ফটাঢোল

চোৰ – হিমাংশু ৰাজখোৱা

চোৰ বিচাৰি গৈছেনে কেতিয়াবা? এনে দুৰ্ভাগ্য হৈছেনে কেতিয়াবা?

যোৱা শতিকাৰ শেষৰ দশকটোৰ শেষৰ বছৰকেইটাৰ কোনোবা এটা৷

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ পৰম পূজনীয়া মাতৃদেৱী, বিভাগীয় নিৰ্দেশনা মৰ্মে ঘৰৰ পৰা 300 কি মি আতৰলৈ ৬ মহীয়া প্ৰশিক্ষণৰ বাবে যোৱাত ঘৰত কেৱল মই আৰু কানসমনীয়া ভাইটো৷আশানুৰুপ ভাবেই সেই ৬ টা মাহ সেইখন আৰু ঘৰ হৈ থকা নাছিল, দুই ভাইৰ সমস্ত বন্ধুবৰ্গ, বন্ধুবৰ্গৰ…বন্ধু….এই সকলোবোৰ মিলাই সেই দিনবোৰত আমাৰ ঘৰটো আছিল সদ্য যৌৱন প্ৰাপ্ত এদল উচ্ছৃঙ্খল যুৱকৰ আড্ডা!

তেনেকুৱা কোনোবা এটি দিনতেই আমাৰ চিনাকি আমাতকৈ অলপ অগ্ৰজ এজনৰ এদিন চাইকেল এখন হেৰাল! চাইকেল খন আছিল আচলতে তেওঁৰ ককায়েকৰ, দিনৰ দিনটো চাইকেল বিচাৰি নাপাই তেওঁ সন্ধিয়া উপায়বিহীন হৈ আহিল আমাৰ ওচৰলৈ সহায় বিচাৰি!
আমাৰ স্বয়ম্ভু BYOMKESH BAKSHI সকলক আৰু পায় কোনে? ? ?

২ কেজি মাংস আৰু কিছুমান সৰু সুৰা উপকৰণ FEES হিচাপে গ্ৰহণ কৰি প্ৰায় 7 – 8 জন মান ওলাল চাইকেল বিচাৰি! বাকী কেইজন মান ৰন্ধণত লাগিল!প্ৰথম LOCATION হিচাপে সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ওচৰৰে এখন চৌৰ্যবৃত্তিত বিশেষ নাম থকা লোকেৰে সমৃদ্ধ সৰু গাওঁ  এখনলৈ যোৱা হল, আমাৰ সজাতী দলটি গৈ গাৱঁৰ প্ৰৱেশ পথ পাওঁতেই এজন চিনাকি মানুহে আগমনৰ কাৰণ সুধিলে!

কথা শুনাৰ পাছত তেওঁ সমিধান দিলে বোলে, বোপাইহত তহত ঠিক ঠাইলৈকে আহিছ, এতিয়া কথা হল, চোৰ ধৰিবলৈ হলে যাব লাগিব চুলাই মদৰ ঘাটিলৈ! কাৰণ চোৰে চাইকেল বেছি পোৱা টকাৰে প্ৰথমে মদ খাবলৈকে যাব!

আমাৰ লৰাহতে ইটোৱে সিটোৰ মুখলৈ চালে, আলোচনা মৰ্মে সিদ্ধান্ত কৰি হাতত জাৰি জোকাৰি যি 20 টকা ওলাল সেই টকা কেইটা উপৰোক্ত মানুহ জনক দি মদৰ ঘাটিলৈ পঠোৱা হওক আৰু তেওঁৰ চোতালতে অপেক্ষা কৰা হওক! মানুহ জনৰ বৰ ইচ্ছা নাছিল যদিও ল’ৰাহতৰ কষ্ট দেখি মান্তি হল…! ! ! ! !

মহৰ কামোৰ খাই খাই দলটো প্ৰায় 2 ঘণ্টা ৰৈ থাকিল, এনেতে দেখা গল গানৰ কলি এটা চিঞৰি চিঞৰি মানুহ জন আহি আছে…..সকলো উৎসুক ….’’চোৰৰ কিবা খবৰ ওলালেনে? ’’

উৎসুক দলটিক নতুন আশা দি মানুহজনে কলে… ’’আজি তেনেকুৱা একো নেদেখিলো বুইছ…কাইলৈ সন্ধিয়া আকৌ আহিবি যা…হেৰি কৰিবি, পাৰিলে আৰু 20 টকামান আনিবিচোন, অলপ বেছি সময় থাকিব পাৰিলে ভাল! ! ! ! ! ! ’’■■

Leave a Reply

Your email address will not be published. Required fields are marked *