আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী সফল কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল নগাঁৱত ১৯২৬ চনত। তেওঁৰ পিতৃৰ নাম স্বৰ্গীয় নীলকান্ত বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱা। সাহিত্যৰ প্ৰায় আটাইকেইটা দিশৰেই জীৱনজোৰা সাধনা কৰা নৱকান্ত বৰুৱা বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল। মূলতঃ কবি হিচাবে জনপ্ৰিয় যদিও তেওঁ কবিতা,  গীত,  উপন্যাস,  আলোচনামূলক গ্ৰন্থ,  ভ্ৰমণ বৃত্তান্ত,  নাটক,  শিশু সাহিত্য,  অনুবাদ সংকলন আৰু সম্পাদনা এই সকলোবোৰতে দক্ষতাৰ পৰিচয় দিছিল।

বাঁহী,  জয়ন্তী,  ৰামধেনু,  মনিদীপ  আদি আলোচনীৰ পাতত তেওঁৰ কবি জীৱনৰ উন্মেষ আৰু বিকাশ ঘটিছিল। তেওঁৰ দ্বাৰা প্ৰকাশিত কবিতাৰ গ্ৰন্থ সমূহ হৈছে – ‘হে অৰণ্য হে মহানগৰ'(১৯৫১),  ‘এটি-দুটি এঘাৰটি তৰা’ (১৯৫৭), ‘যতি আৰু কেইটামান স্কেচ’ (১৯৬০),  ‘সম্ৰাট’ (১৯৬২),  ‘ৰাৱণ’ (১৯৬৩),  ‘মোৰ আৰু পৃথিৱীৰ’ (১৯৭৩), ‘ৰত্নাকৰ’ (১৯৬৮),  ‘এখন স্বচ্ছ মুখাৰে’ (১৯৬০),  ‘দলঙৰ তামীঘৰা’ (১৯৯৯),  ‘ৰাতি জিলমিল তৰা জিলমিল'(১৯৯৯)ইত্যাদি। ‘মোৰ আৰু পৃথিৱীৰ’  কাব্যগ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা(১৯৭৪), ‘ককাদেউতাৰ হাঁড়’  উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা(১৯৭৫) আৰু অসম উপত্যকা বঁটাও(১৯৯৩)লাভ কৰে।

‘ইয়াত নদী আছিল’ , ‘পলস’,  ‘সম্ৰাট’  আদিৰ দৰে উৎকৃষ্ট চিন্তাৰ কবিতা ৰচনা কৰা কবি নৱকান্ত বৰুৱাৰ কবিতাৰ জগতখন আছিল গভীৰ সংবেদনশীল তথা অনুভূতিৰে পুষ্ট। অধ্যয়ন পুষ্টতা আৰু সামূহিক চিন্তাৰ বিশালতা তেওঁৰ কবিতাৰ মাজত দেখা যায়। ইয়াৰোপৰি তেওঁৰ কবিতা সমূহত দেখা যায় নগৰীয়া জীৱনৰ ক্লান্তি,  নিঃসংগতা,  জীৱনৰ সৌন্দৰ্য,  প্ৰেমৰ মাধুৰীমা,  মৃত্যুৰ ৰহস্য আদি বিভিন্ন দিশ। চিত্ৰকল্পৰ সুন্দৰ নিৰ্মাণ,  তেওঁৰ কবিতাৰ অন্যতম প্ৰধান বৈশিষ্ট। অৱক্ষয় চেতনা,  প্ৰেম চেতনা,  প্ৰকৃতি চেতনা, ইতিহাস চেতনা,  জীৱন জিজ্ঞাসা আৰু জীৱনবোধ,  নিঃসংগ চেতনা,  আধ্যাত্মিক আৰু আধুনিক চেতনা আদি সকলোবোৰ দিশ তেওঁৰ কবিতাবোৰৰ মাজত ফুটি উঠে। মুঠতে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰখনত কবি নৱকান্ত বৰুৱাই এক নতুন মাত্ৰা প্ৰদান কৰিলে বুলি বিনাদ্বিধাই ক’ব পাৰি।

নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেম :

প্ৰেম হৈছে এক স্বৰ্গীয় অনুভূতি। প্ৰেমৰ সুকোমল আৰু মধুৰ অনুভূতিৰ পৰা কোনো মানুহেই মুক্ত হ’ব নোৱাৰে। কবি সকলো পৰা নাছিল। পুৰণি কালৰে পৰা কবিতাৰ সৌন্দৰ্য সৃষ্টিৰ ঘাই আহিলা হিচাবে প্ৰেমকেই গণ্য কৰি অহা হৈছে। বৰ্তমান সময়ত আধুনিকতা আৰু বাস্তৱৰ পৰশ লাগি যদিও প্ৰেমে বহুমাত্ৰিক ৰূপ লাভ কৰিছে, তথাপিও কিন্তু প্ৰেমৰ আবেষ্টনীৰ পৰা কবি আৰু কবিতা মুক্ত হ’ব পৰা নাই। কবি নৱকান্ত বৰুৱাৰ কবিতাতো প্ৰেমানুভূতিৰ আবেগ তীব্ৰ ৰূপত প্ৰকাশ পাইছিল।

নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেম চেতনাই এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। প্ৰেমৰ সুকোমল অনুভূতিৰে তেওঁৰ কবিতাসমূহ সমৃদ্ধ হৈ থকা দেখিবলৈ পোৱা যায়।তেওঁৰ মতে প্ৰেমৰ চেতনা জীৱনৰ বাবে মাথোঁ প্ৰেৰণাই নহয়, পৃথিৱীৰ প্ৰতি থকা মোহ আৰু হেঁপাহো। এই প্ৰেমৰ অনুভূতিয়েই জীৱনৰ সকলো প্ৰকাৰৰ জটিলতা আৰু যন্ত্ৰণাৰ পৰা উদ্ধাৰ কৰিব পাৰে।

কবি নৱকান্ত বৰুৱাই প্ৰেমৰ অজেয় আৰু অমেয় শক্তিক স্বীকাৰ কৰিছিল। অশান্ত জীৱনত প্ৰেমে মাথোঁ দিব পাৰে এটা শান্তিৰ দ্বীপৰ সন্ধান। সেই শান্তিৰ দ্বীপেই কবি নৱকান্তৰো জীৱন বিষাক্ত কৰিব পৰা নাই আৰু তাতেই তেওঁ জীৱনৰ অমৃত বিচাৰি পাইছে। তেওঁ কবিতাত এইবুলি কৈছিল যে –

“প্ৰেম নোহে সমব্যথা,  প্ৰেম সঞ্জীৱন আৰু/

জীৱনৰ পৰিমাপ নাই।/

প্ৰেমতো নহয় তৃপ্তি, নোহে যি ত্যাগৰ শুভ্ৰ বৈৰাগ্য বিলাস/

প্ৰেমে পৰিপূৰ্ণ কৰে, নাই তাৰ সমবেদন অহমিকা।।

(“সম্ৰাট”, মোৰ আৰু পৃথিৱীৰ)

“হয়তো নহয় বন্ধু, সঁচাকৈয়ে আছে,  মই জানো শান্তিৰ অকনি এটি দ্বীপ- য’ত আছে বাটি/চাই দেহত বসন্ত সাঁচি তোমাৰ প্ৰেয়সী, যি অমৃত আমাৰ নিশ্বাসে বিহ কৰি তোলা নাই /তাৰ আশ্বাস দিবৰ বাবে”।।

 (“স্বনিয়ন্ত্ৰন”, মোৰ আৰু পৃথিৱীৰ)

নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ অনন্ত ৰূপ তথা সৰ্ব ব্যাপ্ততাৰ কথাও প্ৰকাশ পোৱা দেখা যায় –

…”প্ৰেম চিৰ বিকল্প বিহীন/

প্ৰেমতো নহয় কোনো পাৰ-পত্ৰ গভীৰ নিষ্ঠাৰ,/

প্ৰেমে পৰিপূৰ্ণ কৰে, নাই তাৰ সমবেদনা অহমিকা/

প্ৰেম নোহে অন্ধ মনসিজ,  মনৰ সি সন্দীপন শিখা/

প্ৰেম নোহে মহীয়ান, মহত্বৰ জনক কেৱল।/

প্ৰেমৰ কৰিলোঁ পৰিমাপ তুলা যন্ত্ৰ আনি বৈৰাগ্যৰ”।

 (“সম্ৰাট”, মোৰ আৰু পৃথিৱীৰ)

কবি নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ সুকোমল আবেশ এটাই আৱৰি থকা দেখা যায়, কিন্তু এই আবেশত থাকে বুদ্ধিদীপ্ততাও। চিত্ৰকল্পৰ সু-ব্যৱহাৰৰ ফলত তেওঁৰ কবিতাবোৰত প্ৰেমৰ মধুৰ সুৰ এটা সজীৱ হৈ উঠা দেখা যায়।

“মনত পৰেনে অৰুন্ধতী/

দুৱৰি বনত মুকুতাৰ মণি/

চুলিৰ মেঘত লাহী আঙুলিৰ বহুতো জোন/

(জোৱাৰৰ বাবে সাগৰ নাছিল)

বৰফৰ দৰে চেঁচা পৰশতো /

সি যে শান্তি /

অৰুন্ধতী!”

(“মনত পৰেনে অৰুন্ধতী”, মোৰ আৰু পৃথিৱীৰ)

প্ৰেমৰ বাবে অনন্ত অপেক্ষা স্বীকাৰ কৰি কবি নৱকান্ত বৰুৱাই মৃত্যুতকৈও মহান বুলি কৈছিল প্ৰেমক। যাক মৃত্যুৱেও মলিন কৰিব নোৱাৰে। তেওঁৰ মতে পৃথিৱীৰ সকলো ঠাইতেই প্ৰেম আছে আৰু থাকিব। য’ত একো নাই,  তাতো হেনো প্ৰেমৰ ছাঁয়া আছে। অংকুৰৰ দৰে বিকশিত হয় আৰু মৰাপাটৰ দৰে খহি পৰিও পুনৰ বৃক্ষৰ দৰে বিকশি উঠে। বতাহ আৰু ঢৌৰ দৰে ই সকলোতে ব্যাপ্ত। অগ্নিৰ দৰে দহন কৰা এই প্ৰেমক হৃদয়ে যেন ধূপৰ দৰে জ্বলি বন্দনা কৰে। …

” অৰুন্ধতী,

বহুতো আকাশ পাৰ হৈ অহা/

ধুমুহা পানীৰ এটি লহমাৰ নীড়/

বহুতো সপোন পাৰ হৈ অহা/

কেঁচা টোপনিৰ ভিৰৰ মাজত/

সেই এটা মাথোঁ উজাগৰ ৰাতি-/

মনত পৰেনে অৰুন্ধতী?

 (“মনত পৰেনে অৰুন্ধতী”, মোৰ আৰু পৃথিৱীৰ)

“প্ৰেম? সি যে উজাগৰ অবাধ আকাশ/

অনন্ত অপেক্ষা যাৰ-/

ঈশ্বৰৰ সপোনৰ বাবে।”

(“ক্ৰুছত ডনজোউৱান”, মোৰ আৰু পৃথিৱীৰ)

কবি নৱকান্ত বৰুৱাৰ মতে, প্ৰেম এক আবেগিক উম্মাদনা যদিও বিৰহলৈ ৰূপান্তৰিত হোৱা প্ৰেমৰ জ্বালা কিমান অসহ্যকৰ সেই কথাও কবিয়ে উপলব্ধি নকৰাকৈ থকা নাই। প্ৰেমৰ বিচ্ছেদ যন্ত্ৰনাক অনুভৱ কৰিয়েই কবিয়ে চাৰিওদিশে শূন্যতা আৰু বিষাদ দেখা পাইছে। মিলনবিহীন প্ৰেম আত্মনাশী বুলি তেওঁ অনুভৱ কৰিছিল। প্ৰেমৰ বিৰহে কিদৰে কবিক বিষাদগ্ৰস্থ কৰি তোলে,  সেই কথা তলৰ কবিতাশাৰীৰ দ্বাৰা অনুভৱ কৰিব পাৰি –

” তাৰ মুক্তি নাই, যদি/

নহয় মিলন আজি তোমাৰ প্ৰেমৰ স’তে/

আত্মনাশী মোৰ প্ৰণয়ৰ।/

তুমিও হেৰাই যাবা – ময়ো যে হেৰাই যাম/

কালৰ কীটানুবোৰে খুলি খাই খাই/

আমাক কৰিব ইতিহাস,

 (“ৰাৱণ”, মোৰ আৰু পৃথিৱীৰ)

কবিৰ মতে,  প্ৰেমেই জীৱন সঞ্জীৱনী,  প্ৰেমেই জীৱনৰ ক্ষুধা। তেওঁৰ মতে প্ৰেমেই অশান্ত জীৱনত শান্তি প্ৰদান কৰিব পাৰে। প্ৰেমৰ শক্তি অজেয় আৰু মোহময়। প্ৰেম চিৰন্তন মুক্তি প্ৰয়াসী। প্ৰেমত বেদনা আছে যদিও ই স্থায়ী নহয় আৰু এই বিষাদ-বেদনা আছে বাবেই প্ৰেমৰ অনুভৱ সজীৱ আৰু জীপাল হৈ আছে।

কবি নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেম বুলি ক’লে এটা কথা স্পষ্ট হৈ পৰে যে – তেওঁৰ কবিতাত প্ৰেমে অফুৰন্ত জীৱন প্ৰেৰণা হৈ দেখা দিয়ে। তেওঁৰ মতে প্ৰেম হৈছে জীৱন সঞ্জীৱনী। তেওঁ জীৱনৰ সৰ্বস্বত প্ৰেমৰ অমেয় সন্মোহন অনুভৱ কৰে। প্ৰেমে বিষাদ বেদনা দিলেও তাৰ বাবে কিন্তু প্ৰেম দায়ী নহয়,  দায়ী মানুহহে। অৱশ্যে নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমে জীৱনৰ সৰ্বোচ্চ তথা মহত্বম প্ৰয়োজন হৈ ধৰা দিয়াৰ পৰিৱৰ্তে পিচলৈ পৃথিৱী প্ৰেমতহে নিমজ্জিত হ’লগৈ। সি যি কি নহওঁক, এটা কথা স্বীকাৰ কৰিবই লাগিব যে প্ৰেমৰ অনন্ত শক্তিৰ কথা স্বীকাৰ কৰি কবি গৰাকীয়ে প্ৰেমৰ এটা সুন্দৰ আৰু সজীৱ ৰূপ তেওঁৰ কবিতা সমূহৰ মাজত ফুটাই তুলিছে।

☆★☆★☆

 

Comments

  1. কবি নৱকান্ত বৰুৱাৰ কবিতাৰ বিষয়ত বৰ সুন্দৰ বিশ্লেষণ। লিখি থাকিবা।

  2. নৱকান্ত বৰুৱাৰ প্ৰায়বোৰ কবিতাতে প্ৰেমৰ চুফীগন্ধী সুবাস এটা পাও। ভাল লাগিল চাহিন।

  3. নৱকান্ত বৰুৱাৰ কবিতাত প্ৰেমৰ সুন্দৰ উপস্থাপন চিহ্নিত কৰাটো ভাল লাগিছে

Leave a Reply

Your email address will not be published. Required fields are marked *