ফটাঢোল

ফটা লিমাৰিক – ধনজিৎ বৰুৱা

ধন্য ৰাম ধন্য তোমাৰ বান্দৰ ভালুকৰ সৈন্য,

ধন সোনৰ প্ৰতি তেৰাসবৰ লোভ-মোহ শূণ্য।

তুমিও জানা ৰহস্য

নল’লা এজনো মনুষ্য

খেনোৱে লংকাৰ সোনৰ মোহত নিজক কৰে পন্য৷

 

নেগুৰ কমি আহি ক্ৰমে বানৰ মানুহ হ’ল,

নেগুৰ দালৰ প্ৰভাৱ কিন্তু অলপ থাকি গ’ল।

খেনোক দেখি খেক

মন চিন্তা ঠেক

টেঙৰ থাকে উচ্চ ডালত ৰণুৱা পৰি ৰ’ল৷

 

সুৰাত জন মন ভেদে নিজৰ নিজৰ একচন,

টোকাৰীৰ তালত যেন তেওঁ সেই মাইকেল জেকচন,

চোতাল পকা কৰি

নাই শাকনিৰ ঠাই

খন্তি নিচিনাই ভাষণ বন্তিৰে ধৰে জ্ঞানীৰ ভেশচন৷

 

বৰ পিলিয়াৰে বৰ পজিচনতেই মাৰি দিয়ে ফাউল,

সমাজৰ নাচনি সুতা বোৰত লগাই দিয়ে আউল।

খেনোৱে পতান পাই

কাৰ কি আহে যায়

সিজিলেই হ’ল কেৱল মাত্ৰ নিজৰ নিজৰ চাউল৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *