ময়েই দিছিলো এসময়ত । এতিয়া সেইবোৰটো মই নিয়ম মতে ৰাখিব পাৰিব লাগে । অৱশ্যে সেইবোৰ কথাৰ ওপৰত লক্ষ্য ৰাখিয়েই এই আৰ্থিক সংস্কাৰ জাতীয় কাম এটা কৰোঁ বুলি ভাবিছিলো । ক’লা ধন আছে যদিও বোলো ওলাই আহিলে আহক।পিছে শেষত পাই থকা ভাত পানী কেইটাও বন্ধ হোৱাৰ উপক্ৰম হ’ল এতিয়া । নাই কিবা এটা কুটনৈতিক চাল খেলিব লাগিব । অন্যান্য ৰাষ্ট্ৰৰ আগত নিজকে সৰু কৰিবও নোৱাৰি । কোনে প্ৰথমে নিয়ন্ত্ৰণৰেখাৰ পৰা সৈন্য অপসাৰণ কৰিলে সেইটো আমাৰ মাজৰহে কথা । অলপ এৰা ধৰা লাগে দেই । মইতো শান্তি বিচাৰো ভাই । এনেই আৰ্থিক অৱস্থা বেয়া । মিছা মিছি ঝামেলা কৰিবলৈ মোৰো মন নাই । পিছে ইটো পাৰ্টিয়ে বা কি ভাবিছে !
———— পিছদিনা দেখিলো চাহ কাপ টেবুলত থওঁতে ঘেটেং কৰা নাই ।শ্ৰীমতীৰ মনটোও অলপ ফৰকাল । মিচিককৈ হাঁহি এটাও লগত । মই উৎসাহিত হ’লো । ইখন দেশে তাৰমানে সৈন্য অপসাৰণৰ ইংগিত দিছে । মইতো অপসাৰণ কৰিবলৈ সাজু হৈয়ে আছো ।
——— এইকেইদিন আকৌ আগৰ শান্তিপূৰ্ণ অৱস্থালৈ ঘূৰি আহিল । এতিয়া পৰিস্থিতি শান্ত হ’ল । আচলতে আমাৰ দৰে নিম্ন মধ্যবিত্ত পৰিয়ালবোৰৰ এইখন একেবাৰেই সাধাৰণ ছবি । প্ৰয়োজন অনুসৰি আমি মন থকিলেও কিছুমান বস্তু যোগাৰ কৰিব নোৱাৰো । যিবোৰ কথাই আমাৰ দৈনন্দিন জীৱন যাত্ৰাত কেতিয়াবা ব্যাঘাত জন্মায় । কিন্তু বহু কিবাকিবি নাথাকিলেও আমাৰ সহজতে মানি ল’ব পৰাকৈ একোটা মন আছে । বস্তুবাদী পৃথিৱীৰ পৰা আমাৰ মনবোৰ আঁতৰাই আনি সহজতে সুখী কৰিব পৰাকৈ আমি চাগৈ মনেৰে যথেষ্ট চহকী । আৰু এনেকুৱা সৰু সৰু অভিমান অভিযোগ নাথাকিলে জানো জীৱনৰ ৰং থাকে !

☆★☆★☆

Comments

  1. এইটো তামাম লিখিছা অনন্ত৷ উপমাবোৰ একদম ঝাকাছ!

Leave a Reply

Your email address will not be published. Required fields are marked *