ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

‘ফটাঢোল’ ই-মেগাজিনখনৰ সপ্তম সংখ্যাটোৰ আঁৰৰ প্ৰধান কথাটো ‘বাওনা হৈ চন্দ্ৰলৈ হাঁত মেলা’ৰ দৰেই কথা এটা। মোৰ দৰে মুৰুখমতি এজনক সম্পাদকৰ দায়িত্ব দিয়া বা লোৱা বা সুকলমে দায়িত্ব পালনৰ চেষ্টা কৰাৰ আৰঁত যে কেইজনমান ব্যক্তিৰ প্ৰত্যক্ষ সহযোগ আছে সেয়া নিশ্চয় সকলোৱে অনুমান কৰিব পাৰিছেই।

সাহিত্যৰ পথাৰৰ এই বাওনাজনকো সম্পাদকৰ দায়িত্ব দিয়াৰ আঁৰত জ্যেষ্ঠ ভাতৃসদৃশ দুজন ব্যক্তি আছিল, যাৰ নিশ্চিত অভয়বাণী আছিল যে আমি আছো তোমাৰ লগত, তুমি মাথো ‘হা’ কোৱা। মৃদুল কুমাৰ শৰ্মা আৰু ৰিণ্টুমনি দত্তৰ সেই অনুঘটকৰ দৰে কাম কৰা অভয়বাণীক সাৰথি কৰিয়েই সম্পাদক হোৱাৰ মৰসাহ কৰিছিলো।

কি কৰিম, কেনেকৈ আগবাঢ়িম সকলোবোৰ ধুনীয়াকৈ বুজাই দিয়াৰ কাৰণে হেমন্ত কাকতি দাদা আৰু মুংচাজ বৰ্ণালীৰ ওচৰত মই চিৰকৃতজ্ঞ।

বানান শুধৰোৱাত বিশেষভাৱে মোক যথেষ্ঠ  সহায় কৰিলে অঞ্জলি গগৈ বৰগোহাঞি, বিজু বুঢ়াগোহাঁই, তৃপ্তি বৰা, কৃষ্ণা বৰা ফুকন, ৰিতুপৰ্ণা মহন্ত, মনিষা কাকতি, চবিনা ইয়াচমিন, উৎপলা কৌৰ, গীতিকা শইকীয়া, সদানন্দ দত্ত, হেমেন ডেকা, বিকাশ শইকীয়া ডাঙৰীয়াই। সকলোকে ধন্যবাদ জনাইছো।

হিৰণ্য ডেকা ডাঙৰীয়াৰ সাক্ষাৎকাৰ গ্ৰহণত সহায় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ৰামানুজ গোস্বামী আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালো।

অলংকৰণ আৰু আপলোডিঙত বিশেষভাৱে সহায় কৰাৰ কাৰণে ৰিতুপৰ্ণ বৰা আৰু দেৱজিত শইকীয়াকো এই চেগতে ধন্যবাদ জ্ঞাপন কৰিলো।

বিশেষভাৱে সাহস পাইছিলো যেতিয়া তৃপ্তি, মনিষা, বিজু, ৰিতুপৰ্ণা নতুবা কৃষ্ণাই নিজেই আগবাঢ়ি আহি কয় ‘আৰু কি কৰিবলগীয়া আছে দিয়ক’। তোমালোকৰ দৰে শুভচিন্তক লগ পাই নিজকে ধন্য মানিছো। তোমালোক লগত থাকিলে অসম্ভৱ বুলি কোনো শব্দই কেতিয়াও মনলৈ নাহিব।

সদৌ শেষত জ্যোতিৰূপম দত্ত দাদাৰ কথা কওঁ। জ্যোতি দা লগত নাথাকিলে ই-মেগাজিনখন সম্পূৰ্ণ কৰা কামটো মোৰ কাৰণে দুৰূহ হ’লহেতেন। তেখেতে যিমান সহজতে কথাবোৰ কয় সিমান সহজতেই কামবোৰো কৰিব পাৰে। আপোনালৈ বহুত ধন্যবাদ দাদা ।

আপোনালোকৰ সহাঁৰিৰ কাৰণে সকলো লেখক-লেখিকাকে আন্তৰিক ধন্যবাদ জনাইছো। বিশেষ অসুবিধাৰ কাৰণে কিছুমান লিখা প্ৰকাশ কৰিব নোৱাৰিলো, তাৰ বাবে লেখক লেখিকাসকলৰ ওচৰত ব্যক্তিগতভাৱে ক্ষমা বিচাৰিছো। ভৱিষ্যতলৈকো আপোনালোকৰ পৰা এনেকুৱা সহায় সহযোগ আশা কৰি সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই সামৰণি মাৰিছো।

সকলোস্তৰৰ পাঠকে আমাৰ আলোচনীখন আদৰি ল’লে কৃতাৰ্থ হম।

সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য,
সম্পাদক,
সপ্তম সংখ্যা, প্ৰথম বৰ্ষ
জানুৱাৰী, ২০১৮

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *