ফটাঢোল

পূণ্য, মূল: হৰিশংকৰ পৰচাই – অনুবাদ: পৰিস্মীতা গগৈ

এবাৰ এজন ব্যক্তি মৃত্যুৰ পিছত পৰলোকত উপস্থিত হ’ল আৰু তেওঁক ন্যায়ৰ বাবে ধৰ্মৰাজৰ সন্মুখত হাজিৰ কৰোৱা হ’ল।

ধৰ্মৰাজে সচিবক সুধিলে, “এইজন ব্যক্তিৰ কৰ্মৰাজিৰ বিৱৰণ দিয়া।

সচিবে ক’লে, “দেৱ! ই অত্যন্ত পাপী আৰু অত্যাচাৰী আছিল। ইয়াক সমাজে নৰপিশাচ বিশেষণেৰে বিভূষিত কৰিছিল। কিমান যে মানুহৰ জীৱন ধ্বংস কৰিলে। ইয়াতকৈ ডাঙৰ নৰপিশাচ চাগৈ খুউৱ কমহে ক’ৰবাত আছে। ই ক্ৰূৰ, কপট, পাষণ্ড আৰু অন্যায়ী আছিল।”

ধৰ্মৰাজে সুধিলে, “ইয়াৰ মৃত্যু কেনেকৈ হ’ল?”

সচিবে ক’লে,” ই আত্মহত্যা কৰিলে দেৱ!”

ধৰ্মৰাজে অলপ সময় কিবা চিন্তা কৰিলে। তাৰপিছত আদেশ দিলে, “ইয়াক স্বৰ্গত স্থান দিয়া।”

সচিবে মুচকছ যোৱাৰ উপক্ৰম হৈ আচৰিত ভাবেৰে ধৰ্মৰাজলৈ চালে। ক’লে, “দেৱ এইয়া আপুনি কি কৈছে? এই পাপীটোৱে স্বৰ্গৰ সুখ লাভ কৰিব? তেতিয়া সমস্ত কৰ্মফলৰ বিধি মিথ্যা নহ’বনে? ইটো ৰৌ ৰৌ নৰক ভূঞ্জিবৰ যোগ্য। ইনো এনেকুৱা কি সৎকৰ্ম কৰিলে? এনে কি পূণ্য কৰিলে?”

ধৰ্মৰাজে ক’লে,” ইয়াৰ অন্তিমটো কৰ্মই আছিল আটাইতকৈ পূণ্যৰ।”

সচিবে সুধিলে, “অৰ্থাৎ।”

ধৰ্মৰাজে ক’লে, ” অৰ্থাৎ আত্ম্যহত্যা। আত্মহত্যা কৰি ই সমাজৰ কিমান উপকাৰ কৰিলে! ই যদি জীয়াই থাকিলেহেঁ‌তেন আৰু কিমান অত্যাচাৰ কৰিলেহেঁ‌তেন। কিমান মানুহক দুখ-কষ্ট দিলেহেঁ‌তেন। নিজে নিজকে হত্যা কৰি ই সংসাৰক কিমান অত্যাচাৰৰ পৰা ৰক্ষা কৰিলে। আত্মহত্যা কৰাটোৱে ইয়াৰ আটাইতকৈ ডাঙৰ সৎকৰ্ম, পূণ্য। ইয়াৰ বলতে ই স্বৰ্গত স্থান পাব।”

সচিবে আচৰিত হৈ ক’লে, ” এইটোতো একেবাৰে নতুন বিধান, ভগৱান! ইয়াৰ ঘোষণা হোৱা উচিত।”

ধৰ্মৰাজে ক’লে, “হয়, ঘোষণা কৰি দিয়া যে যি অত্যাচাৰীয়ে আত্মহত্যা কৰিব তেওঁৰ স্বৰ্গ প্ৰাপ্তি হ’ব!”

☆★☆★☆

 

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *