ফটাঢোল

প্ৰেমাস্পদৰ প্ৰত্যাবৰ্ত্তন (মূল কাহিনীঃ- হৰিশঙ্কৰ পৰছাই) – অনুবাদঃ- পূৰৱী কটকী

নৈৰ পাৰত বহি দুয়োজনেই শেষৰখন চিঠি লিখিলে,- “এই পৃথিৱীখন বৰ নিষ্ঠুৰ, প্ৰেমিকসকলক লগ হ’বলৈ নিদিয়ে। আমি এই পৃথিৱী এৰি পৰলোকলৈ যাবলৈ ওলায়ছোঁ,  য’ত প্ৰেমৰ পথত কোনো বাধা নাই।”

প্ৰেমেন্দ্ৰই ক’লে, – “এই পৃথিৱী বহুত নিষ্ঠুৰ নহয়নে ৰঞ্জনা?”

ৰঞ্জনাই সমৰ্থন কৰিলে, – “হয় বহুত নিষ্ঠুৰ।”

প্ৰেমেন্দ্ৰই আকৌ ক’লে, – “ইয়াত জুই লাগি নাযায় কিয়, ৰঞ্জনা?”

“কাৰণ জুই লগোৱাসকলে আত্মহত্যা কৰি লয় “- ৰঞ্জনাই উত্তৰ দিলে।

প্ৰেমিকে অলপ সময় একো ক’ব নোৱাৰিলে।

পাছত ক’লে, – “আমি অনন্তকাললৈ পৰলোকত সুখত থাকিম।”

প্ৰেমিকাই ক’লে, – “সেইটোৰো একো ভৰসা নাই,  তাত মোৰ খুৰা-খুৰী আগৰে পৰাই আছে। তোমাৰ খুৰাও তালৈ গ’লগৈ। সেইসকলে আমাক বিয়া পাতিবলৈ দিবনে?”

প্ৰেমিকে বুজালে, – “তাত একো বান্ধোন নাই,  ভগৱানে নিজেই কন্যাদান কৰিব। বয়সীয়ালসকলৰ বাপেকেও আমাৰ একো অনিষ্ট কৰিব নোৱাৰে। তেনেহ’লে চিঠিত নিজৰ চহী কৰা।

ৰঞ্জনাই ক’লে, –  “নহয়, প্ৰথমে তুমি কৰা।”

প্ৰেমেন্দ্ৰই ক’লে,  – “নহয়, প্ৰথমে তুমি। মই সু-সংসকৃতীবান পুৰুষ। লেডিজ ৰ্ফাষ্ট।”

ৰঞ্জনাই ক’লে, – “কিন্তু মই নাৰী,  পুৰুষৰ অনুগামিনী।”

এই কথাষাৰ শুনি সু-সংস্কৃতিবান পুৰুষজন সুখী হ’ল আৰু চিঠিৰ তলত চহী কৰি দিলে, আৰু প্ৰেমিকৰ চহীৰ তলত অনুগামিনীয়ে চহী কৰিলে।

পানীত জাঁপ মাৰিবৰ সময়ত বিবাদ হ’ল-

“প্ৰথমে তুমি,  মই সু-সংস্কৃতিবান পুৰুষ। লেডিজ ৰ্ফাষ্ট।”

“নহয়,  প্ৰথমে তুমি,  মই নাৰী পুৰুষৰ অনুগামিনী।”

এইবাৰ কিন্তু পুৰুষ সুখী নহ’ল। তেওঁ পুৰুষৰ সন্দেহভৰা চাৱনিৰে চালে অনুগামিনীক।

দুয়ো একেলগে চাদৰ এখনেৰে সংলগ্নকৈ দুয়োকে বান্ধি জাঁপ মাৰিলে। তেওঁলোকৰ অভিপ্ৰায় সাৰ্থক হ’ল।

বাটত ৰঞ্জনাই প্ৰেমেন্দ্ৰক ক’লে, –  “তুমি মৃত্যুৰ পাছতো নখ কামোৰা, বৰ লেতেৰা অভ্যাস।”

প্ৰেমেন্দ্ৰই ক’লে, –  “তুমি ম’হৰ দৰে মুখখন বহলকৈ মেলি হামি মাৰা,  মুখত হাত থৈ নোলোৱা কিয়? বৰ গাৱঁলীয়া তুমি।”

ৰঞ্জনাই বিষয় সলোৱাটোৱেই উত্তম বুলি ভাবিলে।

ক’লে, –  “তাত ঘৰৰ মানুহে আমাৰ বাবে বহুত কান্দিছে চাগে!”

প্ৰেমেন্দ্ৰই ক’লে, –  “তোমাৰ মা-দেউতা আনন্দিতহে হৈছে চাগে,  ভাবিছে চাগে বিপদ গ’ল, যৌতুক বাচিল। তোমাৰ আৰু চাৰিজনী ভনী ঘৰতে আছে নহয়!”

ৰঞ্জনাই অলপ উষ্মাৰে ক’লে,  – “আাৰু তোমাৰ দেউতাৰাইনো কিয় কান্দিব?  মই জানো তেওঁ তোমাক কিমান বেয়া পায়।”

এইবাৰ প্ৰেমেন্দ্ৰই বিষয় সলোৱাটো উচিত হ’ব বুলি ভাবিলে।

সি ক’লে, –  “এইবোৰ কথা বাদ দিয়া,  ইয়াত সংসাৰ কৰাৰ কথা ভাবা।”

ৰঞ্জনাই ক’লে,  – “বৰ ভুল হৈ গ’ল,  মই কলেজত সদায় ৰন্ধন শাস্ত্ৰৰ শ্ৰেণীসমূহত অনুপস্হিত থাকিলো। শিকি লোৱা হ’লে তোমাক বঢ়িয়াকৈ আহাৰ ৰান্ধি খোৱালোহেঁতেন।”

তাৰ পাছত তাইৰ কিবা এটা মনত পৰিল আৰু ক’লে, –  “কিন্তু একো কথা নাই, যোৱা মাহত ৰন্ধন শাস্ত্ৰৰ এগৰাকী অধ্যাপিকা তালৈ গৈছে। তুমি তেওঁক চিনি পোৱা নহয়?  ৰন্ধন শাস্ত্ৰ বহুত ভালকৈ পঢ়ায়, কিন্তু আহাৰ বহুত বেয়া ৰান্ধে। তেওঁৰ প্ৰিন্সিপাল বাইদেউৰ ভায়েকৰ লগত অবৈধ সম্পৰ্ক আছিল,  নিজৰ চৰিত্ৰ ভাল বুলি প্ৰমাণ কৰিবলৈ গৈ আত্মহত্যা কৰিলে।”

তাঁহাত  দুয়োটা পৰলোক পালেগৈ। আবেলি বাগিচাত ফুৰি আছিল। তেনেতে এখন বেঞ্চত চিনাকী এহাল স্ত্ৰী-পুৰুষক দেখিলে। পুৰুষে নাৰীগৰাকীৰ হাতত ধৰি আছিল আৰু নাৰীগৰাকীয়ে পুৰুষৰ কান্ধত নিজৰ মূৰ থৈ আছিল।”

প্ৰেমেন্দ্ৰই আচৰিত হৈ ক’লে, –  “আৰ্….ৰে,  এইজনচোন মোৰ স্কুলৰ হেডমাষ্টৰ চাক্সেনা মহোদয়।”

ৰঞ্জনাই ক’লে, – ” আৰু সেইয়া মোৰ হেডমাষ্টৰনি মিছেছ শৰ্মা।”

প্ৰেমেন্দ্ৰই ক’লে, –  ” চাক্সেনা ছাৰটো বৰ কাঢ়া আৰু অনুশাসনপ্ৰিয় লোক আছিল। আমি কেতিয়াও তেওঁক হঁহাও দেখা নাছিলো। আমি আচৰিত হৈছিলো যে যিজন মানুহে হাঁহিব নাজানে তেওঁৰ সন্তান কেনেকুৱা হয়।”

তাহাঁত দুয়োটা উভতিবলৈ লওঁতেই হেডমাষ্টৰে মাতিলে, – “লাজ নকৰিবা বাচাহঁত, এইফালে আঁহা।”

দুয়োটা তেওঁলোকৰ ওচৰলৈ গ’ল, মিছেছ্ শৰ্মাই নিজৰ ছাত্ৰীৰ পৰিচয় ল’লে। অলপ সময় সাধাৰণ কথা-বতৰা হোৱাৰ পাছত তেওঁলোকে নিজৰ নিজৰ বিদ্যাৰ্থীৰ লগত পাৰ্কত তহল দি কথা পাতিলে।

হেডমাষ্টৰে ক’লে,  – ” প্ৰেমেন্দ্ৰ তুমি আচৰিত হৈছা চাগে মোৰ দৰে কঠোৰ,  সংযমী আৰু সদাচাৰী মানুহে মিছেছ শৰ্মাক কেনেকৈ প্ৰেম কৰিবলৈ ল’লো। কথাটো এনেকুৱা হ’ল, দুবছৰৰ আগতে এডুকেশ্যন ব’ৰ্ডৰ কাৰ্য্যালয়ত আমি মেট্ৰিক পৰীক্ষাৰ নম্বৰৰ মূল্যাংকন কৰি আছিলো,  তেতিয়াই আমাৰ মাজত মূল্যাংকন হৈ গ’ল। তিনিমাহৰ আগত মিছেছ শৰ্মাৰ নিমো’নিয়া হৈ মৃত্যু ঘটিল,  আৰু এসপ্তাহৰ আগত মোৰ হাৰ্ট ফেইল হোৱাৰ বাবে ইয়ালৈ আহিলো। মই তাইক কৈ দিলো যে তোমাৰ বিৰহত মই আত্মহত্যা কৰি দিলো। তুমি আকৌ কৈ নিদিবা যে,  মোৰ মৃত্যু হাৰ্টফেইল হৈ হ’ল।”

আনফালে মিছেছ শৰ্মাই ৰঞ্জনাক ক’লে, -” মইতো এই হেডমাষ্টৰৰ অহংকাৰ ভাঙি চূৰমাৰ কৰিব খুজিছিলো। তেওঁ বৰ কঠোৰ আৰু সদাচাৰী হৈ দেখুৱাইছিল। সেই স্বীকৃতি তেওঁ ৰাষ্ট্ৰপতিৰ পৰাও আনিছিল। যেতিয়া মই তেওঁৰ অহংকাৰ চূৰমাৰ কৰিলো, তেতিয়া তেওঁ সেই স্বীকৃতি এৰি মোৰ আগে-পাছে ঘূৰিবলৈ ল’লে। মিছা কথা কোৱাটো তেওঁ ইয়াতো নেৰিল, মৰিলে হাৰ্টফেইল হৈ আাৰু মোক কৈছে, – “তোমাৰ বাবে আত্মহত্যা কৰিলো।” চোৱা,  তুমি যি কৰিব খুজিছা অনতিপলমে কৰি ল’বা। পুৰুষৰ কোনো ভৰসা নাই। এই হেডমাষ্টৰে মনে মনে নিজৰ খুলশালিৰ সন্ধান কৰি থাকে।”

আনফালে হেডমাষ্টৰে প্ৰেমেন্দ্ৰক ক’লে, – ” এই ছোৱালীজনীৰ কোনোবা পূৰ্বৰ প্ৰেমিক ইয়াত আাছে নেকি বাৰু ?”  অলপ সাবধান হৈ থাকিবা, একো বিশ্বাস নাই। এই হেডমাষ্টৰনীয়ে মনে মনে নিজৰ স্কুলৰ সংগীতৰ মাষ্টৰৰ সন্ধান কৰি থাকে।”

তেওঁলোকে নিজৰ নিজে শিক্ষাগুৰুৰপৰা দীক্ষা লৈ আগবাঢ়োতেই দেখিলে প্ৰেমেন্দ্ৰৰ খুৰাকে নিজৰ মালিকৰ ঘৈনীয়েকৰ হাতত ধৰি ঘূৰি ফুৰিছে। সি বৰ দুখ পালে, খুৰাকৰ এই ৰূপ সি সপোনতো কল্পনা কৰা নাছিল। খুৰাকে তাক দেখি ক’লে, – “লাজ নকৰিবা,  আমি ইয়াত সকলো মুক্ত। মালিকনীৰ লগত মোৰ পৃথিৱীত থকাৰ পৰাই সম্পৰ্ক।”

প্ৰেমেন্দ্ৰই ক’লে, – “কিন্তু খুৰা আপুনিটো কৈছিল যে মালিকনী বহুত বেয়া মহিলা।”

খুৰাকে ক’লে, – “সেইটো মই তেওঁৰ প্ৰশংসাত কৈছিলো। যদি তেওঁ পতিব্ৰতাই হ’লহেতেঁন তেনেহ’লে মোৰ কি কামত আহিলহেতেঁন,  তেওঁ বেয়া কাৰণেই মোৰ লগত সম্পৰ্ক।”

এইবোৰ দেখা আৰু শুনাৰ পাছত প্ৰেমেন্দ্ৰৰ বিশ্বাস হৈ গ’ল যে যিসকললৈ তেওঁ ভয় কৰিছিল,  সেইসকলৰ নিয়ম বান্ধোন তাত একো নাই।

সি ৰঞ্জনাক বিয়াৰ প্ৰস্তাব দি থাকে,  আৰু তাই পিছোৱাই থাকে।

এদিন সি ক’লে, – “মই সকলো জানো,  তুমি মনে মনে বিনোদক লগ কৰা। সেইটো, যিটোৰ এটা গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল। সেই হেডমাষ্টৰনীয়ে তোমাক তাৰ সতে লগ কৰাই দিছিল। তুমি পাহৰি গ’লা যে তাৰ দেউতাকে তোমাৰ দেউতাৰাৰ চাকৰি নিলম্বন কৰিছিল।”

ৰঞ্জনাই ক’লে, – “এইয়া তোমাৰ ভ্ৰম। মই তাক লগ নকৰোঁ।”

“তুমি তাক প্ৰেম কৰিবলৈ নল’বা।”

“মই সেই বদমাচটোক কিয় প্ৰেম কৰিম বাৰু?”

“তুমি যে তাক প্ৰেম কৰিবলৈ ল’লা,  মোৰ বিশ্বাস হৈ গ’ল।”

“কিয় বাৰু তুমি এনেকৈ ভাবিলা, যে মই তাক ভাল পাওঁ।”

“তুমি যে তাক বদমাচ ক’লা, প্ৰেম নকৰা হ’লে তুমি তাক বদমাচ নকলাহেঁতেন।”

ৰঞ্জনাই কথাটো লুকুাৱাব নিবিচাৰিলে,  তাই কৈ দিলে যে,  -“মই বিনোদৰ লগত বিয়া হ’ম।”

প্ৰেমেন্দ্ৰই কান্দিব খুজিলে,  কিন্তু সেই লোকত চকুপানী নোলায়। সি তাইক বহুত বেয়াকৈ কৈ আৰু আত্মহত্যা কৰিব বুলি ভাবুকি দি গুচি গ’ল।

কিন্তু আত্মহত্যা সি কৰিব নোৱাৰিলে। সি ফাঁচি লগাব খুজিলে, কিন্তু ডিঙিত ফাঁচ নালাগিল। ৰেলৰ চিৰিত শুই দিলে, তাৰ গাৰ ওপৰে গোটেই ৰেলগাড়ী পাৰ হৈ যোৱাৰ পাছতো তাৰ গাত সামান্যতম ঘাঁ অকনো নালাগিল। নদীত জাঁপ মাৰিলে, কিন্তু সি উপঙি থাকিল। এদিন সি এটা ঘৰৰ পাঁচমহলৰ ওপৰৰ পৰা জঁপিয়াই দিলে, সি ঘৰটোৰ তলত থকা বাটত ৰৈ থকা পুলিচ বিষয়া এজনৰ গাতে পৰিল।

পুলিচজনে হাঁহি হাঁহি ক’লে, – ” কি এইবোৰ লৰা-ধেমালি কৰিছা?”

প্ৰেমেন্দ্ৰই ক’লে, – ” মই পাঁচমহলৰ ওপৰৰ পৰা জাঁপ মাৰিছো আৰু আপুনি এইটো লৰা-ধেমালি বুলি কৈছে ?”

তেওঁ উত্তৰ দিলে, – “সেইটোনো কি কথা হ’ল,  তুমি ইয়াত এশ মহলৰ ওপৰৰ পৰাও জাঁপ মাৰিব পাৰা। কিন্তু তুমি জাঁপ মাৰিলা কিয়?”

প্ৰেমেন্দ্ৰই ক’লে,  -“মই আাত্মহত্যা কৰিব বিচাৰোঁ।”

পুলিচজনে ক’লে, -“কিন্তু ইয়াত আত্মহত্যা অসম্ভৱ। হৈ গ’লেই যেনিবা,  ইয়াৰ পৰা আত্মাবোৰ ক’লৈ যাব?  তোমালোকৰ পৃথিৱীৰ কবি পৰ্যন্ত জানে সেই কথা।  কোনোবাইটো কৈছেই, – “মৃত্যুৰ পাছতো শান্তি নাপালে,  যাব খুজিলেও যাবানো কেনি!”

প্ৰেমেন্দ্ৰই ক’লে, – “তেনেহ’লে হত্যা কৰিবটো পাৰি চাগে,  মই সেই হেডমাষ্টৰণিক হত্যা কৰিব বিচাৰো।”

পুলিচজনে ক’লে,  -“তোমাৰ আগৰ সংস্কাৰে এতিয়াও তোমাৰ লগ এৰা নাই, সেইবাবেই হত্যাৰ বাবে এজন পুলিচ বিষয়াৰ পৰামৰ্শ বিচাৰিছা। চোৱা হত্যাও হ’ব নোৱাৰে। সমস্যা একেটাই আত্মাবোৰ যাব কেনি ? “

“এই কথাটো কি,  কিবা প্ৰেমৰ কথা নেকি?”- পুলিচজনে আকৌ সুধিলে।

প্ৰেমেন্দ্ৰই ক’লে, – “হয়,  তাই মোক বিশ্বাসঘাটকতা কৰিলে।”

পুলিচজনে ক’লে,  “তেনেহ’লে তুমি ইয়াৰ প্ৰেম আৰু বিবাহৰ সঞ্চালকক লগ ধৰা, তেওঁ বিষয়টো মীমাংসা কৰিব।”

প্ৰেমেন্দ্ৰ সঞ্চালকৰ কাৰ্য্যালয়লৈ গ’ল।

সঞ্চালকে প্ৰেমেন্দ্ৰক মূৰৰ পৰা ভৰি লৈকে চালে আৰু হাঁহি হাঁহি সুধিলে, – “য়’ঙ্গ মেন,  হোৱাট্ কেন আই ডু, ফ’ৰ ইউ?”

প্ৰেমেন্দ্ৰই ক’লে, – “আপোনাক ভাৰতবৰ্ষৰ পৰা অহাৰ দৰে লাগিছে।”

সঞ্চালকে সুধিলে,  -“তুমি কেনেকৈ জানিলা?”

প্ৰেমেন্দ্ৰই ক’লে, – “যিহেতু  আপুনি ইয়াতো ইংৰাজীতে কথা কৈছে। এইটো উচ্চখাপৰ ভাৰতীয়ৰ লক্ষণ।”

সঞ্চালকে ক’লে, – “তুমি ঠিকেই কৈছা। ইংৰাজী ভাষাৰ বাবেই মই সেই নিম্নখাপৰ দেশখন এৰি দিলো। মই আই চি এচ আছিলো,  ২৫ জানুৱাৰী, ১৯৬৫ চনত যেতিয়া হিন্দী সেই দেশৰ শাসনৰ ভাষা হৈ গ’ল,  তেতিয়া মই ২৭ তাৰিখে লণ্ডনলৈ গৈ টেমছ নদীত জাঁপ মাৰি দিলো।”

প্ৰেমেন্দ্ৰই ক’লে, – “মহোদয়, আপুনি ইমান দূৰলৈ কিয় গ’ল?  দিল্লীতেইচোন যমুনা নদীত জাঁপ দি মৰিব পাৰিলেহেঁতেন।”

সঞ্চালকে ক’লে, – ” ননচেন্স, কি কথা কৈছা! যমুনাত জাঁপ মৰা হ’লে ইংলেণ্ডৰ ৰাণীয়ে মোৰ কথা কি ভাবিলেহেঁতেন?”

প্ৰেমেন্দ্ৰই নিজৰ সমস্যাৰ কথা ক’লে।

সঞ্চালক ক’লে,  – “এইটো পলিচিৰ বিষয়। ওপৰৰ পৰা নিৰ্ণয় ল’ব। পলিচি নিৰ্ণয় কৰি লোৱা,  তাৰ পাছত তুমি যিধৰণে ক’বা তেনেকৈ কৰি দিম। ঠিক সেই পলিচিৰ বিপৰীতে, সেই পলিচিৰ অন্তৰ্গত কৰি দিব পাৰিম। মোৰ দিল্লীত ইয়াৰ অভিজ্ঞতা হৈ গৈছে। মই তোমাৰ কেচটো বিধাতাৰ ওচৰলৈ পথায় দিম,  তুমি তেওঁক কাইলৈ লগ কৰি ল’বা।

দ্বিতীয় দিনা প্ৰেমেন্দ্ৰই বিধাতাৰ সন্মুখত উপস্হিত হ’ল, লগতে ৰঞ্জনাকো মতা হৈছিল।

বিধাতাই ক’লে, – “তোমাৰ বিষয়টো আমি চালো,  তুমি কি বিচাৰা?”

“যদি আপুনি গম্ভীৰকৈ লয়,  তেতিয়াহ’লে আপুনি ৰঞ্জনাক মোৰ লগত প্ৰেম কৰিবলৈ হুকুম দিয়ক আৰু বদমাচী হেডমাষ্টৰণীক বহিষ্কাৰ কৰক।”

বিধাতাই ক’লে, – “যিমানলৈকে প্ৰেম সম্পৰ্কীয় কথাবোৰ,  সেইবোৰৰ ক্ষেত্ৰত আমাৰ হাত সংবিধানেৰে বান্ধি থোৱা আছে। প্ৰেম পাব্লিক চেক্টৰত নাই, প্ৰাইভেট চেক্টৰতহে আছে। হেডমাষ্টৰণীও আমাৰ দায়িত্বত নাই। আমি দ্বিতীয় পক্ষৰ কথা শুনি সমাধান চেষ্টা কৰিব পাৰোঁ।

“দেৱী ৰঞ্জনা,  এই বিষয়টোক লৈ কৰণীয় কি ?”

ৰঞ্জনাই নিবেদন কৰিলে,-  “আমাৰ পৃথিৱীত আমাৰ স্বাধীনতা নাই,  সেইবাবেই যি আমাৰ সম্পৰ্কলৈ আহে তাৰ সৈতে প্ৰেম হয়। এই প্ৰেমেন্দ্ৰ আমাৰ ঘৰলৈ সৰুৰে পৰা অহা-যোৱা কৰে। দেউতাই তাৰ হতুৱাই পাণ-চিগাৰেট অনাইছিল। মোৰ মা-দেউতা ইমানেই কাঢ়া মানুহ আছিল যে মোক ক’লৈকো অকলে যাবলৈ নিদিছিল না কোনো পুৰুষক ঘৰলৈ আহিবলৈ নিদিছিল। প্ৰেমেন্দ্ৰৰ বাহিৰে কোনো দ্বিতীয় পুৰুষক মই চিনিয়ো নাপায়ছিলো। সেইবাবেই আমাৰ সম্বন্ধ হ’ল, তাকেই আমি প্ৰেম বুলি কোৱা হ’লো। মই পৰা হ’লে বিনোদক ভাল পালোঁহেতেন। তাক মই পচন্দ কৰিছিলো।

কিন্তু তাৰ দেউতাকে মোৰ দেউতাক চাকৰিৰ পৰা নিলম্বিত কৰিছিল,  সেইবাবে সি আমাৰ ঘৰলৈ অহা নাছিল। কিন্তু ইয়াত স্বাধীনতা আছে,   মই ইয়াত নিজৰ ইচ্ছাৰে প্ৰেম কৰিব পাৰো। সেইবাবে বিনোদক প্ৰেম কৰোঁ। পৰতন্ত্ৰত যি হৈ গ’ল, সেইটো স্বতন্ত্ৰতাত নিয়ম অনুসাৰে নহয়।”

বিধাতাই প্ৰেমেন্দ্ৰক ক’লে, – “শুনিলানে তুমি,  এতিয়া তুমি কি কোৱা ?”

প্ৰেমেন্দ্ৰই দুখী প্ৰেমিকৰ অন্তৰত নিহিত হৈ থকা সমস্ত ৰোষেৰে ক’লে,- “আমি এনেকুৱা ঠাইত থাকিবলৈ নিবিচৰোঁ। আমাক পুনৰ আমাৰ পৃথিৱীলৈ পথায় দিয়ক। ইয়াৰ প্ৰতি থকা বিশ্বাস ভাঙি গ’ল।

বিধাতাই ক’লে, – “তুমি তাৰ পৰা ইয়ালৈ,  ইয়াৰ পৰা তালৈ পলায়ে ফুৰিবা নে কিবা কৰিবাও?”

তেতিয়ালৈকে সচিবে ৰেকৰ্ড চায় ক’লে, – “প্ৰভু, এই ছোৱালীজনীৰ মাকৰ কোটা শেষ হৈ গ’ল। পাঁচজনী ছোৱালী দিবলগীয়া আছিল,  সেইয়া দিয়া হৈ গ’ল। এতিয়া তাই সেই পৰিয়ালত জন্ম ল’ব নোৱাৰে। ওলোটাই ল’ৰাৰ দেউতাকে আৰু এটা ল’ৰা পাবলগীয়া আছে।”

প্ৰেমেন্দ্ৰই খঙেৰে ক’লে, – “আচৰিত ব্যৱস্হা! ইয়াতো কি আমি নিজৰ পিতৃৰ নিৰ্বাচন কৰিব নোৱাৰো?  এজনী ছোৱালীৰ কাৰোবাক দি দিলেই,  কি ইয়াত ছোৱালীৰ ষ্ট’ক শেষ হৈ যাব নেকি ?”

বিধাতাই তালৈ খঙেৰে চায় ক’লে,  -” তোমাৰ বৰ সোনকালে খঙ উঠে,  প্ৰেমিক মহোদয়,  তুমি কিয় ইমান সোনকালে পৃথিৱী এৰি আহিলা?  কিবা দুৰ্ঘটনাত মৰিছিলা নেকি ?”

প্ৰেমেন্দ্ৰই ক’লে, – “মই প্ৰেমৰ কাৰণে আত্মহত্যা কৰি আহিছো। আমি দুয়োটাই একেলগেই নদীত জাঁপ মাৰিছিলো। সেই পৃথিৱীৰ লোকসকলে আমাক বিয়া হ’বলৈ নিদিছিল ।”

বিধাতাই ক’লে,  – “কিন্তু কথা এনেকৈ কোৱা যেন তুমি কিবা আন্দোলনত শ্বহীদহে হৈ আহিছা! পৃথিৱীত কিবা আন কাম নাছিল নেকি যে ইয়ালৈ গুচি আহিলা?”

সিহঁত দুয়োটায়ে এটাই আনটোৰ মুখলৈ চালে।

বিধাতাই ৰঞ্জনাক ক’লে, – “দেৱী,  আপোনাৰ নতুন প্ৰেমীকে যেতিয়া গ’ম পাব যে আপুনি এওঁৰ প্ৰেমত পৰি আত্মহত্যা কৰি আহিছে,  তেওঁটো আপোনাক এৰি গুচি যাব। ইয়াত সুন্দৰীৰ অভাৱ নাই।”

ৰঞ্জনাই ক’লে, – “মহোদয়,  এই ঠাইখিনি আমাৰ একেবাৰে পচন্দ নাই হোৱা,  ইয়াত নিশ্চয়তা নাই। ইয়াৰ স্বাধীনতা অসহনীয়। কোনো কাৰো প্ৰতি সত্য নহয়। আপুনি আমাক আমাৰ পৃথিৱীলৈ ঘূৰাই পঠিয়াই দিয়ক, যিকোনো ঠাইলৈ।”

বিধাতাই ক’লে, – “কিন্তু এতিয়া এটা সমস্যা হ’ল, যি প্ৰেমৰ বাবে আত্মহত্যা কৰি ইয়ালৈ আহে,  তেওঁলোকক পুনৰ মানুহ কৰটো নিয়ম নহয়। যি কাৰণে তেওঁলোকে জীয়াই থাকিব লাগে,  সেই কাৰণটোৰ বাবে তেওঁলোক মৰি যায়। তেওঁলোকৰ মনুষ্যৰ ৰূপত প্ৰেম কৰিবলৈ সাহস আৰু বিবেকৰ অভাৱ হৈ যায়। তোমালোকৰ বাবেও এইটো ভাল নহয় যে তোমালোক আকৌ মানুহ হোৱা,  এবাৰ হৈ আৰু প্ৰেম কৰি তোমালোকে গ’ম পালা। তোমালোকৰ দ্বাৰা নহ’ল। তোমালোকৰ সাহস নাই প্ৰেম সহ্য কৰিবলৈ। তোমালোক পুনৰ সেই সমস্যাত নপৰিবা। আন কিবা জীৱধাৰী হোৱা,  যি মানুহৰ দৰে প্ৰেম কৰিবলৈ বাধ্য নহ’ব। কোৱা কি জন্তু হ’বলৈ বিচাৰা?”

প্ৰেমেন্দ্ৰই ৰঞ্জনাক ক’লে, – “কোৱা কি জন্তু হ’বা?”

তাই প্ৰেমেন্দ্ৰক ক’লে,  -“তুমিয়ে কোৱা প্ৰথমে।”

প্ৰেমেন্দ্ৰই ক’লে, – “নহয়, প্ৰথমে তুমি,  মই সু-সংস্কৃতিবান পুৰুষ। লেডিজ ফাৰ্ষ্ট।”

ৰঞ্জনাই ক’লে, – “নহয়, প্ৰথমে তুমি কোৱা। মই স্ত্ৰী, পুৰুষৰ অনুগামিনী।”

☆★☆★☆

 

8 Comments

  • Dhruba Jyoti Arjuna

    তোমাৰ অনুবাদে মোক সদায়ে অাপ্লুত কৰি অাহিছে ।

    Reply
  • Gitika Saikia

    সাৱলীল অনুবাদ, পঢ়ি থাকোঁতে একাত্ম হৈ যাব পাৰি। ইয়াতেই অনুবাদকৰ কৃতিত্ব।

    Reply
  • Utpala Kaur

    ইমান সুন্দৰ!!
    Carry it on purbi

    Reply
  • পাৰবীন

    ইমান ভাল লাগিল পূৰ্ৱী

    Reply
  • Rajdeep Borah

    পূৰবী , কি সুন্দৰ অনুবাদ কৰিছা ! পঢ়ি থাকোতে এনেকুৱা লাগিছে যেন মূল লিখনিটো তোমাৰেই !

    Reply
  • Papari Barman

    পুৰৱী হাতেৰে এই অনুবাদ সঁ‌চাকৈয়ে ৰাতিপুৱাটো মোৰ সুন্দৰ হৈ গল ।

    Reply
  • বৰ ধুনীয়া কাহিনীটো– অনুবাদ ইমান সুন্দৰ হৈছে পূৰবী, সঁচাই বৰ ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    বঢ়িয়া! সুন্দৰ কাহিনী আৰু অতি সুন্দৰ অনুবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *