ৰাতিপুৱা উঠি প্ৰাতভ্ৰমণত গ’লো, আহি দেখোঁ মানুহজনীয়ে লেপ লেপকৈ চুলিৰ লগতে অনিশ্চাকৃতভাৱে কপালে কাণে কিবা কলা ৰং লগাই থৈছে। মই এতিয়া বুঢ়া হ’লো বুলিয়েই যে যিকোনো গোন্ধ শুঙি শুঙি ঘৰখনৰ বাৰাণ্ডাত বহি থাকিম তেনে নহয়। তাইলৈ মই পোন্দোৱাকৈ চালো। তাই চকু ডাঙৰ কৰি সুধিলে,- ” কি চাইছে হা? সংসাৰ কৰি কৰি চুলি পকালো।”

“হু , মোৰতো দাঢ়িও পকিল”-মোচকোচাত হাত বুলাই চালো।

উফ, ৰক্ষা!  পালো চাহকাপ খাবলৈ কিবাকৈ ভাগত। ন-বোৱাৰীয়ে আহি দি গ’ল। তাই অহাৰ পৰা এওঁ‌ গা-ধুই অহালৈ নৰখিলেও চাহকাপ খাবলৈ পাওঁ‌। সেয়ে তৃপ্তি মোৰ। বুঢ়া হৈছো,  বুঢ়ী মোতকৈ আগতে সিপুৰী পালে এইজনীৰ হাততে মোৰ জীউ যাব। কথাবোৰ ভাৱি থাকোতে ঘৰৰ মন্দিৰৰ টিলিঙাৰ সৈতে ধূপৰ গোন্ধ এটা ভাহি আহি মোৰ নাকত লাগিল ।

বুঢ়ীয়ে ন-বোৱাৰীৰ লগত ভালকৈ মিলিছে যেন পাইছো। দুয়োৰে হাঁহি আহি মোৰ কাণত পৰিল। ভুমুকি মাৰি দেখো বুঢ়ীক বোৱাৰীয়ে মুখত কিবা ডাঠ সেউজীয়া জাতীয় লেপন লগাই আছে! অসমীয়াৰ চাৰি সংখ্যাটোৰ দৰেই বুঢ়ীৰ এখন গাল এৰি আনখন গালত ঘঁ‌হি আছে। মই অলপ হাউলি চোৱা দেখি বুঢ়ীয়ে লেপনভৰ্তি মুখখনেৰে মোলৈ এনেকুৱা এটা চাৱনি দিলে যেন আপুনি মোক এনেকৈ চালে ধুৰুপ মই পুনৰ বুঢ়ী হৈ যাম।

বুজিলো, মন্দিৰৰ টিলিঙা ন-বোৱাৰীয়ে বজাইছে। বহুত সময় ৰখিলো, মিঠাতেলৰ মাটিৰ চাকিগছি জ্বলি শেষ হ’লে এটি ধুনীয়া সুবাস আহি নাকত লাগে। আজি যে এতিয়ালৈ পোৱা নাই, কথাটো কি?  সেই সুবাসতে মোৰ মনত পৰি যায় তাহানি আইৰ গাখীৰৰ সৰৰ পৰা ঘিউ পগোৱা গোন্ধ, আদা-নহৰু দি মাংস, মাছ, তৰকাৰী বনোৱাৰ গোন্ধ। তাহানি পিতাইৰ খেতিৰ প্ৰতিটো বস্তুৰ সজীৱতাৰ গোন্ধই মোৰ প্ৰাণ ভৰাইছিল। এতিয়া পিচে পাবলৈ নাই, বজাৰৰ শাক-পাঁচলিত সেই গোন্ধ নাই। আৰু আমাৰ গোঁ‌হালিৰ গৰুৰ গোৱৰ আৰু পেচাৱৰ গোন্ধবোৰ….।

উফ! ঘৰ এখন হ’বলৈ গোন্ধৰ ইমান ভুমিকা আছে, এতিয়া ভাৱোঁ কথাটো। ঘৰখনত তেতিয়া কি কি গোন্ধ কি কামত আছিল মই কৈ দিব পাৰিছিলো। আই কি কি গোন্ধত কেনেভাৱে ব্যস্ত আছিল, জানিছিলো। খাটি সৰিয়হৰ তেল আইয়ে চুলিত লগালে নে, মুখত নে ফটা গেৰুৱাত লগালে সেয়াও জান জানিছিলো, অনুভৱ কৰিছিলো!

আজি পিচে মন্দিৰৰ চাকিগছি জ্বলি চাগে শেষ হ’ল! গোন্ধ নাইচোন, মই গা-ধোৱা নাই বাবে মন্দিৰৰ বাহিৰৰপৰা হাউলি চালো। হে হৰি, ন-বোৱাৰীয়ে কি কৰিছে,  মন্দিৰত যে অত পৰে ধূপ, প্ৰদীপ জ্বলোৱাই নাই। মই বুঢ়ীৰ ওচৰলৈ দৌৰি গ’লো। বুঢ়ীয়ে তেতিয়ালৈ গা-পা ধুই পিতলৰ ঘটিটো হাততলৈ পূজাৰ বাবেই সাজু হৈছিল। মোলৈ চাই চকুহাল চঞ্চল কৰি ক’লে, -“চাওঁ গুচক।”

“ধুনীয়া ধূপৰ গোন্ধ পাইছিলোচোন”….!

“ন-বোৱাৰীয়ে মোক ফেচিয়েল কৰি দিলে, ফেচিয়েল ক্ৰীমৰ গোন্ধ”।

“টিলিঙাৰ শব্দটো? – লাজে মানে মোৰ দৰেই মহামূৰ্খৰ মুখৰ মাত নাইকিয়া হৈ গৈছিল।”

“সেইটো টিলিঙাৰ শব্দ নহয়হে। কাপোৰ ধোৱা মেচিনটোৰ টাইমিং শেষ হোৱা শব্দ।”

নিজৰ অজ্ঞতাৰ ওপৰত ইমান লাজ লাগিল যে সাউতকে বাথৰূমত সোমালো। মূৰ-গা ভালকৈ ধুই লাজখিনি গুচাই দিওঁ‌ বাৰু! বাথৰূমৰ ভিতৰত এটা নতুন গুলপীয়া বগা মলমৰ টিউব পাই কি আছে ভাৱি মুখত লগাই-চাৰি ঘুৰাই থাকিলো। চাৱাৰ খুলি মুখখন ধুই দিয়াৰ লগে লগে খুব পাতল আৰু চাফা লাগি গ’ল। ফূৰ্তিতে ৰং পাই ভাৱিলো বুঢ়ীয়ে যদি পাৰে ষ্টাইল মাৰিব মই কিয় নোৱাৰিম! বাথৰূমৰ পৰা ওলাই আহি কাপোৰ-সাজ সলাই ডিঙিত গামোচাখন লৈ মন্দিৰত যাব লওঁতে ন-বোৱাৰীয়ে মোক দেখি বিকট চিঞৰ এটা মাৰিলে। মই ঠাইতে ৰৈ গ’লো। বোৱাৰীয়ে দেখো কাপোৰ-কানি ধুনীয়াকৈ পিন্ধি আছে! মইও আছোতো! কিবা পোক-চোক ওলাল নেকি?

বুঢ়ীয়ে আহি মোৰ গাত ধৰি জোকাৰি দিলে,- ” আপুনি মোচকোচা কটাৰ লগতে চেলাউৰি কিয় বখলিয়ালে ? হে হৰি, ন-কইনাক চাবলৈ অহা মানুহৰ আগত কেনেকৈ ওলাব আৰু আলহী খাবলৈ মাতি যোৱা মানুহৰ ঘৰলৈ আপুনি এতিয়া কেনেকৈ যাব?  আপোনাৰ বাবেই মই মানে চেলাউৰি নগজালৈ ঘৰতে ভাত বনাই থৈ যাব লাগিব?”

ন-বোৱাৰীয়ে খুব শুৱলাকৈ ক’লে, -” পাপা, আপুনি গা-ধোৱা বডিচেম্পু বুলি হেয়াৰ ৰিমো’ভাৰ ক্ৰীমহে লগালে।”

“আগতে কাহানিও সেইবোৰ বাথৰূমত নাছিল। কৰপৰা সোমালে?”- মই পুত্ৰ-বোৱাৰীৰ লগত লোকৰ ঘৰে ঘৰে আলহী খাবলৈ সুবিধা নোপোৱাৰ দুখত ফেঁকুৰি উঠিলো।

“আপুনি গোন্ধটোও নিচিনিলে নে, বডিচেম্পু নে হেয়াৰ ৰিমো’ভাৰ?” –বুঢ়ীয়ে জকজকাই উঠিলে।

হয়তো মোৰে দোষ। প্ৰতিটো প্ৰসাধনৰ প্ৰ’ডাক্টৰ গোন্ধ চিনালৈ মই জীয়াই থাকিম জানো! আজিকালিৰ ল’ৰা-বোৱাৰীহঁ‌তে যিমানমখা প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে!

লাজে-মানে চেলাউৰি গঁজিবলৈ কেঁ‌চা শিলিখা আৰু আমলখিৰ ৰস পাণৰ ঠাৰিৰে সৰু কেঁচুৱাৰ দৰে লগালো। কিমান দিনলৈ ফুল ফুলি ফল হয় জানিবলৈ ব্যগ্ৰ হৈ থাকিলো। পিচে বুঢ়া বয়সত ইমান সোনকালে ফল নাপালো,  আজি পোন্ধৰ দিন ৰৈ ভাবিলো, – “ছেঃ , গোন্ধটো কিয় নিচিনিলো।“- নিজৰ ওপৰতে খং উঠিল মোৰ।

☆★☆★☆

 

Comments

  1. কি সুন্দৰ বৰ্ণনা । সঁচা কথা , যুগৰ পৰিবৰ্তনত হেৰাই গৈছে চিনাকি গোন্ধবোৰ ।

  2. নাই নাই গোন্ধবোৰ চিনাকি হৈ থব লাগিব দেই ! নহলে বুঢ়া বয়সত কি হয় কোনেও নাজানে ।

Leave a Reply

Your email address will not be published. Required fields are marked *