ফটাঢোল

লিমাৰিক – ইন্দিমা বৰুৱা

(১)

বিহু আহিছে বুলি শুনিছো টিভিৰ যহত,

বজাৰৰ লাৰু পিঠা কিনি খাম সুখত।

নিউ ইয়েৰৰ পাৰ্টি,

কৰিলো মই ফূৰ্তি।

পিঠ-পনা বনাই মই মৰোঁ কিহৰ দুখত!

 

(২)

টিভি চেনেলে পাই বিহুক পেলালে মুচৰি,

ক’ত সাজিছে ভেলাঘৰ ওখ তাক আছে খুচৰি।

বিহুৰ ঐতিহ্যত নামাৰো মাথা,

টিভিত ওলোৱাহে আচল কথা।

মাঘ বিহুতে আৰম্ভ কৰি দিওঁ নেকি মাৰিবলৈ হুঁচৰি?

(৩)

আগৰ বিহু কেৱল কিতাপতহে ৰ’ল,

আজিৰ অসমীয়াই সকলো পাহৰি গ’ল।

ভোগালীতে বিহু নাচ,

নিয়মমাফিক মাংস মাছ,

ভোগালী পাতে কেৱল খাবলৈ সেই বিশেষ জল৷

 

(৪)

বিহুগীতৰ যিহে জোৱাৰ নোৱাৰোঁ একো ধৰিব,

মাঘবিহু নে ব’হাগবিহু কোনে কাৰ কথা শুনিব।

বজাৰতে আছে পিঠাপনা

তাৰপৰাই কিনি আনা,

ফেচিয়েল কৰি আহো মই নিউজ চেনেল আহিব৷

 

(৫)

মহাজনৰ পুতেক সি চাৰিআলিৰ গুণ্ডা

বিহু ফাংচন পাতিবলৈ তুলি ফুৰে চান্দা

স্কুলীয়া ছোৱালী জোকাই লৈ

আইনী মেৰপেচত সোমালগৈ

লকআপত পৰি আছে খাই পুলিচৰ দান্দা।

 

(৬)

পুতেকেহে বাচন ধুৱে শইকীয়ানীয়ে কয়

পুতেকক কৰিলে বোলে বোৱাৰীয়ে জয়

জীয়েকৰ কিন্তু সুখেই সুখ

জোঁৱাইয়ে নিদিয়ে একো দুখ

সকলো কাম সিয়েই কৰে, নকৰে একো ভয়৷

 

(৭)

কলেজীয়া গাভৰু মিচ নয়নতৰা

বয়ফ্ৰেন্দৰ লগত গৈ পালেগৈ পবিতৰা

ঘৰত কথাটি গম পাই

ককায়েকৰ চৰ খাই

দিন দুপৰতে দেখি আছে আকাশৰ তৰা৷

 

(৮)

আজিকালিৰ ডেকাল’ৰা

কামতকৈ কথাৰ কোব চৰা

দেউতাকৰ ক’লা টকা

কেইবাঠাইতো ঘৰ পকা

টেটুৰ গুৰিলৈকে মদ খাই হৈ আধামৰা ৷

 

(৯)

আছে যদি খাব দিয়া এমুঠিমান চিৰা

বহিবলৈ নালাগে মোক তোমালোকৰ পীৰা।

কান্দি আছে পোনাকণ

ঘৰত নাই খুদকণ

এনেদৰেই কান্দিলেহি কামৱালী মীৰা ৷

☆★☆★☆

 

 

6 Comments

  • মৃদুপৱন গোহাঁই

    নমস্কাৰ। মোৰ নাম শ্ৰী মৃদুপৱন গোহাঁই।
    মই আপোনাৰ লিখনিটো পঢ়িলোঁ আউ নথৈ প্ৰফুল্লিত হলো। এতেকে আপুনি চাহ জলপান কি খোৱাই খোৱাব আউ দৌ।

    সদৌ শেষত আকৌ এবাৰ নমস্কাৰ সহিতে ধন্যবাদ এটি জনালোঁ আউ দৌ।☺

    Reply
  • হেমন্ত কাকতি

    ভাল লাগিল ইণ্ডিমা৷

    Reply
  • ভাল লাগিল ইন্দিমা।

    Reply
  • ভাস্কৰ

    মমমমজা লিখিলে দকঁ

    Reply
  • ৰাজীৱ শৰ্মা

    চেনেলে দিয়ে সমুদায় খৰচ ৰাইজক
    সেয়েহে ঢোল আবতৰীয়া হ’লেও বাজক

    টিভিত ওলাম অতি চিকুণকৈ
    টকাও ঘটিম কষ্ট নকৰাকৈ

    গৈ আছো আমি ফু ফু আপুনি পিঠাহে ভাজক

    Reply
  • uttara

    বৰ সুন্দৰ India

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *