ফটাঢোল

কৌতুক – শিল্পাশ্ৰী দাস

পত্নীঃ- হেৰি, শুনিছেনে। আজি কি দিন,মনত আছেনে আপোনাৰ?
পতিঃ- মোৰ যদি ভুল হোৱা নাই, আজি ৰাখী বন্ধন।
পত্নীঃ- ঠিকেই কৈছে। আপুনিযে দুখ কৰি থাকে,ভনী এজনীও নাই বুলি। আজিৰ পৰা আপোনাৰ এই দুখ নাথাকে।
পতিঃ- কেনেকৈ? ভালকৈ কোৱাচোন৷
পত্নীঃ- মানে,বেলেগতনো ক’ত ভনী বিচাৰি ফুৰিব৷ সেয়েহে,আমাৰ চুবুৰীৰ কলিতানী, দত্তনী, বৰুৱানী, শইকীয়ানীহঁতক মাতি থৈ আহিছোঁ। আটায়ে ৰাখী পিন্ধাব আপোনাক। মোৰ যে তেওঁলোকলৈ হিংসায়েই লাগিছে৷ ইমান মৰমৰ দৃষ্টিৰে চোৱা এনে উপযুক্ত ককায়েকটো পাব৷
পতিঃ- (লেনিয়াই) হে…..ৰা, শু…না…না।
(শুনিছোঁ,তেখেতে হেনো আজিকালি মহিলাৰ লগত কথা পাতিলে সোঁহাতখন লুকুৱাই ৰাখে৷)

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *