ফটাঢোল

মই আধুনিকা হ’ব আজিও পৰা নাই সমীৰণ – জোনমণি বৰুৱা

মই আধুনিকা হ’ব আজিও পৰা নাই সমীৰণ..

মই নাজানো ভেলেন্টাইন ডে’ৰ বিষয়ে…

নাজানো চকলেট ডে’ হাগ ডে’  অথবা…..

মাঁথো শুনিছো লগৰবোৰে পাতি থকা

এই বিশেষ ডে’ বোৰৰ কথা।

ফেচবুকত মই মোৰ আইক আনক দেখুৱাই শুভেচ্ছা আৰু মৰম দিব নাজানো

মাদাৰ্চ ডে’ৰ দিনা…

তথাপিও মই মোৰ আইৰ আঁচলত ধৰি থাকি পৃথিৱীৰ আটাইবোৰ সুখ বিচাৰি পাওঁ।

নিউ ইয়েৰ পাৰ্টিৰ দূপৰনিশা মাতাল হৈ উদযাপন কৰিব নোৱাৰা মই এজনী

গাঁৱলীয়া বেকৰ্ৱাড ছোৱালী..

প্ৰিয়তমৰ নীলা চিয়াঁহীৰ আখৰ কেইটাৰ মাজত মৰম বিচাৰি হাবাথুৰি খোৱা মই আজিও মোৰ বন্ধুবোৰৰ মাজত কোনোবা মান্ধাতা যুগৰ অদ্ভুত প্ৰাণী।

 

ফাষ্ট ফুডৰ সোৱাদ লৈ নোপোৱা

খাটি গাঁৱলীয়া মইজনীয়ে,

মাঁথো চিনি পাওঁ আইৰ হাতৰ মাছৰ টেঙা

অথবা নাৰিকলৰ লাৰু।

 

ফেচবুক,  হুৱাট্চ এপৰ পৃথিৱীখনলৈ মোৰ এতিয়াও বহু যোজন বাট..

ষ্ট্ৰেইট কৰা মেলা চুলি,  ফেচিয়েলৰ মাজত… সৌন্দৰ্যৰ পোহাৰ মেলিব নজনা

মইজনীয়ে মাঁথো দীঘল তেল সনা…

আইয়ে গাঠি দিয়া বেণীডালতেই নিজক সজাব জানো।

 

জিন্স , স্কাৰ্ট,  চেলোৱাৰ,  টপৰ মাজত বিলাসিতা কৰিবলৈ এতিয়াও নিশিকা মই আইৰ তাঁত শালৰ মাজতেই সপোনৰ বুঁটা বাচোঁ।

আজিও মোৰ পিতায়ে পথাৰত কষ্ট কৰে বুকুত জমা হোৱা শুকান কাহটো লগত লৈ ..

আইয়ে ৰূপালী চুলি কঁপালত লৈয়ে পিতাইক সহায় কৰে..

তাৰ মাজতেই মহাজীৱনৰ পাঠ ল’বলৈ ঘৰৰ পৰা আঠ কিল’মিটাৰ দূৰত্বৰ কলেজখনলৈ চাইকেল মাৰি মই যাত্ৰা কৰো..

ৰঙা-নীলা সপোনবোৰ মোৰো আছে সমীৰণ…

পিতাইৰ কোটৰত সোমোৱা চকু আৰু আইৰ শুকান মুখৰ মাজতেই।

 

তথাপিও..

মই আধুনিকা হ’ব আজিও পৰা নাই সমীৰণ।

☆★☆★☆

 

 

4 Comments

  • জিমী শ‌ইকীয়া

    বৰ সুন্দৰ উপস্থাপন।শুভেচ্ছা থাকিল।

    Reply
  • Paranjyoti chetia

    Nice my swt Frnd Junmoni boruah

    Reply
  • ৰাজীৱ শৰ্মা

    ভাল লাগিল।

    Reply
  • SANIDUL ISLAM KHAN

    ভাল লাগিল,সুন্দৰ উপস্থাপন

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *