গোটেই ৰাতিটো সাৰে আছিল সি, বৰ কষ্টেৰে। পিছে পুৱতি নিশা তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে সি গমেই নেপালে। ভেলাঘৰত  এইবাৰ সি প্ৰথম নিশা কটাইছে, শিশুৰ পৰা যুৱক হোৱাৰ প্ৰথম ঢাপ। পিচে তাৰ কুমলীয়া দেহাই মনৰ সমানে দৌৰিব পৰা নাই।

হঠাৎ প্ৰচণ্ড উঁকিৰ শব্দত সি খকমকাই উঠিল, লগৰবোৰে ইতিমধ্যে নদীখনৰ ফালে দৌৰ মাৰিলেই! ঘোঁপ মৰা এন্ধাৰ খিনি অলপ পাতল হ’লেও কুৱলীৰ ঢাকনি খোল খোৱাই নাই। টোপনিৰ জালত কোন ফালে কি একো বুজিব নোৱাৰিলেও গাত থকা এড়িয়া চাদৰ খন পেলাই সিও সকলোৰে পিছে পিছে লৰ ধৰিলে। ঢিলা হাফপেণ্টটো এখন হাতেৰে টানি ধৰি সি দলটোৰ প্ৰায় মাজভাগ পালেগৈ। তাৰ দৰে নতুন ডেকা কেইবাটাও আছে, গোটেইকেইটাই প্ৰায় সপোনতে যোৱা দিয়েই গৈ আছে।

দলটোৰ একেবাৰে আগত যোৱা কেইটাই ইতিমধ্যে কুৰুলিয়াই, চিঞঁৰি নদীখনৰ হিম চেঁচা পানীত জপিয়াই পৰিছে। সিও আগ-পাছ নুগুণি নদীলৈ জঁপিয়াই দিলে।  দিবই লাগিব; এয়া ডেকা হোৱাৰ পৰীক্ষা। নদীৰ পানী কুঁৱাৰ দৰে শীতল নহয় যদিও পানীখিনিয়ে ধাৰাল চুৰীৰ দৰে তাৰ দেহাটো যেন বখলিয়াই পেলাইছে।

আসসসস !!

■■

মানুহজন খকমকাই উঠিল। ছেহ, কি আচৰিত কথা? তেওঁ দেখোন বহি বহিয়েই সপোন দেখি আছিল। আজিকালি এই কথাবোৰ প্ৰায়ে তেওঁৰ মনত পৰি থকা হৈছে। এইবোৰ এৰি তেওঁ ইতিমধ্যে বহুত আগবাঢ়ি আহিল, সময়ো সলনি হ’ল। কিন্তু মনটোৱে আজিকালি কিয় জানো তেওঁক ওভোটাই লৈ যাব খোজে, তেওঁ বুজি পোৱা নাই।

■■

কালি  ঘৰৰ ওচৰতে বিহুৰ বজাৰ বহিছিল। চহৰখনৰ প্ৰান্তৱৰ্তী গাঁওকেইখনৰ পৰা অহা মানুহবোৰৰ লগতে, নিয়মীয়া বেপাৰী কেইজনেও  বিশেষ উপচাৰেৰে বজাৰখন ভৰাই পেলাইছিল। বজাৰখন উৎসৱমুখৰ হৈ পৰিছিল, কদৰ্য নৰ্দমাবোৰৰ মাজতে  ফুৰফুৰীয়া সুগন্ধ এটা উৰি  ফুৰিছিল। হাতত মোনা এখন লৈ তেৱোঁ বজাৰখনত সোমাইছিল। চাৰিওফালৰ পৰাই বেপাৰীৰ আহ্বান…………

–   দাদা, এইকণ দৈ খাই চাওক! আকৌ যদি মোক বিচাৰি নাহে, মোৰ নাম নাই।

–   একদম ঢেকীয়ালৰ পৰা অনা গুৰ চাৰ, শে‍ষেই হ’ল আৰু। কিমান দিম?

–   গাঁৱৰ ঢেকীত খুন্দা চিৰা! গোটেই বজাৰখনত আৰু কোনোবাই এনে চিৰা দিব পাৰিলে মই এক পইচা নলওঁ আপোনাৰ পৰা।

–   আমাৰ গোটৰ মহিলা সকলে নিজহাতে কৰা পিঠা, আপোনালোকেই যদি আমাক উৎসাহ নিদিয়ে, আমি কেনেকৈ চলিম।

জহা কোমোৰা!!! তেলাল হাঁহ!!!!কাঠ আলু!!!!! মাটিমাহ!!!!!!! চিতল মাছ!!!!! লাইশাক!!!

তেওঁ আধাকেজি চিৰা আৰু এপোৱা গুৰ ল’লে। দৈৰ ঘট লবলৈ মন নাই, নষ্টহে হব। আত্মসহায়ক গোটৰ পিঠাকেইটাও বৰ সুবিধাজনক যেন নেলাগিল। ভোগালী জলপানৰ পৰা লোৱাই ভাল হ’ব। ঘোষৰ মিঠাই দোকানখনত আজি দৈ পাব লাগে, আধা লিটাৰৰ বাটি এটা তাৰ পৰাই ল’ম বুলি ঠিক কৰিলে তেওঁ।

বাকী ভোজৰ বস্তু লোৱাৰ আৱশ্যক নাই, তেওঁলোকৰ চ’চাইটিত উৰুকাৰ ভোজৰ আয়োজন হৈছেই, মানে মাঘ বিহুৰ পাৰ্টী। সকলোৱে কৈছে বিহু বুলি ভাল ব্ৰেণ্ড খাব লাগিব আজি, গতিকে অৰিহণা অলপ বেছিয়েই হৈছে। মহিলাসকলৰ আকৌ হুইস্কি নচলে- গতিকে ভদকা, হোৱাইট ৰামৰ যোগাৰ হৈছে। ৱাইনো আনিব বোলে যদিও কোনেও নেখাই সেইটো জনা কথা।

বজাৰত তেওঁ এঘণ্টামান থাকিল, কিবা কিবি লওঁতে লওঁতে মোনাটো ভৰিয়েই পৰিলগৈ। বেছি দেৰি কৰিব নোৱাৰি, সেইফালে গৃহিণীয়ে হেনো পাৰ্টীলৈ কিবা এটা স্পেচিয়েল আইটেম ৰান্ধি লৈ যাব, নামটোহে কিবা অদ্ভূত, চিকেন শব্দটোৰ বাদে বাকীখিনি তেওঁৰ মনত নৰ’ল। সেইটো  হেনো স্পেনিছ ডিছ। তাৰ বাবে কালিয়েই বজাৰ কৰা হৈ গৈছে। আজি দিনটো গৃহিণী কাম কৰা ছোৱালী জনী আৰু পাৰ্ট –টাইম ৰান্ধনি জনীৰ লগত তাতে ব্যস্ত হৈ আছে।

ঘৰ সোমায়েই তেওঁ এটা অচিনাকী গোন্ধ পালে, সেই স্পেনিছ চিকেনৰে গোন্ধ হ’ব চাগে। তেওঁ মনে মনে মোনাখন পাকঘৰত থ’বলৈ ওলাল।

‘কি আনিলা সেইবোৰ? কিয় যে পইচা নষ্ট কৰা নহয়। কোনে খাব এইবোৰ? ‘-

মোনাখন চাই গৃহিণীয়ে বিৰক্তিৰে কৈ উঠিল। তেওঁ একো নক’লে।

■■

পূৱা বৰ সোনকালেই মানুহজনে সাৰ পালে। কালি ৰাতি পাৰ্টী ভালেই হ’ল, দেৰিও হ’ল যথেষ্ট। গৃহিণীয়ে ৰাতিয়েই ঘোষণা কৰি দিছে, যিহেতু কাইলৈ বন্ধ, গতিকে তেওঁ দেৰিকৈ উঠিব। ল’ৰা-ছোৱালীৰ স্কুলৰ বাবে মানুহজনীয়ে সদায় পূৱাৰ চিকুণ টোপনিকণৰ মোহ এৰিব লগা হয়। গতিকে এনে সুযোগ পালে তেওঁ এৰি নিদিয়ে। তেৱোঁ অলপ দেৰিলৈকে শুই থাকিম বুলি ভাবিছিল।  কি জানো হ’ল, পোহৰ নৌ হওঁতেই টোপনি ভাগিল তেওঁৰ।

মুখ হাত ধুই তেওঁ নিজে চাহ একাপ কৰিলে। তেওঁ পূৱাতে খালি চাহ একাপ খায়, সেয়া নহ’লে তেওঁৰ প্ৰাতঃকৰ্মবোৰ আৰম্ভ নহয়। চাহকাপ আধা খাওঁতেই তেওঁৰ টেণ্ডেন্সী আহিল, গিজাৰৰ চুইছটো অন কৰি তেওঁ বাথৰূমলৈ সোমাই গ’ল।

গা-পা ধুই তেওঁ আকৌ আহি হল কাম ডাইনিং ৰূমটোত বহিল। বহি থাকোতেই তেওঁৰ সেই শৈশৱৰ সপোনটো আহিছিল।

তেওঁ কালিৰ বজাৰৰ মোনাখনলৈ চালে, নাই সেইখন তেনেকৈয়ে আছে। কালি কোনেও সেইখনত হাত লগাবলৈ সময়ে নেপালে চাগে।

■■

আধা শুকান কাঠৰ মেজিটো দপদপাই জ্বলি উঠিল, নদীৰ চেঁচা পানীয়ে সেঙেতাই পেলোৱা দেহাবোৰ আকৌ সজীৱ হৈ উঠিল। দুই এজন বুঢ়া-মেথা আহি সিহঁতৰ লগ হ’লহি। কোনোবাই কলপাতত অলপ প্ৰসাদ মেজিলৈ আগুৱাই দিলে, তাত দুটামান পিঠাও আছিল। মহিলা দুগৰাকীমানে সকলোৰে বাবে কেটলীত চাহ আৰু খৰাহী এটাত পিঠা লৈ আহিছিল, ল’ৰাবোৰৰ লগতে সকলোৱে মেজিৰ কাষত বহি চাহ পিঠা খালে। পূৱা সাতমান বজালৈ মেজি সামৰিবৰ হ’ল। কোনোবাই ভেলাঘৰটোতো জুই লগাই দিলে। পথাৰখন আকৌ উৰুলিকৃত হৈ পৰিল।

এড়ী চাদৰখন আকৌ গাত মেৰিয়াই সি ঘৰলৈ ওলাল।

-‘ঐ!! আজি জাৰ পুৰিলে, আজিৰ পৰা গাত গৰম কাপোৰ ল’ব নেপায়!‘

কোনোবা এটাই সঁকীয়াই দিলে। তাৰ পিছে ঠাণ্ডা লাগিয়েই আছিল। তথাপি মেৰিয়াই লোৱা চাদৰখন খুলি কান্ধতে পেলাই সি এখোজ দুখোজকৈ ঘৰ পালেহি।

দেউতাকে ইতিমধ্যে মেজিৰ পৰা আহি চোতালত বহিছেহি। মাক কালি গোটেই ৰাতি শোৱা নাই, চুবুৰীৰ কেইবাগৰাকীও লগ লাগি পিঠা পুৰিলে। পু্ৱা সিহঁতক সেই পিঠাই দিয়া হৈছিল। তথাপিও মানুহজনীৰ গাত ভাগৰৰ চিন এটা নাই। গা পা ধুই নতুন কাপোৰ এজোৰ পিন্ধি ডিঙিত গামোচা এখন লৈ দৌৰি ফুৰিছে। বিহু বুলি পৰিয়ালৰ সকলোৱে মিলি জলপান খাব, নিজৰ আপোন মানুহকেইটাক হেঁপাহ পলুৱাই এসাজ খুৱাবলৈ মানুহজনীৰ গাত তত্ নাই। ৰান্ধনিঘৰৰ খোৱা ঠাইখিনি ৰঙচুৱা মাটিৰে পুৱাই লেপি থোৱা আছে। অলপ সেমেকি থাকোতেই মানুহজনীয়ে তাতে সকলোকে পিৰা পাৰি দিছে। এনেই আজিকালি তেওঁলোকে ডাইনিঙ টেবুলতে ভাত খায় যদিও, বিহু বুলি সকলোৱে মজিয়াত বহি খাব লাগিব। ভাগে ভাগে সকলোৰে বহাৰ স্থান নিৰ্দিষ্ট কৰা আছে।

দেউতাক আহি নিজৰ পিৰাখনত বহিলহি, বাকী ল’ৰা-ছোৱালী কেইটাও বহিল। মাকে জলপান সজাইছিলেই, কাষতে তুঁহজুইৰ জুহালখনত চাহৰ কেটলীটোতো পানী বকবকাই উতলি আছিল। সকলোৰে বাতিত চিৰা, আখৈ, আৰু সান্দহ দি তাৰ ওপৰত চকলিওৱা গুৰ অলপ দিয়া হ’ল। মাকে দেউতাকক বাতিটো আগবঢ়াই দি সেৱা কৰিলে। এনেই মাকে দেউতাকক অনবৰত খেচখেচায়ে থাকে।  হয়তো, দেউতাকে চাকৰিটোৰ বাদে ঘৰখনত কুটা এগছো দুগছ নকৰে। মাকেই সকলো ফালে আজুৰি ফুৰিব  লাগে। পিচে আজি বিহু বুলি কথা। তথাপিও মাকে সেৱা কৰা দেখি সিহঁতৰ অলপ হাঁহিও নুঠা নহয়।

পিঠা-জলপানৰ মলমলীয়া গোন্ধত সকলোৰে পেট কলমলাই উঠিল…………………

■■

মানুহজনে নিজৰ ভোক লগা বুলি অনুমান কৰিলে। সোনকালে উঠিলে বাবেই ছাগে!  কথাবোৰ ভাবি থাকোতেই বহুত দেৰি হ’লচোন! দেৱাল ঘড়ীটোলৈ চালে তেওঁ…। ন বাজিবৰে হ’ল। শোৱনি কোঠাটোলৈ তেওঁ এবাৰ চালে, নাই গৃহিণী উঠা নাই। মোনাটোও সেইভাগেই আছে।

হঠাৎ কলিং বেলৰ কৰ্কশ মাতত তেওঁ খপজপাই উঠিল। দু্ৱাৰখন খোলাৰ লগে লগে পাৰ্টটাইম ৰান্ধনি মানুহজনী দপদপাই সোমাই আহিল। মানুহজনী পূৱাৰ সময়খিনি বৰ ব্যস্ত থাকে, কেইবাঘৰতো ভাত পানী ৰান্ধে তাই। সকলোকে সোনকালে  কাম লাগে, ক’ৰবাত অলপ দেৰি হ’লেই কথা শুনিব লাগে। গতিকে তাইৰ একেবাৰে সময় নাই। অভ্যস্ত ভাৱে তাই পাকঘৰত সোমালগৈ আৰু বাচন বৰ্তনৰ ঘুটুং ঘাটাং শব্দ আৰম্ভ হৈ গ’ল।

অলপ পাছত চকু মোহাৰি মোহাৰি তেওঁৰ ল’ৰা-ছোৱালী দুটা উঠি আহিল। বন্ধৰ দিনত সিহঁতৰ শুই উঠিয়েই প্ৰথম কাম হ’ল টিভিটো লগাই দিয়া। দুইটাকে নিজৰ  পচণ্ডৰ চেনেল লগাবলৈ লাগে, গতিকে ৰিম’টটো লৈ সৰু সুৰা কাজিয়া এখনেই হ’লগৈ।

ৰান্ধনী মানুহজনীয়ে গেছ জ্বলাই কিবা ৰান্ধিছে, সকলোৰে বাবে ব্ৰেকফাষ্ট বেলেগ বেলেগ। ল’ৰাটোৱে অকল মেগী খাব, ছোৱালীজনীয়ে ছ’ক’জ খাব, কিন্তু গাখীৰ দিলে নহ’ব, তাত বৰ্ণভিটা কৰি ঢালি দিব লাগিব।

তেওঁৰ ভোকটো অলপ বেছিকৈয়ে লাগিল। ৰান্ধনী মানুহজনীৰ গালিৰ কোবত ল’ৰা-ছোৱালী দুটাই যেনেতেনে  ব্ৰাছ কৰিলে, আৰু তাই যতনাই দিয়া বিশেষ ব্ৰেকফাষ্টৰ বাতি কেইটা হাতত লৈ ছোফাত বহিল। চকু টিভিত। হিন্দীলৈ ডাবিং কৰা জাপানী নে চীনা কাৰ্টুন চলি আছিল।  দুইটাই একেলগে চাব বিচৰা চেনেল সেইটোৱেই আছিল হয়তো!

মানুহজনে আকৌ এবাৰ বেডৰূমলৈ চালে, নাই একো পৰিৱৰ্তন নাই। ঘুৰি আকৌ বজাৰৰ মোনাখনলৈ চালে এবাৰ। কাৰো চকুত পৰা নাই মোনাখন।

কিন্তু ভোকটো চোন ক্ৰমান্বয়ে বাঢ়ি আহিছে।

অলপ পাছতে ৰান্ধনীজনী লৰালৰিকৈ  আহি তেওঁৰ সমুখত থাল এখন থলেহি।  সদায় তাই তেনেকৈয়ে দিয়ে, কিন্তু আজি মানুহজনৰ এনে লাগিল যেন তাই থালখন থেকেছা মাৰি দিলেহি। তেওঁ বেঁকাকৈ থালখনলৈ চালে, দুখন ধোঁৱাই থকা শুকান ৰুটী আৰু কিবা অলপ ভাজি। চুগাৰে পোৱাৰ পাছত তেওঁ খাব পৰা বয়-বস্তুবোৰ তেনেই সীমিত হৈ পৰিল।

সদায় তেওঁ তাকে খাই, তাতে আজি পেটত ভোকো আছে। কিন্তু কিবা কাৰণত মানুহজনে তেওঁৰ থালখনত হাত নলগালে। তেওঁ বাৰে বাৰে এবাৰ শোৱা কোঠালৈ আৰু এবাৰ বজাৰৰ মোনাখনলৈ চাই থাকিল।

■■

ঘৰৰ গাইজনীৰ গাখীৰ বৰ ডাঠ, দৈখিনি যেন হাতৰ পৰা নেযাবই। আঙুলি চুপি চুপি খোৱাৰ পাছতো দৈ দৈ গোন্ধটো আৰু পিচল ভাৱটো লাগিয়েই থাকিল হাতত। সি চোতালৰ বালিত হাতখন ঘঁহি ঘঁহিও ধুই চালে। নাই, গোন্ধ আছেই।

কালি সিহঁতে এঘৰৰ জেওৰা চুৰ কৰিছিল। দেউতাকে এই কথাটো একেবাৰে ভাল নেপায়। কেনেবাকৈ সি জেওৰা চুৰি কৰাত আছিল বুলি শুনিলে বিহুৰ দিনাও সি ৰেহাই নেপায় বুলি জানে। কথাটো ভাৱি তাৰ মনত পুৱাৰে পৰা ভয় ভয় ভাৱটোৱে অসুবিধা দি আছিল। পিচে দহমান বজালৈকে কোনেও একো নোকোৱা দেখি সি অলপ আশ্বস্ত হ’ল। আচলতে মানুহবোৰে জানেই, গৰখীয়া ল’ৰাই বিহু বুলি কিবা এটা চুৰ কৰিবই। গতিকে তেওঁলোকে আওপকীয়াকৈ চোৰে নিব পৰাকৈ কিবা এটা সাজু কৰি ৰাখে। কালিৰ জেওৰাখনো আধা উভালিয়েই থোৱা আছিল, আৰু নতুনকৈ বাটিবৰ বাবে খুটি-কামিও কাষতে সাজু আছিল।

■■

ৰান্ধনীজনী কাম সামৰি গ’লগৈ। তেওঁৰ এতিয়া ভোক নলগা হৈছেগৈ, ভোকচাৰা হোৱা বুলি কয় যে! গৃহিণী ইতিমধ্যে উঠিছে। গা-পা ধোৱাৰ লগে লগে ফোন চলি আছে………… হেপ্পী বিহু টু ইউ টু…….. কালি বঢ়িয়া পাৰ্টী হ’ল…. মই বনোৱা ডিছটো সকলোৱে ভাল পালে… কেৱল সেই হিংসাকুৰীয়া বৰুৱানীজনীয়েহে……… অঁ জানো, তাই তেনেকুৱাই…………….. হি হি !!…

ৰুটি দুখন ইতিমধ্যে চেঁচা হ’লগৈ। মানুহজনে এতিয়াও ৰুটীত হাত লগোৱা নাই, কিবা অদ্ভূত জেদ এটাই বাঁহ লৈছে তেওঁৰ মুৰত। দলিয়াই দিবলৈ মন গৈছে ৰুটিৰ থালখন আৰু লগতে বজাৰৰ মোনাখন।

…. অৱশ্যে পৃথিৱীৰ আন কোনো মানুহে তেওঁৰ মনত উঠা এই ধুমুহাৰ উমান পোৱা নাই..

.. প্ৰেছাৰটোও বাঢ়ি আহিছে যেন লাগিছে.. হাই বিপি থাকিলে খং কৰা বেয়া….

.. চুগাৰৰ দৰৱটো খাবৰ সময় হৈ গৈছে, তথাপিও খোৱা নাই .. কি যে অদ্ভূত জেদ…

… নাইকীয়া হোৱা ভোকটো আকৌ উজান দি আহিছে.. চুগাৰ থকা মানুহৰ ভোক বেছি….

… বজাৰৰ মোনাখন এতিয়াও কোনেও খোলা নাই….

…গৃহিণীৰ ফোন শেষ হোৱাই নাই……….

.. টিভিত এইবাৰ WWE ৰ মল্লযুদ্ধ চলিছে… জন চেনাই কোনোবা এটাক দলিয়াই পেলাইছে….

■■

চাৰে এঘাৰমান বজাত মানুজনক অলপ টান হৈ পৰা ৰুটি কেইখন চেঁচা পৰা ভাজিৰে সৈতে সানি খাই থকা দেখা গ’ল।

☆★☆★☆

 

Comments

  1. সুন্দৰ লাগিল,তাহানিৰ গাৱৰ ঘৰখনলৈ মনত পৰি গল

  2. বৰ ভাল লগা অনুভৱ হ’ল গল্পটো পঢ়ি। অশেষ ধন্যবাদ।

  3. কি লিখিছে অ’ দাদা, বৰ্তমান সমাজৰ এক নিৰ্ভেজাল প্ৰতিচ্ছবি। এনেধৰণৰ লিখনীয়ে ফটাঢোল ই-আলোচনীৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।

  4. গল্পৰ মূল মানুহজন মই, আপুনি,তেওঁ,আমি সকলোৱেই। দুখে বুকু খুন্দা মাৰি ধৰিছে ।

  5. তামাম লাগিল অভিজিত, এইবাৰ টেষ্টটো অলপ বেলেগ পালো৷ হাঁহি নুঠিল, দুখ লাগিল পিচে৷

  6. বেয়া লাগি গ’ল।মানুহজনৰ মুখখন ভাঁহি উঠিছে।ৰূঢ় বাস্তব।

  7. কি বুলি কমেন্ট কৰিম তাকে ভাবি আছো,বুকুখনলৈ বিষ এটা উজাই আহিল৷আজিৰ আৰু তাহানিৰ চিত্ৰখন ইমান সুন্দৰকৈ অংকন কৰিছে যে বাকৰুদ্ধ হৈ গ’লো৷ “কঙালী” নামটোতেই সাৰ্থকতা লুকাই আছে গোটেই গল্পটোৰ

  8. নতুন সোৱাদ এটা পালোঁ ৷ ল’ৰালি কাললৈ ঘূৰি গলোঁ ৷পঢোঁতে ৷

  9. খুব ভাল লাগিল পঢ়ি দাদা, আৰু পঢ়িব মন আছিল কিন্তু শেষেই হৈ থাকিল

  10. সকলোকে অশেষ ধন্যবাদ। কাহিনীৰ কথা বাদ দিও, লিখন শৈলী সম্পৰ্কে মোৰ নিজৰে অলপ আপত্তি আছে। অলপ বেলেগকৈ লিখাৰ প্ৰচেষ্টা আৰু মোৰ লৰালৰি কৰাৰ স্বভাৱ, দুইটাই ইয়াৰ বাবে দোষী। তথাপিও উৎসাহজনক মন্তব্যৰে আগবাঢ়িবলৈ অনুপ্ৰেৰণা দিয়াৰ বাবে কৃতজ্ঞতা জনালো

Leave a Reply

Your email address will not be published. Required fields are marked *