ফটাঢোল

কৌতুক – বিউটি হালৈ

ভাস্কৰৰ সৰু কালৰ ঘটনা
স্কুলত মাষ্টৰে ওজন শিকাব লৈছিল সেইদিনা ।

মাষ্টৰ : চলিহাত তন্থে দোকানত বস্তু কিনবা যাহ্ না ?
ছাত্ৰ : হৈ ছাৰ যাং
পাল্লাত জুখা বস্তু কিনি পাইছাহ্ না ?
ছাত্ৰ : পাইছু ছাৰ _ চেনি , দালি , আলু , চাউল এগ্লাখান পাল্লাত জুখে ।
শিক্ষকে বিভিন্ন প্ৰশ্ন আৰু উদাহৰণ দি পাঠটো শেষ কৰিলে ।
ছাত্ৰ ছাত্ৰীৰ বোধগম্যতা পৰীক্ষা কৰাৰ বাবে তেওঁ সিহঁতক প্ৰশ্ন কিছুমান কৰিব ধৰিলে ।
: চলিহাত কচুন একপোৱা দালিৰ ওজন বেছি না একপোৱা চেনিৰ বেছি ?
: সমান ছাৰ ।
: এক কেজি আলুৰ বেছি না এক কেজি কবিৰ বেছি ?
: দুইতাৰে সমান ছাৰ ।
:অ’ বুজি পাইছা দুহুন এ তন্থে ।
দে ইতা কচুন এক কেজি লুহাৰ ওজন বেছি না এক কেজি তুলাৰ বেছি ?
:
কুইনো নক্ বি মই কম বুলি ভাস্কৰে ঠিয় হ’ল ।
ছাৰ এক কেজি লুহাৰ বেছি ।
শিক্ষকে বহুত উদাহৰণ দি বুজালে , সি সকলো মানিলে কিন্তু এইটো নামানে কোনোপধ্যে ।
শিক্ষক : দে তেনাহলি তইয়ে বুজে দি তোৰ টু এ শুণু ।
ভা: তেনাই সহজ ছাৰ , মোৰ হাতত আপনি ক দুইটা বস্তু আছে । ইতা আপনি তুলাখেনি ল’ক ।আপনি মোক তুলাখেনি দি মাৰক আৰু মই আপনাক লুহাখেনি দি মাৰু । আপনি চব বুজি পাই যাব ।

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *