বাংলা নাট্যকাৰ মনোজ মিত্ৰৰ “মহাবিদ্যা” নাটকত এটা মেটৰৰ চৰিত্ৰ আছে। চৰিত্ৰটো মদ্যপ। সি প্ৰচুৰ মদ্যপান কৰি লৈ দ্বিতীয় এটা চৰিত্ৰৰ আগত গৰ্ব কৰিছে এই বুলি, -‘কি ভাবিছ তই ? মই স্বয়ং মহাৰাজৰ মেটৰ। মহাৰাজৰ পায়খানা মই চাফা কৰোঁ। তই কোনোবা জনমত মহাৰাজৰ পায়খানা দেখি পাইছ…?’

ঠিকেইতো, স্বয়ং মহাৰাজৰ পায়খানা নিজ চকুৰে দেখিবলৈ পোৱাটো গৌৰৱৰ কথা নহয় কি ? সি অন্যবোৰ মেটৰৰ আগত অহংকাৰ নকৰিব কিয় ? আমাৰ প্ৰধানমন্ত্ৰীৰ দাঢ়ি-চুলি কটা নাপিতটোৱে, ৰাষ্ট্ৰপতিৰ কাপোৰ ধোৱা ধোবাটোৱে, মুখ্যমন্ত্ৰীৰ ঘৰত গাখীৰ দিয়া গুৱালটোৱে, ৰাজ্যপালৰ শাকনিবাৰীত কাম কৰা বনুৱাটোৱে অহংকাৰ নকৰিব কিয় ?

কালিৰাম মেধিৰ “গৌৰৱ” পাঠটোৰ প্ৰথম বাক্যটো হ’ল ‘গৌৰৱ তুলনাৰ পৰা ওপজে ।‘ গতিকে গৌৰৱ বা অহংকাৰ প্ৰকাণ্ড ধনী, বিয়াগোম পণ্ডিত, প্ৰচণ্ড ক্ষমতাবান, ভয়ংকৰ জনপ্ৰিয় মানুহৰহে যে কৰাৰ অধিকাৰ আছে এনে নহয় ! ভিক্ষাৰীয়েও অহংকাৰ কৰিব পাৰে, তেওঁৰ ভিক্ষাৰ জোলোঙাটো নতুন বুলি, অশিক্ষিতেও কৰিব পাৰে তেওঁ “ক” আখৰটোৰ চুককেইটা চিনি পায় বুলি, তেনেই ক্ষমতাহীনজনেও মাত্ৰ এটাহে চৰ খালে বুলি গৌৰৱ কৰিব পাৰে। ক্ষমতাৰ কথা কওঁতেও এটা ৰগৰ মনত পৰি গ’ল। মানুহজন ৰেলৰ লাইনমেন। তেওঁ ৰঙা পতাকা জোঁকাৰিলে ৰেলগাড়ী ৰৈ যায়। আৰু সেউজীয়া পতাকা জোঁকাৰিলে ৰৈ যোৱা ট্ৰেইন চলে। মানুহজনে নৱ-বিবাহিতা পত্নীক তেওঁৰ ক্ষমতা প্ৰদৰ্শন কৰি পত্নীৰ ওচৰত তেওঁৰ যোগ্যতা সাব্যস্ত কৰাৰ অভিপ্ৰায়েৰে সেইদিনা পত্নীকো লৈ আহিল। ৰেলগাড়ী আহিল। মানুহজনে কোনো কাৰণ নোহোৱাকৈয়ে ৰঙা পতাকা জোঁকাৰি পত্নীৰ আগত বাহাদুৰি কৰি ক’লে, -‘চাই থাকিবা। এতিয়া ৰেলগাড়ীখন ৰৈ যাব।‘ ঠিকেই ৰেলগাড়ী ৰৈ গ’ল। পত্নীয়েও গিৰিয়েকৰ ক্ষমতাৰ তাৰিফ কৰিলে। পিচে অলপ পাছতে গাৰ্ড বাবু নামি আহি লাইনমেনক গেঙেৰি মাৰি সুধিলে, -‘ট্ৰেইন ৰখালি কিয় ?‘ বেচেৰাই কোনো যুক্তিসংগত উত্তৰ দিব নোৱাৰাত গাৰ্ড বাবুৱে তাক এটা কাণতলীয়া চৰ শোধাই দিলে আৰু আঁতৰি গ’ল। হতভম্ব পত্নীয়ে গিৰিয়েকক সুধিলে, -‘এইটো কি ? তেওঁ তোমাক চৰ মাৰিলে কিয় ?‘ গিৰিয়েকে দমি নগৈ উত্তৰ দিলে, -‘সেইটোৱেই কথা, ৰেল ৰখোৱাটো মোৰ ক্ষমতা আৰু চৰ মৰাটো তেওঁৰ ক্ষমতা।‘ ক্ষমতাৰ দম্ভ এইদৰে প্ৰদৰ্শন কৰিলে যদিও চৰ-ঘোচা খাবলগীয়া হয়-তথাপি মোটামুটি অহংকাৰ কথাটো বেয়া বুলি ক’ব নোৱাৰি। মোৰ মতে মানুহ অলপ অহংকাৰী হোৱা ভাল। অহংকাৰৰ এটা নিতোল সৌন্দৰ্য থাকে যিটো আছিল ৰাৱণৰ, যিটো আছিল দূৰ্যোধনৰ। অহংকাৰ নথকা হ’লে এই দুটা চৰিত্ৰই মহাকাব্যিক মৰ্যাদা পালেহেঁতেন নে ? বেজিৰ আগত অহা এচিকটা মাটিও বিনাযুদ্ধে নিদিওঁ কদাপি বুলি কোনে ক’ব পাৰে ? বীৰ যোদ্ধাই পাৰে, ক্ষমতাশালী ৰজাই পাৰে, -আপোনাৰ মোৰ দৰে ঘটিৰাম-বাটিৰামে নিশ্চয় নোৱাৰে।

সিদিনা কথা প্ৰসংগত বন্ধু এজনে ক’লে, -‘আমাৰ অমুক নামৰ সাহিত্যিকজন বৰ অহংকাৰী।?‘ তেওঁ বদনাম গোৱাৰ সুৰত কথাষাৰ কৈছিল যদিও মোৰ কাণত প্ৰশংসাৰ দৰেহে বাজিল। মোৰ কথা হ’ল – অহংকাৰীয়েই যদি নহ’ল তেওঁ সাহিত্যিক কিয় হ’ল ? গতিকে কবি, সাহিত্যিক, শিল্পী, বিজ্ঞানী, গৱেষক পণ্ডিত, ডাক্তৰ, অভিনেতা-এওঁলোক অহংকাৰী হোৱা ভাল। কবিয়ে অহংকাৰ কৰি ক’ব, – ‘মই যোৱা এমাহ ধৰি কবিতা লিখা নাই।‘ সাহিত্যিকে ক’ব,-‘মোৰ সাহিত্য ময়েই বুজি নাপাওঁ, আনে পাব কেনেকৈ?‘ গায়ক শিল্পীয়ে ক’ব,- ‘মোৰ দৰে দ্বিতীয় এজন নোলোৱা পৰ্যন্ত মই গান এৰিব নোৱাৰো,‘ চিত্ৰশিল্পীয়ে ক’ব,- ‘মই পটত ছবি নাৱাঁকো, আঁকো মনত।‘ বিজ্ঞানীয়ে ক’ব,-‘মই নিজকে আৱিষ্কাৰ কৰোঁ।‘ ডাক্তৰে ক’ব,-‘মোৰ হাতত ১৫ জন ৰোগী মৰিছে, তাকো ১৫ দিনত।‘ অভিনেতাই ক’ব,- ‘মোৰ অভিনয় বুজি পাব পৰাকৈ মানুহবোৰ শিক্ষিত হোৱা নাই।‘ মুঠতে অহংকাৰৰ এক বিশাল সাম্ৰাজ্য। আমাৰ মানুহবোৰে অহংকাৰটো নিয়াৰিকৈ কৰিব নজনাৰ দোষতহে শব্দটো নেতিবাচক তথা নিন্দাসূচক শব্দত পৰিণত হৈছে। কিন্তু আচল কথা হ’ল অহংকাৰ মানুহৰ জীৱনবোধৰ অবিচ্ছেদ্দ্য অংগ। অহংকাৰ নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে। নিৰহংকাৰী বুলি কোনো শব্দ হ’ব নোৱাৰে। যি অতি চতুৰতাৰে কিম্বা বৈষ্ণৱী বিনয়েৰে অহংকাৰ কৰে, তেওঁকে নিৰহংকাৰী বোলে।

☆★☆★☆

 

Comments

  1. খুব ভাল লাগিল খুৰা, বিশেষকৈ উপমাটো। শেষৰ বাক্য দুটা সদায় মনত ৰাখিম।

    ভবিষ্যতেও আপোনাৰ লেখা ফটাঢোলৰ ই-আলোচনীত পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

  2. অহংকাৰ দেখুৱাৰো এটা আৰ্ট থাকিব পাৰে। সুন্দৰ লেখা ছাৰ।

  3. বৰ ডাঙৰ কথা এটাক বোধগম্য কৰালে চাৰ! অহংকাৰ যে অলপ প্ৰয়োজনীয় সেইটো বুজিলোঁ, লগতে অহংকাৰ কৰাটোওঁ কলাত্মক হব লাগে সেইটোওঁ বুজিলোঁ, লগতে কিছুমানলৈ যে শেলপাত ইমান সুন্দৰকৈ মাৰি পথিয়ালে গম নোপোৱাকৈ সেইটোও বুজিলোঁ৷

    আপোনাৰ লেখা আগলৈওঁ দি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ৷

  4. অহংকাৰৰো যে এক সুকীয়া সৌন্দৰ্য আছে– আপোনাৰ লেখাটোৰ পৰাহে অনুধাৱন কৰিব পাৰিলোঁ। বৰ ভাল লাগিল, বিশেষকৈ শেষৰ বাক্যশাৰী অতুলনীয়।
    আগলৈও এই আলোচনীত আপোনাৰ লেখা পঢ়িবলৈ আশাৰে বাট চাম।

  5. অাপোনাৰ লিখনীৰ মই সদায়ে অাগ্ৰহী পঢ়ুৱৈ । অপুৰ্ব লিখনি চাৰ ।

  6. বৰ আপ্লুত হ’লো চাৰ, লিখাটো পঢ়ি। সঁচাকৈ অহংকাৰ এক প্ৰকাৰৰ কলা। শেষৰ নিৰহংকাৰীৰ কথাখিনি আটাইতকৈ ভাল লাগিল।
    আপোনাৰ লিখনিয়ে আলোচনীখনৰ সৌন্দৰ্য দুগুণে বঢ়ালে। অশেষ ধন্যবাদ চাৰ।

  7. মজ্জা৷মইয়ো ভবিষ্যতে অহংকাৰী হ’ম৷

  8. এতিয়া অহংকাৰ কৰি ভাল লাগিছে বুলি নকৈ নোৱাৰিম দেই। ভাল লাগিল পঢ়ি।পৰস্থিতি অনুযায়ী কেতিয়া অহংকাৰো এক আৱৰণ হৈ পৰে।

  9. অহংকাৰো যে অলংকাৰ হব পাৰে লেখাটো পঢ়িহে অনুধাৱন কৰিলো। ধন্যবাদ।

  10. চাৰ, বহুদিন আপোনাৰ লেখা পঢ়া নাছিলো, কেইবাখলপীয়া আৰু সুকৌশলে ঢাকি ৰখা আপোনাৰ সুচতুৰ ব্যংগৰ সোৱাদ লবলৈ পোৱা নাছিলো। ফটাঢোল আৰু সম্পাদিকাক ধন্যবাদ।
    আৰু সঘনে আপোনাৰ লেখা ইয়াতে পঢ়িবলৈ পাই থাকিম বুলি আশা কৰি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলো

Leave a Reply

Your email address will not be published. Required fields are marked *