এটা সময় আছিল, যেতিয়া সৰু আছিলো- কেতিয়া ডাঙৰ হম,  কেতিয়া ডাঙৰ হম সেই চিন্তাত দিন নাযায় ৰাতি নুপুৱাই হৈছিল৷ এতিয়া আদবয়স পাৰ হওঁ হওঁ৷  ৰিলেটিভিটীৰ কৱলত পৰি বয়সটো তীব্ৰ গতিত বাঢ়িছে যদিও মনটোক আগবাঢ়িবলৈ দিয়া নাই৷ সেই তাহানিতে “লক” কৰি দিলো৷ কিছু অপূৰ্ণ আশা পুহি ৰাখিছোঁ,  পূৰণ কৰিম বুলি৷ আজিকালি কোনোবাই বয়স বাঢ়িলে বুলি ক’লে নিজকে সান্ত্বনা দিবলৈ এপাত “ডিফেন্স মেকানিজিম” বনাই লৈছো,-“মই চলমান খানৰ লগৰ৷ শ্বাহৰুখ আৰু আমিৰতকৈ সৰু মই৷” এইটোৰ পৰা দুটা লাভ হয়,  এক- নিজৰে ইয়ং ইয়ং ফিলিং এটা আহি থাকে,  দুই- প্ৰতিপক্ষৰ মনতো মোৰ প্ৰতি মনোবিজ্ঞানিক সহানুভূতি এটাই দখল কৰি লয়৷ অৱশ্যে মোৰ জীয়ৰীয়ে কেতিয়াবা এইটো “আৰ্গুমেণ্ট”তো “কাউণ্টাৰ” মাৰিব আহে-

“বয়সেদি কম হলে কি হ’ব, তোমাৰতো সিহতৰ দৰে বডি নাই!”

সেই আৰ্গুমেণ্টক ধুলিস্যাৎ কৰিবলৈ উত্তৰো ৰেডী থাকে- “অহা মাহৰ পৰা জিম জইন কৰি আছো,  তাৰ পিচত চাবা৷” নিজৰ মানুহ বুলি মুখ টিপি হাঁহি তাই আলোচনাটো সিমানতেই সমাপ্ত কৰে৷

প্ৰতি বছৰে “টু ডু লিষ্ট” খন আপডেট কৰি যাওঁ,  “নোৱাৰিম” বা “মোৰ দ্বাৰা নহব” বা “দৰ্কাৰ নাই” টাইপ বস্তুবোৰ ডিলিট মাৰি গৈ থাকো৷ এটা বস্তু ডিলিট কৰিব পৰা নাই- সেয়া হ’ল “জিম”ত গৈ ‘এক্সেৰচাইজ’ কৰা৷ ডিচেম্বৰ মাহৰ আৰম্ভণি মানৰ পৰা এই চিন্তাটোৱে ভূমুকি মাৰে, -টাৰগেট ডেট হিচাবে ১ জানুৱাৰীটো ৰেডিমেট তাৰিখ হিচাবে ফিক্স কৰি দিয়া হয়৷ এইবাৰো তাৰ পুনৰাবৃত্তি নোহোৱাকৈ নাথাকিল৷ পিচে এইবাৰ ঘটনাৰ আৰম্ভণিটো অলপ বেলেগ ধৰণৰ আছিল৷

জানুৱাৰী মাহৰ এক তাৰিখ,  মোৰ বাবে ছুটীৰ দিন৷ আগদিনা দুপৰ নিশালৈ পাৰ্টি কৰি আবেলি অলপ আৰাম কৰোঁ বুলি বিচনাতে মোবাইলটো লৈ কিবা কৰি আছিলোঁ৷ ক’বলৈ পাহৰিছিলোঁ,  মোবাইলটোক এওঁ সতিনীৰ চকুৰে চায়৷ ফেচবুকটো খুলি কি জানো কৰি আছিলো,  হেন সময়তে আহক এওঁ,  আহিয়েই আৰম্ভ কৰিলে,-

“কি হ’ল?  আজি চোন জিমৰ খবৰ কৰিব যাম বুলি কৈছিলা,  শুইয়েই থাকিলা যে?”

“কালিৰ পৰা যাম৷ এইবাৰ চিউৰ!”- মই কনফিডেণ্টলি উত্তৰ দিলোঁ৷

এওঁ কথাষাৰক বিশেষ গুৰুত্ব নিদি নিজৰ কামত লাগিল গৈ৷ যাওঁতে কৈ যোৱা বাক্য এষাৰে বুকুত শেলে বিন্ধাদি বিন্ধি গ’ল!

“হ’ব দিয়া,  পেট পেলাই শুইয়ে থাকা,  শুই-শুই কল্পনা কৰি থাকোতেই চলমানৰ দৰে বডি বনি যাব!”

তাৰ পিচত আৰু এক মিনিটো ৰৈ থকাৰ প্ৰশ্নই নুঠে৷ এনে লাগিল বাক্য শাৰীয়ে যেন মোৰ পুৰুষত্বৰ ওপৰতে এক বজ্ৰাঘাট হানি গ’ল৷ বিচনাৰ পৰা একেজাপে উঠি চিধাই জিম পালোগৈ৷

উল্লেখযোগ্য যে আগৰ বছৰত প্ৰৱেশ কৰা জিম বোৰত দ্বিতীয়বাৰ পদাৰ্পণ কৰাৰ দুঃসাহস নকৰিলো,  নতুন বছৰ নতুন জিম৷ গৈ পায়েই ইন্সট্ৰাক্টৰৰ লগত কথা বতৰা আৰম্ভ হ’ল৷

“এইফালে আহক”- বুলি আওঁহতীয়া কোঠা এটালৈ লৈ গৈ ক’লে, -“চোলাটো খোলক চোন! আৰু চিধাহৈ দীঘল দীঘল উশাহ নিশাহ লওক!”

চোলা খুলি দীঘল উশাহ লৈ পেটটো ভিতৰলৈ টানি হাত দুখন টান কৰি ঠিয় হ’লোঁ৷ তেওঁ মোক চাৰিওফালৰ পৰা চিৰিয়াখানাৰ জন্তু পৰীক্ষা কৰাদি কৰি উঠি ক’লে,- “উশাহটো এৰি দিয়ক!” পেটটো সামান্য হেঁচুকি দি ক’লে,- “আপুনি বহুত “ৱৰ্ক-আউট” কৰিব লাগিব,  ফেট্চ বহুত আছে৷”

ৱালত লগোৱা পোষ্টাৰ দুখন মান দেখুৱাই ক’লে, -“এইজন চিলভেষ্টাৰ ষ্টেল’ন আৰু অন্যজন আৰন’ল্ড ছোৱাৰজেনেগাৰ৷ এওঁলোকে জীৱন ভৰ কৰিহে এই অৱস্থা পাইছে৷ আপুনি মিনিমাম ছমাহ কৰিলেহে ছে’পত আহিব৷ পোন্ধৰ দিনত ৰিজাল্ট পাই যাব৷ “এবচ”, “বাইচেপ” আৰু “ঠাই-মাশ্বল”ৰ ওপৰত কাম কৰিব লগীয়া আছে৷ লগতে “ডায়েট” টো বঢ়াব লাগিব৷ ডায়েটৰ চাৰ্ট এখন দি ক’লে, – “এতিয়া অলপ ফ্ৰী হেণ্ড এক্সেৰচাইজ কৰক,  পাৰিলে ডাম্বেল প্ৰেকটিচ কৰক৷ ক’বলৈ পাহৰিছিলোঁ যে তেওঁ মোৰ দেহৰ সমগ্ৰ অংগ-পতংগৰ জোখ-মাখ এডাল ইঞ্চি টেপেৰে জুখি বহী এখনত নোট কৰি ল’লে৷ মোবাইলেৰে ময়ো জোখ-মাখ বোৰ ফটো মাৰি চেভ কৰি ল’লোঁ৷

মই মেইন জিম ৰুমত সোমালো৷ প্ৰায় পাঁচজন মান কলেজীয়া ল’ৰাই ঘামি জামি কিবা-কিবি যন্ত্ৰপাতি দাঙি দাঙি প্ৰেকটিচ কৰি আছে৷ মোৰ বয়সৰ কোনো নাছিল যদিও,  লাজ কাজ নকৰি সকলোতকৈ সহজে কৰিব পৰা দুই কিলো লিখা ডাম্বেল দুডালে হাতত তুলি ললো৷ প্ৰায় দুই মিনিট ডাম্বেল দুডাল অলিম্পিকৰ ভাৰোত্তোলন কৰা খেলুৱৈৰ দৰে উঠোৱা-নমোৱা কৰি আছো,  এনেতে চেঙেলিয়া হেন ল’ৰা এজনে আহি ক’লে, -“দাদা, ডাম্বেল তেনেকে নুঠাই নহয়,  একে জেগাতে বহি অকল হাত দুখন বাইচেপ বনিবৰ বাবেহে উঠায়!” সি দেখুৱা ধৰণে পাঁচ মিনিট মান কৰিহে বুজিলো এয়া কি কষ্টকৰ কাম হ’ব৷ বেঞ্চপ্ৰেচ খনতে এবাৰ চেষ্টা কৰোঁ বুলি সেইখনত সোমাই গ’লো৷ ল’ৰাজনে মোৰ অৱস্থাটো দেখি ৰ’ড ডালৰ পৰা ওজনবোৰ আঁতৰাই ক’লে,- “দাদা,  খালি ৰ’ড ডালকে উঠা নমা কৰি থাকক৷ “ৱেইট” দিলে কষ্ট পাব৷” তলত শুই লৈ খালি ৰ’ড ডালকে দুবাৰমান উঠা-নমা কৰি বুজি পালো এইটোত কৈ ডাম্বেলে বহুত সুবিধাজনক হ’ব৷ পুনৰ ডাম্বেলেৰে কছৰৎ কৰি কৰি হাত দুখন নিবিষোৱা লৈ চলাই গ’লো৷

প্ৰায় এঘণ্টা মানৰ মুৰত বাকী যন্ত্ৰপাতি বোৰো এফালৰ পৰা পৰীক্ষা-নিৰীক্ষা কৰি প্ৰথম দিনাৰ কাৰ্য্যসূচী ইয়াতেই সামৰোঁ বুলি ইন্স্ট্ৰাকটৰৰ ওচৰলৈ আহিলো৷ তেওঁ নাম,  ফোন নম্বৰ আদি এণ্ট্ৰি কৰি ছয় হাজাৰৰ ৰচিদ এখন কাটি মোলৈ আগবঢ়াই দিলে৷

লগতে ডায়েট চাৰ্ট আৰু কেইটামান মলম জাতীয় দৰৱৰ নাম লিখি দি ক’লে- “এইখিনি তলৰ ফাৰ্মাচীতে পাব লৈ লওঁক৷ বডীৰ লগত স্কীনৰ তালমিল দৰ্কাৰী হ’ব, গতিকে আজিয়েই কিনি ল’ব৷”

এডমিছন ফিজটো দি ধন্যবাদসূচক কথা বাৰ্তা পাতি জিমৰ পৰা বিদায় ললোঁ৷ ফাৰ্মাচী খনৰ পৰা এহেজাৰ মান টকাৰ দ্ৰব্য খিনি কিনি ওচৰৰে সৰু চাহ-দোকান খনত কণী চাৰিটা হাফ বইল কৰিব দি মোবাইলত ডায়েট চাৰ্টখন মেলি চালোঁ৷

এটাও পচন্দৰ বস্তু নাছিল যদিও “কিবা পাবলৈ কিবা হেৰুৱাবই লাগিব” টাইপ ফিলিং এটা আনি মই মানসিক ভাবে প্ৰস্তুত হ’লো৷ চাৰিটা হাফ বইল কণী খাই তাৰ পৰা ওভতিলোঁ৷ আহোতে বজাৰৰ পৰা কল,  কমলা,  আপেলৰ লগতে বজাৰৰ আধামান শাক-পাঁচলি দাঙি লৈ আহিলোঁ৷

ঘৰত আহিয়েই বডী বিল্ডাৰ টাইপ প’জ এটা দি অলপ পায়চাৰী কৰি থাকোতেই এওঁৰ চকুত পৰিলো৷ এওঁক বজাৰ খিনি চমজাই দি দি ক’লোঁ,-” বুজিছা,  আজিৰ পৰা যা-তা বস্তু খালে নহ’ব,  অলপ খোৱা লোৱাৰ যত্ন ল’ব লাগিব৷ আৰু তুমিও জিম জইন কৰি লোৱা৷ ছে’পত আহিবলৈ যত্ন কৰা৷”

প্ৰায় ভেকাহি মাৰিয়েই কৈ উঠিল, – “হব দিয়া,  আগতে নিজেই হৈ লোৱাচোন৷ মোৰ কথা ভাবিব নেলাগে৷ মই এনেও সেইটো জিমত নেযাওঁ৷ আৰু তোমাৰ দৰে ঘাঁহ বনসোপা খাই মই জীয়াই থাকিব নোৱাৰোঁ৷ চিকেন পোকৰি অলপ বনাই থৈছোঁ, খাই লোৱা৷”

জীৱনত প্ৰথম বাৰ চাৰিটা কণী একেলগে খাই পুনৰ দুই প্লেট চিকেন পোকৰী পেটত সুমুৱাই বেছি দেৰি ৰখিব পৰা নাছিলোঁ৷ ৰাতি বিশেষ একো নেখাই বিছনাত পৰিলোঁ৷

প্ৰায় পোন্ধৰদিন ধৰি নিৰ্বিঘ্নে এই কাৰ্য্যসূচীৰ লগতে খোৱা-লোৱাও পুৰ্ণোদ্যমে চলি থাকিল৷ দুসপ্তাহৰ মূৰত ইন্সট্ৰাক্টৰ আহিল মোৰ পৰীক্ষা ল’বলৈ৷ ইঞ্চি টেপ ডালেৰে মোৰ “ভাইটেল ষ্টেটিষ্টিকচ” বোৰ পুনৰ জুখিলে৷ মই একান্ত বাধ্য মিলিটাৰীৰ দৰে তেওঁৰ সন্মুখত ঠিয় দি থাকিলোঁ৷ নকলেও হ’ব যে মোৰ বাইচেপ,  ট্ৰাইচেপ,  বুকু পিঠি বা অন্য অংগ প্ৰত্যাংগৰ ১ মিলি মিটাৰো হেৰ ফেৰ ন’হ’ল৷ পেটৰ ব্যাস বোধহয় প্ৰায় আধা ইঞ্চি বাঢ়িছিল৷ ইন্সট্ৰাকটৰৰ আগৰ মুখৰ চেহেৰা লাহে লাহে সলনি হৈ দাৰ্শনিকৰ দৰে হ’ল৷ তেওঁৰ মুখেদি মাথো এটাই বাক্য নিৰ্গত হ’ল৷

“ইটচ্ নট ৱৰ্কিং! ইউ হেভ টু ট্ৰাই এ লিটল বিট হাৰ্ডাৰ!”

সেইদিনা চলচলীয়া চকুৰে মই বিদায় মাগিলোঁ৷

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই যোৱা চাৰি দিন ধৰি জিমৰ ফালে যোৱা নাই! বোধহয় এই বছৰৰ নিউ ইয়েৰ ৰিজলিউচনৰ ইয়াতেই ডি এণ্ড হ’ব৷ মই নিজকে পুনৰ নীলা আকাশৰ তলত বিচৰণ কৰা মুক্ত-বিহংগৰ দৰে অনুভৱ কৰিছোঁ৷

এতিয়া চিন্তা কৰি আছোঁ এওঁক কি বুলি কওঁ!

☆★☆★☆

Comments

  1. বঢ়িয়া দাদা, খুব ভাল লাগিল পঢ়ি। ট্ৰেডমিল কিনিবলৈ লৈও বাদ দিলো, পিছত কাপোৰ শুকুৱাবলৈ ব্যবহাৰ হয় বুলি

  2. কিনো ক’ম! নামত ট্ৰেডমিল আছে যোৱা দহবছৰ ধৰি। কাপোৰ ওলমি থাকে। জ্যোতিৰ্ময় অ’এলএক্সত বিক্ৰি কৰি দিওঁ বুলি ক’লেই দুদিনমান খোজ কাঢ়োঁ, তাৰপিচত সেই একেই টাৱেল ওলমোৱা হৈ থাকে।
    বৰ সুন্দৰকৈ বৰ্ণনা কৰিলে।

  3. নিউ ইয়েৰ ৰিজলিউচনটো মানে ২০১৮ নে ২০১৯ ৰ কাৰনে ঠিক কৰিছে

  4. এইবাৰ শকত হম, একেবাৰে চুম’ ৰেচলাৰ হৈ যাম বুলি ৰিজলিউচন লওক। যিহেতু সদায় ৰিজলিউচনৰ ওলোটা হয়, গতিকে ফল পোৱাৰ আশা আছে।
    ইমানলৈকে ফ্ৰী, ইয়াৰ পাছত আৰু উপদেশ লাগিলে ব্যক্তিগত ভাৱে যোগাযোগ কৰক !! 🙂

    ভাল লাগিল দাদা- সকলো ৰিজলিউচনেই এনেকুৱা হয়গৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *