ফটাঢোল

কৃষ্ণ-ৰূপ – হৰেকৃষ্ণ ডেকা

মোৰ জন্মৰ সময়ত

কৃষ্ণ কৃষ্ণ বুলি নেদেখাজনৰ নাম সোঁৱৰিবলৈ

মোৰ আইতাই হেনো

মোৰ নামটোৰ মাজত কৃষ্ণক

সুমুৱাই থৈছিল৷

তেওঁ কৃষ্ণ কৃষ্ণ বুলি মাতিছিল৷

কিন্তু কোন অময়াপুৰীত কৃষ্ণক তেওঁ পাইছিল

সেই কথা হ’লে জনা নহ’লগৈ৷

 

আমাৰ শিশুপাঠৰ কৃষ্ণ এটি দুষ্ট শিশু আছিল৷

আমি সেইজন দুষ্ট কৃষ্ণক বিচাৰি ফুৰিছিলোঁ৷

আৰু মাৰ গল্পৰ আর্চিত নিজকহে দেখিছিলোঁ৷

আমাৰ যৌৱনত কৃষ্ণক বিচাৰিবলৈ

আমাৰ ওচৰে-পাজৰে

ক’তো কদমৰ গছ নাছিল৷

মোৰ নামটোৰ ৰন্ধ্রেৰে ভুমুকিয়াই চাওঁতে

কেতিয়াবা চকা-মকাকৈ কৃষ্ণক দেখা পাইছিলোঁ৷

সিমানেই৷

কিন্তু যৌৱনৰ তেজত আন কিবা আছিল৷

সেই তেজে চকুলৈ অনা চমকনিত

এদিন এজোপা

ৰঙা ফুল ফুলি থকা কৃষ্ণচূড়া দেখা পাইছিলোঁ৷

আৰু তাত কৃষ্ণ বহি আছিল৷

 

মই তেতিয়া চাবলৈ বিচাৰিছিলোঁ বিশ্বৰূপ৷

কিন্তু কৃষ্ণই একান্তমনে বাঁহীটোহে বজাই আছিল৷

এতিয়া ভাৱো, মনৰ সেইটো এটা ভ্রমেই আছিল৷

কাৰণ আজি মই কৃষ্ণক দেখা পাই আছোঁ৷

তেওঁ বিৰাট মুখখন মেলি বিশ্বৰূপ দেখুৱাই আছে৷

তাত,

আমাৰ বোকা-পানীৰ লেতেৰা চহৰখন,

কদর্য নলা-নর্দমাৰ জাৱৰ-জোঁথৰবোৰ,

ভূমিস্খলনত চেপেটা হোৱা ঘৰবোৰ,

পথ-দুর্ঘটনাত মৃত্যু হোৱা মানুহৰ মৃতদেহবোৰ,

উচ্ছৃঙ্খল চিঞৰ-বাখৰবোৰ, বিশৃঙ্খল যান-জটবোৰ,

সম্ভ্রান্ত কাপোৰৰ বিভ্রান্ত মানুহবোৰ,

ছিন্ন-ভিন্ন জীৱনবোৰ৷

 

তাত এখন ডকা-ফুটা নদীয়ে ভয়ংকৰ চাকনৈয়াৰে

কালীয় নাগৰ দৰে

ক্রুদ্ধ আস্ফালন কৰি আছে৷

 

ভাবিলোঁ, বিশ্বৰূপ আমাৰ এই চহৰখনেইনে?

মোৰ চকু চিকিৎসক বন্ধুজনে পৰীক্ষা কৰোঁতেহে বুজি পালোঁ

মোৰ চকুত চলিহাই ধৰিছে৷ দৃষ্টিও চুটি হৈছে৷

চশমাৰ ভিতৰেৰে বিশ্বৰূপ আকৌ এবাৰ

চাবলৈ চেষ্টা কৰিলোঁ৷

 

আমাৰ চহৰৰ দৃশ্যবোৰ একেই আছে৷

কিন্তু ফেনে-ফোটোকাৰে ভৰা আমাৰ নদীখন এতিয়া

শান্তভাৱে বৈ গৈ আছে৷

কৰ্মনাশ হয় বুলি কোৱা তাৰ সৰু দ্বীপটোৰ গছবোৰত

বগলীবোৰে মেল পাতিবলৈ যো-জা কৰিছে৷

এটা শিহু ভুটুংকৈ ওলাই পানীত আকৌ

ডুব মাৰিছে৷

নদীৰ মাজৰ শিল এছটাৰ ওপৰত থকা

এজোপা অকলশৰীয়া গছৰ পাতবোৰ শুকাই গৈছিল৷

তাত এতিয়া,

নতুন পাতে বতাহৰ বা লৈ নাচি আছে৷

চলিহা গুচাই চশমা পিন্ধাৰ পিচতো

ইয়াতকৈ দূৰলৈ চাব নোৱাৰিলোঁ৷

 

কিন্তু হঠাৎ

সেই দৃশ্যবোৰৰ ভিতৰেদি এটি শিশুৱে

হাঁহি এটা মাৰি এখন হাত মোৰ ফাললৈ আগুৱাই দিলে৷

মোৰ চকুৰ বিভ্রম, কল্পনাৰ মন্তাজ নে সঁচাকৈয়ে দেখিলোঁ?

☆★☆★☆

 

5 Comments

  • প্ৰিয়ম চুতীয়া

    কৃষ্ণ

    Reply
  • চিদানন্দ বৰা

    ভ্ৰমত হ’লেও যে বিশ্বৰূপ দেখিলে –!!! সিও জানো কম কথা –!!!

    Reply
  • Lakhimi

    সম্ভ্ৰান্ত কাপোৰৰ বিভ্ৰান্ত মানুহবোৰ! এৰা!
    ভাল লাগিল।কৈ গ’ল বহু কিবাকিবি।

    Reply
  • অভিজিত কলিতা

    সুন্দৰ

    Reply
  • বৈষ্ণৱী গগৈ

    বৰ সুন্দৰ কবিতা , আপুনি মোৰ অন্যতম প্ৰিয় কবি

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *