ফটাঢোল

ফটা ডায়েটিং –প্ৰশান্ত ৰাজখোৱা

ডায়েটিঙৰ অৰ্থ ভালদৰে বুজি নোপোৱাৰ বাবেই নেকি মোৰ পেটটো বাঢ়ি একেবাৰে ঢোলটোৰ হ’ল। সকলো ফালৰ পৰাই বিবাহোপযুক্ত হোৱা স্বত্বেও মোৰ এই ঢোলটোৰ বাবেই ইতিমধ্যে দুগৰাকীয়ে মোক ৰিজেক্ট কৰিলে। মই বোলো এই পেটটোৰ বাবেই গোটেই জীৱন কি বৰলা হৈ কটাম নেকি!! নাই, এইটো হবলৈ দিব নোৱাৰি । সেয়েহে কালিৰ সিদ্ধান্ত অনুসৰি ৰাতিপুৱা এলাৰ্মটো তিনিবাৰ বজাৰ পিছত মৰ্নিং ৱাক কৰিবলৈ বুলি ওলালো । অলপ দূৰ যোৱাৰ পিছত বাইক আৰোহী এজনৰ মাতত ঘূৰি চালোঁ —
“ইমান কাউৰীপুৱাতে ঠাণ্ডাখনত ক’ত মৰিবলৈ ওলাইছ অ’?” মোৰ বন্ধুজনে প্ৰায় ধমক দিয়াৰ দৰেই কলে।

“মৰ্নিং ৱাক কৰি আহো।” পেটটোৰ ফালে দেখুৱাই কলোঁ।

“বাদ দে। ঘূৰি আহোতে খোজ কাঢ়ি আহিবি। এতিয়া বাইকত উঠ। মই পাঠকদাৰ তাৰ পৰা বৌটিলৈ দৰব এপালি আনোগৈ। তোক চাৰিআলিত নমাই দিম।”

ময়ো কেউমেউ কৰি বাইকতে উঠি দিলো। ভাবিলো আহোঁতে খোজ কাঢ়িলেও হব। ঘূৰি আহোঁতেও মোৰ ষ্টুডেণ্ট এটাই পালে বোলে ছাৰ ইমান ৰাতিপুৱাই ক’ৰ পৰা আহিলেনো। ছাৰ উঠক আপোনাৰ ঘৰৰ ওচৰত নমাই দি আহিম। তাৰ কথা পেলাব নোৱাৰি তাৰ বাইকত উঠি দিলো আৰু সি মোক পদূলিত নমাই থৈ গ’ল।
খং এটাই ভৰিৰ আগ পালেগৈ। চাল্লা! তহঁতৰ পানী খোৱা পুখুৰীত গাখীৰ ঢালিলো নেকি যে মোৰ “পেট ধ্বংস মিছনত” বিধি পথালি দিবলৈ আহ’!

বাইকত উঠি মৰ্নিং ৱাক কৰিবলৈ যোৱা ময়েই চাগৈ পৃথিৱীৰ প্ৰথমজন বৰলা।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *