ফটাঢোল

গণিত পুৰাণ – অনুভৱ আকাশ

শুনা শুনা অকণিহঁত মেম্বৰ দাইটিৰ কথা।
গণিত বিষয় টান বুলি ভাৱি নলবা মনত বেথা।।

সৰল অংকৰ বদমাচ ৰুল ক্ৰমমতে চাই লোৱা।
ব্ৰেকেট, অৱ, ডিভিজন, মাল্টিপ্লিকেচন, এডিচন, চাৱট্ৰেকচন কৰা।।

বীজগণিতৰ কথা শুনা কওঁ সমীকৰণৰ মুল।
চিনৰ মাথো ভুল ব্যৱহাৰে লগাই গণ্ডগোল।।

এ প্লাছ বি হোলস্কোৱাৰ টাইপ সূত্ৰ য’তেই পাবা।
এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ টুৱাইছ.এ.বি. লিখি দিবা।।

এ মাইনাছ বি হোলস্কোৱাৰ হ’লেও উত্তৰ একেটাই হয়।
টুৱাইছ.এ.বি. আগত যোগৰ সলনি বিয়োগ চিন মাথো ৰয়।।

এ প্লাছ বি হোলকিউবক দেখিলে নাখাবা ভয়।
তিনি পূৰণৰ বাবেহে অলপ উত্তৰ দীঘল হয়।।

এ কিউব প্লাছ বি কিউব প্লাছ থ্ৰাইচ.এ.বি লিখি ল’বা।
থ্ৰাইচ.এ.বি লগত এ প্লাছ বি ব্ৰেকেটত লগাই দিবা।।

এ মাইনাছ বি হোলকিউবৰো একেই উত্তৰ ভাই।
মাথোন সোপাকে প্লাছ চিন গুচাই মাইনাছে ল’ব ঠাই।।

মেম্বৰে বোলে ত্ৰিকোণমিতিও নহয় মহাভাৰ।
যেনেকৈ লেতেৰা সোণক পালেও সোণাৰীয়ে গঢ়ে হাঁৰ।।

ঠিক তেনেকৈ পাইথাগোৰাচৰ উপপাদ্যটিক পাই।
গণিতজ্ঞসবে সমকোণ ত্ৰিভূজৰ বাহুৰ অনুপাত চাই।।

চাইন, কচ, টেন, কট, চেক, কচেক চয়টি অনুপাত পালে।
মূল মূল চাই পাঁচটা কোণৰ তালিকা বনাই দিলে।।

সেই তালিকা মনত ৰখাৰ উপাই যদিহে চোৱা।
দীঘে পঠালিয়ে সাতঘৰ চয়ঘৰ তালিকা বনাই লোৱা।

জিৰ’, থাৰ্টি, ফৰ্টি-ফাইভ, চিক্সটি, নাইনটি ডিগ্ৰী কোণ।
পঠালিকৈ তাক লিখি লবা তেহে সহজ হব সোণ।।

উলম্বভাৱে একাদিক্ৰমে চাইন, কচ, টেন লবা।
কট, চেক, কচেক ক্ৰমত ৰাখিবা পঢ়োতে সুবিধা পাবা।।

তালিকাখনত চাইন ঘৰ মাথো মুখস্থ কৰি লবা।
অলপ বুদ্ধি খটুৱালে বাকী মানবোৰ নিজেই পাবা।।

চাইনৰ ঘৰৰ মানবোৰ শুনা সাবধানে মন দিবা।
চাইন-জিৰ’ত জিৰ’, চাইন-থাৰ্টি হাফ, প্ৰথম দুঘৰ পাবা।।

চাইন-ফৰ্টি ফাইভ ওৱান-বাই-ৰূট-টু, চিক্সটিত ৰূট-থ্ৰি-বাই-টু হয়।
চাইন নাইনটি ডিগ্ৰীত গোটেপাতে এক এইকন জানিলেই হয়।।

চাইনৰ ঘৰৰ গোটেই শাৰীটো ওলোটাই লিখি দিবা।
কচৰ ঘৰৰ মানবোৰ তুমি সহজতে পাই যাবা।।

চাইনৰ মানবোৰ কচৰ মানেৰে যদিহে হৰণ কৰা।
টেনৰ মানবোৰ তেনেকৈয়ে পাবা ক’তনো বিচাৰি যোৱা।।

আকৌ টেনৰ শাৰী ওলোটাই পূৰোৱা কটৰ ঘৰ।
কচৰ মানৰ প্ৰতিক্ৰমেই চেক নকৰিবা খৰধৰ।।

শেষত আহিলে কচেকৰ পাল কিয়নো চিন্তা কৰা।
চেকৰ শাৰীটোচোন ওলোটাই লিখিলেই গোটেই মানবোৰ পোৱা।।

মেম্বৰ দাইটিৰ সজ উপদেশ, নলবা মনত ভয়।
চেষ্টা কৰিলেই অতিকৈ কঠিন বিষয়ো সহজ হয়।।

অংক মাথোন কৰাৰ বিষয় নিতৌ থাকিবা কৰি।
অনুভৱ আকাশে ৰচিলা পুৰাণ ডাকি বোলা হৰি হৰি।।

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *