ফটাঢোল

লিমাৰিক – প্ৰাঞ্জল আৰ এম শইকীয়া

এম পিৰ পুতেক সি তামাম পপুলাৰ
আছে তাৰ দুখনকৈ বিলাসী ফৰচুনাৰ
শিক্ষা থাকিও নাই জ্ঞান
টকাৰ বাহিৰে নিচিনে আন
দৈনিক দহ হাজাৰ টকা নিদিলে মাকক দিয়ে হুংকাৰ !

নাই এতিয়া আগৰ দৰে অযোধ্যা কিম্বা ৰাম
এতিয়া মাথোঁ আনক ডকা-হকা দি খাম
থাকিলে হাতত টকা
বাঢ়িবই মিতিৰ শঠা
পালে মুঠতে ফ্ৰীতে খাবা বস্তুৰ যিহে দাম ।

আপুনি আপোন বন্ধু হ’লে কিয় কৰে চিন্তা
দহজনৰ ভিতৰত দুজনে আপোনাক কৰিবই নিন্দা
সেই ভাৱি পিছ হুঁহকিলে
যাব লাগিব ৰসাতলে
নিজৰ ওপৰত বিশ্বাস ৰাখক,মাথোঁ নকৰিব অসৎ ধাণ্ডা ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *