ফটাঢোল

বিহু হেনো নেনো' – কুল শইকীয়া

গাড়ীৰ দুৱাৰৰ ক’লা আইনাখন তললৈ নমাই বাহিৰলৈ মূৰ উলিয়াই চোৱাৰ বৃথা আশা বাদ দিয়া হ’ল, কাৰণ ইতিমধ্যে কাষৰ বাছ-ট্ৰাক-অটোৰ আধাপোৰা ডিজেলৰ ধোঁৱা, ৰাস্তাৰ ধূলি, গাড়ী-মটৰৰ ভেঁ-পুঁ শব্দৰ মাজত জিতেনৰ মুখত আহি পৰা বিৰক্তি, বিতৃষ্ণাৰ চাপে আমাক বুজাই দিছে যে, না: আৰু নোৱাৰি, বাম্পাৰে বাম্পাৰে লাগি ধৰা গাড়ীবোৰ এতিয়া এক ইঞ্চিও আগলৈ চলাৰ সম্ভাৱনা নাই, অতএব, এনেদৰে, ঠিক এনেদৰে চৌপাশৰ ইঞ্জিনবোৰৰ আৱাজৰ সৈতে মোকাবিলা কৰি বহি থকা ভাল!

‘মোনাখনকে দে! ‘

মই বজাৰ কৰি অনা চব্জি-তৰকাৰীৰ ধূপৰ কোম্পানীৰ চাব মৰা মোনাখন জিতেনলৈ আগবঢ়ালোঁ, আৰু সি বজাৰৰ পৰা কিনি অনা লাওটো আৰু বেঙেনা দুটামান উলিয়াই গাড়ীৰ বাহিৰত ঘূৰি ফুৰা প্ৰকাণ্ড জাৰ্ছি গাইজনীৰ ফালে
“লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা” বুলি ভোৰভোৰাই দলিয়াই দিবলৈ ওলোৱাত ক’লো, “কোনো দৰকাৰ নাই। এতিয়া আৰু মহাৰ্ঘ্য দৰত কিনি অনা লাও-বেঙেনা গৰুলৈ দলিওৱাৰ দিন নাই।” জিতেনৰ হাতৰ বস্তু মোনাত সোমাল। সি বৰ খুচি নহ’ল, ক’লে, “দাম হ’লেও গৰু বিহুৰ দিন, এক পৰম্পৰা ৰাখি”,

কোনোবাই জোৰেৰে হৰ্ণ মাৰিলে, জিতেনৰ শেষৰ শব্দ শুনা নগ’ল।

সি পুনৰ ক’লে, “অৱশ্যে ঠিক যে আমাৰ বজাৰত এতিয়া জেনেটিকেলী মডিফাইড বা জিন প্ৰযুক্তিৰে সৃষ্টি কৰা তা-তৰকাৰী ভৰি পৰিছে, বিদেশী গৱেষণামূলক অধ্যয়নে পাইছে যে এনে খা-খাদ্য খোৱাৰ ফলত মানুহৰ টান বেমাৰ-আপদৰ সম্ভাৱনা বাঢ়িছে, তেনেস্থলত এনেধৰণৰ প্ৰকাণ্ড চাইজৰ লাও-বেঙেনা গাখীৰতী গাইজনীক খুৱাই–” সি শেষ কৰিলে আধাতে। ওচৰেদি পাৰ হৈ যোৱা ট্ৰেফিক মানুহজনৰ ঘৰ্মাক্ত শৰীৰ দেখি বেয়া লাগিল, তেওঁ লগৰীয়াবোৰৰ সৈতে হুইচেল মাৰি ইটো-সিটো দেখুৱাই ৰাস্তাটো মুকলি কৰাৰ দুৰূহ কামত নামি পৰিছে।

“গাড়ী-মটৰ, ৰাস্তাত মেলি থোৱা গাইগৰু, ঠেলা, ৰিক্সা, ঘোঁৰাগাড়ী এইবোৰক লৈয়ে এতিয়া ট্ৰেফিক প্ৰব্লেম। সোঁহাতৰ মেইন ৰাস্তাত বিহু, কাষৰ দুফালে দুই নম্বৰ বাইলেনৰ ওপৰত অন্নপ্ৰাসনৰ ৰভা, পিছফালে কাৰোবাৰ চাইৰেণৰ কৰ্ণ-কুহৰ বিদীৰ্ণ কৰা আৱাজ, বচ কি এক ব্যস্ততা!” মই এনেদৰে ক’ব খোজাৰ আগতে জিতেনে ক’লে যে হঠাত টাউনখনত বাঢ়ি গৈছে প্ৰাইভেট গাড়ীৰ সংখ্যা, বাঢ়িছে সৰু সৰু গাড়ী, এই যে ওলাইছে ‘নেনো’ বুলি নতুন সৰু গাড়ীবিধ, এই সকলোবোৰৰ মাজেদিয়ে আমি চাবলৈ যাব লাগিব বিহু, বিহুৰ গান-বাজনা–! সবৰে হাতে হাতে নেনো, লাখটকীয়া কাৰবাৰ মাত্ৰ-” এনে লাগিল জিতেনে দাঙি ধৰিব খুজিছে ট্ৰেফিক জামৰ এক ভয়াবহ চিত্ৰ।

মই ক’লো, “তেতিয়ালৈ বিহুবোৰো নেনোৰ দৰে সৰু আকাৰৰ কৰি দিব পৰা যায়। ধৰ, ক’লনিয়ে ক’লনিয়ে, তোৰ পাৰাত, মোৰ পাৰাত সৰু সৰু বিহু, ধৰ, ক’ব পাৰ নেনো বিহুতলী।” মই কথাষাৰ শেষ নকৰাকৈয়ে তাৰ ফালে চালোঁ, ভাব হ’ল– সি ভাবিছে তাৰ ক’লনিত হ’ব পৰা নেনো বিহুতলীৰ সম্ভাব্য সংখ্যা আৰু সেইবোৰৰ পৰা আহিব পৰা চান্দাৰ দাবীৰ ভয়ংকৰ চিত্ৰসমূহ।

“আমাৰ ইয়াৰ মানুহবোৰতো কেতিয়াবাই নেনো হ’লো, মানে ধৰ, ছাইজবোৰ একে থাকিলেও আমি এতিয়া বোমাত মৰিলে লাখ টকা পাওঁ, সেই যে নতুনকৈ ওলোৱা গাড়ীখনৰো দাম এক লাখেই হেনো-!” জিতেনে এনেদৰে কোৱা কথাখিনি কেনেদৰে শেষ হ’ল গম নাপালোঁ, মাথো গম পালোঁ, ৰাস্তাৰ বিহুতলীৰ পৰা ওলোৱা সাংস্কৃতিক প্ৰচেছনত বাজি উঠিছে – হিন্দী গীতৰ প্ৰথম কলি—

“এই যে বিয়াগোম শ্বপিংমলসমূহ, দৈত্যকায় অট্টালিকাৰ ঘৰবোৰ, এইবিলাকৰ সন্মুখত আমিও একোটা নেনো মানুহ, ক্ষুদ্ৰকায় জীৱ, ধৰ, লিলিপুট।”

এনেদৰেও মই কৈ চাব পাৰোঁ, নক’লো, কাষেৰে পাৰ হৈ যোৱা অপূৰ্বক “বিহুৰ শুভেচ্ছা” দিলো; লাহে লাহে ট্ৰেফিক জাম বাঢ়ি যাবলৈ ধৰিলে, বিভিন্ন ব্ৰেণ্ডৰ নতুন-পুৰণি গাড়ীবোৰৰ ভিৰৰ মাজত আমি আমাৰ স্থিতি ক্ৰমাৎ হেৰুৱাবলৈ ধৰিলোঁ। ভাৱ হ’ল আমি ক্ৰমশ: ক্ষুদ্ৰাতি ক্ষুদ্ৰ প্ৰাণীত পৰিণত হ’ব ধৰিছো, নৈৰ চাকনৈয়াত লাগি ধৰা পৰুৱাৰ লডা এটাৰ দৰে আমি ভিৰৰ মাজত ৰৈ থাকিলোঁ—। আইনা বন্ধ গাড়ীৰ ভিতৰৰ পৰা দিয়া চিঞৰ সি নিশ্চয় শুনা নাই! জিতেনে ক’লে, “চিন্তা নাই, বিহুৰ ওলগৰ এটা এছ এম এছ পঠাই দে।”

☆★☆★☆

 

8 Comments

  • বাস্তৱৰ ছবিখনৰ সুন্দৰ ব্যংগ ৰূপ। ভাল লাগিল।

    Reply
  • Manisha Kakati

    নেন’ৰ দৌৰত আমি

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি চাৰ। শেষৰ বাক্যশাৰীয়েই সকলো কথা কৈ গ’ল।

    Reply
  • বৰ ভাল লাগিল ছাৰ! আপোনাৰ লিখা আমাৰ মেগাজিনত পাই ধন্য হ’লো!

    Reply
  • জাহ্নৱী গগৈ

    ভাল লাগিল পঢ়ি

    Reply
  • পৰিস্মিতা বৰদলৈ

    আপোনাৰ গল্পৰ সোৱাদ সদায়েই সুকীয়া ছাৰ

    Reply
  • অনুভৱ আকাশ

    বহুত ভাল লাগিন ।
    মনটোক বহুত নেনো চিন্তা দি গল লেখনিটোৱে ।
    কি হবলৈ গৈ আছো আমি …

    Reply
  • Kula Saikia

    পঢ়ি ভালপোৱা বাবে সুখী হ’লো৷ ধন্যবাদ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *