দৌৰ! জীৱন কালত সকলো প্ৰাণীয়ে দৌৰিব লগাত পৰে।  কেতিয়াবা যদি খাদ্যৰ সন্ধানত, কেতিয়াবা আকৌ আত্মৰক্ষাৰ তাড়নাত। কেতিয়াবা আকৌ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈকে প্ৰাণীয়ে দৌৰিব লগাত পৰে। জন্ম লৈয়ে গৰু পোৱালী এটাই ইফালে-সিফালে দৌৰা-দৌৰি কৰি এই বিশাল বিশ্বক তাৰ আগমনৰ বাৰ্তাহে যেন জনায়!

মানুহেতো গোটেই জীৱন কেৱল দৌৰিয়ে থাকিব লগাত পৰে, হকে-বিহকে। দৈনন্দিন জীৱনৰ প্ৰতি খোজতে মানুহৰ দৌৰা-দৌৰি, ৰ’বলৈ যেন কাৰোৰে সময় নাই। দৌৰ বন্ধ কৰিলেই যেন সকলো স্তব্ধ হৈ পৰিব। কোনোবাই আকৌ দৌৰি দৌৰিয়ে জগত বিখ্যাত হয়। কাৰ্ল লুইৱিছ, ওচেইন ব’ল্টৰ দৰে মনুষ্যক গোটেই পৃথিৱীৰ মানুহে চিনি পায় এই দৌৰৰ কাৰণেই!

দৌৰৰ কাৰণে জীৱনলৈ কলংকিত হোৱাৰ উদাহৰণো দেধাৰ। বেন জনচন তেনে এটি উদাহৰণ যি জনে একমাত্ৰ দৌৰৰ বাবেই কুখ্যাতি আৰ্জিলে। কিন্তু মানুহৰ আচল দৌৰৰ পৰীক্ষা হয় সেই ডাঙৰ বিধ লাগোতেহে। ডাঙৰ বিধ লাগোতে যি দৌৰা-দৌৰি হয় সেইটো একমাত্ৰ লাগোতাজনেহে সেই মুহূৰ্তত অনুভৱ কৰিব পাৰে! এইবিধ দৌৰ ইমান শক্তিশালী যে মানুহে সেই সময়ত কাকোৱেই পৰোৱা নকৰে, আনকি নিজৰ মান-সন্মানো বিসৰ্জন দিব পাৰে। সেই মুহূৰ্তত মানুহৰ লক্ষ্য এটাই, কেনেকৈ দৌৰি গৈ সেই স্বৰ্গীয় স্থানত উপনীত হৈ মুক্তি পাব পাৰি।

এইখিনিতে দৌৰৰ লগত জড়িত দুটা হাস্য-মধুৰ ঘটনা উল্লেখ কৰিব খুজিছোঁ, যি দুটাৰ লগত মই ব্যক্তিগতভাৱে জড়িত আছিলো।

ঘটনা ১ – গুৱাহাটীত ডিগ্ৰী পঢ়ি থকা দিনৰ কথা। আমি চাৰিজন ছাত্ৰই মেচ কৰি আছিলো। ঘৰৰ কটকটীয়া বান্ধোনৰপৰা ওলাই আহিছোঁ মাথোন। মুক্ত জীৱনৰ উদযাপন প্ৰতি মুহূৰ্ততে! তেনে এটা দিনতে আমি তিনিজন ওলালো অপ্সৰা হলত মেটিনি শ্ব’ চাবলৈ। ভাত-পানী খাই ওলাইছোঁ, পেট গধুৰ হৈ আছে। মই বোলো খোজ কাঢ়ি নাযাওঁ, ৰিক্সা এখন ল। কৈছোঁ নহয় সেই পাঁচ টকা ৰিক্সা ভাড়া দিবলৈও বাকী দুটা নাৰাজ। শেষত মইয়ে ভাড়া দিম কোৱাত তিনিওটাই ৰিক্সাত উঠিলো। নক’লেও হ’ব মই এটাৰ কোলাত বহি গৈছিলো। যথাসময়ত উলুবাৰী চাৰিআলি পালোগৈ, ইয়াতে আমি নামিব লাগিব। ৰিক্সা ভালকৈ ৰখাবলৈ পোৱাৰ আগতেই মই জাপ মাৰি নামি অপ্সৰা হলৰ দিশত দৌৰিব ধৰিলো। ভাড়া যিয়ে দিয়ে দিয়ক, ফছক কোনোবা এটা। সেই অভিপ্ৰায়েৰে প্ৰায় ৫০ মিটাৰমান দৌৰিলো। পিছলৈ ঘূৰি চোৱা নাই।

হঠাৎ শুনিলো – “অ’ ভাইয়া, কিয়ো ভাগ ৰেহে হ’, ভাড়াঠু দিজিয়ে হামকো।”

দৌৰ বন্ধ কৰি পিছলৈ ঘূৰি চাই দেখো, মোৰ পিছে পিছে বাকী দুটাইও পূৰ্ণগতিত দৌৰি আছে আৰু সিহঁত দুটাৰ পিছে পিছে সেই দুৰ্ভগীয়া ৰিক্সা চালকজন। কাৰবাৰটো দেখি মই হাঁহিত ৰ’ব পৰা নাছিলো। যিকি নহওক, আকৌ ঘূৰি আহি চালকজনক নায্য ভাড়াটো দিলোহি। এই ঘটনাটোৱে আমাক এতিয়াও হাঁহিৰ খোৰক যোগায়। আমি তিনি বন্ধু লগ হ’লে আজিও সেইটো কথা আলোচনা হয় আমাৰ মাজত।

ঘটনা ২ – লামডিং। গৰিষ্ঠ সংখ্যক বাংলাভাষী লোক বাস কৰা অঞ্চল। বিজয়া দশমীৰ দিনা ইয়াত দেৱী বিসৰ্জন দিয়াৰ পূৰ্বে এক বিশাল শোভাযাত্ৰা ওলায়। প্ৰায় বেছি সংখ্যক পূজামণ্ডপৰ প্ৰতিমা লৈ হাজাৰ-হাজাৰ মানুহে এই শোভাযাত্ৰাত চামিল হয়। ডিজেৰ তালে-তালে ডেকাচামৰ কি উদ্দাম নৃত্য। সঁচাকৈয়ে চাবলগীয়া হয় এই শোভাযাত্ৰা।

এবাৰ তেনেকুৱা এক বিজয়া দশমীৰ শোভাযাত্ৰাৰ কথা। চাৰিআলি এটাত ৰৈ সেই শোভাযাত্ৰা চাই আছোঁ। এনেতে ৰেলত কৰ্মৰত মোৰ ভ্ৰাতৃসম বন্ধু এজন মোৰ কাষত ঠিয় হ’লহি।

“শইকীয়া ইয়াত যে! পূজাত ঘৰলৈ নগ’লা নেকি? ঘৰত লগে-ভাগে পূজা নাচাই ক’ত লামডিঙত অকলে অকলে পূজা চাই আছাহে?” – মই আচৰিত হৈ সুধিলো।

শইকীয়াৰ ঘৰ নগাঁৱত, ইয়াত অকলে থাকে। ঘৰত মাক, ঘৈণীয়েক আৰু দুবছৰীয়া ছোৱালীজনী।

“ঘৰলৈ গৈছিলো দাদা। কিন্তু আজিৰ এই দশমীৰ ৰেলীটো চাবলৈকে ঢপলিয়াই আহিছোঁ। এওঁ আহিবলৈ নিদিয়ে। শেষত অফিচাৰে ফোন কৰি আজি অফিচলৈ মাতিছে বুলি ফাঁকি মাৰি ৰাতিপুৱাই লামডিং আহিলো” – ভলভলীয়া শইকীয়াই ক’লে।

“তাৰমানে তুমি এতিয়া অফিচত ন?” – হাঁহি-হাঁহি মই ক’লো।

“হয় দাদা, উপায় নাই আৰু” – তেওঁও হাঁহি এটা মাৰি উত্তৰ দিলে।

দুয়োজন আকৌ ব্যস্ত হ’লো সন্মুখৰ শোভাযাত্ৰা চোৱাত। এনেতে দেখোঁ শইকীয়াই তীব্ৰ দৌৰ দিছে শোভাযাত্ৰাৰপৰা দূৰলৈ। মই একো ততেই ধৰিব নোৱাৰিলো কি হৈছে, কিয় দৌৰিছে ‌। আৰু ঘূৰি নাহিল তেওঁ। এটা সময়ত মইও শোভাযাত্ৰা চাই ঘৰলৈ ঘূৰি আহিলো।

পিচদিনা শইকীয়াক লগ পাই সুধিলো কালি কি হৈছিল, কিয় দৌৰিছিলা বুলি! উত্তৰত যিখিনি শুনিলো হাঁহিত পেট বিষাই গৈছিল। শইকীয়াৰ মুখেৰেই শুনক বাৰু, –

“দাদা, কালি আপোনাৰ লগত কথা পাতি উঠি শোভাযাত্ৰা চাই থাকোতেই পকেটত থকা মোবাইলটো উলিয়াই সময় কিমান হৈছে চাবলৈ খুজিছিলো। সময়ৰ পৰিৱৰ্তে কি দেখিলো জানে? এওঁৰ মিছ্ডকল! এটা দুটা নহয় একেবাৰে ৩৫ টা।

সেইটোতকৈও ডাঙৰ কথা তেতিয়াও তেওঁ ৰিং কৰিয়ে আছিল। মইতো অফিচ কৰিম বুলি ফাঁকি মাৰি আহিছোঁ তেওঁক। এই নাচ-গানৰ হুলস্থূলৰ মাজত যদি মই তেওঁৰ ফোন ধৰিলোঁ হয় মোৰ কি অৱস্থা হ’ল হয় এবাৰ চিন্তা কৰক। সেইকাৰণে দৌৰ দিলো। দৌৰি-দৌৰি সম্পূৰ্ণ নিৰ্জন ঠাই এটুকুৰা পোৱাৰ পিছতহে তেওঁৰ ফোন ৰিচিভ কৰিলো। তেতিয়ালৈ মিছ্ডকলৰ সংখ্যা ৬৫ টা। বহুত ভয় খালো দেই কালি!”

দেখিলে দৌৰৰ কামাল! খেনোৱে দৌৰি বঁটা পাই আৰু খেনোৱে দৌৰে আত্মৰক্ষাৰ বাবে!

☆★☆★☆

Comments

  1. শইকীয়া দা ই আগতে দৌৰ প্ৰতিযোগিতাত ১ম পুৰস্কাৰ পাইছিল চাগে। মানে শইকীয়া দা ৰ দৌৰৰ গতি আছে, নহ’লে ১০০ টা মিচক’ল য়ে হ’ল হৈ

  2. বঢ়িয়া লাগিল তোমাৰ “দৌৰ”ৰ অভিজ্ঞতা, দ্বিতীয়টোৰ দৰে অভিজ্ঞতা এটা মোৰো আছে।

    ভবিষ্যতেও তোমাৰ লিখা এই ই-আলোচনীত পঢ়ি থাকিবলৈ পাম বুলি আশা ৰাখিলো

    1. ধন্যবাদ দাদা । আপোনাৰ অভিজ্ঞতাটো জনাব আকৌ আমাক

  3. সৰু সৰু কথাৰ সুন্দৰ প্ৰকাশভংগীৰে এটা ভাল লিখা।

  4. হাঃ হাঃ ৰাজদ্বীপ, মজা লাগিল৷ শেষৰ চিটুয়েচনটো তামাম আছিল৷

  5. প্ৰত্যকৰে জীৱনলৈ এনেকুৱা দৌৰ যে আহে সেয়া নিশ্চিত। লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ হয় কিন্তু তাড়না একেই থাকে।

  6. হাঃ হাঃ বঢ়িয়া লাগিল। হয়, জীৱনটোৱেই দৌৰৰ সমষ্টি।

  7. বৰ ভাল লাগিল । হোষ্টেলৰ গেট বন্ধ হোৱাৰ ভয়ত টাউনৰ মাজত চেন্দেল হাতত লৈ দিয়া দৌৰটোলৈ মনত পৰি গ’ল।

    1. কম বেছি পৰিমাণে আমাৰ সকলোৰে এনেকুৱা দৌৰৰ অভিজ্ঞতা আছে ন

  8. মোৰ যে কি হব 98 কেজি দেহাটো লৈ খোজকঢ়াটোৱে মস্কিল ,তাতে যদি দৌৰিব লগা হয় উফ উফ উফ ভাবিয়ে ভাগৰ লাগিল

  9. মজা লিখিলে। আচল দৌৰৰ ঘটনা এটাও দিব পাৰিলে হয়।

    1. ধন্যবাদ । আচল দৌৰৰ অভিজ্ঞতা সকলোৰে আছেই । নতুনকৈ আৰু কি জনাম ন

  10. বৰ ভাল লাগিল। সুন্দৰভাবে ছবি এখন আকিবলৈ সক্ষম হৈছে।

  11. মজা! দৌৰ দৌৰ নিজ ভৰিবলে, দৌৰিব নোৱাৰিলে যাবি ৰসাতলে 🙂

Leave a Reply

Your email address will not be published. Required fields are marked *