ইঞ্জিনিয়াৰিঙৰ প্ৰথম  চেমেষ্টাৰৰ হোষ্টেলৰ কথা।

এমাহমান যোৱাৰ লগে লগে হোষ্টেল লাইফটোৰ লগত এডজাষ্ট হৈ গৈছো আমিবোৰ। ক’ত কি কৰিলে ৰেগিঙৰ পৰা অলপমান হলেও বাছি যাব পাৰি গম পোৱা হৈ গৈছো। আমি কেইটামানে কিছুমান ৰিস্কও লোৱা আৰম্ভ কৰি দিছিলো। গধুলিটো হোষ্টেলত পিলিং-পালাং কৰি চবৰ আগত দেখা দি ৰাতি কলেজৰ লাষ্ট বাছখন খালি হৈ ৯ টা বজাত কাছাৰীলৈ ঘূৰি যাওঁতে তাতে কোনেও নেদেখাকৈ উঠি ৰাতিটো কটনৰ হোষ্টেলত কটাই দিয়াৰও অভিজ্ঞতা হোৱা হ’ল। আকৌ ৰাতিপুৱা কাছাৰীৰ পৰা ৬ টাতে অহা বাছখনত আহি হোষ্টেলত মনে মনে ধৰা নপৰাকৈ  সোমাই দিব পৰা হৈ পৰিছিলো। কোনোবাই ৰাতি ক’ত আছিলি বুলি সুধিলে হোষ্টেলৰ চবতকৈ ডেঞ্জাৰাছ দাদাকেইজনৰ ৰুমত নোট লিখিবলৈ মাতি নিছিল বুলি কৈ থওঁ। কাৰণ জানোৱেই, সেই দাদাকেইজনক ভুলতো কোনোৱে সুধিব নাযায় আমি তাত আছিলো নে নাই! এই বুদ্ধিবোৰ অৱশ্যে গোটেইবোৰ প্ৰথম  চেমেষ্টাৰতে গম পোৱা হোৱা নাছিল আৰু গম পালেও চবেই ইমান ৰিস্ক লবলৈ সাহস গোটাব পৰা নাছিল।

লাহে লাহে গম পালোঁ কেইমাহ মানৰ পাছত নৱাগত আদৰণি সভা হ’ব। ইয়াৰ লগতে বুজি উঠিলো যে নৱাগত আদৰণি সভাত প্ৰথম  চেমেষ্টাৰৰ ল’ৰা-ছোৱালীয়ে নিজৰ নিজৰ গান বাজনা,  নাচ আদিত থকা প্ৰতিভা দেখুৱাবলৈ সুবিধা পাব। কিন্তু সুবিধাটোতকৈও ডাঙৰ কথা এটা গম পালো সেইবোৰত ভাগ ল’ব পাৰিলে গধুলি গধুলি সেইবোৰ প্ৰেক্টিছ ইউনিয়ন বিলডিঙত কৰিবলৈ যাব লাগে। তাত প্ৰেক্টিছ কৰিব যোৱা মানেই হ’ল হোষ্টেলত ৰেগিঙৰ পৰা মুক্তি। তাতে আকৌ দুটামানে ক’লে বোলে ফাৰ্ষ্ট চেমৰ ছোৱালীবোৰো তাতে গোট খাব,  অকন মান চেনি তেনি জাতীয় বস্তুৰো সোৱাদ পোৱা যাব পাৰে কেনে বঢ়িয়া হ’ব!

গতিকে এইহেন সুন্দৰ সুযোগটো আমিবোৰে এৰি দিব নুখুজিলো। কিন্তু কৰিম কি সেইটো ভাবিহে ত’ত নোপোৱা হ’লো গোটেই কেইটাই! লাহে লাহে মনত পৰিল মায়ে ইমানকৈ কোৱা স্বত্বেও সেই ক মান নে দ্বিতীয় মান শ্ৰেণীত থাকোতে মায়ে তবলা আৰু গীটাৰৰ স্কুলত নাম লগাই দিওঁতে ৰবাব টেঙাৰ ফুটবল আৰু টেনিছ বলৰ ক্ৰিকেট খেলিব নাপাম বুলি কেনেকৈ জেঙ-জেঙাই উঠি তবলা-গীটাৰক কেনেদৰে লাঠ মাৰি দিছিলো। নিজৰ ওপৰতে খং উঠিব ধৰিলে। কিন্তু মন কৰিলেই কিবা উপায় ওলাইয়েই নহয়। শেষত তেনেকুৱাই হ’ল। চেঙে খবৰ কৰি আনিলে বোলে নৱাগত আদৰণিত হুচৰি এযোৰাৰ বৰ দৰকাৰ। লগে লগেই হামখুৰি খাই পৰিলোৱেই নহয় কেন দা আৰু মহন্ত দাৰ আগত যাতে আমা কেইটাক যেনেতেনে হুচৰি পাৰ্টিত ল’ব লাগে। চেণ্টি তেণ্টি দি সোমাই গ’লো হুচৰি পাৰ্টিত আমি পাঁচটা। সোমালো যেতিয়া আৰু কোনে পাই, আবেলিতে ইউনিয়ন বিল্ডিঙৰ ফালে খোজ দিওঁ হোষ্টেলৰ ফালে পিঠি দি। বৈদ্য প্ৰেক্টিছ মুঠতে।

প্ৰেক্টিছৰ নামত লাহে লাহে গধুলিৰ ৰেগিঙৰ পৰা বাছি যাব ধৰিলো। লগতে ৰমক জমক পৰিবেশটোও ভাল লগা হৈ পৰিব ধৰিলে। তথাপিও ৰাতি ভাত খোৱাৰ পাছৰ হোষ্টেলৰ কামোৰবোৰ খাই থাকিব লগা হৈছিল। অৱশেষত হুচৰিৰে ষ্টেজ ফালি দিয়াৰ স্বাৰ্থত বিহুৰ প্ৰেক্টিছৰ টাইম বঢ়াই দিয়া হ’ল। ইফালে নৱাগত আদৰণি সভাৰ দিন চমু চাপি অহাৰ লগে লগে হোষ্টেলত কামোৰবোৰো অলপ বাঢ়ি আহিব ধৰিলে,  গতিকে সাতে-সোতৰই মিলাই ঠিক কৰিলো শেষৰফালে হোষ্টেলত ৰাতি ভাতেই খাব নাযাও যা বাপ্পেকে! কলেজৰ আনটো ফালে থকা তালুকদাৰ দাদাৰ ধাবাত ৰাতি কোনেও গম নোপোৱাকৈ ভাত খোৱাৰ ব্যৱস্থা কৰি ল’লো। মুঠতে বিহু প্ৰেক্টিছ, তাৰ পাছত তালুকদাৰ তাত ভাত, তাৰ পাছত অলপ অনাই বনাই ঘুৰি হোষ্টেল সোমাওঁতে কামোৰ-চামোৰ বিলাক ঠাণ্ডা পৰেগৈ আৰু। তেতিয়ালৈ ঠিকেই আছিল।

নৱাগত আদৰণিৰ আগদিনা কামোৰ বিলাক অলপ বেছি হয় বুলি কেন দাহঁতে সঁকিয়াই থৈছিল। ইফালে বাকীবোৰে আগদিনা প্ৰেক্টিছো সোনকালে সামৰি সকলো হোষ্টেল মুখি হ’ল আৰু হুচৰি পাৰ্টিত থকা বাকী হোষ্টেলৰ বোৰো লাহে লাহে গ’ল। আমিও যাওঁ বুলি ভাবোঁতে চেঙ আৰু কৃষ্ণ কিন্ত্ত নাচোৰবান্দা,  ইমান দিন ৰেগিঙৰ পৰা কাটি খাইছো যেতিয়া আজিৰ দিনটোত আৰু ক’ত গৈ ফচোঁগৈ বুলি আমাকহে ডাবি দিলে। মাজতে আমাৰ লগৰ ফাৰ্ষ্ট চেম দুটামানকো পঠাই দিলে চিনিয়ৰ বোৰে আমাক মাতি নিবলৈ। কিন্ত্ত আমি প্ৰেক্টিছ কৰি আছো বুলি লগৰ কেইটাক দম চম দি পঠাই দিলে সিহঁতি। যি কি নহওক অলপ ভয় লাগিছিল যদিও শেষত ৰাতিটো হোষ্টেল নোযোৱাটোৱেই ঠিক কৰিলো। এনেয়েও যেতিয়া পিচ দিনা ফ্ৰেছাৰ্ছ হৈয়েই যাব কিহৰ চিন্তা বুলি! ৰাতি তালুকদাৰৰ ধাবাৰ পাছফালে কোনোবাই দেখে বুলি মম জ্বলাই তৃপ্তিৰে ভাত কেইটা খাই খোজ কাঢ়ি কাঢ়ি জালুকবাৰীখন কিমান ঘুৰিলো ঠিক নাই। অৱশেষত আহি ৰাতি পুৱা তিনিটা বজাত নিশ্চিন্ত মনে হোষ্টেল সোমাইছোহে, ৰুমমেট কেইটাই জক জকাই উঠিলে,-

“তঁহত কেইটাৰ কাৰণে আমি মাৰটো বেছি খাব লগা হৈছে, ৰূপদাই কৈছে যেতিয়াই আহ ৰূপ দাৰ ৰুমলৈ যাবলৈ, যা এতিয়া তঁহত কেইটা।“

উহ !! ৰক্ষা বেলেগ কোনেও মতা নাই এটলিষ্ট,  ৰূপ দা মানুহটো বৰ ভাল, একো চিন্তা নাই। তথাপিও অকন মান ভয় লৈ সোমালোগৈ ৰূপদাৰ ৰুমত দুৱাৰত নক কৰি। ডিচেম্বৰৰ ঠাণ্ডাত লেপ চেপ মূৰে-গায়ে লৈ শুই থকাৰ পৰাই আমাক মাটিতে বহিব(??) দিলে। বহুত দেৰি একো মাত-বোল নাই। ঠাণ্ডা বতৰত ইমান আৰামত শুই থকা দেখি আমাৰ অলপ হিংসাও লাগিছে। তেনেতে মুৰৰ পৰা কম্বলখন আঁতৰাই সুধিলে, –

“ক’ত গৈছিলি তঁহত কেইটা ? “

চেঙে টপৰাই মাত দিলে, – “দাদা হুচৰি প্ৰেক্টিছ কৰি আছিলো।“

“আৰু কোন কোন আছিল?“

ৰুপ দাই সুধিবই নেপালে চেঙে আকৌ ক’লে,–

“নাই আমি কেইটাই প্ৰেক্টিছ কৰিছিলো।“

এইবাৰ অলপ খং উঠা যেন কৰি, –“পাঁচটা মানুহে কি হুচৰি মাৰিছিলি?  ঢোল, তাল, পেঁপা,  বাঁহী কি বজাঅ’  তঁহত কেইটাই?“

গোটেই কেইটা একদম চুপ তললৈ মুৰ কৰিলো।

এইবাৰ এটা এটাকৈ সোধাত লাগিল, – “অই তই কি কৰ হুচৰিত?“

এটা এটাকৈ উত্তৰ দি গৈছো আমি তললৈ মূৰ কৰি,- “মানে, মানে আমি হুচৰি গাঁও অকল,  ঢোল তাল এইবোৰ নবজাও।“

শেষত আহি কৃষ্ণৰ ফালে চাই সুধিলে, – “অই তই কি কৰ?  কিহৰ প্ৰেক্টিছ ইমান?“

কৃষ্ণই ইফালে-সিফালে চাই সেমেনা-সেমেনি কৈ মাত দিলে, –“ দাদা মই হুচৰি পাৰ্টিৰ গৃহস্থ হৈছো।“

(আমাৰও মুখৰ পৰা ফুচকৈ হাঁহি এটা ওলাই গ’ল ক’ব নোৱাৰাকৈ।)

তাৰ পাছত কি হ’ল ইমান মনত নাই যদিও ৰুম পাই গৈ সেই ডিচেম্বৰ মাহটোতো যে ফুলস্পিডত ফেন চলাইছিলো এতিয়াও মনত আছে।

☆★☆★☆

Comments

  1. মজ্জা৷আমাৰ কলেজতো চেঙ বোলা এটা মহা তীখৰ আছিল৷

  2. হোষ্টেলত কটোৱা দিনবোৰে সকলোকে নষ্টালজিক কৰি তোলে। ভাল লাগিল।

  3. মজা লাগিল, কত কি যে ফাকি ফুকা ৰেগিঙৰ পৰা বাচিবলৈ। মনত পৰি গ’ল

Leave a Reply

Your email address will not be published. Required fields are marked *