আত্মীয় স্বজন, পৰিয়ালৰ পৰা আঁতৰি থকাৰ যে কি বেদনা সেইয়া মাথো ভুক্তভোগীয়েহে জানে৷ আৰু যদিহে ভুক্তভোগীজন আমাৰ দৰে ডঙুৱা হয় তেতিয়া হলেতো কথাই নাই, ঘৰখনলৈ অন্তত খোৱাৰ সময়ত মনত পৰিবই পৰিব৷ গুৱাহাটীৰ পৰা শিৱসাগৰৰ দুৰত্ব আজিৰ দিনত হয়তো বেছি যেন নালাগিব পাৰে কিন্তু আজিৰ পৰা পঁচিশ বছৰ আগতে যেতিয়া চুবুৰীত এটা মাথো লেণ্ডলাইন ফোন, পিচিঅ’ত দীঘল দীঘল লাইন অথবা পত্ৰৰ মাধ্যমেৰে যোগাযোগ কৰাৰ প্ৰথা তেতিয়াও একেবাৰে শেষ হোৱা নাছিল, সেই সময়ত বৰ দূৰ যেন লাগিছিল৷ সময় কটাবলৈ আজিৰ দৰে স্মাৰ্ট ফোন, ফেইচবুক অথবা হোৱাটছ্এপ্ ইত্যাদি একোৱেই নাছিল৷ ঠিক তেনে এক সন্ধিক্ষণত গুৱাহাটীৰ পৰা আমি তিনিজন বন্ধু চাকৰিৰ নিযুক্তি পত্ৰ হাতত লৈ শিৱসাগৰলৈ বুলি ৰাওনা হৈছিলো৷

জীৱনত প্ৰথমবাৰৰ বাবে অকলে পৰিয়ালৰ আটাইবোৰকে এৰি বাহিৰলৈ যাম, অচিনাকি, নতুন ঠাই, থকা মেলা আদিক লৈ এক মিশ্ৰিত প্ৰতিক্ৰিয়াই মনটো গধুৰ নকৰাও নহয়৷ নতুন ঠাই এখনলৈ গৈ ক’ত কেনেকৈ থাকিম, খোৱা-বোৱা ইত্যাদি নানান চিন্তা মনলৈ আহিল৷ আগতীয়াকৈ সংগ্ৰহ কৰা তথ্য অনুযায়ী গম পালো যে প্ৰথম অৱস্থাত কোম্পানীৰ কোৱাৰ্টাৰ পোৱা নাযাব আৰু কিছুদিন ঘৰ ভাড়া কৰি থাকিবই লাগিব৷ এই সকলোবোৰৰ মাজত এটা ভাল খবৰ আছিল যে আমাৰ বন্ধু সংগমৰ সম্পৰ্কীয় ককাইদেউ এজন শিৱসাগৰত থাকে৷ আমি যিটো কোম্পানীত চাকৰি পাইছো তেখেতো সেই একেটা কোম্পানীতে চাকৰি কৰে৷ তেখেতে কোম্পানীৰ কোৱাৰ্টাৰ এতিয়ালৈকে নাই পোৱা বাবে ভাড়াঘৰতে থাকে আৰু তেখেতৰ কাষতেই এটা ঘৰ আমালৈ বুলি ঠিক কৰি থৈছে৷ সংগম মোৰ শৈশৱৰ বন্ধু, আনহাতে ৰাজীৱৰ সতে চিনাকি চাকৰিৰ নিযুক্তি পত্ৰ পোৱাৰ পিছত৷ শিৱসাগৰত একেলগে মেছ কৰি থকাৰ আগ্ৰহেৰে ৰাজীৱ আহি আমাৰ দুয়োৰে সতে চিনাকি হৈছিল৷ আমাৰ লগত একেলগে মেছ কৰি থকাৰ প্ৰস্তাৱক আমি অতি সাদৰেৰে গ্ৰহণ কৰিছিলো কাৰণ ৰাজীৱে ভাত, তৰকাৰী, দাইল, মাছ-মাংস এইবোৰ সকলো ধুনীয়াকৈ ৰান্ধিবলৈ জানিছিল৷ সংগম আৰু মোৰ ৰন্ধন ক্ষমতা আলু-পিটিকাতেই সীমাবদ্ধ আছিল৷ সংগমৰ সতে মোৰ অভিন্ন হৃদয়ৰ বন্ধুত্ব, তাৰ ককায়েক মানে মোৰ নিজৰ দাদাৰ নিচিনা, অভিভাৱকৰূপে এজন আপোন মানুহ আৰু ৰাজীৱৰ দৰে এজন ৰান্ধনি পোৱাৰ আনন্দই মোৰ দুশ্চিন্তা কিছু পৰিমাণে লাঘৱ কৰিছিল৷

যথাসময়ত আমি তিনিও, অৰ্থাৎ মই, সংগম আৰু ৰাজীৱ গুৱাহাটীৰ পৰা নাইট চুপাৰ যোগে এক সুন্দৰ ৰাতিপুৱা শিৱসাগৰ পালোগৈ৷ ৰাতিপুৱাই হোল্ড-অল, বেগ আদি লৈ গৈ বিমানদাৰ ঘৰ ওলালোগৈ৷ আমি আহিম বুলি বিমানদা আৰু বৌ আন্তৰিকতাৰে প্ৰতীক্ষা কৰি আছিল৷ আশাকৰামতেই সৰু পৰিয়ালটোৰ আগ্ৰহ আৰু উষ্ণ আদৰণি দেখি আমি তিনিও অভিভূত হৈ পৰিলো৷

চাকৰিত জইন কৰি ব্যস্ত হৈ পৰাৰ মাজতো, বিমানদাৰ পৰিয়ালৰ সান্নিধ্যই, প্ৰথমবাৰৰ বাবে নিজ ঘৰৰ পৰা সুদুৰ অজান ঠাইত বসবাস কৰাৰ স্বাভাবিক পীড়া কিছু পৰিমাণে লাঘৱ কৰিছিল৷ বিমানদাৰ সন্তান গীতুমনি আৰু বোপাইয়ে গুৱাহাটীত এৰি থৈ অহা ভতিজা-ভতিজী কেইটাৰ অভাৱ পূৰ্ণ কৰিলে৷ বিমানদা আৰু বৌৰ পৰা পোৱা নিৰ্ভেজাল মৰমৰ তুলনা নহয়৷ আমাৰ প্ৰত্যেকৰে সুবিধা-অসুবিধা, খোৱা-বোৱা, খা-খবৰ নিয়মিত ভাবে লোৱাৰ উপৰিও প্ৰায়েই চাহ- জলপান খাবলৈ মাতি নিয়া ইত্যাদি অকৃত্ৰিম মৰমৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম৷
বিমানদাৰ পত্নী অৰ্থাৎ বৌ বৰ মৰমীয়াল, সহজ-সৰল, আদৰ্শ গৃহিনী আৰু সাদৰী মহিলা৷ ইতিমধ্যেই ৰাজীৱৰ নেতৃত্বত আমি নিজাববীয়াকৈ ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো যদিও বৌৱে প্ৰায়েই নিজে ৰন্ধা দাইল তৰকাৰী আমাক দিছিল৷

দিন যোৱাৰ লগে লগে পৰিয়ালটোৰ সতে আৰু বেছি ঘনিষ্ঠ হৈ পৰিলো৷ বিমানদা আৰু বৌ নিজৰ পুত্ৰ আৰু কন্যা সন্তানক লৈ সুখী পৰিয়াল৷ ব্যক্তিগতভাৱে মই কথা এটা লক্ষ্য কৰিলো যে কিছুমান সমস্যাক লৈ বিমানদা আৰু বৌ দুয়ো সমানেই উদ্বিগ্ন৷ সমস্যাসমূহ সকলো পৰিয়ালৰ মাজত থকা সমস্যাৰ দৰেই, কিন্তু সমস্যা সমূহৰ উৎপত্তি কি ভাৱে হৈছে, তাক লৈ দাদা আৰু বিশেষকৈ বৌৰ জল্পনা-কল্পনামূলক “থিয়’ৰী”টো মই হজম কৰিব নোৱাৰিলো৷

উদাহৰণ হিচাবে দাদাই চিনিয়ৰিটী অনুযায়ী কোম্পানীৰ কোৱাৰ্টাৰ কেতিয়াবাই পাব লাগে কিন্তু আজিলৈকে নাই পোৱা৷ দাদাৰ লগৰ মানুহবোৰে চবেই প্ৰমোচন পালে অথচ ছমাহ ধৰি দাদাৰ পাৰ্চনেল ফাইলেই বিচাৰি পোৱা নাই আৰু সেইবাবেই কোম্পানীৰ পৰা পোৱা লোন এটাৰে বোকাখাতৰ মাটিটুকুৰাত ঘৰ সাজিম বুলিও আজিকোপতি আৰম্ভ কৰিবই পৰা নাই৷ গীতুমনি আৰু বোপাইক চহৰৰ ভাল স্কুল এখনত ‘ডনেশ্যন’ নিদিয়াকৈ নামভৰ্তি কৰিব পৰা নাই৷ সুন্দৰ আৰু সুস্বাস্থ্যৰ বৌ গৰাকী প্ৰায়েই হঠাৎ গা বেয়া লাগি শয্যাগত হবলগীয়া হয়৷ অথচ চুগাৰ, ব্লাড প্ৰেছাৰ সকলো নৰ্মেল৷ তালিকাখন আৰু দীঘল নকৰো যেনিবা৷ এই ধৰণৰ সমস্যা আমাৰ জীৱনত থাকেই, বিমানদাহঁতৰো থাকিবই পাৰে৷ কিন্তু এই সকলো ধৰণৰ সমস্যাৰ বাবে দাদা, আকৌ কৈছো বিশেষকৈ বৌৱে ভাবে যে কোনোবাই (শত্ৰুতা কৰি) দৰব অথবা কুমন্ত্ৰ কৰা বাবে এইধৰণৰ অঘটন সমূহ ঘটি আছে৷ এইখিনিতে এটা কথা উল্লেখ কৰা উচিত হব যে দাদা আৰু বৌ দুয়োজন উচ্চ শিক্ষাৰে শিক্ষিত৷

প্ৰথম অৱস্থাত মই তেখেত দুয়োকে বুজাবলৈ চেষ্টা কৰিলো যে কুমন্ত্ৰ, তাবিজ, কৱচ এইবোৰৰ কোনো অস্তিত্ব নাই, সকলো মনৰ কল্পনা আৰু দুৰ্বলচিতিয়া মানুহৰ মানসিক দুৰ্বলতাহে মাথোন৷ সৰু থাকোতে মই আমাৰ ঘৰৰ ওচৰৰ মানুহ এঘৰত এজন কবিৰাজে ‘বাটি চালান’ দি শতৰুৱে লুকাই থোবা দৰৱ/তাবিজ মাটি খানি উলিওৱা মই নিজ চকুৰে দেখিছিলো৷ অভিজ্ঞসকলে জানিব যে প্ৰচলিত (অন্ধ) বিশ্বাস অনুসৰি, বাটি চালানৰ এই উদ্ভট প্ৰক্ৰিয়াটো অকল তুলা ৰাশিৰ ব্যক্তি বিশেষৰ দ্বাৰাহে সম্ভৱ৷ তুলাৰাশি অৰ্থাৎ ‘ৰ’ আখৰেৰে নামৰ আৰম্ভ হোৱা ব্যক্তিৰ হাতত এটা ধাতুৰে নিৰ্মিত বাটি এটা ধৰি থাকিব দিয়ে আৰু কবিৰাজ, বেজ, ওজা, মৌলবী অথবা তান্ত্ৰিকজনে মন্ত্ৰ পাঠ কৰি ফুঁক মাৰি দিয়াৰ লগে লগে ৰাম বা ৰহিম হঠাৎ এক্টিভ হৈ পৰে৷ দেখি থকা সকলৰ এনে লাগিব যেন মানুহজনক বাটিটোৱেহে চোচঁৰাই নিছে৷ বাটিটো লৈ চুচঁৰি বাগৰি কিছুসময় ইফাল সিফাল কৰি কোনো এক নিৰ্দিষ্ট ঠাইত স্থবিৰ হৈ পৰিব আৰু সেই ঠাইডোখৰ খান্দিলেই দৰব তাবিজৰ অৱশেষ পোৱাটো খাটাং৷ তাবিজ বা দৰব সমূহত চুলি, নখ, কাপোৰৰ টুকুৰা, ভঙা বেজী, আলপিন, সৰু সৰু হাঁড়ৰ টুকুৰা ইত্যাদি উপাদান পাব৷ কু-উদ্দেশ্য অথবা কু-মন্ত্ৰত ব্যবহৃত এইধৰণৰ অদ্ভুত উপাদান সমূহৰ এক ধৰণৰ বিশ্বাসযোগ্য ব্যাখ্যা বেজজনে দিয়ে৷ তাবিজ বা সৰু কাপোৰৰ টোপোলা লগতে উপাদান সমূহ অবিশ্বাস্যভাৱে ইমানেই পুৰণি যেন লগা যে দুই এদিন আগতে কোনোবাই পুতি থোৱা বুলি সন্দেহ কৰাৰো অৱকাশ নাথাকে৷

কিন্তু সেই সৰু কালতো, মোৰ বয়স তেতিয়া ১২ বছৰ, ওপৰত উল্লেখ কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটো, নিজ চকুৰে দেখাৰ পিছতো, দৰৱ উলিওৱা এই অলৌকিক ঘটনাটোক, মই মনেপ্ৰাণে বিশ্বাস কৰা নাছিলো৷ মোৰ বাহিৰে, মোৰ বয়সৰ সকলো ল’ৰা আৰু ছোৱালীয়ে, এই ঘটনাটো প্ৰত্যক্ষ কৰি চমকিত হৈছিল৷ অৱশ্যে মই মোৰ, এই বিজ্ঞানসন্মত মনটো মোৰ দেউতাৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পাইছিলো৷

গতিকে পৰিণত বয়সত এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হিচাপে দাদা আৰু বৌৰ মনৰ মাজত লালিত-পালিত এই ধৰণৰ ভ্ৰান্ত ধাৰণাক মই কোনোপধ্যেই মানি লব পৰা নাছিলো৷ মই বুজালো যে এইবোৰ ভুল চিন্তা, দৰব, তাবিজ, কুমন্ত্ৰ আদিৰ বৰ্তমানৰ বিজ্ঞানৰ যুগত কোনো অস্তিত্ব নাই, ই মানুহৰ মনৰ দুৰ্বলতাহে মাথোঁন৷ নানা ধৰণৰ যুক্তি-তৰ্কৰ পিছতো মই তেখেতসকলক প্ৰত্যয় নিয়াব নোৱাৰি মনটো গধুৰ হৈ পৰিল৷ তেওঁলোকৰ মনৰ পৰা অন্ধবিশ্বাসৰ কীটটো নিৰ্মূল কৰাত ব্যৰ্থ হৈ মোৰ মনটো অশান্ত হৈ পৰিল৷ মোৰ ঘনিষ্ঠ কোনো ব্যক্তিবিশেষে কু-সংস্কাৰৰ বশৱৰ্তী হৈ নিজৰ মানসিক আৰু শাৰীৰিক ক্ষতি কৰাটো, মোৰ বাবে নিতান্তই অসহনীয় আছিল৷

দাদাহঁতৰ এনে ধৰণৰ এক ভুল বিশ্বাসৰ কথাটো মই সংগম আৰু ৰাজীৱকো কলো৷ মোৰ পৰা কথাটো গম পোৱাৰ পৰবৰ্তী কালত সংগম আৰু ৰাজীৱেও দাদা আৰু বৌক বুজাবলৈ যথেষ্ট চেষ্টা কৰিলে৷ কিন্তু তেওঁলোকক কোনোপধ্যেই বুজাব পৰা নগ’ল, ওলোটাই কিছুমান নতুন “থিয়’ৰী”ৰ দ্বাৰা আমাৰ সমস্ত অকাট্য যুক্তি-তৰ্কত চেঁচাপানীহে ঢালি দিলে৷

এইদৰে কিছুদিন যোৱাৰ পিছত মোৰ মনলৈ কথা এটা আহিল যে দাদাহঁতৰ সমস্যা হ’ল এক ধৰণৰ অন্ধবিশ্বাস আৰু এই অন্ধবিশ্বাসৰ ফলস্বৰূপে অহেতুক মানসিক অশান্তি আৰু উদ্বিগ্নতা৷ তেওঁলোকৰ জীৱনৰ পৰা এই অহেতুক মানসিক অশান্তি আৰু উদ্বিগ্নতা যদি আতঁৰি যায় তেন্তে তেওঁলোকৰ বিশ্বাস যিয়েই নহওক কিয় এয়াই হব তেওঁলোকৰ বাবে আটাইতকৈ মংগলজনক৷ তাকে ভাবিয়েই মই তেওঁলোকৰ জীৱনৰ পৰা অহেতুক মানসিক অশান্তি আৰু উদ্বিগ্নতা আতঁৰাবলৈ এক পৰিকল্পনা প্ৰস্তুত কৰিলো৷

পৰিকল্পনাৰ প্ৰথম পৰ্যায় হ’ল, মোৰ পৰিকল্পনাক সাকাৰ কৰিবলৈ সংগম আৰু ৰাজীবৰ সক্ৰিয় সহযোগৰ প্ৰয়োজন৷ পৰিকল্পনাটোত সংগমৰ সহযোগিতাতকৈয়ো তাৰ বিশেষ অনুমোদনৰ প্ৰয়োজন আছিল কাৰণ বিমানদা, সংগমৰ নিকট আত্মীয়৷ কোনো ধৰণৰ বিলম্ব নকৰি নিশা শুবলৈ যোৱাৰ আগে আগে চুৰ্চুৰীয়া আড্ডাত মই মোৰ পৰিকল্পনাৰ দ্বিতীয় পৰ্য্যায়টো বিস্তৃত ভাবে ডাঙি ধৰিলো৷

দৰব, তাবিজ, কুমন্ত্ৰ এইবোৰ মিছা বুলি দাদাহঁতক পতিয়ন নিয়াব নোৱাৰিলেও, তেওঁলোকৰ মানসিক উদ্বিগ্নতা আৰু অশান্তি সমূহ নিৰ্মূল কৰিবলৈ, দাদাহঁতে বিশ্বাস কৰাৰ দৰে তাবিজ বা দৰব মাটিৰ পৰা খানি উলিয়াই দেখুৱাব লাগিব৷ কাৰণ এই মুহূৰ্তত মোৰ বাবে দাদাহঁতৰ মনৰ পৰা কুসংস্কাৰ আঁতৰোৱাতকৈয়ো, তেওঁলোকৰ মানসিক উদ্বিগ্নতা আৰু অশান্তি সমূহ নিৰ্মূল কৰাটো বেছি প্ৰয়োজন৷ প্ৰাথমিকভাবে সংগম আৰু ৰাজীৱে মোৰ উদ্দেশ্য সম্পৰ্কে কোনো ধৰণৰ প্ৰশ্নচিহ্নৰ অৱতাৰণা নকৰিলেও, তাবিজ বা দৰব মাটিৰ তলৰ পৰা খানি উলিওৱা প্ৰক্ৰিয়াটো কিদৰে সম্পাদন কৰা হব, সেইটো জানিবলৈ ব্যগ্ৰ হৈ পৰিল৷ সৰুকালৰ ব্যক্তিগত অভিজ্ঞতা সিহঁত দুয়োকে জনালো৷ লগতে একেটা পদ্ধতিৰে দাদাহঁতৰ মানসিক অশান্তি নিৰ্মূল কৰাৰ হাবিয়াস প্ৰকাশ কৰিলো৷ থূলমূলকৈ মোৰ পৰিকল্পনাটো সিহঁত দুয়োটাৰ আগত ডাঙি ধৰিলো৷ প্ৰথমতে মোৰ পৰিকল্পনাটো সংগমে প্ৰত্যাখ্যান কৰিলে যদিও মই যেতিয়া কলো যে আমি তিনিও মিলি এখন নাটক কৰিব লাগিব, নাটকৰ কথা শুনি দুয়ো উৎসাহিত হৈ পৰিল৷ স্কুল আৰু কলেজীয়া জীৱনত মই আৰু সংগমে একেলগে বহুতো নাটক কৰিছিলো, গতিকে স্বাভাৱিকতে আকৌ এবাৰ নাটকৰ নাম শুনি সি আগ্ৰহী হৈ পৰিল৷ আচলতে নাটক কৰা সকলে প্ৰত্যেকখন নাটক কৰি উঠাৰ পিছত ‘আৰু নাটক নকৰো’ বুলি কাণত ধৰে কিন্তু পৰবৰ্তী নাটক কৰাৰ সুযোগ পালেই পূৰ্বৰ দুখ-কষ্টৰ লগতে সকলো প্ৰতিজ্ঞা পাহৰি যায়৷ আৰু কোনো দিন নাটক কৰি নোপোৱা ৰাজীৱেও নাটক কৰাৰ সুযোগ পোৱাৰ আশাত মোৰ পৰিকল্পনাৰ নাটকত অভিনয়ৰ বাবে আগ্ৰহী হৈ পৰিল৷ অৱশেষত দুয়ো একমত হৈ মোৰ নাটকৰ আঁচনিখনক অনুমোদন জনালে৷ মোৰ মনটো ভাল লাগি গ’ল৷

পৰিকল্পনাৰ প্ৰথম পদক্ষেপ হিচাপে, পিছদিনা মই নবৌক কলো, “মই ব্যক্তিগত ভাবে জৰা-ফুকা, তাবিজ-কৱচ, দৰৱ-বাণ মৰা আদি অলৌকিক কথাবোৰ মানিবলৈ টান পাওঁ৷ তথাপি আপোনালোকৰ মনৰ সন্দেহ ভাঙিবলৈ, গুৱাহাটীত আমাৰ ঘৰৰ ওচৰত, বৰ নামী আৰু সৎ মৌলবী এজন আছে৷ মোৰ দেউতাৰ বন্ধু আৰু তেখেতে এই ধৰণৰ কামৰ বাবে কাৰো পৰা এপইচাও নলয়৷”

নবৌক কলো, “মই আজি নিশাই দুদিনৰ বাবে গুৱাহাটীলৈ গৈ আছো৷ মই মৌলবী খুড়াৰ সৈতে আপোনালোকৰ সমস্যাটো আলোচনা কৰি কিবা এটা বিহিত ব্যৱস্থা কৰি আহিম৷” কথাষাৰ শুনি নবৌ আনন্দত অধীৰ হৈ পৰিল, মৌলবীজনে পইচা নলও বুলি কোৱা কাৰণে আনন্দিত হৈছিল নে পুৰণি সমস্যাৰ সমাধানৰ সম্ভাৱনাৰ বাবে, সেইটো জুকিয়াই একো ধৰিব নোবাৰিলো৷

গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছত মোৰ পৰৱৰ্তী অপাৰেশ্বনৰ কাম-কাজ সমৰকালীন তৎপৰতাৰে আৰম্ভ কৰিলো৷ ৰাতিপুৱাই গুৱাহাটীৰ কাছাৰী ঘাটলৈ গৈ, ফুটপাথত বহা বাবাজী এজনৰ দোকানৰ পৰা ডাঙৰ চাইজৰ তামৰ তাবিজ এটা, ৰুমালৰ চাইজৰ ৰঙা কাপোৰ এখন আৰু ৰঙা-সূতা অলপ কিনিলো৷ বাবাজীৰ ওচৰত বিক্ৰীৰ বাবে নতুন ৰঙা কাপোৰ নাছিল, বাবাজীয়ে ব্যবহাৰ কৰা পূৰণি আৰু ফটা ৰুমালখন ইচ্ছাকৃত ভাবেই কিনিবলৈ বিচৰাত বাবাজী অত্যন্ত আচৰিত হৈছিল৷

ঘূৰি আহোতে পাণবজাৰৰ ‘জুম্ ষ্টুডিঅ’ ৰ পৰা কোডাক কেমেৰাৰ ৰোলৰ প্লাষ্টিকৰ খালী টেমা এটা খুজি আনিলো৷ চান্দমাৰীস্থিত আমাৰ ফাৰ্মাচীৰ পৰা এটা পেনিছিলিনৰ সৰু ইঞ্জেকশ্বনৰ বটল আৰু আলপিনৰ বাকচত থকা মামৰে ধৰা, দেখিলে পুৰণি পুৰণি যেন লগা, ভঙা-বেয়া আলপিন সাতটা বিচাৰি খোচাৰি ললো৷ সাতটা আলপিন ললো কাৰণ, সাত আৰু তিনি সংখ্যা দুটাৰ, শনিবাৰ আৰু মংগলবাৰৰ দৰেই তন্ত্ৰ-মন্ত্ৰৰ জগতত এক মহত্বপূৰ্ণ ভূমিকা আছে৷

আলপিনকেইটা আৰু তাবিজটো, প্লাষ্টিকৰ টেমাটোৰ ভিতৰত ভৰাই ঘৰলৈ উভতি আহিলো৷ গা ধুবলৈ যোৱাৰ আগে আগে মোৰ নিজৰ হাত আৰু ভৰিৰ নখ কেইটা কাটিলো আৰু সাতটা বিশেষভাবে নিৰ্বাচিত নখ টেমাটোত ভৰালো৷ সেই সময়ত ‘চাজন’ আৰু ‘চড়ক’ নামৰ হিন্দী বোলছবিৰ অভিনেতা সঞ্জয় দত্তৰ দৰে, মোৰ চুলিখিনিও পিঠিলৈ পৰা আৰু দীঘল আছিল৷ আমাৰ ডাঙৰ নবৌৰ চিলাই মেছিনৰ লগত থকা পিতলৰ কেঁচিখন আনি মোৰ দীঘল চুলিকোচাৰ পৰা প্ৰায় চাৰি আঙুলি মান কাটি ললো৷ ইচ্ছা কৰিয়েই চাৰি আঙুলি চুলি ললো যাতে মতা মানুহৰ চুলি যেন নালাগে৷

দুপৰীয়া কুকুৰাৰ মাংসৰে ভাত খাই উঠি, চিলেক্টিভ সাত টুকুৰা, সৰু সৰু মাংসৰ হাড় ভালদৰে চাফা কৰি ৰ’দত শুকাবলৈ দিলো৷ নিশালৈ সকলো শোৱাৰ পিছত, মোৰ ৰূমৰ দৰ্জা বন্ধ কৰি তাবিজৰ ভিতৰত নখ, আলপিন, ৰঙা-সূতা আৰু চুলিখিনি ভৰাই মমবাতি গলাই মুখখন চীল্ কৰি ললো৷ তাবিজটো সাজু হোৱাৰ পিছত হাড়ৰ টুকুৰা সহ প্লাষ্টিকৰ টেমাটোত ভৰাই পূৰণি গামোচা এখনৰ ফুল তিনিটা কাটি মুখাখন লগাই দিলো৷ ফাইনেলী প্লাষ্টিকৰ টেমাটো ৰঙা কাপোৰখনেৰে সুন্দৰকৈ বান্ধি পানীৰে তিয়াই পুনৰ পলিথিনৰ পেকেট এটাৰে বান্ধি, শিৱসাগৰলৈ নিবলগীয়া বেগৰ ভিতৰত ভৰাই শুই পৰিলো৷

শিৱসাগৰলৈ যোৱাৰ আগদিনা নিশা কাগজ কলম উলিয়াই বাঁওহাতেৰে আৰবী ভাষাৰ মই জনা দুটামান “কলাম“ লিখি ললো৷ নাইট চুপাৰেৰে গৈ ৰাতিপুৱা শিৱসাগৰ পোৱাৰ পিছত নবৌ আহি সুধিলেই নহয়৷ নবৌ যেন মৌলবীজনৰ বাৰ্তাৰ অপেক্ষা কৰিহে আছিল৷ মই বিশেষ ভূমিকা নকৰি কলো, “মৌলবীজন আহিব নোৱাৰে৷ তেখেতে মোক মন্ত্ৰসহ নিয়ম কানুনসমূহ বুজাই দিছে, অহা শনিবাৰে নিশা বাৰ বজাত তেখেতে জনোৱা পদ্ধতি মতে, আমি দৰব উলিয়াবলৈ চেষ্টা কৰিম৷”

নবৌয়ে আশা কৰিছিল চাগৈ মই মৌলবীজন লগত লৈ আনিম বুলি৷ তথাপি আৰু অলপ আশ্বস্ত কৰিবলৈ পুনৰ কলো, “বৌ কথা এটা হ’ল, এজন তুলাৰাশিৰ মানুহ লাগিব, ক’ত পাম এতিয়া?” নবৌয়ে ওচৰ-পাঁজৰৰ ‘ৰ’ আখৰেৰে আৰম্ভ হোৱা নাম কেইটামান লৈ আঙুলিৰ মূৰত লিখিবলৈ ললে৷ মই হঠাৎ মনত পৰাৰ দৰে কলো, “আমাৰ ৰাজীৱো তুলাৰাশিৰ, তাকেই বাটি চালান দিয়াব পৰা যাব৷ সি সৈমান হলে কথাই নাই৷ আপুনি তাক এবাৰ কবচোন৷”

ইতিমধ্যে বিমানদাও আহি আলোচনাত চামিল হৈছেহি৷ অপাৰেশ্বন কু-দৰবৰ নামত দাদা আৰু বৌ একেবাৰে উৎফুল্লিত হৈ পৰিল৷ নিশালৈ সকলো শুই নিঃপালি দিয়াৰ পিছত আমি তিনিও হাতত সাৰে ভৰিত সাৰে প্ৰথম মহলাৰ পৰা নামি আহিলো৷ দিনতেই ওচৰৰ পলীহঁতৰ ঘৰৰ পৰা সংগ্ৰহ কৰি থোৱা চিপৰাংখন আৰু গুৱাহাটীৰ পৰা সযতনে কঢ়িয়াই অনা তথাকথিত দৰবৰ টোপোলাটো লৈ আগ চোতালৰ আমলখি গছজোপাৰ তলত গাঁতটো খান্দিব লাগিব৷ মাজনিশা কোনোধৰণৰ শব্দ নোহোৱাকৈ, কোনেও গম নোপোৱাকৈ, প্ৰায় ডেৰফুট দ’ গাঁতটো খান্দোতে নিজকে চোৰ চোৰ লগা ফিলিং এটা আহিছিল৷ হাত সলনা সলনি কৰি তিনিও মিলি গাঁতটো কোনোৰকম খান্দি শেষ কৰোতে পুহমহীয়া জাৰতো মূৰৰ ঘাম মাটিত পৰিছিল যদিও এক ৰোমাঞ্চকৰ অনুভবে সকলো কষ্ট লাঘৱ কৰিছিল৷

ডেৰফুট তলত দৰবৰ টোপোলাটো পুতি মাটিৰ উপৰিভাগক নৰ্মেল অৰ্থাৎ গাঁত খন্দাৰ চিন মোকাম নোহোৱা কৰি তিনিও ৰূমলৈ উভতি আহি খুব হাঁহিলো৷

আজি শনিবাৰ৷ চুবুৰীটোৰ কোনোৱে দৰব-কাণ্ডৰ বিষয়ে যাতে অকণো উমান নাপায়, সেই বিষয়ে মই প্ৰথমৰ পৰাই সতৰ্ক আছিলো৷ মই দাদাহঁতক, বিশেষকৈ নবৌক এই বিষয়ে ওচৰ চুবুৰীয়াক একো নজনাবলৈ প্ৰথমৰ পৰাই কৈ থৈছিলো৷ নবৌৰ কিন্তু বৰ হেপাঁহ আছিল, ওচৰ চুবুৰীয়া সকলোকে মাতি পূজা পাতি একেবাৰে ৰজনজনাই যোৱাকৈ দৰব উলিয়াবলৈ৷ ইফালে মই কেনেবাকৈ গোমৰ ফাঁক হৈ যায় বুলি এনেয়েও ভয় খাই আছিলো৷ সেয়ে নবৌক অলপ বেলেগকৈ বুজালো যে “কেনেবাকৈ যদি সঁচাকৈয়ে দৰব ওলায়, তেনেহ’লে আপোনাৰ শত্ৰুই গম পালে পুনৰ দৰব কৰিব আৰু আপুনি গমেই নাপাব, গতিকে কোনেও নজনাকৈ কামটো সমাধা কৰাটোহে মংগলজনক হব৷” মোৰ অকাট্য যুক্তিৰ পৰিণামস্বৰূপে, নবৌৰ লগতে দাদাই শ্বায়েৰী কোৱাৰ শেষত কৰা বাহঃ বাহঃ বাহঃ কৰিলে৷

এটা কথা উল্লেখ কৰিবলৈ পাহৰিছিলো, দাদা আছিল নিয়মিতৰূপে পূজা-পাঠ কৰা মানুহ৷ গায়ত্ৰী মন্ত্ৰ, সংস্কৃতৰ বিভিন্ন শ্লোক আৰু পূজা পাঠৰ মন্ত্ৰ সমূহ কণ্ঠস্থ৷ দাদাৰ ওচৰত ধৰা নপৰিবলৈ, আৰবী ভাষাৰ মন্ত্ৰ অনাৰ বাহিৰে মোৰ অন্য কোনো উপায় নাছিল৷

নিশালৈ বেদী এটা তৈয়াৰ কৰি, সাতডাল মম আৰু সাতডাল ধূপকাঠি জ্বলাই দৰব উলিওৱা প্ৰক্ৰিয়া আৰম্ভ কৰিলো৷ নাটকখনক বেছি জীৱন্ত ৰূপ দিয়াৰ উদ্দেশ্যে, মোৰ নিৰ্দেশ মতে ৰাজীৱে সেই প্ৰচণ্ড পুহমহীয়া জাৰতো, চেঁচা পানীৰে গা-পা ধুই, উদং গাৰে চুৰিয়া এখন পিন্ধি পূজাৰ বেদীত বহি, বতাহত কলপাত কঁপাদি কঁপি আছিল৷ জাৰত কঁপি থকা ৰাজীৱৰ নাটক কৰাৰ হেপাঁহৰ কচু পলাইছিল নে নাজানো, কিন্তু পৰৱৰ্তী আধাঘণ্টা সি যিখিনি নাটক কৰিলে, অতিনাটকীয়তাৰ (অভাৰ এক্টিঙৰ) বাবে সি অস্কাৰ পাব লাগিছিল৷

মই অৱশ্যে আগতেই ৰূমৰ বিজুলী বাতি বন্ধ কৰি থৈছিলো৷ প্ৰথম কাৰণ এক ভৌতিক পৰিবেশ সৃষ্টি কৰা আৰু দ্বিতীয় কাৰণ, মই শব্দ নোহোৱাকৈ, ইচ্ছা মতে পেটৰ নাড়ী চিঙি যোৱাকৈ যাতে হাঁহিব পাৰো৷ প্ৰায়েই নাটকৰ নতুন অভিনেতা সকলে মঞ্চত বেছি বেছি একশ্যন আৰু ডায়লগ ডেলিভাৰী (পাণ্ডুলিপিত নথকা) কৰাৰ দৰে ৰাজীৱো ব্যতিক্ৰম নাছিল, অৱশ্যে সি অদ্ভুত ধৰণৰ কিছুমান শব্দ উচ্চাৰণ কৰাৰ লগতে অংগী-ভংগী কৰি সমস্ত প্ৰক্ৰিয়াটোক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল৷ মাজে মাজে দাদা আৰু নবৌৰ হতুৱাই কিছুমান উৎকট প্ৰণাম, আসন আদি কৰাই ধৰা পৰিবলগীয়া হোৱাৰ আগে আগে কোনোৰকম সংগমে গল হেকাৰি মাৰি বা কিবাকিবি প্ৰশ্নৰ অৱতাৰণা কৰি কোনোপধ্যে তাক নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছিল৷

অৱশেষত বহু অপেক্ষিত দৃশ্যটো আৰম্ভ হ’ল, ৰাজীবৰ জঁক উঠিল আৰু পূজাৰ বেদীত ইতিমধ্যেই ৰাখি থোৱা কাঁহৰ বাটিটো সি ৰবটৰ দৰে যান্ত্ৰিকভাবে হাতত তুলি ললে৷ তাৰ অভিনয় ইমানেই নিখুঁত আছিল মই নিজে কোনোৰকম হাতচাপৰি নবজোৱাকৈ থাকিলো৷ কাঁহৰ বাটিটো দুই হাতেৰে ধৰি লৈ ৰাজীৱে যন্ত্ৰবৎভাবে চুঁচৰি-বাগৰি ৰূমৰ পৰা ওলায় চিৰিয়েদি কোনোমতে আঘাত নোপোৱাকৈ চোতাল পালেগৈ৷ মোৰ মতে এই দৃশ্যটোৰ বাবে সি “বেষ্ট এক্টৰ অব্ দ্য ইয়েৰ” পুৰস্কাৰ পাব লাগিছিল৷ ৰাজীৱৰ অভিনয় দেখি দাদা আৰু নবৌ দুয়ো ভক্তি আৰু নিষ্ঠাৰে গদগদহৈ পৰিল৷ চোতাল পোৱাৰ পিছত যেন ৰাজীৱৰ দেহত “অতি নাটকীয়তাৰ” ভূতহে লম্ভিল৷ সি বাটিটো ওপৰত ভৰ কৰি চুঁচৰি চুঁচৰি যেনি-তেনি মহতিয়াই যাবলৈ ধৰিলে৷ তাৰ এইধৰণৰ কাৰ্যকলাপ দেখি নবৌয়ে কলে, “দৰব পুতিবলৈ অহাজনে চাগৈ ক’ত পুতিম ক’ত নুপুতিম বুলি ঘুৰ্মুটিয়াই ফুৰিছিল আৰু সেই কাৰণে ৰাজীৱেও ঘুৰ্মুটিয়াই ফুৰিছে৷” মাজতে সি এবাৰ গছত উঠাৰ ভাও এটাও দিলে, মুঠৰ ওপৰত বাটি চালানৰ ভূত নহলেও, অভিনয়ৰ ভূতে তাক ভালকৈয়ে লম্ভিছিল৷ ৰাজীবৰ অতি নাটকীয়তাৰ আতিশয্যত কোনোবাই সাৰ পাব লাগিলে ঘটনাই কি মোৰ লয় ঠিকনা নাই, সেয়ে ওচৰলৈ গৈ কোনেও নেদেখাকৈ, তাৰ টিকাত ব্ৰহ্মচিকুট এটা মাৰি তাক সতৰ্ক কৰি, কোনোৰকম নিয়ন্ত্ৰণলৈ আনিলো৷ সি মোৰ ইংগিত বুজি নিৰ্দিষ্ট ঠাইটুকুৰালৈ গৈ বাটিটোৰে খান্দিবলৈ ধৰাত, আমি সকলোৱে অৰ্থাৎ দাদা আৰু নবৌয়ে বুজিলে যে দৰব তাতেই পুতি থোৱা আছে!

ৰাজীৱ ইতিমধ্যেই ভাগৰি পৰিছিল আৰু তাৰ জিৰণিৰ প্ৰয়োজন আছিল, সি প্ৰায় বেহুচ হৈ পৰি দিয়াত সংগমক কলো ইয়াক ওপৰলৈ লৈ যা, এতিয়া তাক জিনে এৰিছে কিছু সময় জিৰণি ললে সি স্বাভাবিক হৈ পৰিব৷ দাদাই মোক সুধিলে, “কি কৰিব লাগিব এতিয়া?”

মই জানিছিলো দৰবৰ টোপোলাটো দাদাই নিজেই খানি উলিয়ালেহে নাটকখন প্ৰকৃত অৰ্থত বিশ্বাসযোগ্য হৈ উঠিব সেয়ে, “মৌলবী খুডাই কোৱামতে দৰৱ এই ঠাইত থাকিব লাগে৷ খান্দি চালে কিবা ওলায় নেকি?” এইবুলি বিশ্বাসযোগ্য অথচ নিম্নস্বৰৰ “আণ্ডাৰএকটিং”যুক্ত ডায়লগ এটা দি, চিপৰাংখন দাদালৈ আগবঢ়াই দিলো৷ নবৌয়ে কম্বলখন গাত ভালকৈ মেৰিয়াই লৈ হৰিনাম গুণগুণাবলৈ ললে৷ দাদাই একান্তমনে গাঁত খান্দিবলৈ লাগি গ’ল৷ সিদিনা জোনাক নিশা আছিল, পোহৰৰ কোনো সমস্যা নাছিল৷

সংগম ওপৰৰ পৰা নামি আহি দাদাৰ ফালে সহায় কৰিবলৈ আগবাঢ়ি যাওতে, মই তাক দূৰতেই ইংগিত দি ৰখাই দিলো৷ সংগমে মোৰ ইংগিত বুজি পালে আৰু মোৰ ওচৰলৈ আহি কলে, “ৰাজীবৰ অভাৰ এক্টিং শেষ হোৱাই নাই, সি মোৰ লগত আকৌ তললৈ আহিব বিচাৰিছিল৷ দম এটা দি কোনোৰকম বহাই আহিছো৷ ”

মই তাক কলো “নাটক সুকলমে পাৰ হ’ল, এতিয়া চিন্তা নাই! নতুন অভিনেতাই অলপ অচৰপ “ফুটেজ” খোৱাটো স্বাভাৱিক৷”

দাদাৰ ফালে দেখুৱাই তাক কলো, “ঐ, দাদাৰ ফালে চা, সিন্ধি খন্দা চোৰৰ দৰে লগা নাইনে?”

সি নিশব্দে দাদাৰ ওচৰলৈ বুলি আগবাঢ়ি গ’ল৷ সঁচাকৈয়ে মাজনিশা নিশব্দে গাঁত খন্দাৰ কি যে এক মনোৰম দৃশ্য, এতিয়াও দৰে সেই সময়ত কেমেৰাযুক্ত ম’বাইল থকা হ’লে একপি ফটো তুলি থলোহেঁতেন৷

হঠাৎ দাদাই চিঞৰি উঠিল৷ মানে দৰবৰ টোপোলাটো পালে৷ দৰবৰ টোপোলাটো হাতত লৈ, মোৰ ওচৰলৈ যিদৰে দৌৰি আহিল, মই ভয়েই খাইছিলো, দাদাই “ইউৰেকা, ইউৰেকা” বুলি চিঞৰিব নেকি আকৌ!
হাতৰ ইংগিতেৰে মনে মনে থাকিবলৈ কলো, “ব’লক, ঘৰৰ ভিতৰলৈ গৈ চাওঁ!”

সংগমক কলো, “তই গাতঁটো পুতি, ৰাজীৱক লৈ দাদাৰ ঘৰলৈ আহ৷”

মাটিৰ তলৰ পৰা উলিয়াই অনা পেকেটটো চুবলৈ নবৌয়ে ভয় কৰা দেখি দাদাৰ ফালে চালো, দাদাও দোধোৰ মোধোৰ৷ মই মৰসাহ দেখুৱাই পেকেটটো বেচিনলৈ নি ভালদৰে ধুই আনিলো৷ গহীন পৰিবেশটো সহজ কৰাৰ উদ্দেশ্যে কলো, “মোৰ বিশ্বাসেই হোৱা নাই, এইদৰে মন্ত্ৰৰ বলত মাটিৰ তলত পুতি থোবা দৰৱ বিচাৰি উলিয়াব পাৰি৷ একেটা পদ্ধতিৰে গুপ্তধন উলিয়াই একেবাৰে কোটিপতি হব পাৰি দেখোন৷ এইবাৰ গুৱাহাটীলৈ গলে মৌলবী খুড়াৰ পৰা নতুন মন্ত্ৰ আনি তলাতল ঘৰত বাটি চালান দিব লাগিব!”

ইমানদিনে মই অলৌকিকতাৰ বিৰোধিতা কৰি অহা কথাটো নবৌৰ মনত পৰিল চাগৈ৷ “তুমিহে মোৰ কথা বিশ্বাস নকৰা, এতিয়া হাতে হাতে প্ৰমাণ পালাই নহয়৷ ”

দাদাই সংগম আৰু ৰাজীৱক বহিবলৈ দি মোক সুধিলে, “এতিয়া এই পেকেটটোৰ কি গতি কৰিবা?”

মই কলো, “মৌলবী খুড়াই দৰবৰ প্ৰতিটো উপাদান জ্বলাই ঔষধি গুণ বিনষ্ট কৰি পেলাবলৈ কৈছে৷ কিন্তু তাৰ আগতে পেকেটৰ ভিতৰত কিনো আছে এবাৰ চাই ললে ভাল হব নেকি?”

সকলোৱে পেকেটটোৰ ভিতৰত কি আছে চাবলৈ উদগ্ৰীব হৈ আছিল বুলি গম পালো৷ ৰাজীৱ আৰু সংগমেও প্ৰকৃততে পেকেটৰ ভিতৰত কি আছে দেখা নাছিল৷

মই ৰাজীৱলৈ পেকেটটো আগবঢাই দি কলো “তইহে উলিয়াইছ, তইয়েই খোল! ভয় কৰিবি নেকি আকৌ?”

সি এনেয়ে মন্ত্ৰ এটা মুখৰ ভিতৰত মাতি পলিথিনৰ পেকেটটো খুলিবলৈ চেষ্টা কৰি থাকোতে, দাদাই কেঁচি এখন আনি কাটি দিলে৷ ৰঙা কাপোৰৰ সৰু টোপোলাটো ওলাই পৰাত দাদা আৰু নবৌয়ে চকুয়ে চকুয়ে সাংকেতিক মত বিনিময় কৰা যেন হে লাগিল৷ ময়ো ভালকৈ চালো ৰঙা কাপোৰখন বহুদিন আগতে মাটিৰ তলত পুতি থোৱাৰ দৰে বিশ্বাসযোগ্যভাবে পুৰণি যেন লাগিছে নে নাই? ৰঙা কাপোৰৰ গাঠি খুলি, ভিতৰত কেমেৰাৰ ৰোলটো দেখি ৰাজীৱে মোৰ ফালে প্ৰশংসাৰ দৃষ্টিৰে চালে৷ সি আকৌ অভাৰ এক্টিং কৰি কিবা ভুল কৰে বুলি মই কলো,

“সোনকাল কৰ, নিশা ভালেখিনি হ’ল৷”

সংগমে ৰাজীবৰ পৰা নি টেমাটো খুলি, নবৌ আৰু দাদাৰ নাম লিখা কাগজৰ টুকুৰাটো পালে৷ কাগজখনত সৰুকৈ প্ৰথমতে নবৌৰ বিয়াৰ আগৰ উপাধিসহ নামটো লিখা দেখি আমি চবেই কনফাৰ্ম হলো যে দৰবৰ মূল লক্ষ্য নবৌ৷

তাবিজৰ ভিতৰত কি আছে এবাৰ চাই ললে ভাল আছিল নেকি? বুলি দাদাই কোৱাত মই কলো, “গীতুমনিৰ জ্যামিতিৰ বাকচৰ পৰা কম্পাছ কাঁটাডাল আনক, তাবিজটো খুলি চাই চব জ্বলাই পেলাব লাগিব৷”

গীতুমনি আৰু বোপাই ভিতৰৰ ৰূমত শুই আছিল৷

তাবিজৰ ভিতৰত চুলিখিনি পালে৷ নবৌয়ে চুলি দেখি আৰ্তনাদ কৰি উঠিল, “মৰাহঁতে মোৰ চুলি কেতিয়া কাটি নিলে ঐ!”

চুলিৰ পিছত ভঙা আলপিনকেইটা ওলাল৷ আলপিন দেখি নবৌৰ মন্তব্য, “এই কাৰণেহে মোৰ বুকু পিঠি খোঁচ মাৰি মাৰি ধৰে৷”

গামোচাৰ ফুলকেইটা দেখি নবৌ একেবাৰে হতভম্ব, বৌৰ একেবাৰে মনতেই পৰি গ’ল, একেটা ডিজাইনৰ কোনখন গামোচাখন হেৰাইছিল! খঙটো দাদাৰ ওপৰত পৰিল, “আপোনাক মই কিমান কলো, নিশাৰ ভাগত, বাৰাণ্ডাত কাপোৰ নেমেলিবলৈ৷”

মই দাদাৰ ফালে চালো, দাদাই খুব কষ্ট কৰি গামোচাখন মনত পেলাবলৈ চেষ্টা কৰি থকা যেন লাগিল৷ ৰঙা সূতা, তাবিজ আদি দেখি নবৌ শংকিত হৈ পৰিল৷

“কোন মোৰ ইমান শত্ৰু হৈ পৰিছে, মোৰ বিৰুদ্ধে ইমান ষডযন্ত্ৰ৷ তোমাৰ মৌলবী খুড়াই এইবোৰ কোনে কৰিছে, নামটো কব পাৰিবনে? টকা পইচা যি লাগে মই দিম, মোক কেবল নামটো কলেই হব৷”

নবৌক শান্ত কৰিবলৈ কলো, “বৌ, আপোনাৰ আচল সমস্যা সমাধান হৈ পৰিল, এতিয়া আপুনি কাকো একো নকব, যদি আপোনাৰ শত্ৰুই গম পায় যে দৰব উলিয়াই পেলাইছে, তেনেহলে বেলেগ আকৌ নতুন কিবা কৰি, আপোনাৰ পুনৰ ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰিব৷ ”

একেখিনি কথা ৰাজীৱ আৰু সংগমেও বুজালে, লগতে আমি দাদাকো বুজালো৷

ঘৰৰ পিছফালে জুঁই একুৰা জ্বলাই দৰবৰ টোপোলাটো জাপি দি আমি ৰূমলৈ, দাদাক মাত লগাই গুচি আহিলো৷ বৌ শুচি হবলৈ বুলি গা ধুবলৈ বাথৰূমত সোমাইছে৷

পিছদিনাখন দেওবাৰ আছিল, নিশা দেৰীকৈ শোৱা বাবে আমি তিনিওটা বিছনাত দেৰীলৈকে শুই আছিলোঁ৷ গীতুমনি আহি চাহ জলপান খাবলৈ মাতি গ’ল৷

মুখ হাত ধুই দাদাৰ ঘৰলৈ গৈ দেখো নবৌ একেবাৰে বেলেগ মানুহ এজনী হৈ পৰিছে৷ আমালৈ চাহ জলপান আগুৱাই দি কলে, “মোৰ গাটো ইমান পাতল পাতল লাগিছে৷ নিশা দেৰীকৈ শোৱাৰ পিছতো ইমান ভাল টোপনি আহিছে আৰু ৰাতিপুৱা সোনকালে উঠাৰ পিছতো গাটো অকণো বেয়া লগা নাই৷”

দাদাই কলে, “মোৰ শৰীৰত দহ বছৰ আগৰ শক্তি ঘূৰাই পোৱা যেনহে লাগিছে৷ মনটো কিবা ফুৰ্তি লাগি আছে৷ ”

দাদাৰ ফুৰ্তি লগা শুনি মোৰ ভয়েই লাগি গ’ল, জানোচা কেনেবাকৈ দাদাই আৰু এজনী বিয়া পাতিম বুলি কয় নেকি!

আমি আশাকৰা মতেই দাদা আৰু নবৌৰ মাজত এক ব্যাপক পৰিবৰ্তন দেখি আমি তিনিও বৰ সুখী হলো৷

পিছদিনাখন সোমবাৰে, আবেলি আমি অফিচৰ পৰা আহি ঘৰ সোমাই মুখ হাত ধুই বহিবলৈ নৌপাওতেই, দাদা একেবাৰে উধাতু খাই চিৰি বগাই ৰূমৰ ভিতৰলৈ আহি পালে৷ কোনো ধৰণৰ ভূমিকা নকৰি কলে, “ডাঙৰ কথা এটা হ’ল নহয়, আজি মোৰ পাৰ্চনেল ফাইলটো বিচাৰি পালে৷ হাউচ বিল্ডিঙৰ লোন এপ্ৰোভ হৈ ফাইনেন্সত পৰি আছিল৷ দুই এদিনৰ ভিতৰত, প্ৰথম কিস্তিৰ টকাটো পাম৷”

সংগম আৰু ৰাজীৱে মোলৈ চালে৷

“মই খবৰটো বৌয়েৰাক গৈ শুনাও গৈ!” বুলি অহাৰ দৰেই উধাতু খাই পুনৰ ওলাই গ’ল৷

পিছদিনাখন আৰু এটা ভাল খবৰ পালে৷ আবাসিক কলনিৰ কোৱাৰ্টাৰৰ এল’টমেণ্ট লিষ্টত দাদাৰ নাম তিনি নম্বৰত আছে, গতিকে দুই তিনিমাহৰ ভিতৰত কোৱাৰ্টাৰ পোৱাটো খাটাং!

পিছৰ সপ্তাহত দাদা আৰু নবৌ আনন্দত আত্মহাৰা হৈ পৰিল৷ আমাক সিদিনা মাছ আৰু মাংসৰে ভাত খুৱালে৷ ইমান দিনে পেণ্ডিং হৈ থকা দাদাৰ প্ৰমোচন আহিল৷

এইদৰেই দাদা আৰু নবৌৰ মনৰ অন্ধবিশ্বাসৰ হুল অন্ধবিশ্বাসেৰেই কাঢ়িলো৷ কাকতালীয় ভাবে লাহে লাহে তেওঁলোকৰ প্ৰায় সকলো সমস্যা সমাধা হৈ গ’ল৷ কিছু দিন পিছত কলনিৰ কোৱাৰ্টাৰলৈ শ্বিফ্ট কৰি গুচি গ’ল৷ আজিও আমাৰ সতে দাদা আৰু নবৌৰ সেই মধুৰ সম্পৰ্ক বৰ্তি আছে৷

বহু বছৰ পিছত এদিন হঠাৎ আবেলি অফিচৰ পৰা ঘৰলৈ আহি দেখো নবৌ আৰু মোৰ মানুহজনীয়ে বহি কথা পাতি আছে৷ মই তেতিয়া বিয়া বাৰু কৰাই ব্যস্ত গৃহস্থ৷ মই নবৌৰ ফালে চাই কিবা কোৱাৰ আগতেই নবৌয়ে কলে, “তুমি মৌলবীজনৰ কথা এওঁক কোৱাই নাই নেকি?”

মই অপ্ৰস্তুত হবলৈ নাপালোৱেই, কিবা এটা কোৱাৰ আগেয়ে মোৰ মানুহজনীয়ে কলে, “এইবাৰ গুৱাহাটীলৈ গলে তোমাৰ মৌলবী খুড়াৰ ওচৰলৈ এপাক যাব লাগিব৷ মোৰ গাটো আজিকালি বৰ বেয়া লাগি থাকে, কোনোবাই কিবা তাবিজ কৱচ কৰিছে যেন পাইছো৷”

মই মিছা মাতিলো, “অ’ তোমাক নাই কোৱা নেকি? আচলতে কবলৈ পাহৰি আছিলো৷”

বৌয়ে মোক কলে, “শুনাচোন, আচলতে মোৰ দেহাটো আকৌ আগৰ দৰে খোচা-বিন্ধা কৰিবলৈ লৈছে, মৌলবীজনৰ পৰা সেই দৰব উলিওৱা মন্ত্ৰটো আকৌ এবাৰ আনিব পাৰিবা নেকি? আৰু নহলে খৰচ পাতি দি তেখেতক শিৱসাগৰলৈ আনিব পাৰি নেকি, চোৱাচোন৷”

মই বহু সময় তলকা মাৰি, বৰ দুখমনেৰে বৌৰ লগতে আমাৰ এওঁকো শুনাই কলো, “বৌ, আপোনাক কবলৈ পাহৰিছিলো, মৌলবী খুড়া যোৱা বছৰ ঢুকাল নহয়৷”

মৌলবী খুড়াৰ অকাল মৃত্যুৰ বাবে মই অত্যন্ত দুঃখিত মোৰ ইচ্ছাৰ বিৰুদ্ধে তেখেতক মাৰিবলৈ বাধ্য হলো কাৰণ মোৰ অন্য উপায় নাছিল৷ আকৌ দুখন ‘দৰৱ উলিওৱা নাটক’ কৰিবলৈ মোৰ সময় আৰু ধৈৰ্যৰ অভাৱ৷ আনহাতে মোক সম্পূৰ্ণ সহযোগ কৰিবলৈ ৰাজীৱ আৰু সংগমো সেই সময়ত শিৱসাগৰত নাছিল৷

■■

 

Comments

  1. ভাল লাগিল পঢ়ি। সঁচা কথাটো গম পালে কেনেকুৱা প্ৰতিক্ৰিয়া হলহেঁতেন জানিবৰ মন থাকিল।

Leave a Reply

Your email address will not be published. Required fields are marked *