যান্ত্ৰিকতাৰ পৃথিৱীত বিচৰা যদিহে ৰং

ফটা-ঢোলত মাৰা চাব নকৰি বিশেষ তং।

হেলমেট পৰিধাৰ্য

কথা ইটি অনিবাৰ্য্য

নহলে হেৰাব চেতন পৰি শিৰত ঘটং।।

 

আছে বহু মহা ওজা কথাত সেলেঙীৰ বাণ,

মিছাতে চপাই নল’বা বিপদ নাপাবা পৰিত্ৰাণ।

গাদীৰে কাটিহে পায় মজা

ধুৰন্ধৰ অতি সকলো ওজা

চেগ মিলিলেই থুকুচি-মুকুচি কৰিব থান্‌বান্‌।।

 

জপনা বান্ধে দুপৰ ৰাতি কল্‌মাৰলিৰে আঁতি আঁতি,

পুৱাতেই খুলিব আহি গগন ফালে তিৰিক মাতি।

ভাৱে দুনাই যোৱা ৰাতি

কিমাননো খালে চুলাইৰ বাতি

কল্‌মাৰলিৰ নামত দেখোন আছিলহে সিডাল সাপৰ ফেঁটি।।

 

কেলৈ লাগিছে অঙহী-বঙহী মনক ভগাবলৈ

আছেই দেখোন ফটা-ঢোল মনক জোৰাবলৈ।

ফটাঢোলৰ বাকৰি

সঁচাই মনৰ সাদৰী

মৰততে সাজে বৈকুণ্ঠপুৰী মনৰে অচিলা লৈ।।

 

বিয়নী মেলত আগ-ভাগ লয় ডেকা-বুঢ়া মিলি

মনৰ ঢাকোন উদঙাই সবে কৰে মনক খালি।

মনেহে বুজে মনৰ মোল

বয়সৰো নাই মাপ-টোল

থুকুচে সেয়ে ইটিয়ে-সিটিক চেনেহৰ ৰং ঢালি।।

☆★☆★☆

 

 

Comments

  1. যান্ত্ৰিকতাৰ পৃথিৱীত বিচাৰা যদিহে ৰং
    মনত নাৰাখিবা অকণো ৰাগ খং
    ইফালে ধিন্দাও
    সিফালে ধিনিকি ধিন্দাও
    আছে ফটাঢোল – তুমি বাৰু কথাটো কৰিছা নে টং !

    -ফটাঢোল বন্দনা কোনোবাই বেয়া পাব পাৰেনে ?

  2. বঢ়িয়া লাগিল দাদা। এফালৰ পৰা পঢ়ি গৈ আছোং মেগাজিন খন।

Leave a Reply

Your email address will not be published. Required fields are marked *