ফটাঢোল

কৌতুক – প্ৰণৱ সিংহ

(১) শতাংশ

দশম মান শ্ৰেণীত সমাজ বিজ্ঞানৰ শিক্ষকে  ছাত্ৰ-ছাত্ৰীক সুধিছে, –

” ৰংঘৰ কোন ৰজাৰ দিনত নিৰ্মাণ হৈছিল? “

উত্তৰ দিব নোৱাৰি সকলো ছাত্ৰ-ছাত্ৰী নিমাত।  ইজনে-সিজনৰ মুখলৈ চাইছে। দহ-পোন্ধৰ মিনিট যোৱাৰ পিচতো কোনেও উত্তৰ দিব নোৱাৰাত শিক্ষকে শ্ৰেণীটোৰ প্ৰত্যেককে দুচাটকৈ দিলে।

ছাত্ৰীঃ ছাৰ, – “মোক কিয় দুচাট দিলে! মইতো সমাজ বিজ্ঞানত ছমহীয়া পৰীক্ষাত এশৰ ভিতৰত এশ পাইছিলোঁ!”

(২) পৰিৱেশ সুৰক্ষা

বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিদ্যালয়ত বৃক্ষৰোপন হ’ল, চাৰিওকাষ পৰিষ্কাৰ কৰা হ’ল। নিমন্ত্ৰিত বক্তাই সাৰগৰ্ভ ভাষণও প্ৰদান কৰিলে। সভাত উপস্থিত সকলোৱে সংকল্পবদ্ধ হ’ল পৰিৱেশ সুৰক্ষাৰ বাবে। ছাত্ৰ-ছাত্ৰীক একাষাৰ ক’বলৈ দিয়াত এজন ছাত্ৰ ঘোষক যন্ত্ৰৰ কাষলৈ আহিল  আৰু ক’লে, –

ছাত্ৰঃ পৰিৱেশ দিৱস সঁচাই বৰ ধুনীয়া দিৱস। যোৱা বছৰ পুলি ৰোৱা ঠাইত গছ পুলি কেইটা মৰি যোৱাত গাঁত কেইটা খান্দি আকৌ গছ পুলি ৰুলো আজি।

হেডচাৰে,  ভাত খোৱাব বুলি কোৱাত শিলিখাজোপাৰ ডাল কেইটামান কাটিব দিলে তিনি দিন মান আগতে। চাৰে কৈছে পিচৰ বছৰ হেনো এইবছৰতকৈ আৰু ডাঙৰকৈ পাতিব বিশ্ব পৰিৱেশ দিৱস!

(ইউৰিয়া)

চাকৰিয়াল মালিক-মালিকনীয়ে কাম কৰা মানুহ গৰাকীক উদ্দেশ্যি,-

মালিকনীঃ “মাইনাই বেছি অসুবিধা কৰিলে তোক ফোন কৰিবলৈ কোৱা নাছিলোঁ নে!”

মালিকঃ ” সৰু কথাটোকে মনত ৰাখিব নোৱাৰ! মূৰত গোৱৰ জমা আছে, নে কি আছে ?

কামকৰা মহিলাঃ “মালিক, আজিকালি খেতিত গোৱৰ নিদিয়ে নহয়৷ বজাৰৰ কিনা পাঁচলি খাওঁতে খাওঁতে ইউৰীয়া হে জমা হ’ল কিজানি!”

☆★☆★☆

 

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *