ফটাঢোল

কৌতুক – ৰাজ্জাক আলি

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ’ল।

গ্ৰাহক(দোকানীক উদ্দেশ্যে ) : পাণৰ গুচি কিমান?

দোকানী: কোনটো পাণ লাগিব?

গ্ৰাহক : সেউজীয়া এই পাণকেইখিলাৰ কথাই কৈছোঁ‌।তোমাৰ দোকানত আছে যে।

দোকানী: মানে কোনটো গুচি লাগিব?
তিনি প্ৰকাৰৰ গুচি আছে। দাম বেলেগ বেলেগ।

গ্ৰাহক : কোনটো কেনেকৈ?

দোকানী: বাৰী পাণ বিশ টকা। বৰপেটীয়া পাণ দহ টকা
আৰু নগা পাণ পাঁচ টকা।

গ্ৰাহক : বাৰী পাণ বুজি পাইছোঁ‌ এই বৰপেটীয়া আৰু নগা পাণৰ বিষয়ে বুজা নাই।

দোকানী : মানে দাদা, এইখিনি বৰপেটাৰ পৰা অহা বাবে বৰপেটীয়া পাণ আৰু সেইবোৰ নগালেণ্ডৰ পৰা অহা বাবে নগা পাণ।

গ্ৰাহক : অ হয় নেকি? বাৰী পাণবোৰ ক’ৰ তেন্তে?

দোকানী : দাদা এই আমাৰ অকণহঁতৰ বাৰীৰ পাণ।লোকেল…।

গ্ৰাহক : বুজিছোঁ‌ বাৰী পাণবোৰৰ কথা। বাকী দুটা বাৰী পাণ নহয় তেন্তে ন।

দোকানী : নহয় দাদা।

গ্ৰাহক : তেন্তে ক’ত লাগে সেইবোৰ?

দোকানী : (মূৰ খজুৱাই) দাদা ক’লো নহয় নগালেণ্ড আৰু বৰপেটা।

গ্ৰাহক : নগালেণ্ড-বৰপেটাৰ ক’ত লাগে এই পাণবোৰ।

দোকানী : (অশান্তিত) দাদা, খেতি কৰে তেওঁলোকে। আমি অৰ্ডাৰ দিওঁ তেওঁলোকে পঠিয়াই দিয়ে।

গ্ৰাহক : খেতি ক’ত কৰে তেওঁলোকে?

দোকানী : দাদা, তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে।

গ্ৰাহক : তেন্তে বাৰীত হয় ন সেই পাণবোৰো।

দোকানী : (উহহ) হয় দাদা।

গ্ৰাহক : তেন্তে সেইবোৰো বাৰীৰ পাণ।

দোকানী : (ঘামি গৈছে) অ হয়।

গ্ৰাহক : তেন্তে তুমি কিয় আগত কৈ আছিলা সেইবোৰ বাৰী পাণ নহয়েই বুলি?

দোকানী : (খঙত) ভুলতে ওলাই গ’ল। আপুনি যাওঁক দাদা।

গ্ৰাহক : কিয় যাম? পাণ লৈ যাম।

দোকানী : উহহহহ কোনটো গুচি ল’ব?

গ্ৰাহক : অকণৰ বাৰীৰ পাণ।

দোকানী : লওক ..পোন্ধৰ টকা দিয়ক।

গ্ৰাহক : (পাণ লৈ) মোক অঁ‌কৰা পাইছা নেকি? লোৱা পাঁচ টকা।

দোকানী : আৰু দহ টকা দিয়ক।

গ্ৰাহক : অকণৰ ঘৰৰ পাণ পাঁচ টকাহে পাবা। ওচৰৰে হে হয়। বৰপেটা বা নগা পাণ ল’লেহে দহ বা পোন্ধৰ দিয়া হয়। ওচৰৰ পাণ খৰচো কম। আমিও ব্যৱসায় জানো ন।

☆★☆★☆

 

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *