ৰাতিপুৱা টো আমাৰ মহিলা সকলৰ বাবে ধুমুহা ।তাতে যদি আকৌ কণ জলকীয়া ,ভোট জলকীয়াৰ সঁচ দুটা থাকে তেন্তেতো কথাই নাই । এটা ধুমুহা পাৰ কৰি দ্বিতীয় ধুমুহাটোৰ আয়োজন কৰো বুলি আটা কেইটাত পানীকণ ঢালিছোহো, লগে লগে গে’টখনত ধুনীয়া মাত এটাৰে খেটেং খেটেং বাজিল – “মদ ,মদ ওপৰৱালা আপকি ভলা কৰেগা ।”

ওৱা হেলাই হেপাই সাৰি মুচি গেটলৈকে পানী ঢালি গোটেইখন এজমেটিক বেমাৰীক খুন্দা মাৰি ধৰাকৈ ধূপেৰে ধুম্ৰায়ণ কৰি থৈছো কোন নষ্টযোৱা অ’ এইটো মোক মদ বিচাৰি অহা । আকৌ, মদ দিলে ওপৰৱালাই ভলাও কৰিব । আটাই, চাটাই ওলাই গৈ দেখো… অ’ , পৰিভ্ৰমী চৰাইৰ দৰে বছৰৰ এটা সময়ত আগমন ঘটা ৰঙা কাপোৰ পিন্ধা বাবাজী এটা । চফল ডেকা । এই বস্তুটো দেখিলে মোৰ মূূূূৰৰ আটাইবোৰ শিৰা উপশিৰা এঠাইত জমা হয় । মনতে ভাবিলো ৰহ আজি। ক’লো, “অ, বাবাজী হাম মদ নেহি বেচতা । মদ বেচা দোকান বেলেগ হে।”
সি বেটাই “হৰি ঔম মদত মাইজী মদদ । হাম মদ নেহি পিটা । হাম ঈশ্বৰ কি বন্দা হে । হামে মদত কিজিয়ে ঈশ্বৰ আপকো মদদ কৰেগা ।”
মনতে ভাবিলো , অ’ ই মানে আমাৰ ACS- ACS খেলাৰ দৰে খেলটো খেলিছে । হেৰ’ জহনীযোৱা মহাভৈৰৱত গৈ কত লিটাৰে, লিটাৰে পানী ঢালো তাৰ হিচাপ নাই , direct contact কৰিও বিশেষ return নাপাওঁ, এতিয়া মৰিবলে যোৱা তোৰ ভায়া হৈ হে পাম? তাৰ মুখ বন্ধই নোহোৱা হ’ল । মইও বোলো পুৱাই আহিলি কামুৰিবলৈ, আজি তোকো নেৰিছো।

বোলো “অ’ বাবাজী আপ বৈঠিয়ে । বোলো চাহ এটোপা খায়েগা যদি অলপ পৰ বেঠিয়ে । হামাৰা দিদিজনী মুছলিম হে নামাজ কে বাদ চাহ কৰেগা অ”।

সি বেটাই যিটো চিঞৰ দি নাখাওঁ বুলি ক’লে অ’..!
তাৰ হেনো ঢেৰ বস্তু আছে । মোৰ জীৱন সি সলনি কৰি দিব আদি বম লেকচাৰ তাৰ। সুধিলো, “বাবাজী আপ চাদী কিয়া? ”
আই ঐ যিটোহে চাৱনি, যেন পাপেহে চুলে । বোলে
বৈৰাগী আদমী সংসাৰ নাই । “নাৰী দেৱী সমান, মা সমান।” কটা নষ্টযোৱা অকনমান আগত সি মোক ক’লে “আপ বহুত সুন্দৰ, আপকা নচিব আটচা।” তেতিয়া সি মোক মাক নেদেখিলে..!

মই বোলো ই নুঠিব এতিয়া ৰহ কিবা এটা কৰো…!
“অ’ বাবাজী,আপলোগ তো বহুত জানতা হে (সি ফুলি গ’ল) হামাকো উপায় দিজিয়েনা।”

লগা লগ তাৰ উত্তৰ, ” হা, আপকো এইচা চিজ দেগা আপকি কই তকলিফ নেহি ৰহেগা।”

বোলো “বাবাজী হামাৰা হাজবেন কা নাক বহুত বাজতা হে। ৰাত ঘুমাবই নাই পাৰতা, কিয়া কৰেগা?”

সিও বেটা কম নহয়। কালা ছায়া আছে বোলে । তাবিজ এটা দিব । তিনিহাজাৰ পৰিব । হেৰ’ মই হেন তাবিজ এটা আজি অতবছৰ ডিঙিত ওলমিয়ে আছো তাৰ পাছত আৰু কালা ছায়া আহে…!
“অ’ বাবাজী আপলোগ চৰাইৰ কি তৰহ খৰালী দিন মে আহে বাৰিষা দিন মে আইয়ে না । বানপানী মে ৰিলিফ দেতা। আপকো ভি মিলেগা হামাৰা ইহা। আৰু এটা উপায় দিজিয়ে না ,লড়কী জনী নাইনত, ৰাতি ও ভি গলাভৰ্তি গহনা পিন্ধি, লিপষ্টিক লগাকে ঘুমাতা হে অৰ কিটচেন মে নতুন শাড়ী পেহেনকে কাম কৰতে। অ চিৰিয়েল চব দেখতে হে । পঢ়া কমকে কৰকে তাই জাদা চিৰিয়েল দেখকে অচ্ছা ৰিজাল্ট বনানে কা তাবিজ দিজিয়ে । অভি পইচা দেংগে।”

বাবাজী লৰালৰিকৈ উঠি, “বহত দেৰ হ গেয়া মাতাজী, ৰাম ৰাম ।

মই বোলো মৰা আহিছিলি!

☆★☆★☆

Comments

  1. ভাল লাগিল দেই বহুত!অাপোনাৰ প্ৰফাইল পিক খনৰ দৰেই!

Leave a Reply

Your email address will not be published. Required fields are marked *