ফটাঢোল

কৌতুক – মৃদুপৱন গোহাঁই

এদিন এজন মানুহ কপালত এক আঘাত লৈ পুলিচ থানা পালেহি। থানাত হাৱিলদাৰৰ প্ৰশ্ন-
– কওকচোন, কি হ’ল?
– মানুহজনীয়ে কোবালে।
– (আচৰিত হৈ) মানে আপোনাৰ পত্নীয়ে? পিছে কিয়?
– হয়,মোৰ পত্নীয়ে৷ এওঁৰ মাক-দেউতাক অহাত মোক কলে বোলে বাহিৰৰ পৰাই কিবা লৈ আনকগৈ।
– তাতে কি হ’ল?
– মই গৈ টেক্সী এখন ভাড়া কৰি লৈ আনিলোগৈ।
ইয়াৰ পিছৰখিনি হাবিলদাৰে নুসুধিলে৷ আমিও নোসোধো দিয়কহে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *