এবাৰ উৰুকাৰ ৰাতি আলু চুৰ কৰিবলৈ এঘৰ মানুহৰ বাৰীত সোমালো। নিয়ৰ পৰি থকা আলু গছবোৰ ঠাণ্ডাত উভালিৱলৈ ধৰিলো। যি কেইটা আলু শিপাত লাগি আহে তাকে মোনাত ভৰাওঁ। বাকীবোৰ মাটি খান্দি নানো। কোনে ইমান কষ্ট কৰে! কাৰণ হাতত নিয়ৰ আছে,  মাটি চুলে বোকা হৈ যায়। ঠাণ্ডাত হাত ধোৱাৰ ভয়ত মাটি নাখান্দো। এনেতে কোনোবা অহা যেন শব্দ শুনিলো। গৃহস্থ বুলি দৌৰ মাৰিলো। দৌৰি গৈ এখন মজবুত ওখ জেওৰা পালো। জেওৰাৰ সিপাৰে এটা প্ৰকাণ্ড খাল। লগৰ বন্ধুজন জেওৰা কাষৰ আম গছজোপাতে উঠিল। মই গছত উঠাত বৰ কেঁচা,  গতিকে দৌৰি সাৰিবই লাগিব। জেওৰাৰ ওপৰত উঠি খালৰ সিপাৰত পৰাকৈ ঠিয় জাঁপ এটা দিলো মাৰি। আলু ভৰোৱা মোনাটো জেওৰাখনৰ কোনো অংশত সামান্য লাগিল নে লাগি আছিল নাজানোঁ,  কিন্তু জেওৰাখনত মোনাটো লগা বাবে মই খালৰ সিপাৰে নহয় খালটোৰ মাজতে পৰিলো। খালটো গোটেই গোবৰে ভৰা আছিল। মই ঠিক নাভিৰ ওপৰলৈক গোবৰত সোমাই পৰিলো। গৃহস্থ বুলি ভৱা কেইজন কোন আছিল নাজানিলো। বেলেগ দিশে তেওঁলোকে গতি কৰিলে,  আমাক দেখা নাপালে। মোৰ অৱস্থা দেখি বন্ধুজনে হাঁহিবলৈ ধৰিলে। তাৰ হাঁহি দেখি মোৰ খং দুগুণে চৰিছে। সি যিমানে হাঁহে মোৰ সিমানে খং উঠে। মোৰ যিমান খং উঠে,  সি সিমানে হাঁহে।

খালটোৰ পৰা উঠি দেখো মোৰ মূৰলৈকে গোবৰ। খঙে-ৰাগে আহি কাপোৰবোৰ ভঁৰালৰ তলত লুকোৱালো। ঠাণ্ডাত গামোছাখন পিন্ধি মনে-মনে ঘৰত সোমাই নতুন গৰম কাপোৰ লৈ জাঁজী নদীৰ পাৰ পালোহি। ইতিমধ্যে দাঁতে-দাঁতে লাগি যি শব্দ ওলাইছে শুনিলে পুৰণা ম’বিল নথকা ৰাজদূত অহাৰ দৰে লাগিছে। তাতে সেই চেঁচাত বোৱতী নদীৰ পানী আৰু কিমান চেঁচা হৈ থাকে চুই চোৱা জনেহে বুজি পাব। তেনে ঠাণ্ডাত গাত চাবোন মাৰি গোবৰ ধুৱা অৱস্থাত মোৰ কেনে লাগিছিল মনত পৰিলেই এতিয়াও ভয় লাগে। এবাৰ ধুই চাবচোন কেনে লাগে !! এবাৰ ধুই হোৱা পিছত বন্ধু জনে টৰ্চ মাৰি চাই ক’লে, -“গাত গোবৰ নাই কিন্তু গোবৰ গোবৰ গোন্ধ আহি আছে।“

বাপৰে !! মানে আকৌ এবাৰ ,,,,,,,,,,,,,,,,,, !!!!!

আমাৰ গাঁৱত মেজি ঠিক চাৰি বজাৰ আগে আগে সকলো ডেকা ল’ৰা ভোঁজ ভাত খায় আহি গা ধুই জ্বলায়। (সকলোৱে একেলগে গা ধোৱাৰ অকথ্য কাহিনী ঢেৰ আছে)। মোৰ যিহে মৰ ঠাণ্ডা লাগিছিল উপায় নাই,  এক বজাতে হৰি ধ্বনী দি জ্বলাই দিলোঁ, –

“জয় অ’ হৰি বোলা, জয় অ’ ৰাম বোলা। পুহ গ’ল মাঘ সোমাল, চেঙা চেঙেলী গাঁতত সোমাল। আমাৰ মেজি কেঁচাই পকাই ধ্বংসী নিয়ক”।

বন্ধুজন পুনৰ গ’ল কিবা-কিবি অঘাইটং কাম কৰিবলৈ! মেজিটো জাঁজী নদীৰ কাষতে গৰাৰ ওপৰত আছিল। খেৰ এদ’ম আনি সিঁচিলৈ মেজিৰ কাষতে শুই পৰিলো।

মুখখন মেজিৰ ফালে থাকিলে সন্মূখৰ ফালে গৰম লাগে আৰু পিঠি ফালে নিয়ৰত চেঁচা লাগি আহে। পিঠিটো মেজিৰ ফালে দিলে আকৌ একেই কাহিনী,  পিঠিৰ ফালে গৰম হৈ আহে মুখৰ ফালে চেঁচা লাগি আহে।

এইবাৰ এটা ডাঙৰ খেৰৰ দ’ম আনি সিঁচি ল’লো। তাৰ পাছত আৰু এটা ডাঙৰ খেৰৰ দ’ম আনি তাৰ তলত সোমাই পৰিলো। খেৰৰ মাজেৰে শীত তাপ ইমান সুন্দৰকৈ নিয়ন্ত্ৰন হৈ আহে যে পৃথিৱীৰ আটাইতকৈ বিলাসী কম্বলখন মোৰ গাত থকা যেন লাগিছিল। মই এশ শতাংশই নিশ্চিত যে তেনে এটা “এয়াৰ কণ্ডিচন” মেচিন পৃথিৱীৰ ক’তো আৱিস্কাৰ হোৱা নাই। সেইয়া হৈছে ভোগালীৰ অকৃত্ৰিম ভোগ।

পিচদিনা সকলো ল’ৰাকে মইহে তৰ্জন গৰ্জন কৰিছো। মেজি জ্বলাবৰ সময়ত ক’ত মৰিবলৈ গৈছিলি তঁহতবোৰ। আমি দুটা ল’ৰাই মেজিটো জ্বলাইছো। নীলা শিয়াল ধৰা পৰাৰ ভয় এটা পেটে পেটে আছিল। সেই বাবে বন্ধুজনৰ চকুলৈ চাওঁ। সি যিটো মিচিকিয়া হাঁহি পানীয়ে মৰা বাউ ধান কেইডালৰ দৰে গজি অহা দাড়ি কেইডালৰ তলত মাৰিছে! সেই হাঁহিটো সদায় ধন্যবাদ জনাওঁ। কাৰণ মই লাজ পাওঁ বুলি কোনো দিন ক’তো কথাটো সি প্ৰকাশ নকৰিলে। সেইয়াই আছিল আমাৰ অকৃত্ৰিম মৰম, বন্ধুত্ব। আৰু মই সেই দিন ধৰি আজিলৈকে উৰুকাত চুৰ কৰিব যোৱা নাই।

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *