অইনদিনা পুৱা শোৱাপাটীৰ পৰা উঠি শ্ৰীযুত বীৰেশ্বৰ পাটগিৰিয়ে “নাৰায়ণ”, “নাৰায়ণ” বুলি তিনিবাৰ মন্ত্ৰোচাৰণ কৰে। পদ্মাসনত বহি মন্ত্ৰোচাৰণ কৰি থকা সময়ত তেওঁৰ দুয়োটা নয়ন পবিত্ৰ ভাৱনাত জাপ খাই থাকে, আনহাতে নমস্কাৰৰ ভংগীমাত থকা দুয়োখন হাতে কঁপালৰ গাঁঠি স্পৰ্শ কৰি থাকে। নেদেখাজনৰ ওচৰত ভকতিৰ ভাৱ পূৰামাত্ৰাই নিবেদন কৰি লোৱাৰ পাছতহে তেখেতে দিনটোৰ বাকী কামবোৰত হাত দিয়ে।

পিচে আজি দেখোন হাইঠা মাটিত পৰিল! নাৰায়ণ, পদ্মাসন, ভকতি- এইবোৰৰ  আজি কাষেই নাচাপিল শ্ৰীযুত পাটগিৰি। দুৰন্তগতিৰে গৈ তেওঁ হাঁহৰ গঁড়ালকেইটাৰ সন্মুখত থিয় হ’ল। এটা-এটাকৈ আঙুলিৰ মূৰত হাঁহৰ সংখ্যা গণিলে। দেখিলে, দহটা হাঁহৰ দহটাই সুৰক্ষিত। পাটগিৰিৰ ফটা ওঁঠত গৰ্বৰ হাঁহি এটা ফুটি উঠিল। তাৰপিচত তেওঁ ঢাপলি মেলিলে পাছফালৰ বাৰীখনলৈ! ফুলকবি, বন্ধাকবি, গাজৰ, ধনীয়া-সকলোৰে অস্তিত্ব এতিয়াও বিৰাজমান। ক’তো মানুহৰ ভৰিৰ চিন এটাও নাই। পাটগিৰিৰ মুখত আকৌ এটা গৌৰৱৰ হাঁহি।

তামোল গছকেইজোপালৈ চাই দেখে, শকত-শকত তামোলৰ থোকবোৰ গপত ওফন্দি আছে। দেখি তেওঁৰ মন ভৰি গ’ল। টাটী এখনৰ বেঁকা হৈ থকা জেওৰা এডাল চিধা কৰি পাটগিৰি বাৰীৰ পৰা ওলাল। গৈ এইবাৰ তেওঁ আগচোতালত উপস্থিত হ’ল। ফুলনিত ফুলবোৰ আনন্দমনেৰে ফুলি আছে, নতুনকৈ দিয়া টাটীখন স-সন্মানেৰে থিয় হৈ আছে, বাৰাণ্ডাৰ বেতৰ চকীখনেও ৰংমনেৰে উশাহ-নিশাহ লৈ আছে।

অৰ্থাৎ সকলো ঠিকেই আছে। ভেলাঘৰ পাতি ভোজ খোৱা অধমকেইটাই এইবাৰ তেওঁৰ নোম এডালকে লৰাব নোৱাৰিলে। আস! কি আনন্দৰ কথা!! তাৰমানে জপনাত আঁৰি থোৱা “চুৰ কৰিবলৈ আহিবিচোন, ঠেং ভাঙিম তহঁতৰ” শীৰ্ষক লিখিত সাৱধানবাণীটোৱে কাম দিলে। মুহূৰ্ততে নিজকে আলেকজেণ্ডাৰ যেন লাগি গ’ল পাটগিৰিৰ। নালাগিবনো কিয়?  ফুলকবি, বন্ধাকবি, হাঁহ-পাৰ – এইবোৰ তেওঁৰ সন্তানৰ দৰে। একমাত্ৰ জীয়েক মাজনীলৈ তেওঁৰ যিমান চেনেহ, গঁড়ালৰ  হাঁহ, বাৰীৰ বন্ধাকবিবোৰলৈও তেওঁৰ সমানেই চেনেহ। সিহঁতে সামান্য আঘাত পালেই পাটগিৰিৰ বুকুখন মোঁচৰ খাই উঠে।

যোৱাবেলি মাঘ বিহুৰ উৰুকাত তেওঁৰ কমখন নাজল-নাথল হৈছিলনে! মনত পৰিলেই বুকুখন বিষাই যায়। কিবা এক আক্ৰোশ আৰু প্ৰতিশোধৰ ভাৱনাত তেওঁৰ দেহাটো কঁপি উঠে। হাঁহৰ এটাও সঁচ নাছিল, শাকনিবাৰীও উদং, আগফালৰ, পাছফালৰ আটাইকেইখন টাটীৰ ভগ্নাৱশেষো পাবলৈ নাছিল। অধৰ্মীহঁতে তেওঁক সেইবাৰ লুটি-পুতি খালে। পাছে, এইবাৰ! এইবাৰ পাটগিৰিৰ বিজয় হ’ল আৰু সেইমখাৰ ভেটি উছন হ’ল। “চিনি পোৱা নাই বাপেৰক, তেতিয়াৰ যুগৰে বিএছ.ছি মানুহ হওঁ মই” ।

ঐতিহাসিক এই জয়ৰ খবৰ ধৰ্মপত্নীক দিবলৈ তেওঁ উত্ৰাৱল হৈ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। তেনেতে সেইফালৰ পৰা উধাতু খাই পত্নীও ওলাই আহিল। মুখত আতংক আৰু অসহায়তাৰ চিন।

পাটগিৰিয়ে পোনে পোনেই পত্নীক অভয় দি সহাস্যবদনে ক’লে, -“বুইছা, ভয় নাখাবা। এইবাৰ দুৰাচাৰীহঁতে আমাৰ একো অপকাৰ কৰিব নোৱাৰিলে। যোৱা, চাহ একাপ কৰাগৈ।“

“এহ ৰ’ব! কি চাহ খায়! কি অথন্তৰ হৈছে ধৰিব পাৰিছেনে নাই!”- পাটগিৰি পত্নী তৰুলতাই কন্দনামুৱা হৈ পাটগিৰিৰ সমস্ত আনন্দত হোৰা-হোৰে চেঁচা পানী ঢালি দিলে।

“কি? কি হৈছে?  কান্দিছা কিয়.?—চেপা উত্তেজনাৰ মৃদু শিঁহৰণ এটা পাটগিৰিয়ে ক্ৰমাত্ অনুভৱ কৰিবলৈ ধৰিলে।

“এইখন পঢ়ক” – চাদৰৰ আঁচলত লুকুৱাই ৰখা কাগজৰ টুকুৰা এটা কম্পিত হাতেৰে তৰুলতাই আগবঢ়াই দিলে পাটগিৰিলৈ।

বয়স হৈছে যদিও পাটগিৰিৰ দৃষ্টিশক্তি ঈৰ্ষণীয়। গতিকে খপজপকৈ খালী চকুৰেই চিঠিখন পঢ়ি গ’ল পাটগিৰিয়ে। বিভৎস হাতৰ আখৰেৰে লিখা চিঠিখনে কৈছে, –

’ছাৰ, বাৰীৰ পাঁচলিবোৰ পূৰঠ হোৱা নাই, হাঁহবোৰ তেনেই পোৱালি, সিপিনে তামোলগছতো উঠিব নাজানো, জেওৰাবোৰো কেঁচা। গতিকে সেইবোৰ চুৰ কৰিব নোৱাৰিলোঁ। ইফালে-সিফালে অলপ লৰচৰ কৰি আপোনাৰ জীয়েক শুই থকা কোঠাটোৰ কাষ পালোঁগৈ। আপুনি তেতিয়া নাক বজাই শুই আছিল। পিচে আপোনাৰ জীয়ৰীয়ে মোবাইল পিটিকি আছিল। খিৰিকিত টোকৰকেইটামান মাৰি সুধিলোঁ, – ’বোলো, তোমালোকৰ ঘৰত চুৰ কৰিবলৈ আহিছোঁ। একোৱেই নাই দেখোন! এতিয়া খালী হাতেৰে উভতি যাবলৈ বেয়া লাগিছে। শুনাচোন, মই তৈলখণ্ডত চাকৰি কৰোঁ। দৰমহা-পাতি ভাল। ওৰে জীৱন আজাদীত থাকিব পাৰিবা। তুমি যদি বেয়া নোপোৱা, মই তোমাকেই চুৰ কৰি নিওঁ বুলি ভাবিছোঁ। বেয়া পাবা নেকি?’ চাৰ, মোৰ তাৎক্ষণিক প্ৰস্তাৱ শুনি আপোনাৰ জীয়েকে মুখেৰে একো নামাতিলে যদিও, মিঠা হাঁহি এটা মাৰিলে। মই সেই হাঁহিটোকে সন্মতি বুলি ভাবিলোঁ, আৰু তেওঁক চুৰ কৰি আনি ঘৰ সুমুৱালোঁহি। বেয়া-চেয়া নাপাব চাৰ। আমাক আশীৰ্বাদ দিব’ – ইতি, আপোনাৰ শুভাকাংক্ষী, শ্ৰী ত্ৰৈলোক্য লোচন ভাগৱতী।“

বজ্ৰ পৰিলেও মানুহ চাগে সিমান জঠৰ নহ’ব, যিমানখিনি জঠৰতা এইমুহূৰ্তত দেখিবলৈ পোৱা গৈছে মাজনীৰ দেউতাক বীৰেশ্বৰ পাটগিৰিৰ সৰ্বশৰীৰত। খন্তেকপৰ মমৰ মূৰ্তিৰ দৰে থিয় হৈ থাকি এসময়ত পাটগিৰি বাস্তৱলৈ ঘূৰি আহিল।

পত্নীৰ মুখলৈ এপলক কৌতূহলৰ চাৱনিৰে চাই পাটগিৰিয়ে শেষত নম্ৰ ভাষাৰে সুধিলে, –

“হেৰা, মাজনীক বিয়াত পিন্ধাবলৈ মোৰ মায়ে যে আঙুঠি এটা দি গৈছিল, ভালকৈ থৈছানে?”

☆★☆★☆

Comments

  1. অত্যন্ত মনোগ্ৰাহী গল্প। ইমান ভদ্ৰ চোৰ আছে পায়! “বিভৎস হাতৰ আখৰ”টোলৈকে ইমান সুন্দৰ বৰ্ণনা।

  2. এলে চোৰ সকলো গাডৰুৰে ঘৰলৈ যাওঁক !! সকলোৰে সুগতি প্ৰাপ্তি ঘটিব ৷ পাচ্‌বুক প্ৰভিডেন্ট ফাণ্দ সকলোবোৰে আশীৰ্বাদ কৰিব ৷

  3. আমাৰ গাৱঁত এনেকৈ মাঘ বিহুত পলুৱাই আনা বৌ এজনী আছে।

  4. ৰসেৰে পৰিপূৰ্ণ লেখা ।হাঃ হাঃ ধুনীয়া ।হাঁহিত পেট বিষাল ।

  5. বঢ়িয়া লাগিল, ছোৱালী চোৰ কৰিবলৈ চোৰে নিজৰ বায়’ডাটাখন বৰ সুন্দৰকে কলে।

Leave a Reply

Your email address will not be published. Required fields are marked *