ফটাঢোল

আপদীয়া পদ্য – হেমেন ডেকা

(১)

কোৰোণাৰে হোৰা-হোৰে চপাইছে বহু ধন

ক’ত লম ক’ত থম কৰি দোমোজাত মন।

কিছু পুতিলে গাঁতত,

বাকী পেলালে বাটত

যোগ্য ভোগ্য ধৰিত্ৰীৰ তেৰা কুবেৰনন্দন|

(২)

খাটি অসমীয়া আমি খাওঁ খাৰ-খৰিচা,

বহিৰাগতক কৃষিভূমি বেচি পাৰি দিওঁ দলিচা

কুটীৰ শিল্প-তাঁতশাল

জাবৰ জোঁথৰ-জঞ্জাল

বহি:ৰাজ্যৰ কৃপাত সস্তাতে পাইছো ফুলাম গামোচা|

(৩)

অতি বীৰদৰ্পে আগবাঢ়িছিল যুৱশক্তি দল

আদবাটতে জিৰণি ললে বান্ধিবলৈ গাত বল,

কৰিলে পান-ভোজন

মাতিলে ভীমৰ বচন

যুঁজ নৌহওঁতেই বিজয়োৎসৱৰ উলিয়ালে সমদল|

(৪)

সৰ্বসাধাৰণ জনতাৰ মন দেখোন বিমৰ্ষ

সৰ্বদিশ বিষবাষ্পই ছানি হৰিলে হৰ্ষ

দানবৰ গীতি-নাট নৃত্য

দলনিত শিল্প-সাহিত্য

কোনে কৰিব পাৰে তাহাঁতৰ টিকনি স্পৰ্শ|

☆★☆★☆

 

 

2 Comments

  • অসমী গগৈ

    সুন্দৰ লিমাৰিক।

    Reply
  • ফৰিজা আৰফিন

    বাহ বাহ, বাহ বাহ বঢ়িয়া লিমাৰিক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *