ফটাঢোল

কিচ্ বিজ্ঞান – মুনীন্দ্ৰ মহন্ত

মানে হিন্দীত মই লিখা নাই। “কিচ বিজ্ঞান কে বাৰে ম্যেয় বাত কৰনে আয়ে হ্যেয় বেটা “ বুলি নুসুধিব। মই কোনো বিজ্ঞানৰ কথা ক‘ব অহা নাই। “কিচ্ বিজ্ঞান কে বাৰে ম্যেয় বাত্ কৰ নে নেহী আয়া“। আমাৰ ৰসৰ গুৰুদেৱ বেজবৰুৱাই কৈছিল, -“চাৰিওফালে বিজ্ঞানৰ চৰ্চা। স্বৰগ বিজ্ঞান, নৰক বিজ্ঞান, হাতী বিজ্ঞান, ঘোৰা বিজ্ঞান, বিজ্ঞান হে বিজ্ঞান।“ সেই বিজ্ঞান সোপাৰ কথা সুঁৱৰি মই ওলাইছো “কিচ্ বিজ্ঞান“ৰ কথা ক‘বলৈ! ৰসৰাজে সেই যুগতে “চুমা বিজ্ঞান“ৰ কথা লিখিছে। সেয়ে “চুমা“ অৰ্থাত্ মডাৰ্ণ “কিচ্ বিজ্ঞান“ৰ বিষয়েহে লিখিম বুলি দুঃসাহস কৰি কঁকাল পোনাইছোঁ।

আমাৰ ৰসৰাজে “চুমা বিজ্ঞান“ত চুমাৰ বিবিধ ৰস-ক্ষণ-দিশ লক্ষ্য কৰি, চুমাৰ মন-মেজাজ লক্ষ্য কৰি চুমাক বিবিধ ভাগত ভাগ কৰিছে। যেনে-তপত চুমা, দীঘল বা লেঙা চুমা, খঁৰা চুমা আদি। কিন্তু এই বৰকথীয়াই ইমান ভাগ বৰ্তমান যুগত কৰিব নোৱাৰে। তাৰোপৰি এই মৰকেচেলুৱা বৰবৰুৱাৰ চুলি এডালৰ সমানো যোগ্য নহয়। তথাপি মৰণপন যত্ন কৰিবলৈ অহো-পুৰুষাৰ্থ কৰিবই-কাৰণ এই বৰকথীয়াও “চুমা বিজ্ঞান“ৰ গৱেষণাগাৰত “চিনেমা হল চুমা, বিহুতলী চুমা, সাউত্কৈ চুমা, বিয়াঘৰ চুমা আদি দি পাছ হৈ আহিছে, অৰ্থাত উত্তীৰ্ণ হৈ আহিছে। (বৰকথীয়াৰ “বিটাৰ হাফ“ৰ কাণত নপৰিলেহে ৰক্ষা!)।

বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰচাৰ কৰাৰ দায়িত্বও আমাৰ। ফলস্বৰূপে “কিচ্ বিজ্ঞান“। এই বিজ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে হাতত লোৱা এটি জন-আন্দোলন হল “কিচ মুভমেণ্ট“। মানে এক্স আৰু ওৱাইসকলে অৰ্থাত্ ল‘-ছোৱালীবোৰে বাটে-ঘাটে একলগহৈ ইজনে-সিজনক কিচ্ কৰিব। অসমীয়া মানে ন-অসমীয়াত নহয়—খিলঞ্জীয় অসমীয়াত “কিচ্ মুভমেণ্ট“ৰ অৰ্থ হল চুম্বন আন্দোলন। ডাইনী হত্যা কৰা গাঁৱৰ, পানীজৰা বিকি কৰা গাঁৱৰ, বাটে-পথে থু-পিক পেলোৱা মহানগৰ-নগৰৰ সকলো ঠাইৰ ল‘-ছোৱালীবিলাকে এই আন্দোলনত সহযোগ কৰিছে। দোষৰ কথাই নাহে এনে আন্দোলনত যোগ দিয়াৰ বাবে! মান্ধাতা আমোলৰ লোকসকলেহে এই চুম্বন আন্দোলনত ঘূণ দেখা পায়। আৰু এনেসকল মান্ধাতাক প্ৰৱল তিৰস্কাৰ কৰি প্ৰগতিশীল চিন্তাধাৰাৰ হিমালয় শৃগত বাস কৰাসকলে সেই বাবে বাটে-পথে বহি তপা-তপ ইজনে-সিজনক চুমা যাঁচি “চুম্বন আন্দোলন“ক আগবঢ়াই নিয়াৰ বাবে যত্পৰোনাস্তি চেষ্টা কৰিছে- একেবাৰে উচিত কাম কৰিছে। পিচে এই আন্দোলনৰ এজন কিচ্ সেৱকক এজন বিবাহিত পুৰুষে সঁকিয়নী দিলে, বোলে কিচ্ হে কৰিবি বোপাই, বিয়া নাপাতিবি! কাৰণ মোৰ ঘৰৰ জনীয়ে “ডগ“ মানে জাৰ্মান শ্বেফাৰ্ড কুকুৰটোক মৰমত তিতাছ-তিতাছ নামেৰে মৌ-সনা মাতেৰে মাতি কোঁচত বহুৱাই ইমান কিচ্ দিয়ে, কিন্তু মোৰ পানী খোৱা “জোথা“ গিলাচটোত ভুলতেও এবাৰো মুখেই নিদিয়ে। কথাটো শুনি কিচ্ দিবলৈ ওৱাইৰ ফালে মুভ লোৱা এক্সৰ ওঁঠযোৰ মানে লিপযোৰ কঁপি উঠি জ্ঞানৰ বজাৰ মেলা বিবাহিত পুৰুষজনক ক‘লে,- হেৰি মহোদয়! এইটো বন্ধুত্বৰহে কিচ্! এনে কিচ্ দিলেই বিয়া পাতিব নালাগে নহয়। কথাটো শুনি বিবাহিত পুৰুষজনে ইমানেই মজা পালে যে তেৱোঁ “কিচ্ মুভমেণ্ট“ত জঁপিয়াই পৰি আন্দোলনৰ অংশীদাৰ হ‘ল। পিচে তেখেতৰ ঘৰত থকা মৰতীজনী “ভেলেঙী কিচ্“তেই শান্তিত থাকিব লগা হ‘ল।

এই “কিচ্ মুভমেণ্ট“ৰ এতিয়া জয়-জয়কাৰ। বিজ্ঞানৰ কৃপাত “কিচ্ মুভমেণ্ট“এ চেকেণ্ডতে এক্স আৰু ওৱাই সকলক কাষ চপাই নিছে। কাৰণ চে‘ল কিচ, চে‘ল ভিডিঅ কিচ্ আদিৰ জৰিয়তে “মুভমেণ্ট“টো যথেষ্ট শক্তিশালী হৈছে। “কিচ্ বিজ্ঞান“ৰ গৱেষকসকলে আৰু এটি নতুন কিচ্ৰ উদ্ভাৱন কৰিছে। “ফ্লায়িং কিচ“ৰ পৰিবৰ্তে “ফ্লাই কিচ্“। সেইয়াও দুভাগত বিভক্ত। অৰ্থাত্ যিটো মাখিয়ে ফটিকাৰ বাতিত কিচ্ দিয়ে সেইটো “এক্স ফ্লাই কিচ্“ মানে মতা মাখিৰ কিচ্ আৰু যিটো মাখিয়ে দাপোনত কিচ্ কৰে সেইটো হেনো ওৱাই ফ্লাই কিচ্, অৰ্থাত মহিলা মাখি (মহিলা মাছ বুলি ভুল নকৰিব) কিচ্।

“কিচ্ বিজ্ঞান“ৰ প্ৰসাৰত বহু হেজাৰবিধ কিচ্ আছে যদিও অতি উত্তম কিচ্ হল “অফিচ কিচ্“। এইবিধ “কিচ্ বিজ্ঞান“এ বহু অফিচ-কাছাৰীত তলে তলে ফুৰা চকা কৰি “কিচ্ মুভমেণ্ট“টোক গতিশীল কৰি ৰাখিছে। “কিচ্ বিজ্ঞান“ৰ শক্তিশালী শ্লো‘গান হ‘ল, “মূৰ্খক কেতিয়াও কিচ্ কৰিব নিদিবা, নহলে কিচ্-এ তোমাক মূৰ্খ সজাব।“ তাৰোপৰি এই বিজ্ঞানৰ জৰিয়তে “কিচ্ মুভমেণ্ট“টো সফল হোৱাত “মাছ মিডিয়া কিচ্“এও অৰ্থাত্ গণ-মাধ্যম কিচ্“ৰো যথেষ্ট ভূমিকা আছে। এই “কিচ্“ গ্ৰহীতাসকলক চাহৰ কাপ, পানীৰ গিলাচৰ মাধ্যমেৰে ওঁঠত লিপষ্টিক লোৱাসকলে সহজতে যাঁচি “মুভমেণ্ট“টোক গতিশীল কৰি ৰাখিছে।

“কিচ্ বিজ্ঞান“ৰ বহুল প্ৰসাৰত বিধে-বিধে কিচ্ আছে বুলি ইতিমধ্যে মৰকথীয়াই ক‘লোৱেই! কিন্তু এবিধ “কিচ্“ৰ ইংৰাজী নামকৰণ কৰিব নোৱাৰিলো। ফেঁহুৰামেহে মোক উক্ত “কিচ্“ বিধৰ বিষয়ে জনালে। সিদিনা হেনো ফেঁহুকাইৰ সহকৰ্মী এজনৰ বিয়া হৈ গল। বিয়াৰ পাছত ছুটি শেষ হোৱাৰ দিনা সহকৰ্মী গৰাকীয়ে কাৰ্যালয়ত কামত যোগদান কৰিলে। কিন্তু সকলো কৰ্মচাৰীয়ে লক্ষ্য কৰিলে যে সহকৰ্মীজনৰ তলৰ ওঁঠৰ তলত এটি গভীৰ ক্ষঁত হৈছে। সকলোৱে ফুচ্-ফুচ্-ফাচ্-ফাচ্ কে ক্ষঁতটো কিয় হল তাৰ সদুত্তৰ বিচাৰি আলোচনা কৰি থাকোঁতেই ফেঁহুকায়ে ৰহস্যৰ ভেদ ভাঙিলে। ফেঁহুকায়ে ক‘লে যে সেই ক্ষতটো হেনো “উঁচলা দাঁত চুমা“। মানে সহকৰ্মীগৰাকীয়ে বিয়া কৰোৱা গৰাকীৰ দাঁতৰ ওপৰ পাৰিৰ এটা দাঁত উঁচলা! ফেঁহুকাইৰ এনে সূক্ষ্ম চিন্তাক ধন্য নকৈ কোনেও নোৱাৰিলে।

এতিয়া “কিচ্ বিজ্ঞান“ত “উঁচলা দাঁত চুমা“ৰ নামকৰণ ইংৰাজীত কৰিব পাৰিলেহে এই মৰকথীয়াৰ লেখাটো সাৰ্থক হ‘লহেঁতেন বুলি ভাবোঁ।

☆★☆★☆

 

13 Comments

  • mitali

    Kiss পুৰান বা বিজ্ঞান পঢ়ি পেটৰ নাড়ী ভিৰিঅ ডাল ডাল হৈ গ ‘ল ৷ আগলৈও এনে ৰসাল গবেষণামুলক লিখনিৰ আশা থাকিল ৷

    Reply
  • Manash saikia

    হে কৃষ্ণ,এই ভাগ পঢ়ি কৃতাৰ্থ হলোঁ৷

    Reply
  • ৰাজীৱ শৰ্মা

    Kiss is so sweet

    Reply
  • ৰিণ্টু

    প্ৰভু, এইবোৰ থেচিচ আগতেই পঢ়িব নাপালো কিয় !!!

    আগলৈও এইধৰণৰ ৰসাল গৱেষণা পত্ৰ এই ই-আলোচনীত পঢ়ি থাকিবলৈ পাম বুলি আশা ৰাখিলো

    Reply
    • Munindra Mahanta

      Notun thesis akhonor jooja solai asu….apoonasokolor asirbad bhikhari dei..
      .

      Reply
  • Rajdeep Borah

    ভাল লাগিল

    Reply
  • ৰসে চৌ চৌ— ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *