ফটাঢোল

মা ঘৰত নাই – বৰ্ণালী ফুকন।

জানুৱাৰী মাহৰ ঠেটুৱৈ ধৰা ঠাণ্ডা। স্কুলৰ পৰা আহিয়ে ফুকননীয়ে চাহৰ আউল মাৰি তিনিওটা ল’ৰা-ছোৱালীকেইটাক সেক ল’বলৈ জুইৰ কাষলৈ মাতিলে। ফুকন ৰাতিপুৱাতে ওলাই গৈছে ডিউটিলৈ বুলি। মৰিয়নী পাবগৈ, গতিকে তেওঁ কাইলৈহে ঘূৰিব। দিনটো স্কুলত ল’ৰা-ছোৱালীৰ লগত চিঞৰি অহা ফুকননীয়ে এইকণ সময়ে শান্তিত বহিবলৈ পায় । কিছু সময়ৰ পিছত ৰাতিৰ সাজ ৰান্ধিবলৈ যো-জা কৰিবৰে হ’ব। আজি গাটোও তেওঁৰ বৰ জ্বৰ-জ্বৰ লাগিছে। হ’লে কি হ’ব, নিজে নাখালেওঁ ল’ৰা-ছোৱালী কেইটাক এমুঠি দিব লাগিব। এইবোৰ ভাবি-গুণি বহি থাকোতে বাহিৰত কলিং বেল বাজি উঠিল ।উফ! এই সময়ত কোন আহে অ’ , শান্তি নাই। সৰু ল’ৰাটোলৈ চাই ক’লে, ‘দেবু যা, কোন আহিছে কৈ দিবি মা ঘৰত নাই ।’অনিশ্চাসত্বেও সি উঠি গ’ল। আগতে ফুকননীয়ে ল’ৰাক মিছা কথা ক’বলৈ কোৱা নজিৰ নাই। কিন্তু আজি তেওঁক পুৰণি ককাঁলৰ বিষটোৱে কোঙা কৰি পেলাইছে। তেওঁ জানে, যেয়ে আহে তেওঁ আছে বুলি জানিলে নবহাকৈ নাযায় আৰু বেমাৰৰ খবৰ পালে হ’লেই, মাষ্টৰণি বাইদেউৰ খবৰ লবলৈ ক’লনি ভাঁহি-ভুঁহৰি আহিব। গতিকে তেওঁ নাই বুলিলেই লেঠা শেষ। ভিতৰৰ পৰাই তেওঁ উমান পালে বাহিৰত এজাক ল’ৰা। নিশ্চয় চাণ্ডা বিচাৰি আহিছে। উফ!এই মখাৰ পৰা উপায় নাই। তেওঁ ভিতৰৰ পৰাই শুনা পালে । “সৰস্বতী পূজাৰ চাণ্ডা তুলিবলৈ আহিছো।”দেবুৱে মাকে শুনাকৈ চিঞৰি উঠিল,“মা ঘৰত নাই।”তাৰে ল’ৰা এজনে গেন-গেনাই কৈ উঠিল,“কেতিয়া আহিব বাইদেউ?”এতিয়া দেবুৰ লাগিল লেঠা সেইটোৰ উত্তৰ মাকে শিকাই নিদিলে । সি আকৌ জোৰ দি ক’লে,“মই নাজানো।কিন্তু মা নাই?”তাৰে মাজৰ এজনে প্ৰশ্ন সুধিলে “মা ক’লৈ গ’ল?”ল’ৰা কেইটাৰ উপৰ্যোপৰি প্ৰশ্নত দেবু থতমত খাই উঠিল । ‘নাজানো’, দেবুৱে ক’লে। ‘আমি টিকট কাটি দিওঁ? পইচা পিছত বাইদেউৰ পৰা লৈ ল’ম নহ’লে’। দেবু এইবাৰ জব্দ হ’ল । হিতাহিত জ্ঞান হেৰুৱাই সি ভিতৰলৈ চাই চিঞৰি উঠিল, ‘মা টিকটটো কাটি যাম বুলি কৈছে, কাটিব নে?’ ল’ৰা কেইটাও অবাক হৈ ভিতৰলৈ চাওঁতেই যেনিবা সৰু বায়েক আহি পৰিস্থিতি চম্ভালি ললে।সেইবাৰলৈ যেনিবা ফুকননীৰ নাক ৰক্ষা পৰিল।

পকাৰ কাম কৰা ঠিকাদাৰটোৱে আজি কিছু দিনৰ পৰা ফুকননীৰ জীনা-হাৰাম কৰি আছে। কাম শেষ নোহোৱাকৈয়ে সম্পূৰ্ণ পইচা লাগে তাক। কিবা-কিবি অজুহাতত ফুকননীয়ে তাক কিছুদিনৰ পৰা পিছুৱাই আছিল। অতিস্থ হৈ সৰু জীয়েকক ক’লে ‘আজি দীপলাল আহিলে মই ঘৰত নাই বুলি ক’বি।’ কথা মতে কাম, ঠিকাদাৰ অহাৰ লগে-লগে মাকে শিকোৱাৰদৰেই তাই কৈ পেলালে, ‘মা ঘৰত নাই।’

ঠিকাদাৰ জনে পুনৰ সুধিলে, ‘মা ক’লৈ গৈছে ?’

তাই পুনৰ ক’লে, ‘বাহিৰত।’

‘মাতাজী কিধৰ গিয়া?’,ঠিকাদাৰজনে সুধিলে ।

তাই মনতে ভাবিলে, ‘আগৰটো ঠিকাদাৰৰ চাগৈ মনঃপূত নহ’ল, নহ’লে ই অসমীয়া বুজি নাপায়।’

তাই পুনৰ ক’লে, ‘বিহাৰ গিয়াহে।’

এহ্ যা কি ক’লো, বাহাৰ গৈ বিহাৰ হ’ল। ঠিকাদাৰৰ চাগৈ সন্দেহ হ’ল তাইলৈ। সি আচৰিত হৈ সুধিলে, ‘বাবোৱানী বিহাৰ ক্যিও গিয়া? আপলোগোকো চৌৰ কে?’

তাইৰ অতিষ্ঠ লাগিল শুনি।মনতে ভাবিলে, ‘এইটোক বুজাও কেনেকৈ?’

তাই চিঞৰি উঠিল, ‘হেৰৌ বিহাৰ নহয় ঔ বিহাৰি, মানে বাহাৰ গিয়া হে ।’

টেঙৰ ঠিকাদাৰে পুনৰ সুধিলে, ‘বাহাৰ কাহা?’

এইবাৰ তাই কলে, ‘ঘুমনে গিয়াহে ।’

ঠিকাদাৰ, ‘কাহা ঘুমনে গিয়া হে বিহাৰ?’

তাই মনতে ভাবিলে, ‘ভালেই হৈছে, বিহাৰ গৈছে বুলি তাক মনাব পাৰিলে কিছু দিনৰ বাবে মাকে তাৰ আমনিখনৰ পৰা ৰক্ষা পাব ।
তাই : ‘ক্যা ইমানকৈ পুষ্টা হে? বিহাৰ গিয়া হে বিহাৰ, কিমান বাৰ বলেগা আৰু ?’

ঠিকাদাৰ : ‘অহ্ ! মতলব মাতাজী বাজাৰ ঘুমনে গিয়া হে!’

সকলোবোৰ প্ৰশ্নই পকাই ধৰিলে তাইক। অতিষ্ঠ হৈ কৈ পেলালে, ‘মা বৌলা হে যে মা ঘৰ মে নেহী হে।’ ‘কি নো এইডাল ঔ, অসমীয়াও বুজি নাপাই হিন্দীও বুজি নাপায় ।’ খঙতে মুখৰ ভিতৰতে ক’লে ।
‘মা অ’ মা এইটোক তই হে বুজাব পাৰিবি ঐ, বিহাৰৰ ট্ৰেইন এৰা নাই যদি আহি এই মৰাটোক বুজাইথৈ যা।’

ফুকননীয়ে দেখিলে কথা বিষম, উপায় নাপাই তেওঁ বাহিৰলৈ ওলাই আহিল।

যেনেতেনে ঠিকাদাৰক খেদোৱাৰ চেষ্টা কৰি থাকোঁতেই মাক ওলাই আহিলত তাই ক্ষুন্ন হ’ল। তাই ভোৰ-ভোৰাই ভিতৰলৈ যাওঁতে কৈ গ’ল, ‘যেনে-তেনে তোক বিহাৰ পোৱাইছিলোগৈহে। ধুইৎ চেকেণ্ডত আহি ঘৰ পালিহি।এনেকৈ জীয়াফাঁকি মাৰিব পাৰি নেকি ?’

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *