চাকৰিৰ পৰা ঘৰলৈ গ’লে মানুহজনীয়ে কাপোৰ সোপা খুলি গা-ধুই আহক, গোটেইখন তেল তেল গোন্ধাইছে বুলি খেং খেঙাই উঠে। তেলৰ চাকৰি কৰা মানুহ, অলপতো গোন্ধাবই!

:”সেইৰা,  তুমিতো আগতে এনেকুৱা নাছিলা। ফুড ভিল্লাৰ মিঠাই সোপা লৈ সন্ধিয়া তোমালোকৰ ঘৰলৈ অহা-যোৱা কৰোঁতে একেবাৰে কাষ চাপি বহিছিলা। তেতিয়াও দেখোন কেতিয়াবা ডিউটিৰ পৰা বাহিৰে বাহিৰে তোমালোকৰ ঘৰ পাইছিলোগৈ! তেতিয়া কি গোন্ধ পোৱা নাছিলা!”

: হ’ব হ’ব গা নোধোৱাকৈ ছোৱালীজনী কোলাত ন’লব ।

ৰাতিলৈও সেই একেই কাহিনী। মুঠতে ইটো-সিটো,  সৰু-সৰু কথাতে কেটেৰা-জেঙেৰা। এক জানুৱাৰীত বোলে আমাৰ ঘৰত কাম কৰা ল’ৰাটোৱেও ধলা-শদিয়া দলং চাই আহিল। আমিও এদিন যাম বুলি ময়েই কথাটো উলিয়াইছিলো। পিচে আজিলৈকে পৰা নাই। যি হ’ল হ’ল বোলো এক জানুৱাৰীত আন একো ন’হলেও নীলকণ্ঠ ধাবাতে ভালকৈ এসাঁজ খোৱাই আনিম। নাই,  বুঢ়া বছ কেইটাক পটাবকে  নোৱাৰিলো। এতিয়া সেইবাবেই যে কেটেৰা-জেঙেৰা মাত,  মই ভালকৈয়ে বুজি পাইছো। উপায় নাই। ইফালে ফেচবুকত ৰাইজে অমুকত চেলফি,  তমুকত বনভোজৰ ফটো দিয়া দেখি দেখি মানুহজনীৰ মুডযে একেবাৰে বেয়া মই কথাটো অনুভৱ কৰিব পাৰিছো।

: ”এইবাৰ বুজিছা যি হ’ল হ’ল,  অহাবাৰলৈ এমাহমান ছুটি লৈ ভাৰতৰ বাহিৰতে এপাক মাৰি আহিব লাগিব। কি এইবোৰ ধলা শদিয়া চায় থাকিবা।”

: ”হ’ব হ’ব অসমখন ভালকৈ ঘূৰাব পৰা নাই,  ভাৰতৰ বাহিৰলৈ যায়। কাঁটা তাৰ পাৰহৈ তুমিয়েই পাৰিলে এবাৰ বাংলাদেশৰ পৰাই আহিবাগৈ। বিদেশলৈ গৈছিলো বুলি পাছত ফুটনি মাৰিব পাৰিবা।”

লাজ পাইছো দেই,  চুড়ান্ত লাজ পাইছো। মোৰ ফৰেণ পলিচি কামত নাহিল।

: ”তুমি যে এটা মিছলীয়া মানুহ মই জানোৱেই। তোমাৰ চাকৰিটো আৰু সেই বুঢ়া বছকেইটাৰ বাহিৰে একো চিনি নোপোৱা। চলাহি কথা কৈ কৈ মোক …..। ”

বেছিদিনৰ চিনাকি নাছিল তেওঁৰ সতে। ছোৱালী চাবলৈ গৈ পচন্দ হৈছিল আৰু মোবাইল ফোনতে চাৰিমাহমান পেনপেনিয়া পিৰিতি অকণ কৰি ঘৰ সোমোৱাইছিলো। মিছা ক’লে কি হ’ব, জোৰা টাপলি মাৰি সেই সময়ত কবিতা চবিতা দুটামানো লিখা হৈছিল তেওঁক লৈ। মোৰ লেখাই বোলে সৰুকৈ কঁপনি এটাও তুলিছিল তেওঁৰ বুকুত। এতিয়া তাকে লৈ কামোৰ একোটা পাই থাকো মাজে মাজে। মইও আচলতে সেই সময়ত পৰম আনন্দিতই হৈছিলো বিষয়টোলৈ! এতিয়াযে এনেকৈ পৰম আনন্দিত হৈ গৰিহণা পাম ভবাই নাছিলো। নাই কিবা এটা কৰি তেওঁৰ মনটো ভাল লগাবই লাগিব। এনেকৈ ঘৰতে কাণাইয়া কুমাৰ নৰেন্দ্ৰ মোডী হৈ থাকিবলৈ বেয়াও লাগে দিয়কচোন। মই বৰ গহীন এটাও দি থাকিব নোৱাৰো,  হাঁহি মুখীয়া মানুহ। ফিচিককৈ হাঁহি দিব লগা হয়। শেষত ভাবিলো এই ধলা-শদিয়া,  ফৰেণ পলিচি বাদ দি পুৰণি সেই হৃদয় কঁপোৱা কবিতাৰে ইম্প্ৰেচ কৰা চেষ্টা এটাকে কৰি চোৱা যাওঁক।

কাগজ-কলম উলিয়াই আৰম্ভ কৰি দিলো। নাই নোলায়। কলম কামুৰি বহি আছো। নাই ৰোমাণ্টিক ফিলিং নাহেই। আজি লিখিমেই। ইম্প্ৰেচ কৰিহে এৰিম……

“কেঁচা খাৰুৱা তেলৰ ৰঙৰ দৰে

তুমি আজিও

মোৰ বুকুত সেউজীয়া হৈ আছা।“

ধেই তেলটো লিখিব নোৱাৰি দেই। বেলেগ কিবা এটা লিখিব লাগিব।

“মই কেৱল তোমাৰ ভালপোৱাৰে

সুখী হৈ থাকিব খোজা মানুহ

কথাটো তুমিও

বুজি উঠিছিলা

মোৰ দায়িত্ব বাঢ়িছিল

কাৰণ মই জানো

তুমি আকাশত

চিলা উৰুৱাই ভাল পোৱা।

দিনে দিনে মোৰ বুকত

বাঢ়িছিল আশা

জীৱনৰ আন সকলো

তুচ্ছ কৰি থৈ

পাৰিলে নিজৰ কৰি

আকাশ এটুকুৰা কিনিম।

য’ত তুমি…।”

নাই নাই এইটো ন’হব। কিবাহে হ’লগৈ। আকাশ কিনাটো বেছি হৈ যাব নেকি!

“আচলতে তুমি

কথা নাই বতৰা নাই

অইল ফিল্ডৰ

হঠাতে প্ৰডাকচন নিদিয়া হোৱা

ৱেল একোটাৰ দৰেই

অভিমানী আছিলা।”

সেই, আকৌ তেলটো আহি গ’ল।

চেহ্ কি যে হ’ব নহয়! তথাপি চেষ্টা কৰিয়েই থাকিলো। কিবা এটা হ’বগৈ লাগে। মিঠা কিবা এটা ——।

☆★☆★☆

 

Comments

  1. তেল কোম্পানীৰ মানুহ তেলত ডুবি থাকে। তেলীয়াবহে নেজানে। ভাল লাগিল দেই।

  2. মইয়ো তেল খন্দা মানুহ, কবিতাটো মুখস্থ কৰি লৈছো। সময়ত এইটো কবিতাকে “শৰ” হিচাপে ব্যবহাৰ কৰিম দেই।

    খুব ভাল লাগিল পঢ়ি, ভবিষ্যতেও এইখন প্লেটফৰ্মত আপোনাৰ লেখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

  3. হাঁহ চোৰৰ মূৰত পাখি ৹৹৹
    সেয়ে গোটেইখন তেল তেল গোন্ধ

  4. এক্সপায়াৰ ডেট্‌ গ’লে চুইচ্‌ পাৰফিউমেও সুগন্ধি হেৰুৱাই বেলেগ কিবা স্বৰূপতহে ____ ৰিনুৱেল কৰাই লব হে

Leave a Reply

Your email address will not be published. Required fields are marked *