ফটাঢোল

তাৰ ফটাপ্ৰেম – আদিত্য বৰঠাকুৰ

বাইক আৰু ম’বাইল কালচাৰ আৰম্ভ নোহোৱা দিনৰ কথা….

তেতিয়া সি স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ৷ মহাবিদ্যালয় খোলা এসপ্তাহ মান হৈছে…..এসোপা মইনাৰে মহাবিদ্যালয়ৰ চৌহদ জকমকাই আছে ৷ সেই মইনাবোৰৰ মাজৰ এজনী মইনা দেখি তাৰ হৃদয়ৰ মেণ্ড’লিন, ভায়’লিন একেলগেই বাজি উঠিল ৷

সি দৃঢ়প্ৰতিজ্ঞ হ’ল এইজনী মইনাক সকলোধৰণেৰে সহায়-সাৰথি আগবঢ়োৱা হ’ব, সকলো বিপদৰ পৰা ৰক্ষা কৰা হ’ব ৷ সকলোৰে লগত সহজে মিলি যাব পৰা স্বভাৱটোৰ বাবে এইক্ষেত্ৰত তাৰ দিগদাৰ নহ’ল….ৰেগিং নামৰ পৰিচয় পৰ্বটোত লগৰ আৰু চিনিয়ৰ সকলৰ পৰা পাৰ্যমানে মইনাজনীক বচাই ৰখা হ’ল…..তাঁহাতৰ মতে “ৰেজিষ্ট্ৰেচন” কৰা হ’ল ৷

লাহে লাহে সি কিছুমান “ডিউটি” বঢ়াই ল’লে নিজৰ….সন্ধ্যা এটা বিশেষ ঘৰৰ সন্মুখেৰে চাইকেলেৰে এপাক মৰাটো সি নৈতিক দায়িত্ব বুলিয়েই ভাৱি ল’লে ৷

ইমানখিনিলৈকে ঠিকেই চলি আছিল তাৰ “এক ছ’টী চী লভ ষ্টৰী” ৷ কিন্তু দিনযোৱাৰ লগে লগে সি মইনাজনীৰ কাষে কাষে এটা চতুৰ কাউৰী উৰি থকা যেন পালে……তাৰ ডিমাগৰ ঘণ্টি বাজিবলৈ ধৰিলে আৰু সোনকালে “হয় গুৱ্হাটী, নহয় ৰঙামাটি” ধৰণৰ কিবা এটা কৰিবলৈ স্থিৰ কৰিলে ৷

কিন্তু, এইখিনিতে এটা সমস্যাই দেখা দিলে…..বন্ধু-বান্ধবীক এইক্ষেত্ৰত যিকোনো ধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত থকা তাৰ মইনাজনীৰ ওচৰলৈ গৈ কিবা এটা হেস্ত নেস্ত কৰিবলৈ সাহস নামৰ বস্তুকনৰ সাংঘাতিক ধৰণৰ অভাৱ ঘটিল ৷ কিন্তু সেই মূহুৰ্ততে তাৰ জীৱনৰ পিৰিটিৰ মঞ্চত বিপদৰ ত্ৰানকৰ্তাৰূূপে উপস্থিত হ’ল তাৰ দুজন অন্যতম অন্তৰঙ্গ বন্ধু আৰু তাৰ সেই মাজ সাগৰত পৰি থকা পিৰিটিৰ নাওঁখন পাৰলৈ অনাৰ একপ্ৰকাৰৰ ঠিকাও লাভ কৰিলে ৷ ফিল্টাৰৰ শ্ৰাদ্ধৰে আৰম্ভ হ’ল “প্নেনিং”, সময়, দিন-বাৰো ঠিক কৰা হৈ গ’ল ৷

**************

অৱশেষত সেই দিন আহিল ৷ তিনি সিদ্ধ দুখন চাইকেলেৰে ৰাওঁনা হ’ল “মিছন”লৈ….সিহঁত দুটা এখন চাইকেলেৰে অলপ আগত গ’ল, সি পাছে পাছে আহি থাকিল ৷ সিহঁত তিনিওঁটাৰ পৰা অলপ আগত সেই মইনাজনী…..

*****

দুই বন্ধুৰ চাইকেল মইনাজনীৰ কাষত ৰ’লগৈ আৰু এজনে অতি বিনয়েৰে আৰম্ভ কৰিলে….

ব. : ভণ্টি, কথা এটা আছিল….মানে মোৰ লগৰ এজনৰ কথা…

ম. : কওঁক দাদা…..

ব. : সেই যে আমাৰ পাছফালে আহি আছে, আমাৰ লগৰ…..

ম.(ইফালে সিফালে চাই) : ক’তা….ৰাস্তাত কোনো নাই দেখোঁন….

*******

তাৰ কিনো হ’ল সি নিজেই নাজানে, সিহতঁ দুয়োটাই মইনাজনীক ৰখোৱাৰ লগে লগে তাৰ ডিঙি-চিঙিবোৰ একেবাৰে শুকাই আহিল…..এক পেডেল মাৰিবলৈও তাৰ দেহত অকনো শক্তি নথকা যেন লাগিল…….আৰু কিয় জানো তাৰ ৰাস্তাৰ কাষত সাঁজি থকা ঘৰটোত কাম কৰি থকা কাঠমিস্ত্ৰিকেইজনৰ লগত কাঠত “ৰাণ্ডা” মাৰিবলৈ ইমান মন গ’ল. !!!

বি. দ্ৰ. – সি আজিও বিশ্বাস কৰে সেইদিনা শনিবাৰ নোহোঁৱা হ’লে আৰু ৰাতিপুৱা ঘৰৰ পৰা ওলায়েই এটা শালিকা নেদেখা হ’লে তাৰ “কেচটো ঝেং” নহ’লহেতেঁন ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *