ফটাঢোল

ত্ৰিপুৰাৰ ঊনাকোটি ভ্ৰমণৰ মাদকতা – ইৰাণী শইকীয়া

মানুহে যিমানেই ভ্ৰমণ কৰে প্ৰতিবাৰেই ভ্ৰমণৰ নতুন নতুন দিশ উন্মোচিত হৈ গৈ থাকে আৰু প্ৰতিবাৰেই নতুন নতুন অভিজ্ঞতা আহৰণ কৰি ঘূৰি আহে নিজৰ কাষলৈ। নতুন কথা শিকে আৰু প্ৰতিটো ভ্ৰমণেই সদায় মানুহক প্ৰদান কৰি আহে নতুন মাদকতা, নান্দনিক আনন্দ। কোনোটো ভ্ৰমণত পৰ্যটকে কেতিয়াবা বুৰঞ্জীৰ বিষাদগ্ৰস্ত ভগ্নস্তূপ দেখি স্তব্ধ হৈ চাইছে নহ’লে ভৌগোলিক আশ্বৰ্য বৈভৱ দেখি তন্ময় হৈ পৰিছে,অথৱা গোটেই চেতনাত প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য লৈ আনন্দ মনেৰে উলটি আহিছে। ভাগৰুৱা মনে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য দেখি সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছে । আশ্চৰ্য বিভূতিৰে ভৰা বিভিন্ন দেশ ঘূৰি তাৰ সুধা পান কৰি বাৰে বাৰে মনলৈ এটাই কথা আহে ভ্ৰমণ আচলতে এক নিৰন্তন খোজ ! কিহৰ বাবে এই খোজ! কিহৰ বাবে মানুহে ভ্ৰমণ কৰে ?অকল এই বিস্ময় দৃশ্যৰ আকৰ্ষণৰ বাবে?হয়তো বহুত পৰ্যটকৰ বাবে এইটোও এটা কাৰণ হ’ব পাৰে অথবা বহুতৰ বাবে ইতিহাস, সেই ঠাইৰ ভুগোল কিম্বা পৃথিৱীৰ বিখ্যাত আনে নেদেখা প্ৰকৃতিৰ বিস্ময়ৰ নিদৰ্শন চাবলৈকে দেশ দেশান্তৰৰ ভ্ৰমণ। কেতিয়াবা মনলৈ এই ভাবো আহে যে মানুহে অকল নেদেখা বস্তু চাবলৈ অথবা সেইবোৰ চুই চাবৰ বাবেই ঘৰৰ পৰা দূৰ দূৰণিলৈ নাযায়, তাৰ অন্তৰালত আন বহু কথাও থাকে!! আমাৰ সামান্য ভ্ৰমণৰ অভিজ্ঞতাৰ পৰা অনুভৱ কৰিব পাৰো যে মানুহে আচলতে মানুহৰ সন্ধানতেই বহুজনে বহু ঠাই ভ্ৰমণ কৰে মনৰ মানুহৰ সন্ধানত, দয়াময় কৰুনাময়, স্নেহময় মানুহৰ সন্ধানত।বহু হৃদয়বান মানুহ যাত্ৰাকালত পোৱা যায় যাক মাথোঁ দূৰৈৰ পৰা দেখা পায় যাক মাথোঁ অনুভৱ কৰিব পাৰি ওচৰত পায়ো ক’ম বুলি ভাবিলেও একো ক’ব নোৱাৰি বা ক’বলৈ মন নাযায় । এই ভাবটো এই কাৰণেই বুজিব পাৰিছো কিয়নো ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোতে চকুৰ আগত প্ৰায়েই এখন চলমান মহাভাৰত ভাহি থাকে।সৰুতে পঢ়া মহাভাৰতত বৰ্ণনা কৰা দুখ, শোক,অশনি, অশান্তি,ধৰ্ম-অধৰ্ম,ন্যায়-অন্যায়,সত্য-অসত্য, প্ৰেৰনা, প্ৰতাৰণাৰ কথা ভাৰতৰ অলিয়ে গলিয়ে, ৰাস্তাই ঘাটে দেখা যায় ।
অতিথিপৰায়ণ সৰল মনা মানুহবোৰৰ সান্নিধ্যই কেতিয়াবা অকস্মাতে পোৱা বনৰীয়া ফুলৰ গোন্ধে মন মতলীয়া কৰাৰ দৰে লাগে; কিন্তু কিছুসংখ্যক বিষধৰ অমানুহৰ প্ৰৱল হুংকাৰৰ আগত সহৃদয় মানুহৰ পাৰস্পৰিক সান্নিধ্যৰ সন্ধান আজিৰ সময়ত সিমানেই প্ৰয়োজন ,যিমান আমাৰ জীৱনত,আমাৰ যুগত ভ্ৰমণৰ প্ৰয়োজন।বেলেগ ঠাইৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰি থাকোতেও কিন্তু সদায় নিজৰ জন্মঠাইখন বা শৈশৱৰ স্মৃতিজড়িত থকা ঠাইখনৰ কথাই কিমান মনলৈ আহে তাৰ সীমা সংখ্যা নাই । বিভিন্ন ঠাই ঘূৰি ফুৰাৰ সময়ত মনলৈ এটাই ভাৱ আহে এই যাত্ৰাৰ শেষ কেতিয়াও নহ’ব । আমি অন্তঃকৰণেৰে বিশ্বাস কৰো যে মানুহে মানুহৰ সন্ধানতেই দেশ বিদেশ ভ্ৰমণ কৰে । জ্ঞাতে বা অজ্ঞাতেই মানুহে মানুহৰ সন্ধানেই আচলতে ভ্ৰমণৰ মূল চালিকাশক্তি।

মানুহ আৰু বুৰঞ্জীৰ কিছু কথা জনাৰ অসীম আগ্ৰহৰ বাবেই এদিন আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ঊনাকোটি পাইছিলোগৈ। খৈয়াই মানিকভাণ্ডাৰ ফটিক ৰায় হৈ কৈলাশ চহৰত উপস্থিত হৈছিলো। এই পথটি যদিও বহু সময়ত বিচ্ছিন্নতাবাদীসকলৰ বাবে সাধাৰণ জনতাৰ বাবে প্ৰায়েই বন্ধ থাকিলেও এই পথটো বাছনি কৰাৰ অন্যতম কাৰন এই ৰাস্তাৰ অনন্য সৌন্দৰ্য। ঠেক ৰাস্তাৰ দুয়োপাৰে যি নৈসৰ্গিক মন ভোলোৱা দৃশ্য । ত্ৰিপুৰাৰ বেছি ভাগ ৰাস্তাই ওখ ঠেক আৰু একা বেঁকা। এই ৰাস্তাৰ কোনোবাখিনিত যদি সেউজীয়া চাহ বাগিছা তাৰ ঠিক পিছতেই শাৰী শাৰী ৰবৰ গছৰ বাগান। মাজতে মোহন পুৰত বিশ কিলোমিটাৰৰ কাটাতাঁৰৰ বেৰ এইটোৱেই ভাৰত আৰু বাংলাদেশৰ সীমা । কমলপুৰলৈ যোৱা ৰাস্তাত শাৰী শাৰী ৰাবাৰ গছৰ বাগান , মাজে মাজে বহু ঠাই আগুৰি কল ,তামোল, ঝাৰু আৰু বাঁহ গছ চাই চাই কুমাৰঘাট, চণ্ডিপুৰ পাৰ হৈ কৈলাশ চহৰ কেতিয়া পালো গমেই নাপালো । কৈলাশ চহৰৰ পৰা ঊনাকোটিলৈ ১২ কিলোমিটাৰ । ওখ ওখ পাহাৰে আৱৰা এই অঞ্চল প্ৰধানত ৰিয়াং উপজাতিৰ বাসস্থান যদিও তাত থকা দেৱবৰ্মা উপজাতিৰ লোকৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰে।পুৰাতত্ত্ববিদসকলৰ মতে অষ্টম নৱম শতিকাতেই কি অসম্ভৱ নিপুন আৰু দক্ষ্যতাৰে সেই প্ৰাচীন কালতে শিল্পীসকলে শিলত এই ভাস্কৰ্য গঢ়িছিল ভাবিলে বিস্মিত হৈ যায় মন ।ঊনাকোটিৰ শিল্পকৰ্ম দুই শ্ৰেণীত ভাগ কৰিব পাৰি ১) পাহাৰৰ গাত খোদিত কৰা মূৰ্ত্তি ২) বিভিন্ন পাথৰেৰে কাটি কৰা বিভিন্ন দেৱ দেৱীৰ মূৰ্ত্তি ।নিৰ্মাণৰ সময়কাল যদি ধৰা হয় তেন্তে এই শিল্পকৰ্ম পাল ৰজাৰ সময়ৰ। কিন্তু পুৰাতত্ত্ব দৃষ্টিভংগীৰ পৰা বিচাৰ কৰিলে মূৰ্ত্তিসমূহৰ নিৰ্মাণ শৈলী দেখি মনত অকণমান খোকোজা লাগে কিয়নো পাল যুগত নিৰ্মিত দেৱ-দেৱীৰ মূৰ্ত্তিবোৰ বেছ লালিত্যপূৰ্ণ । পাহাৰত খোদিত কৰা বিশাল মূৰ্ত্তিসমুহ ইমান শ্ৰীমণ্ডিত নহয় । সেই হিচাপে এইবোৰ হয়তো মগ অথবা আৰকান মুলুকৰ(অধুনা ম্যানমাৰ) শিল্পীসকলে বনোৱা যেন ভাৱ হয় কিয়নো সেই সময়ৰ শিল্পীসকলৰ হিন্দু দেৱ- দেৱী সম্পৰ্কে ধাৰণা কিছু কম আছিল । সেইসময়ত জীৱিকাৰ প্ৰয়োজনত সুদূৰ বাৰ্মাৰ পৰা এই অঞ্চললৈ প্ৰবজন কৰা লোকসকলক এই কামত লগাইছিল ।যদিও নিৰ্মাণ শৈলী বেলেগ তথাপি তাৰ খোদিতকৰ্ম আৰু বিশালত্ব বিস্ময়কৰ ।
প্ৰথমেই চকুত পৰে বিশাল জঁটাৰে চন্দ্ৰশেখৰ শিৱৰ বিৰাট মুখমণ্ডল । দাঁতবোৰ আঁতৰৰ পৰাই দেখা যায় । তাৰ পিছৰ মূৰ্ত্তিটো হ’ল কালভৈৰৱৰ প্ৰায় ৩০ ফুট ওখ মুখমণ্ডল, তৃতীয় মূৰ্ত্তিটোৰ মূৰত মুকুট আৰু দুয়োফালে গঙ্গা আৰু পাৰ্বতীৰ মূৰ্ত্তিৰে ঊনাকোটেশ্বৰ শিৱৰ মুখমণ্ডল যিটো ভাৰতৰ অন্যান্য ঠাইত থকা পাহাৰৰ গাত খোদিত কৰা মুৰ্ত্তিৰ ভিতৰতে সৰ্ব্বোচ্চ মূৰ্ত্তি। এই মূৰ্তিৰ তলতে সীতাকুণ্ডৰ ওচৰতেই পূজা অৰ্চনা আৰু পশুবলি আদি হয়। কাষতেই হাতত ধনু লৈ শিৱক প্ৰহাৰ কৰিবলৈ উদ্যত হৈ থকা কামদেৱৰ মূৰ্ত্তি । প্ৰধানতঃ শৈৱপীঠ আছিল বাবেই ইয়াত শিৱৰ মূৰ্ত্তিৰ সংখ্যাই বেছি ।
ঊনাকোটিক লৈ দুই ধৰণৰ জনশ্ৰুতি প্ৰচলিত হৈ আহিছে। ১) এবাৰ কৈলাশৰ পৰা ভগৱান শিৱই লগত এককোটি দেৱতা লৈ কাশীধাম(বাৰাণসী)লৈ যাত্ৰা কৰিছিল। বাটত বিশ্ৰামৰ বাবে তাত জিৰণী লৈছিল, কিন্তু শিৱই চৰ্ত দিছিল যে পিছৰ দিনা সূৰ্য উদয় হোৱাৰ আগতে যাত্ৰা কৰিব লাগিব আৰু সেইদৰে বাকী দেৱতা সকলো মান্তি হল । পিছদিনা ৰাতিপুৱা ভগৱান শিৱৰ বাহিৰে কাৰো টোপনি নাভাগিল, খঙত শিৱই সকলো দেৱতাক অভিশাপ দিলে নিদ্ৰিত দেৱতাসকল শিল হৈ থাকিব । এক কোটিৰ এজন কম মানে ঊনাকোটি দেৱতা ইয়াত শিল হৈ থকা বাবে এই ঠাই খনৰ নাম ঊনাকোটি হ’ল ।
দ্বিতীয়টো জনশ্ৰুতি মতে, স্থানীয় ভাস্কৰ কালু কুমাৰে এদিন সপোনত দেখিলে যে এক ৰাতিৰ ভিতৰতে যদি এক কোটি দেৱতাৰ মূৰ্ত্তি গঢ়ে এই ঠাইখনে কাশীধামৰ সমান মৰ্যাদা পাব । শিল্পীগৰাকীয়ে লগেলগে দেৱতাৰ মূৰ্ত্তি বনাবলৈ ধৰিলে। এক কোটিলৈ এটা কম থকা অৱস্থাত শিল্পীগৰাকীৰ মনত ইচ্ছা জাগিল ইয়াত যদি নিজৰ এটা মূৰ্ত্তি বনাই ল’ব পাৰে তেতিয়া শিল্পৰ লগতে শিল্পীৰ নিজৰ মূৰ্ত্তিও চিৰদিনলৈ অক্ষয় অব্যয় হৈ থাকিব। কিন্তু শিল্পীগৰাকীৰ এই আত্মগৰিমা ঈশ্বৰৰ সহ্য হোৱা নাছিল। গতিকে দেৱতাসকলে বুদ্ধি কৰি সময়তকৈ আগতে সূৰ্য উদয় কৰি দিলে । যিহেতুকে সম্পূৰ্ণ এককোটি দেৱতাৰ মূৰ্ত্তি সময়ত নিৰ্মাণ কৰা নহ’ল গতিকে ঠাইখনৰ নামো এককোটিলৈ এজন কম মানে ঊনাকোটি হ’ল আৰু ঠাইখনো কাশীধাম হোৱাৰ পৰা বঞ্চিত হ’ল।
ঊনাকোটিৰ কিছু ওপৰৰ পিনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ দৰ্শন কৰি টিলাৰ প্ৰায় ওপৰলৈকে যাব পাৰি । তাত বহুতো পাথৰৰ মূৰ্ত্তিৰ ভগ্নাৱশেষ এটা ঘৰত ৰখা হৈছে । বাহিৰতো বেছ কিছু মূৰ্ত্তি সিঁচৰতি হৈ পৰি আছে। তাৰ ভিতৰত শিশু হনুমানক কোলাত লৈ মাক অঞ্জনা, পঞ্চমুখ থকা ব্ৰহ্মা, নৃসিংহ, ৰাধাকৃষ্ণ, শনিদেৱতা, গণেশ, উমা-মহেশ্বৰ,নন্দী,সোমনাথ ইত্যাদি মূৰ্ত্তিৰ কাম বেছ চকুত লগা।বহু পুৰণি ডাঙৰ এডাল গছৰ তলত বিষ্ণুচৰণ আৰু শিৱলিঙ্গ আছে আৰু তাতেই দৈনন্দিন পূজা অৰ্চনা হয় ।উত্তৰ দিশে তললৈ নামিলে সীতাকুণ্ডৰ কাষৰ পৰা অন্য ফালেদি আৰু কিছু সুন্দৰ নান্দনিক শিল্পকৰ্ম দেখিবলৈ পোৱা যায় । তাৰ কাষতে এটি নিজৰাৰ ওপৰত এটা ডাঙৰ কঠিন শিলত চাৰিটা বিশাল বিশাল চতুৰ্ভূজ বিষ্ণু, চতুৰ্ভূজ গণেশ(লম্বোদৰ),ষড়ভূজ আৰু অষ্টভূজ গণেশৰ মূৰ্ত্তি বিদ্যমান। এই মূৰ্ত্তিসমূহ আহত, বট, বেলগছ আৰু গুলঞ্চ গছেৰে চাৰিওদিশে আৱৰি থকাৰ বাবে মূৰ্ত্তিসমূহৰ অৱস্থানক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।চাৰিওফালে চকু ফুৰালে চতুৰ্লিংগম (ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু ৰাম), বিষ্ণু, সৰস্বতী ইত্যাদিৰ মূৰ্ত্তি চকুত পৰে । ঘূৰি অহা ৰাস্তাৰ সৰলৰৈখিক ভাবে ৰে’ললাইন, সেউজীয়া ঘাঁহৰ সৰু সৰু টিলা,মাজে মাজে সৰু সৰু গাওঁ। কেতিয়াবা বিশাল শালগছৰ জংঘলৰ পিছৰ পৰাই শাৰী শাৰী ঝাৰু গছৰ বৃহৎ এলেকাৰ মাজে মাজে কেতিয়া নিজৰ গন্তব্য স্থান পোৱা যায় গমকে পোৱা নাযায় ।

(ঊনাকোটিৰ শিল্পকৰ্ম, ফটো সৌজন্য: ইন্টাৰনেট)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *