বিশ্বজনীনতাৰ ভাষা হাঁহি

~~~~~~~~~~~~~~~~~~~

বিশ্ব চিনেমাৰ মহান অভিনেতা, ছবি নিৰ্মাতা চাৰ্লি চেপলিনৰ মতে হাঁহি অবিহনে এটা দিন কটোৱাটোও মানুহৰ জীৱনত সেই দিনটো অবাবতে খৰচ কৰাৰ দৰে হয়।

মানুহক হহুঁৱাবৰ বাবে তেখেতে জীৱনজোৰা কৰা প্ৰয়াসক লৈ কৈছিল,- “কোনোবা ৰাজনীতিবিদ হোৱাতকৈ মই কেৱল এটা, কেৱল মাত্ৰ এটাই হ’ব বিচাৰোঁ, সেয়া হ’ল মানুহক হহুঁওৱা ক্লাউন। অন্ততঃ ৰাজনীতিবিদতকৈ নিজকে ওপৰৰ স্থানত পাম।”

ব্যংগৰ জৰিয়তে সমাজলৈ একোটি বাৰ্তাৰে আগবঢ়োৱা চাৰ্লি চেপলিনৰ ছবিসমূহৰ সফলতাৰ মূল চাবি-কাঠি আছিল মানুহৰ বিভিন্ন মানসিক স্থিতিৰ সহজ-সৰল উপস্থাপন। দৰ্শকে ছবিবোৰ চাওঁতে কোনোবা নহয় কোনোবা ক্ষণত চেপলিনে অভিনয় কৰা পৰ্দাৰ সেই চৰিত্ৰবোৰত নিজকে হয়তো বিচাৰি পাইছিল। তেওঁলোকে সেইবোৰ চায়েই জীৱন সংগ্ৰামৰ মাজত থমকি ৰৈ হাঁহিছিল। প্ৰকৃততে স্থান, কাল, পাত্ৰ নিৰ্বিশেষে মানুহৰ সহজ-সৰল স্বভাৱবোৰ পৃথিৱীৰ যিকোনো প্ৰান্ততে একেই হয়। সেয়াই বিশ্বজনীনতা। চেপলিনৰ ছবিবোৰত দেখুওৱা কাহিনীত সেই বিশ্বজনীনতা আছিল বাবেই ছবিসমূহে সমগ্ৰ বিশ্বতে বৰ্তমানেও আদৰ লাভ কৰি আহিছে।

অৱশ্যে হাঁহি উঠা যিকোনো কথা-কাণ্ডকেই ব্যংগৰ লগত একে বুলি ক’ব নোৱাৰি। হাঁহি আৰু ব্যংগ –এই দুয়োটা একো একোটি ভিন্ন ভিন্ন সত্বা। আভিধানিক অৰ্থত হাঁহি হ’ল মন আৰু দেহৰ এক যুটীয়া প্ৰচেষ্টাত স্বতঃস্ফূৰ্তভাৱে হোৱা শব্দ আৰু দেহৰ অংগী-ভংগীৰ এক প্ৰকাশভংগী।

সাহিত্যৰ নোবেল বঁটা প্ৰাপ্ত মহান কবি পাবলো’ নেৰু’দাই কৈছিল,- “হাঁহি হ’ল আত্মাৰ এক চিৰন্তন ভাষা।”

ব্যংগ হ’ল সেই অন্তৰৰ হাঁহিক উলিয়াই অনাৰ স্বতঃস্ফূৰ্ত প্ৰয়াস। আত্মাৰ সেই চিৰন্তন ভাষাক সাৰোগত কৰিয়েই কোৱা বিভিন্ন ধেমেলীয়া কথা-বতৰাকেই হয়তো ব্যংগ বুলি ক’ব পাৰি। বহুতে ব্যংগক সাহিত্যৰ অংগ বুলি স্বীকাৰ কৰিব নোখোজে। অথচ ব্যংগ সাহিত্যৰ বাবে যিদৰে “ৰসৰাজ” উপাধিৰে লক্ষ্মীনাথ বেজবৰুৱাক সন্মানিত কৰা হৈছিল, তেনেদৰে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে “সাহিত্যৰথী” উপাধিও দিয়া হৈছিল। প্ৰকৃততে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱায়েই অসমীয়া সাহিত্যৰ ব্যংগ ধাৰাটিক এক উন্নত মান-বিশিষ্ট স্থিতি দি থৈ গৈছিল। সেইসময়ত সেয়া এক অসাধ্য সাধনৰ দৰে আছিল। অথচ ৰসৰাজৰ সৃষ্ট অন্যান্য সাহিত্যৰাজি মান-বিশিষ্ট সাহিত্য হিচাবে আজিও জিলিকি আছে। প্ৰকৃততে সাহিত্যৰথীৰ সৃষ্ট সকলোখিনি সাহিত্যতে এক বিশ্বজনীনতাৰ ভাৱনাই প্ৰসাৰতা লাভ কৰিছিল।

আমাৰ প্ৰত্যেকৰে জীৱনত এনে একোগৰাকী ব্যক্তি থাকে যিয়ে যিকোনো পৰিস্থিতিতে আমাৰ মুখত হাঁহি বিৰিঙাব পাৰে। তেনেকৈ জীৱনৰ প্ৰতিনিয়ত দেখা যিকোনো সৰু সৰু বিষয়তেই সকলোৰে হাঁহি উঠিব পাৰে। পুৱা শুই উঠি চোতালত অথবা বৰ্তমানৰ আমাৰ চাৰিওফালৰ কংক্ৰিটৰ ৱালত দেখা সৰু চৰাইটিৰ কিচিৰ-মিচিৰ শব্দইও কাৰোবাৰ মুখত হাঁহি বিৰিঙাব পাৰে। সেইদৰে সন্তানৰ প্ৰথম কলকলনি, প্ৰথম মাত, প্ৰথম খোজ, নাতি-নাতিনীৰ মুখত শুনা ককা-আইতা সম্বোধনত বিৰিঙি উঠা ককাক-আইতাকৰ মোলায়েম অথবা সোলা হাঁহি, বহুদিনৰ মূৰত মাতৃৰ হাতৰ শাকে-পাতে এসাজ খোৱাৰ তৃপ্তিত মৰা হাঁহি, অভাৱী ছাত্ৰজনক পঢ়াৰ বাবে মাচুলৰ প্ৰয়োজন নাই বুলি জনাওঁতে ল’ৰাজনৰ মুখত বিয়পি পৰা আশাৰ হাঁহি, নিবনুৱাই চাকৰি এটা পালে অভাৱী পিতৃ-মাতৃৰ মুখত ওলোৱা স্বস্তিৰ হাঁহি, আঘোণৰ সোণোৱালী ধাননি পথাৰখন দেখি ওলোৱা খেতিয়কৰ আত্মতুষ্টিৰ হাঁহি -এইবোৰ হ’ল মহান কবি পাবলো’ নেৰু’দাই কোৱাৰ দৰে আত্মাৰ চিৰন্তন হাঁহি।

প্ৰকৃততে শিশুৰ মুখৰ যি নিৰ্মল হাঁহিৰ ছবি তাৰ তুলনা কোনো বিশ্ববিখ্যাত ছবিৰ লগতো সম্ভৱ নহয়। কোনো সংগীতেই ইমান মধুৰ হ’ব নোৱাৰে যিদৰে মধুৰ লাগে শিশুৰ কোমল মাতৰ প্ৰাণ-চঞ্চল কৰা কথা-বতৰাই আমাৰ কৰ্ণ-কুহৰত তোলা সাংগীতিক ধ্বনি। সেই ধ্বনিৰ অনুভৱে আমাৰ মনবোৰ ৰঙীয়াল কৰি মুখলৈ হাঁহি বিৰিঙাই দিয়ে। সেয়েহে ক‘ব পাৰি যে হাঁহি প্ৰতিনিয়ত জীৱনৰ এক অপৰিহাৰ্য অংগ। এই আত্মাৰ চিৰন্তন হাঁহিৰ আঁৰ লৈয়েই স্বাভাৱিক ব্যংগই বিস্তৃতি লাভ কৰে।

কিন্তু যান্ত্ৰিকতাৰ আৱেশে মেৰিয়াই ধৰা আধুনিক জীৱনত এই প্ৰতিনিয়ত সৰু সৰু কথাবোৰে দিয়া হাঁহিৰ ৰেশ যেন সামান্যভাৱে হ’লেও হ্ৰাস হৈছে। প্ৰতিযোগিতাৰ দৌৰৰ ধামখুমীয়াত হেৰাই যোৱাৰ দৰে হৈছে সেই আত্মাৰ চিৰন্তন হাঁহিৰ ৰেশ।

এই যান্ত্ৰিকতাৰে ভৰা আধুনিক জীৱন সংগ্ৰামৰ কথা ভাবিলেই ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত ইটালী ভাষাৰ ছবি “লাইফ ইজ বিউটিফুল”ৰ কথা মনত পৰে। অভিনেতা তথা পৰিচালক ৰবাৰ্টো’ বেনিগ্নিয়ে শ্ৰেষ্ঠ অভিনেতা তথা শ্ৰেষ্ঠ বিদেশী ছবিৰ বাবে বিশ্ব-বিখ্যাত “অস্কাৰ এৱাৰ্ডকে আদি কৰি ১৯৯৮ চনৰ কাঁ ফিল্ম ফেষ্টিভেলৰ গ্ৰেণ্ড প্ৰী এৱাৰ্ড, লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু পুৰস্কাৰেৰে সন্মানিত হৈছিল “লাইফ ইজ বিউটিফুল” ছবিখনে। ছবিখনৰ কাহিনীটোত মূলতে জীৱনটো শেষ হৈ যোৱাৰ অন্তিম ক্ষণটোলৈকে যে মানুহে হাঁহিৰেই পাৰ কৰিব লাগে তাকে বৰ নিৰহ-নিপানীকৈ দেখুওৱা হৈছিল। দ্বিতীয় মহাযুদ্ধৰ সময়ছোৱাত হিটলাৰৰ নাজী কেম্পত আৱদ্ধ হৈ বিভিন্ন শাৰিৰীক, মানসিক অত্যাচাৰৰ লগতে ক্ষণে ক্ষণে মৃত্যু নিশ্চিত বুলি জানিও এজন পিতৃয়ে নিজৰ শিশুটিক বচোৱাৰ বাবে হাঁহিকেই সাৰথি কৰি যোৱা সংগ্ৰামকেই ছবিখনত দেখুওৱা হৈছিল। সেই মৃত্যুৰ যজ্ঞথলীত থাকিও কেনেকৈ জীৱনৰ গান, জীয়াই থকাৰ গান গোৱাব পাৰি, সেইয়া প্ৰতি পদে পদে শিকাই থৈ শিশুটিক বচোৱাৰ কাহিনীটো হৃদয়স্পৰ্শী আছিল। নাজী কেম্পত থকা স্বত্বেও শিশুটিক জীৱন সংগ্ৰামৰ কৰ্কশতাৰ ভূ-কে দিয়া হোৱা নাছিল। আনকি শেষৰ দৃশ্যৰাজিতো, পিতৃজনে নাজী অফিচাৰৰ বন্দুকৰ গুলী বুকু পাতি ল’বলৈ গৈ থকা সময়তো ইতিমধ্যে লুকাই থকা ঠাইৰ পৰা চাই থকা শিশুটিৰ ভয়াৰ্ত চকুহালক দেখি পিতৃজনে চাৰ্কাছৰ বহুৱাৰ দৰে জপিয়াই জপিয়াই হাঁহি হাঁহি যোৱা দৃশ্যটো মৰ্মস্পৰ্শী আছিল। চিনেমা ইতিহাসৰ দিনলিপিত সেইটো এটা অতি গুৰুত্বপূৰ্ণ দৃশ্য হিচাবে অভিহিত হৈ ৰৈছে। হাঁহি হাঁহি মৃত্যুক আঁকোৱালি লোৱা বুলি বোধকৰো তাকেই ক’ব পাৰি! প্ৰকৃততে হাঁহিকেই বিশ্বজনীনতাৰ ভাষা হিচাবে দেখুওৱাৰ প্ৰয়াস আছিল এই “লাইফ ইজ বিউটিফুল” ছবিখন।

আমি নিশ্চয় সকলোৱেই এটা কথা স্বীকাৰ কৰোঁ যে আমি হয়তো এৰি অহা দিনবোৰত কেতিয়াবা কোনো দুখৰ মুহূৰ্তত কান্দিছিলো। অথচ পিচত যেতিয়া সেই দুখৰ মুহূৰ্তৰ কথা মনত পেলাওঁ মুখলৈ তেতিয়া এমোকোৰা হাঁহিহে আহে। সেইদৰে এৰি থৈ অহা দিনত কেতিয়াবা কিবা কথাত প্ৰাণখুলি হঁহা কথাটো মনত পৰিলে হয়তো চকুপানীও ওলাব পাৰে। তেতিয়া দুয়োক্ষেত্ৰতেই এই হাঁহি উপহাৰ স্বৰূপ হৈ পৰে।

আচলতে হাঁহিয়েই হৈছে আটাইতকৈ মূল্যৱান উপহাৰ। হাঁহিয়ে এইটোও মনত পেলাই দিয়ে যে হাঁহিব পৰাকৈ পৃথিৱীখন এতিয়াও সুন্দৰ হৈ আছে। হাত চাপৰি দি কাৰোবাক উত্সাহিত কৰাটোতকৈ হাঁহি বেছি গুৰুত্বপূৰ্ণ। হাত-চাপৰি বজোৱাটো এটা শাৰিৰীক ক্ৰিয়া, কিন্তু হাঁহিলে শৰীৰৰ লগতে মনে, হৃদয়েও সকাহ অনুভৱ কৰে।

জীৱনটোত প্ৰতিদিন অকণমান হাঁহিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। দুখেৰে নিজকে আৱৰি ৰখাতকৈ হাঁহিৰে মুখ ভৰাই পৃথিৱীখন চোৱাৰ গুৰুত্ব আছে। কাৰণ হাঁহিয়ে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰাই মনটোক আঁতৰাই আনিব পাৰে।

মনৰ ভিতৰত কোনো কথা অথবা ঘটনাক সুপ্ত কৰি থোৱাতকৈ সত্যটো প্ৰকাশ কৰাটো যিদৰে নিজৰ কাৰণে ভাল, সেইদৰে মনৰ হেপাহেৰে গান এটা গোৱাটো, গান গাই পোৱা মনৰ আনন্দৰ প্ৰকাশ হাঁহিৰে কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। আচলতে হৃদয়ক ভাল পাবলৈ হ’লে এই হাঁহি এক অপৰিহাৰ্য উপাদান। হাঁহিয়ে আশাৰ সঞ্চাৰ কৰাত সহায় কৰে। মানুহৰ জীৱনত হাঁহি আছে বাবেই আশাও আছে। এই আশাই জীৱনক আগবাঢ়ি যোৱাৰ সাহস দিয়ে। এইদৰে বিশ্বজনীনতাৰ ভাষা হাঁহি হৈ পৰে ভগৱানৰ ভাষা।

জয়তু “ফটাঢোল”

গীতিকা শইকীয়া
সম্পাদক,
প্ৰথম বৰ্ষ, অষ্টম সংখ্যা,

 

Comments

  1. প.ঢ়িলো.., সুন্দৰ হৈছে সম্পাদকীয়..

    বাকীবোৰ চাই যাম..

  2. সুন্দৰ, মনোগ্ৰাহী আৰু তথ্যগধূৰ সম্পাদকীয়।
    অভিনন্দন।

  3. জ্ঞান-গম্ভীৰ সম্পাদকীয় লেখা এটি উপহাৰ দিয়া বাবে সম্পাদিকালৈ অশেষ ধন্যবাদ ৷ হাঁহি আৰু কান্দোন বিশ্বৰ সকলো মানুহৰে উমৈহতীয়া ভাষা ৷ কঠোৰ জীৱন-যাত্ৰাৰ হেতু আজিৰ মানুহে হাঁহিবলৈ পাহৰি গৈছে ৷ আশাকৰোঁ ফটাঢোলে হাঁহিৰে সকলোকে উজ্জীৱিত কৰি ৰাখিব ৷
    অসমীয়া ব্যংগ ৰচনাৰ বাটকটীয়া হিচাপে হেমচন্দ্ৰ বৰুৱাৰ নাম উল্লেখ কৰা হ’লে সোণত সুৱগা চৰিলহেঁতেন ৷

    1. অশেষ ধন্যবাদ চাৰ। হয় কথাটো। হেমচন্দ্ৰ বৰুৱাৰ নামটো উল্লেখ কৰিব লাগিছিল। পাছতহে মনত পৰিছে। ক্ষমা কৰিব।

  4. সুন্দৰ সম্পাদকীয়। আনৰ মুখত এমোকোৰা হাঁহি দেখিলে নিজৰ মুখতো আপোনা- আপুনি হাঁহি বিৰিঙি উঠে। শিশুৰ মুখৰ নিষ্পাপ হাঁহিয়ে সকলো দুখ-কষ্ট নাইকীয়া কৰে।
    সকলোৰে মুখবোৰ হাঁহিৰে উপচি পৰক।

  5. বৰ ভাল হৈছে সম্পাদকীয়! সু্ন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়া বাবে ধন্যবাদ৷ তোমালৈ অভিনন্দন থাকিল!

    1. আপোনালোক সকলোৰে দিহা-পৰামৰ্শৰ বাবেই এয়া সম্ভৱ হ’ল।

  6. হাঁহি ৰ বিশদ বিশ্লেষণত মনে সঁচাই সন্তুষ্টি লভিলে । সুন্দৰ !!উত্তৰোত্তৰ কামনা কৰিলোঁ !!

  7. সুন্দৰ সম্পাদকীয়৷বৰ ভাল লাগিল৷

  8. সুন্দৰ।সৰল নিভাঁজ হাঁহিয়ে আনৰ মনতো আনন্দ দিয়ে।জয়তু ফটা ঢোল।

  9. সম্পাদকীয় পঢ়ি সুখী হ’লো । উচ্চ মান বিশিষ্ট ।

  10. সুন্দৰ হৈছে সম্পাদকীয়।

    এই আপাহতে সৰ্বাংগসুন্দৰ সংখ্যা এটা আমাক উপহাৰ দিয়াৰ বাবে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিলো

  11. বৰ সুন্দৰ সম্পাদকীয়।
    বহুত ধন্যবাদ এটি সৰ্বাঙ্গসুন্দৰ সংখ্যা আমাক উপহাৰ দিয়া বাবে।

  12. সুন্দৰ সম্পাদকীয়। আপোনাৰ কঠোৰ শ্ৰমে ফল কঢ়িয়াইছে, ফটাঢোলৰ এটি সৰ্বাংগ সুন্দৰ সংখ্যা উপহৰ দিয়াৰ বাবে আপোনালৈ অশেষ ধনাবাদ থাকিল

Leave a Reply

Your email address will not be published. Required fields are marked *