ফটাঢোল

নতুন বছৰৰ এজেণ্ডা,মূলঃ গুৰমীত বেদী – ভাবানুবাদঃহিমাংশু ভাগৱতী

কোনোবা এজন মহাশয়ে জানিব বিচাৰিছিল, নতুন বছৰটোত আমাৰ কাৰ্য্যসূচী কি হ’ব? মানে নতুন বছৰৰ ‘এজেণ্ডা’ কি? মই উত্তৰ দিলো- নতুন বছৰটোত আমি সাংঘাটিক অগানুগতিক কিবা কৰিম । ‘সাংঘাটিক অগানুগতিক’ বোলা কাৰণে বোধহয় তেখেতে এনেদৰে মোৰ ফালে চালে যেন মই এইগ্ৰহৰ প্ৰাণী নহয়; এইমাত্ৰ যেন কৰবাৰ পৰা সৰি পৰা আচহুৱা প্ৰাণী। চিন্তাৰ প্ৰকোপত বেচেৰাৰ মগজু ‘হেং’ হৈ যায় বুলি ভাবি সৰহকৈ কষ্ট নিদি মই আমাৰ ‘এজেণ্ডা’ সমূহৰ পেৰা খুলি দিলো। শুনি মহাশয় অভিভূত হ’ল । সাধাৰণতে ৰাজনৈতিক নেতাবোৰৰ ‘এজেণ্ডা’বোৰত যিধৰণে গোপন ‘এজেণ্ডা’ কিছুমানো থাকে, আমাৰ তেনে একো নাই। আমাৰবোৰ স্পষ্ট, ভিতৰত যি বাহিৰতো সেয়া, বাহিৰত যি আছে ভিতৰতো একে। আপোনাৰ সাধাৰণ জ্ঞান উন্নত কৰাৰ বাবে আৰু দেশৰ নাম-যশ প্ৰগতি বৃদ্ধিৰ উদ্দেশ্যৰে আগবঢ়ালো আমাৰৰ সতেজ ‘এজেণ্ডা’ সমূহ।

এইবাৰ, মানে এই বছৰ আমি দুৰ্নীতিৰ ক্ষেত্ৰখনত নতুন ধৰণৰ জাগৰণৰ সৃষ্টি কৰিম বুলি মন বান্ধিছো। যোৱাবাৰ যিবোৰ লেন-দেনত একো কমিচন লোৱা নাছিলো এইবাৰ সেইবোৰ সুতে- মূলে আদায় কৰিম। বিনা কমিচনত একো নহ’ব আৰু কমিচনৰ ৰেট কি হ’ব অথবা কমিচন কাৰ কাৰ মাজত ভাগ হ’ব, এই বিষয়ে আলোচনা কৰিবলৈ এখন আয়োগ গঠন কৰি দিয়া হ’ব। যিদৰে মুদ্ৰাস্ফীতিৰ বাতৰি ৰাইজক দিয়া হয়, জি ডি পি বঢ়া-টুটাৰ খবৰ দি থকা হয় একেদৰে কমিচনৰ হাৰ বঢ়া কমাৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হ’ব। সকলোৰে মুখে মুখে শ্ল’গান হ’ব- “খোৱা আৰু খাবলৈ দিয়া”।

আমাৰ ‘এজেণ্ডা’ত থকা দ্বিতীয়টো কথা অতি মহত্বপূৰ্ণ আৰু নতুন চিন্তাযুক্ত। এটা বেংক অন্তৰীক্ষত খোলা হ’ব। দুৰ্নীতিৰে অৰ্জন কৰা ধন ছুইছ বেংকত জমা কৰি ৰিক্স লোৱা দিন নাই এতিয়া, চি বি আই গৈ সেইবোৰত অনুসন্ধান কৰিব পাৰে। গতিকে দুই নম্বৰী ধন অন্তৰীক্ষত খোলা বেংকত জমা কৰোৱা হ’ব। বেচি গণ্ডগোল হ’লে কবলৈ ভাল হ’ব-“উপৰৱালাই যিখিনি চপ্পৰ ফাড় কে দিছিল সেইখিনি উপৰৱালাৰ ওচৰতে জমা কৰি থোৱা হৈছিল। কিবা যদি গণ্ডগোল হৈছে উপৰৱালা জনকে সুধিব লাগিব।”

আমাৰ এজেণ্ডাত থকা তৃতীয়টো মহত্বপূৰ্ণ কথা হ’ল- আমাৰ অঞ্চলৰ সকলোতে কিছুমান একেধৰণৰ বিচাৰধাৰাৰ মহাপুৰুষৰ সহযোগত এক নতুন ধ্যান ধাৰণাৰ আদৰ্শ স্কুল খোলা হ’ব । এই স্কুলবোৰত নতুন ধৰণৰ এক পাঠ্যক্ৰম দিয়া হ’ব যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নতুন নতুন ধৰণৰ কথা শিকোৱা হ’ব আৰু নতুন নতুন ধৰণৰ সংস্কাৰেৰে তেওঁলোকক গঢ় দিয়া হ’ব। ছাত্ৰ-ছাত্ৰীক শিকোৱা হ’ব বিৰোধীৰ বিৰুদ্ধে কি কি ধৰণেৰে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰি, কেনেকৈ ব্লেকমেইল কৰিব পাৰি, চৰিত্ৰ হৰণৰ ৰাজনীতি কেনেকৈ কৰে,কেনেকৈ ৰাজনীতিত শক্তিশালী হৈ থাকিব পাৰি, বুথ কেপচাৰ কেনেকৈ কৰে, সাম্প্ৰদায়িক অশান্তি কেতিয়া কেনেকৈ বঢ়াব লাগে ইত্যাদি ইত্যাদি। মুঠতে ৰাজনীতিত কোনটো গলিৰে সোমাই কেনেকৈ ধুৰন্ধৰ খেলুৱৈ হ’ব পাৰি সকলো শিক্ষা দিয়া হ’ব। ল’ৰা-ছোৱালীসকলক যেতিয়া আৰম্ভণিৰে এইবোৰ শিক্ষা দিয়া হ’ব সিহঁতে ডাঙৰ হৈ নিজে মহিমাৰে দেশৰ নাম উজলাব। নৈতিকতা, সততা,দেশভক্তি, কৰ্তব্যনিষ্ঠা আদি অদৰকাৰী কথাৰ শিক্ষা দি শিশুসকলৰ বহুমূল্য সময় নষ্ট কৰা নহ’ব।

চতুৰ্থ এজেণ্ডাৰ ৰূপত আমাৰ এটা আন্তৰাষ্ট্ৰীয় চেনেল আৰম্ভ কৰাৰ পৰিকল্পনা আছে য’ত মাথো চাঞ্চল্যকৰ মুখৰোচক খবৰহে ওলাব। যেনে ধৰক প্ৰথমে খণ্ড খণ্ডকৈ দেখাম ফাঁচি দিয়াৰ পিচত কেনেকৈ চাড্ডাম হুছেইনে জৰ্জ বুশ্বক সপোনত ভয় খুৱাইছিল আৰু কেনেকৈ জৰ্জ বুশ্বে ভয়তে পালেঙৰ তলত লুকাইছিল। অন্য এটা বাতৰিত আকৌ দেখাম ৰহস্যময় পৰিস্থিতিত নিৰুদ্বেশ হোৱা অভিনেত্ৰী গৰাকীৰ কোন কোন নেতাৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। একেদৰে দেখুৱা হ’ব ট্ৰাণ্সফাৰ ষ্টে কৰাৰ আৱেদন লৈ এজন নেতাৰ বাসগৃহলৈ যোৱা মহিলা কৰ্মচাৰী গৰাকীৰ লগত কি কি ঘটনা হ’ল।

পঞ্চমটো এজেণ্ডা মতে মই দেশৰ এজন অতি সন্মানীয় নেতাৰ বিষয়ে কিবা ৰহস্য উদঘাটন কৰি দেশত তুমুল বিতৰ্কৰ সৃষ্টি কৰিম। মোৰ বিৰুদ্ধে কিছুলোকে পথ অৱৰোধ কৰি পুত্তলিকা দাহ কৰিব। কিছুমানে ধৰ্ণা প্ৰদৰ্শন কৰি ভাষণ দি নেতাগিৰি দেখাব। যেতিয়া সম্পূৰ্ণ পৰিবেশ মোৰ বিপক্ষে হোৱাযেন হ’ব তেতিয়া মই সংবাদমেল পাতি কথাটো অন্যফালে ঢাল খুৱাই দিম। নহ’লে কৈ দিম ৰহস্য উদঘাটন কথা কৈছিলো বৰ্তমানৰ এজন নেতাৰ,ভুলতে সন্মানীয় মানুহজনৰ নাম মনলৈ আহিল। লগতে এইটোও কৈ দিম যে সেই সন্মানীয় নেতাজনৰ আত্মাক অজানিতে যি দুখ দিলোঁ তাৰ বাবে হাতযোৰ কৰি ক্ষমা ভিক্ষা কৰিলোঁ। এনেদৰে মোৰ ভাল পাব্লিছিটি হৈ যাব, বৰ্তমান পাব্লিছিটিৰে যুগ।

এজেণ্ডা পাব্লিছিটিৰ কাৰণেই , নে কি কয়?

☆★☆★☆