ফটাঢোল

কৌতুক – ইন্দ্ৰ কোঁৱৰ

সপ্তম শ্ৰেণীত পঢ়া কনটিলৌ এদিন গেলামালৰ দোকানত-

কনটিলৌঃ “দাদা ১কিলো আলুৰ দাম কিমান ?”

দোকানীঃ “২৫ টকা৷”

কনটিলৌঃ “আধা কিলোৰ দাম?”

দোকানীঃ “১২টকা ৫০ পইচা৷”

কনটিলৌঃ “এপোৱাৰ দাম?”

দোকানীঃ “৬টকা ২৫ পইচা আকৌ৷”

কনটিলৌৱে ‘আৰু ১০০ গ্ৰামৰ’  বুলি সুধিব লওঁতেই দোকানীয়ে সুধিলে,-

“হেৰৈ, তোক আচলতে আলু লাগে কিমান?”

কনটিলৌঃ “আচলতে মোক আলু নালাগে৷ এই অংকটো চাৰে ঘৰত কৰি নিবলৈ কৈছিল৷ সেই কাৰনে আপোনাৰ পৰা শিকি ললোঁ৷”

দোকানীঃ “তোৰ বাপেৰে সিদিনা কৈছিল,  তই বোলে ক্লাচত সদায় দ্বিতীয় হৈ পাছ কৰ৷ এই অংকটোও কৰিব নোৱাৰ নে?”

কনটিলৌঃ  হেৰি নহয় দাদা, আমাৰ ক্লাছত নগেন আৰু মইহে মাত্ৰ৷”

☆★☆★☆

 

Leave a Reply

Your email address will not be published. Required fields are marked *