ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব’লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্,  ব’ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ’ৰ৷ অভাৰৰ দ্বিতীয়টো ব’ল,  হেইনচ্‌ৰ ক্ৰছ শ্বট্,  বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে,  এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷

অলপ ডাঙৰ হ’লো৷ গম পালোঁ তেনেকৈ মৰাটোক “হাই-ফাইভ” বোলে৷ আমিওঁ গলিৰ ক্ৰিকেট/ফুটবলত হাই-ফাইভ কৰা আৰম্ভ কৰি দিলোঁ৷ আৰু অলপ ডাঙৰ হলোঁ,  কলেজ পালোঁ৷ এতিয়া ক্ৰিকেট/ ফুটবলৰ বাহিৰেওঁ লগৰবোৰক দেখাদেখি হ’লে হাই-ফাইভ এটা মাৰি দিয়াৰ ট্ৰেণ্ড আহিল৷ অমিত,  ৰাণাহঁতে মাজে মাজে ছোৱালীৰ লগতো হাই-ফাইভ মাৰে৷ গতিকেই আমাৰ বন্ধুমহলত সিহঁতৰ বজাৰ দৰ বহুত ওপৰত৷ হিংসাত জ্বলি পুৰি মৰো,  আৰুনো কি কৰিম!

কিবা লিখিবলৈ লৈ তেতিয়াৰ পৰা আকাশ চোপ্ৰাই অপেনিং কৰিবলৈ আহি ষ্টপ কৰি সময় নষ্ট কৰাৰ দৰে কৰি আছো৷ নৃত্যনাটিকা শেষ,  আচল কথালৈ আহো৷ ঘটনাটোৰ হিৰ’  বেলেগ,  মই এনেয়েহে প্ৰথম পুৰুষত লিখি আছো দেই৷

ৰাতিপুৱাই নাথ চাৰৰ টিউচন৷ টোপনিৰ জাল কাটি কোনোমতে হাজিৰ হওঁ৷ চেন্টি,  বাবন,  পচা,  আন্ধাৰ,  গুটি আদিৰ সমষ্টিৰে পৃথিৱীৰ চাগে আটাইতকৈ গাধা টিউচন বেট্‌চ্৷ কোনো ৰস পম নথকা এটা টিউচন গ্ৰুপ৷ তাৰ মাজতে নাথ চাৰে এদিন মিহি ডাড়িকোঁচা মোহাৰি এটা ভাল খবৰ দিলে৷

-অই চোলিহাত,  গধলাৰ আপীৰ বেটচ্‌টো কালিৰ পে তুহাৰ লগোত টিউচন কৰব’৷ ঠাণ্ডাৰ দিন,  তাহাৰ ৰাতি ঘৰ পাউতে দেৰি হয়৷

সিদিনা ঘৰ যাওঁতে “এক্স হেয়াৰ জেল” এটা কিনি নিছো৷ পিছদিনা “জো জিতা ৱহী চিকন্দৰ”ৰ আমীৰ খানৰ দৰে চাইকেলখন লৈ টিউচনলৈ গৈ আছো৷ চাৰৰ ঘৰ পামেই আৰু, বাকীবোৰ মোতকৈ আগতেই হাজিৰ৷ সকলো ফুলবাবু হৈ গেইটত ৰৈ আছে৷ লগত আছে নিশা৷ আমাৰ সকলোৰে সপোন সুন্দৰী,  দিল কী ধড়কন…… আৰু ক’ত যে কি! যেন “কুছ্ কুছ্ হোতা হ্যে”ৰ টিনা আৰু এইফালে আধা ডজন ৰাহুল৷ তুম নহী সমঝো’গী!

হাই-ফাইভ! হাই-ফাইভ,  মই আৰু নিশা! জীৱনত এনে এটা ক্ষণ আহিছিল যেতিয়া ময়ো অমিত,  ৰাণাহঁতৰ দৰে হাই-ফাইভৰ সুঁযোগ পাইছিলোঁ,  নিশাৰ স’তে৷ কিন্তু! জীৱন!

টিউচনৰ পৰা সেইবাৰ আমি পিকনিক খাবলৈ চানডুবিলৈ গৈছিলোঁ৷ সকলোঁ আহি উপস্থিত৷ কেৱল নিশা নাই৷ কি বা হ’ল! মনটো মৰহি গৈছে৷ শেষ মূহুৰ্তত যেনিবা নিশা হাজিৰ হ’ল৷ জীৱটো ঘূৰি আহিল৷ পিকনিকৰ বাছখন কিছুদুৰ আগুৱালে,  মন কৰিলোঁ নিশাৰ মনটো মৰা৷ ক’ত গ’ল তাইৰ সেই চঞ্চলতা যাৰ বাবে আমি সকলোঁ হোলচেলত পাগল৷  সময়ত গৈ চানডুবি পালোঁ৷ ব্ৰেড, বাটাৰ, জাম, কমলাৰে ব্ৰেকফাষ্ট আৰম্ভ৷ মন কৰিলোঁ তাই একো খোৱা নাই৷ মই আগুৱাই গৈ নিশাক বইল কণী এটা অফাৰ কৰিলোঁ৷

– মন নাই৷ তয়েই খা মোৰ ভাগৰটো৷

ইতিমধ্যে দুটা কণী খাইছিলোৱেই৷ তথাপি নিশাৰ কণী,  এই সুযোগ আৰু জীৱনলৈ নাহে৷ ডিঙিত সোপা লাগি মৰিবলগীয়া হ’লেওঁ হাঁহি হাঁহি মৰিম৷ মাৰি দিলোঁ গোটে গোটে৷

সেইফালে খৰিয়ে ডিচপোজেবল্ গিলাচ কেইটা হাতত লৈ ৰৈ আছে৷ এতিয়া কোনোৱে নেদেখা ঠাই এটুকুৰা বিচাৰি বহাহে কথা৷ খৰিৰ ইংগিতত যাবলৈ লৈছিলোহে৷ তেতিয়াই, –

– শুনচোন৷

– কি?

– অলপ থাকচোন মোৰ লগত৷

নিশাই লগত থাকিবলৈ কৈছে! মাৰ গুলী খৰিক৷ চকুৰেই খৰিক ইংগিত দিলোঁ, “তহঁত গৈ থাক”৷

– বলচোন অলপ খোজ কাঢ়ো৷ কথা আছে৷

বুকুখনে চিৰিঙকৈ মাৰিলে৷ তাৰমানে মোৰ প্ৰেম একপক্ষীয় নহয় নেকি?  তায়ো? আগুৱাই গৈ আছো,  চানডুবিৰ গভীৰলৈ,  অৰণ্যৰ বুকু ফালি৷

– তোক মই বিশ্বাস কৰিব পাৰোঁ?

নিশাৰ চকুলৈ চালোঁ৷ ক্ৰন্দণৰত দুটা চকু৷ আস! মই পাগল হৈ যাম৷

– কি হৈছে তোৰ৷ মই তোৰ বিশ্বাস নাভাঙো৷

– কালি ৰাতি চহৰীয়াৰ দোকানলৈ গৈছিলোঁ৷ পৰ্ক ম’ম’  খাবলৈ৷

এই চেনী চহৰীয়াই এইক নিশ্চয় কিবা কৈছে৷ আজি গৈয়েই তপাক দি আছো৷

– কি কৰিলে সি?

– নাই,  সি একো কৰা নাই৷ খোৱাৰ পিচৰ পৰা মোৰ পেটটো ঠিক নহয়৷ নাহিমেই বুলি ভাবিছিলোঁ পিকনিকলৈ৷ বলচোন অলপ ভিতৰলৈ যাওঁ৷

সেই মূহুৰ্তত কি কোৱা উচিত ভাবি নাপালোঁ৷ খৰিৰ হাতৰ ডিচপোজেবল গিলাচ কেইটা মনলৈ আহিল৷ এতিয়ালৈ শেষেই কৰিলে চাগে৷

অৰণ্যৰ মাজত এজোপা প্ৰকাণ্ড গছ৷

– তই অকণমান ৰবি হা৷ কোনোবা আহিলে মাতি দিবি৷

কৈয়েই গছজোপাৰ সিটো পাৰে অদৃশ্য হৈ গ’ল  তাই৷ ৰৈ আছো, মাজে মাজে চোৰাং চিকাৰীৰ আক্ৰমণ বুলি সচকিত হৈ উঠো৷ নাই সকলো ঠিকেই আছে৷ তাইহে!

গছৰ সিপাৰে তাই৷ মই এইপাৰে ৰৈ থকাটো নীতিগতভাৱে শুদ্ধ নে ভুল নাজানোঁ৷ কিছুপৰ তাতে ৰৈ শেষত ওচৰৰে গছ এজোপাৰ শিপাত বহি ভাবিবলৈ ধৰিলোঁ,  এই যে নিশাই তাইৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অথচ জটিল সন্ধিক্ষণত মোকেই বাঁচি ল’লে তাৰে অৰ্থ কি?  মোৰ পুৰুষত্বৰ বাবে সেয়া ভাল নে বেয়া?  গৰ্ব কৰোঁ নে কপাল থপৰিয়াওঁ?  এই ঘটনা  বন্ধুমহলত গৈ শুনোৱাটো গৰ্ব নে অপমানৰ বিষয় হ’ব?

দ্বিধাগ্ৰস্থতাৰ মাজতেই সময়বোৰ উৰি গৈছে৷ নিশাৰ কোনো সাৰসুৰ নাই৷ শেষত ময়েই অধৈৰ্য্য হৈ মাত দিলোঁ৷

– হোৱা নাই?

– হৈছে৷ পানী নাই লগত,  কি কৰো?

বেগত এটা এক লিটাৰৰ পানীৰ বটল আছিল৷ দুইঢোক পানী পি বটলটো গছজোপালৈ লক্ষ্য কৰি দলি মাৰি দিলোঁ,  বিৰক্তিত৷

– হৈছে৷ বল যাওঁগে৷

নিশাৰ মাতত চমকি উঠিলোঁ৷ পানীৰ বটলটো মোলৈ আগুৱাই দিছে৷ অলপো পানী নাই৷ থকাৰ আশায়েই বা কিয় কৰোঁ!

– দলিয়াই দে৷ পিকনিকত পানী পামেই,  খাবলৈ৷

দুয়ো আগুৱাই গৈ আছো পিকনিকস্থলীলৈ৷ হঠাৎ মন কৰিলোঁ মোৰ অন্যমনস্কতাৰ সুযোগ লৈ নাকটো খুজোৱাৰ চল কৰি বাওঁহাতখন শুঙি চাইছে৷ শেষ! তাইৰ প্ৰতি থকা শেষ আকৰ্ষণখিনিওঁ হয়তো শেষ!

– মায়ে আহিবলৈ মানা কৰিছিল জান৷ কিয়যে আহিলোঁ নহয়৷ তই কাকো নকবি হা৷ প্লিজ!

মুৰ দুপিয়াই তাইক বুজাই দিলোঁ কাকো নকওঁ৷ মনে মনে তাই নুশুনাকৈ অন্তৰেৰে কলোঁ, –

– তই কিয় আহিলি নিশা, মাৰৰ কথা কিয় নুশুনিলি৷ মোৰ মন এনেকৈ ভাঙি দিয়াৰ অধিকাৰ তোক কোনে দিলে অ’ নিশা৷

কাকো নকওঁ বুলি প্ৰতিশ্ৰুতি পোৱাৰ পিচত নিশাৰ মুখৰ হাঁহি আকৌ ঘূৰি আহিল৷ পিচমূহুৰ্ততে নিশাই দুই হাত ডাঙি মোৰ সেই বহু আকাংক্ষিত হাই-ফাইভ দিবলৈ আগুৱাই আহিল৷ বহুত ইচ্ছা গৈছিল,  কিন্তু সোঁহাতখনে কিয় জানো নামানিলে৷ অগত্যা মোৰ বাওঁহাতখনেৰে তাইৰ সোঁহাতত খুন্দিয়াই “হাই-টু পইন্ট ফাইভ” কৰি সামৰিলোঁ৷

মোক ক্ষমা কৰি দিবি নিশা৷

☆★☆★☆

Comments

  1. হাঃ হাঃ অমিতাভ! এইটো এটা মাষ্টাৰপিচ লিখিছিলা! শেষত বাওঁ হাত খন শুঙি চোৱাটো মানে কি কম আৰু! মানুহ মাৰি দিবা দেই৷ যা তা জমনি বুলি ইয়াকেই কয় আৰু!

  2. হাই-ফাইভ অমিতাভ, পেট বিষাই গৈছে হাঁ‌হি হাঁ‌হি। প্ৰেমত যেন কাৰো এনে অভিজ্ঞতা নহয় আৰু দেই।

    বাওঁ‌ হাতখন শুঙি চোৱাটো – ধেত তেৰি

  3. চোৰাংচিকাৰীৰ আক্ৰমণ, হাঃ হাঃ হাঃ যা তা আৰু দেই

Leave a Reply

Your email address will not be published. Required fields are marked *