ৱাও! হাই-ফাই কাৰবাৰ দেখোন! যেনিয়েই চকু যায় তেনিয়েই হাই-ফাই কাৰবাৰ! মানে সকলোফালেই চকু চাৎ মাৰি ধৰা কাৰবাৰ!

ৰাস্তা-ঘাটবোৰ হাই-ফাই!

এয়াৰপৰ্টৰ পৰা ভিআইপি অতিথি অহা-যোৱা কৰা পথবোৰৰ কথাই সুকীয়া৷ এই খিনি একেবাৰে অমৰাৱতী৷ পিছে আনবোৰহে গেলা-পচা অমৰাগুটি! চহৰৰ কিছুমান পথৰ কাষে কাষে ক’লা-বগা ধুনীয়াকৈ ৰঙ সনা৷ আমিও এইবোৰতেই টাৰ্গেট প্ৰেকটিছ কৰো৷ মানে কৰবাত অলপ চিকচিকিয়া যেন দেখিলেই মুখত জমা হোৱা পিকখিনি পিৰিককৈ মাৰি পঠিয়াও৷ ক’লা ৰঙ সনাখিনিয়েই টাৰ্গেট, পিছে বেছিভাগ সময়তেই টাৰ্গেট মিছ হয়! মানে পিকখিনি বগা অংশটোত পৰি একেবাৰে জিলিকি ৰয়৷ ভালেই কৰো৷ সেই কাৰণেই মাহে-পষেকে ঠিকাদাৰবোৰে পথৰ কাষত ৰং সনাৰ নামত মোটা বিল সৰকাবলৈ পাৰে৷ অকল পথেই নহয়, যতেই চাফ-চিকুণ ঠাই অকণ দেখা পাও তাতেই পিকেৰে ফুল বাছো৷ কি কলে? জেব্ৰা ক্ৰছিং? এই নামটোৱেই ভুল৷ আমাৰ এই মুলুকত জেব্ৰাও নাই গতিকে ক্ৰছিঙো পাবলৈ নাই! নিজৰ মতেই পাৰ্কিঙো কৰো৷ পথৰ কাষত ঠাই নহলে দুচকীয়াবোৰ ফুটপাথতেই পাৰ্কিং কৰো৷ ঘাইপথত গৰু-ছাগলী, ধান-মাহ-সৰিয়হৰ পৰা কাপোৰলৈ সকলো মেলো৷ গাড়ী চলাওতে, খোজ কাঢ়োতে, আনকি ৰাস্তা পাৰ হওতেও ম’বাইল কাণতেই লগাই ৰাখো৷ মুঠতে অনবৰতে ডিজিটেলি কানেক্ট হৈয়েই থাকো৷ সকলোবোৰ হাই ফাই!!

ট্ৰেফিকৰ কাৰবাৰবোৰো হাই ফাই!

ট্ৰেফিক পুলিছৰ বিশেষ কেমেৰা লগোৱা গাড়ী, বিশেষ বাইক, নতুন চোলা-পটলুং, এই সকলোবোৰেই হাই-ফাই! পিছে অকোৱা-পকোৱাকৈ তীব্ৰ গতিৰে চলোৱা বাইকাৰ্ছসকলো হাই-ফাই! ট্ৰেফিকৰ দৌতাসকলৰ কাণৰ তলেৰে ফো-ফোৱাই পাৰ হৈ গলেও একো ফুটকে নাপায়৷ পিছে ট্ৰাক বা বস্তু কঢ়িওৱা গাড়ীবোৰৰ ড্ৰাইভাৰসৱ হেনো তেনেই মিতিৰৰ লেখিয়া৷ এখেতসৱক দেখা পালেই লাঠী জোকাৰি ৰখাই এখন্তেক সুখ-দুখৰ কথা পাতি শেষত ‘হেণ্ডচ্চেক’ কৰি ‘ফিৰ মিলেংগে’ বুলি কৈহে বিদায় দিয়ে৷ আনহাতে ট্ৰেকাৰ-মেজিক এইসৱ গাড়ীৰ আকৌ মাহিলী বন্দৱস্তি! মানে মাহে মাহে থানালৈ গৈ দৌতাসৱক দেখা কৰি আষাৰচেৰেক কথা আৰু কঢ়িয়াই নিয়া ভাৰ-ভেটি নোপোচালে হেনো পথতেই ওফোন্দ পাতে! পিছে নম্বৰ প্লেট নথকা ট্ৰাক, গাড়ীবোৰত লগোৱা কাণতাল মৰা হৰ্ণ আদিৰ দৰে কথাবোৰ চাবলৈ পিছে দৌতাসৱৰ সময়ৰ অভাৱ৷ আমিও যিমান পাৰো নীতি-নিয়ম ভৰিৰে মোহাৰি নিজৰমতে আইন তৈয়াৰ কৰি সেইমতেই চলো৷ পিছে সকলোবোৰ হাই-ফাই!

থকা ঠাইখনো হাই ফাই!

স্বচ্ছ সৰ্বেক্ষণ, স্বচ্ছ সৰ্বক্ষণ চলি আছে৷ মানে সকলোফালেই চাফ চিকুণৰ প্ৰক্ৰিয়া চলি আছে৷ মোৰ দৰে বহুতেই স্বচ্ছতাকেই আদৰি লবলৈ যত্ন কৰিছে৷ ঘৰৰ জাবৰ-জোথৰবোৰৰ দিহা লগাবলৈ চৰকাৰে নৰ্দমাবোৰ বনায়েই দিছে৷ তাকেই ব্যৱহাৰ কৰো৷ বটল, পলিথিন, জাবৰ-জোথৰ সকলো নৰ্দমালৈ দলিয়াও৷ জাবৰ-জোথৰবোৰ নৰ্দমালৈ দলিয়াই দি চিকচিকিয়া হোৱা ঘৰটোৰ ফটো বিভিন্ন এংগলৰ পৰা ফেচবুক-টুইটাৰত দিও৷ সকলোৰে চকু থৰ, মুখত ৱাও! ইয়াৰ লগে লগে লাইক, ৰঙাপাণো হোৰাহোৰে গোটাও! মানে সকলো হাই ফাই!

বজাৰ-সমাৰো হাই ফাই!

চকু চাৎ মাৰি ধৰা পোহৰেৰে জলমলাই থকা শ্বপিং মলবোৰে, বিলাসী সামগ্ৰীৰ শ্ব’-ৰূমবোৰে, কোম্পেনীবোৰে নিজৰ লোকচান (!) ভৰিও আমালৈ আগবঢ়োৱা তৰহে তৰহে অফাৰবোৰে আমাৰ অৱস্থা তীব্ৰ পোহৰত থৰ হৈ ৰৈ দিয়া ভেলেঙী পহুটোৰ দৰে কৰি পেলায়৷ অফাৰবোৰ দেখুৱাই কিমান যে আব্দাৰ, কিমান যে প্ৰলোভন! মাৰ্বল খটোৱা, শীতাতপ নিয়ন্ত্ৰিত, লিফট, এচকেলেটৰ থকা বজাৰবোৰত এবাৰ সোমালে ওলাই আহিবৰে মন নাযায়৷ পিছে শাক-পাচলি, মাছ-মাংসৰ বজাৰখনৰ কথা মনলৈ আহিলেই ওকালি আহে৷ ভেৰভেৰীয়া নলাটোৰ কাষতে মাখিৰে ঢাক খাই থকা মাছ মাংস, গেলা-পঁচা বস্তুৰে ভৰি থকা ঠাইৰ ওচৰতে তৰহে তৰহে সজাই থোৱা শাক-পাচলিৰ বজাৰখনলৈ পিছে সপ্তাহত দুই-চাৰিবাৰকৈ নগলেই নহয়৷ বোকা-পানীৰে ভৰা, লেতেৰা বজাৰখনত বেচা বস্তু-বাহানিৰ দামো পিছে একেবাৰে হাই! গতিকে আমিও হাই ফাই!

গাড়ী-ঘোঁৰাও হাই ফাই!

প্ৰকাণ্ড গাড়ী কিনিছো৷ চাৰিওফালে ফো-ফোৱাই ঘুৰি ফুৰো৷ চকুত চাৎ মাৰি ধৰাকৈ তীব্ৰ বগা পোহৰৰ লাইটো গোটাচেৰেক লগাই লৈছো৷ আমি হলো আপাৰ লেভেলৰ মানুহ, গতিকেই লাইটৰ পোহৰো সদায়েই আপাৰতেই থৈ দিও৷ পিছে আচল কথাটো হ’ল গাড়ীখনৰ বাৰেবিংকৰা মুঠেও নাজানো৷ হেডলাইটৰ আপাৰ-ডিপাৰ কৰা চুইচটোকো কেতিয়াবা বিচাৰি নাপাও৷ গাড়ীখন পিছে একেবাৰে চিকচিকিয়া কৰি ৰাখো৷ গাড়ীৰ ভিতৰতে কেতিয়াবা খোৱা-বোৱা বা কেতিয়াবা এটুপি ধৰিলেও লগে লগে চফা কৰি পেলাও৷ মানে চলি থকা গাড়ীৰ খিৰিকীৰে সাউতকৈ খোৱা-বস্তুৰ এৰেহা, পেকেট, বটলবোৰ দলিয়াই দিও৷ গাড়ীৰ ভিতৰখনো একেবাৰে চিকচিকিয়া হৈ থাকে৷ সকলোবোৰ হাই ফাই কাৰবাৰ!

ফুৰা-চকাৰ কাৰবাৰবোৰো হাই ফাই!

আমিও মাহেকে পষেকে ফুৰিবলৈ যাও৷ পিছে বেছিভাগ সময়ত শ্বিলং, গোৱা, বেংকক আদি জেগালৈ গৈ থকা হয়৷ কি কলে? অসমৰ ভিতৰত? অসমতনো ফুৰিবলৈ কি জেগা আছে? অ’, কাজিৰঙা আছে৷ লাহে লাহে কাজিৰঙাও একেবাৰে ‘হেপেনিং প্লেছ’ হবলৈ গৈ আছে৷ ‘ফুল মস্তি’ কৰিবলৈ কাজিৰঙা ভাল ঠাই৷ লজ, হোটেল, ৰেষ্টুৰেণ্টেৰে গোটেইখন গিৰিপ-গাৰাপ৷ পিছে আন বেলেগ ঠাইৰ কথা ভালকৈ গমেই নাপাও৷ অ’৷ বেছিভাগ টুৰিষ্ট আহিয়েই কাজিৰঙা, কামাখ্যা চাই শ্বিলঙলৈ পোনাই দিয়ে৷ অসমৰ একমাত্ৰ ‘হিল ষ্টেশ্যন’ হাফলঙৰ কথা, কাজিৰঙাৰ বাহিৰেও আন বহুকেইখন ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্যৰ কথা বহুতেই নাজানে৷ আমিও ভালকৈ নাজানো৷ আনকি টুৰিষ্টসকলে অসমৰ চিন হিচাপে কিবা এটা কিনি নিও বুলিও থাউকতে পাবলৈ নাই৷ বাহিৰত ফুৰা-চকা কৰা মানুহৰ বাবে ‘বাহিৰ ফুৰা’ কামফেৰা কৰাতো বৰ আহুকাল৷ মানে এইফেৰাৰ বাবে কতো একোৱেই ব্যৱস্থা নাই৷ প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা একা? হেঃ হেঃ! আমিনো কি কৰিম৷ মতাবোৰে পথৰ কাষতেই থিয় হৈ দিয়ে আৰু! মাইকী মানুহখিনিৰ অলপ অচৰপ অসুবিধা হয় অৱশ্যে৷ ৰাজহুৱা যিকেইটা প্ৰস্ৰাৱাগাৰ আছে সেইকেইটাও একেবাৰে নৰককুণ্ডস্বৰূপ৷ পিছে বেনাৰ-হৰ্ডিং লগাই, চফা ঠাইবোৰত ঝাৰু মাৰি, চেলফি তুলি স্বচ্ছ হোৱা দেখুওৱাৰ দৌৰত আমাক কোনেও চেৰ পেলাব নোৱাৰে৷ এইবোৰৰ লগতে অৱশ্যে দেশে বিদেশে প্ৰিয়ংকা চোপ্ৰাৰ হাই ফাই প্ৰচাৰো দেখি আছো!

খোৱা-বোৱাবোৰো হাই ফাই!

চাৰিওফালে ইলাহী কাৰবাৰ৷ আজিকালি পিজ্জা-বাৰ্গাৰ, দোচা-ইডলি, কোফ্টা-কাবাব, ইটালিয়ান-আমেৰিকান সকলো চাৰিআলিৰ চুকতেই পোৱা যায়৷ তাৰ উপৰিও হৰেক কিচিমৰ ‘কক’ আৰু ‘মক টেইল’! দেশী বিদেশী পানীয়ৰ ৰসেৰে আটাইখনতে একেবাৰে চৌ চৌ! আলহী সোধা কাৰবাৰবোৰো আজিকালি হাই ফাই হ’ল! আজিকালিৰ আলহীয়ে ডাক্টৰৰ এপইণ্টমেণ্ট লোৱাৰ দৰে আগতেই গৃহস্থ থকা-নথকাৰ খবৰ-খাতি লৈ অনুমতি পোৱাৰ পাছতহে অহাটো নিয়ম৷ আলহী অহাৰ পাছতো গৃহস্থই নিজেই আখলত খদমদম লগাই চাহ-ভাত যোগাৰ কৰাৰো দৰকাৰ নাই৷ আৰামত ফোনত অৰ্ডাৰ দিলেই গৰম গৰম ধোঁৱাই থকা খোৱাবস্তু আহি পদূলিত হাজিৰ হয়হি৷ আগৰ দৰে চাহ নে চৰ্বত খাব বুলি সোধাৰো দিন গ’ল৷ এতিয়া আলহীৰ আগত চিকচিকিয়া গিলাছ দুটা উদঙাই ‘কি খাব? হুইস্কী নে ভদকা?’ বুলি সোধাৰহে নিয়ম হ’ল৷ ল’-ছালি কেইটিকো সৰুৰে পৰাই পুৱাৰ পৰা গধুলিলৈকে মেগী, চিপছ, পিজ্জা-বাৰ্গাৰ, কেক-বিস্কুট আদি যতসব হাই-ফাই বস্তু খুৱাই বুৱাই গেৰেলা কৰিহে তৎ পাওঁ৷ অৱশ্যে বেছিভাগ খাৰখোৱা পেটে পঁইতাই হওক, গৰমেই হওক ভাতমুঠিহে বিচাৰে৷ পিছে তাতো পয়মাল৷ হোৰাহোৰে দৰব দিয়া খেতিৰ বস্তু, জিভাতো জুতি নুঠে, পেটেও নুশুজে৷ তথাপিও সকলোবোৰ হাই ফাই!

ব্যৱসায়বোৰো হাই-ফাই!

তৰহে তৰহে অনলাইন ব্যৱসায়৷ তাৰোপৰি হেজাৰ হেজাৰ বিঘা মাটিত বাহিৰৰ বণিয়াৰ ডাঙৰ ব্যৱসায়ৰ ৰমক-জমক৷ আমি থলুৱাবোৰে ওঁঠ চেলেকোতেই যায়, বাহিৰৰ বণিয়াই ঠাইতে পাত পাৰি একঠা খায়৷ কেতিয়াবা কোনোবা থলুৱাই অলপ বেলেগকৈ কিবা এটা কৰা দেখিলেই আমি এপাল আহি লগে ভাগে সেইটোকেই কৰিবলৈ ধৰো৷ দুই এজনে সাহ কৰি কিবা কাম কৰিলেও উৎসাহ দিবলৈও নাই৷ ব্যৱসায় কৰিবলৈ ধন বিচাৰি হায়ৰাণ হোৱা থলুৱা লোকক বেংকেও ঘুৰি নাচায়৷ পিছে এটা ব্যৱসায়ত আমি হলে মুধলৈকে উধাইছো৷ চান্দা ব্যৱসায়! ৰাজ্যখনত বাৰেকুৰি সংগঠন৷ আৰামত কিবা এটা সংগঠন খুলি এগালমান মুৰ্খ গোটাই লৈ ভেড়াৰ দৰে নচুৱাই থাকি চান্দাৰ পইছাৰে ফাওতে বছৰটো চলিব পাৰি৷ বছৰৰ বাৰমাহেই তেৰটা উৎসৱৰ গইনা লৈ চান্দা তুলি ৰইনাৰে ধন কোচোৱা মানুহৰ লেখ নাই৷ আটাইবোৰ হাই ফাই!

মুঠতে সকলোফালেই হাই-ফাই কাৰবাৰ৷ এইবোৰ দেখি শুনি কেতিয়াবা ফাই উঠিও যায়! পিছে ফাই দেখুৱাই লাভ নাই, বিজতৰীয়া ধোঁৱা-ধুলি খাই খাই আমাৰ বেছিভাগৰেই এতিয়া ঊদফাই!

☆★☆★☆

 

Comments

  1. সকলো হাই ফাই, পিছে সেইবোৰ হাই-ফাই দেখি ফাই উঠিবলৈ দিলে ধুলি নাখালেও ঊদফাই হ’ব দাদা।

    খুব ভাল লাগিল পঢ়ি, তীক্ষ্ণধাৰ ব্যংগ

  2. ‘হাই ফাই’ লেখাত দিবলৈ ‘হাই ফাই’ শব্দৰ অভাৱ অনুভৱ কৰিছোঁ.. ডিক্সনাৰীখন মেলো ৰৱ

  3. চাৰিওফালে হাই-ফাই পৰিবেশ।
    এইবোৰ দেখি শুনি ‘ফাই’ উঠাই প্ৰেচাৰ বঢ়োৱাতকৈ ব্যস্ত নাগৰিক ৰ ভাও লোৱাই ভাল। বৰ ভাল লাগিল।বিশেষকৈ শেষৰ পেৰাগ্ৰাফটো।

  4. কি সুন্দৰ লিখনি।কোনোবাই কৈছিল বোলে আগতে বেজাৰত আমি যিটো হায় হায় শব্দ ব্যৱহাৰ কৰিছিলো সেইটোও হাই ফাইৰ যুগত মানুহক মাতিবলৈহে ব্যৱহাৰ কৰি হাই৹৹৹৹ বুলিবলৈ ল’লো।

  5. আজিৰ সময়ৰ এনে হাই-ফাই অস্ত্ৰোপচাৰৰ বিৱৰণ অত্যন্ত “হাই-ফাই” হৈছে। জ্বলন্ত ছবিখন জিলিকি উঠিছে।

  6. “হাই ফাই” লেখাটো পঢ়ি জ্যোতি দালৈ এটা “হাই ফাইভ”৷মজ্জা৷

  7. অপূৰ্ব লিখনি ! কি তীক্ষ্ণ ব্যঙ্গ ! বহুত ভাল লাগিল

  8. প্ৰতিটো শাৰিয়েই এপাত এপাত শক্তিশেল । হাই ফাই

  9. হাই ফাই ষ্টাইলত ফাই ফাই চলাই থাকোঁ জীৱণ চকৰি৷ কাৰণ,আমি যে সুনাগৰিক৷

  10. হাই ফাই দাদা।কিবা বোলেনে চিকচিকাই থকা দা এখনহৈ নাচি থাকিল যেন শব্দবোৰে।
    সুন্দৰ ব্যংগ।

Leave a Reply

Your email address will not be published. Required fields are marked *