ফটাঢোল

এম আই চেফ টুনাইট – বৰ্ণালী গগৈ

দিল্লীৰ পৰা মোৰ গুৱাহাটীলৈ অহাৰ পাছৰ দিনবোৰৰ কথা। দিল্লীৰ ‘বেচ’ এৰি গুৱাহাটীত নতুনকৈ কাম আৰম্ভ কৰা তেতিয়াও বেছি দিন হোৱা নাই। অসমৰ সংবাদ জগতখনৰ সৈতে সামান্য পৰিচয় হৈছে, কৰ্মসূত্ৰে এজন-দুজন সাংবাদিক বন্ধু গোট খাইছে। কিন্তু মোৰ কাম যিহেতু ‘ৱাইল্ড লাইফ কনজাৰ্ভেচন’ৰ সৈতে জড়িত গতিকে ‘মেইনস্ট্ৰিম মিডিয়া’ৰ বেছি মানুহ মই চিনি নাপাওঁ। যি এজন-দুজনৰ সৈতে চিনা-পৰিচয় হৈছিল, তেখেতসকল আছিল আমাৰ ৱাইল্ড লাইফৰ কিবা প্ৰ’গ্ৰেমৰ ‘কভাৰেজ’ৰ কাৰণে যাওঁতে লগ পোৱা। তেনেকৈ কালামাটিৰ ফেষ্টিভেলত এজন নতুন সাংবাদিক বন্ধু পালো। ‘কালামাটি ইক’টুৰিজিম ফেষ্টিভেল’ মানাহ বায়’স্ফিয়েৰ ৰিজাৰ্ভৰ ভিতৰতে এক বিখ্যাত উৎসৱ। চিৰাং ডিভিজনৰ বহুত ভিতৰত কালামাটিৰ নিমখপুঙৰ কাষৰ বালিচৰত সেই প্ৰকৃতি-পৰ্যটন উৎসৱৰ আয়োজন কৰা হৈছিল। বন্ধুজন গৈছিল এটা নিউজ চেনেলৰ হৈ ফেষ্টিভেল ‘কভাৰ’ কৰিবলৈ। অৰণ্যৰ ইমান ভিতৰত দিনে-নিশাই লগ পাই আমি স্বাভাৱিকতে ভাল বন্ধু হৈ উঠিলোঁ‌। আচলতে অভ্যৰ্থনা সমিতিৰ লোকসকলে ভালদৰে অসমীয়া ক’ব নোৱাৰাৰ বাবে মিডিয়াৰ যিকোনো স্টেটমেন্টৰ কাৰণে সামলাইদাদা (সামলাই নাৰ্জাৰী), নিমনদাদাহঁ‌তে (নাইচন মুচাহাৰী) “তয়ে যাচোন, তয়ে যা” কৰি সদায় মোকেই আগবঢ়াই দিয়ে। ইফালে বড়ো ভাষা বুজি নোপোৱা মিডিয়াৰ মানুহবোৰেও মোকেই দু-ভাষীৰ দৰে বিচাৰে। গতিকে একেলগে কাম কৰি কৰি আমি সোনকালেই বন্ধু হৈ পৰিলো, তাতে বয়সতো আমি প্ৰায় সমবয়সীয়া। বন্ধুজনৰ নামটো – এহ্, সঁচা নামটোতো ক’ব নোৱাৰি, ধৰি লওক বন্ধুৰ নাম অনুপম।

ওঁহো, এই নামটো তেওঁৰ সৈতে কিবা খাপ নাখায়। তেওঁৰ তিনিটা আখৰৰ নাম আছিল আৰু নামৰ আদ্যাক্ষৰ আছিল ম, গতিকে ধৰিলোঁ‌ তেওঁৰ নাম মৃণ্ময়।

ফেষ্টিভেলৰ এটা দিনত মিডিয়াই কভাৰ কৰিব লগা কেইবাটাও ইভেন্ট থাকে – আগবেলা যদি ‘মিউজিয়াম ইন’গ’ৰেচন’, পিছবেলা হয়তো ‘অপেন চেচন’। এবেলা যদি গাওঁবুঢ়াবিলাকৰ লগত মিটিং, এবেলা হয়তো স্মৃতিগ্ৰন্থৰ উন্মোচন, এদিন খাম্ফা বৰগয়াৰীৰ ভাষণ যদি এদিন চন্দন ব্ৰহ্মৰ, তাৰপিছদিনা হয়তো হাগ্ৰামা মহিলাৰীৰ প্ৰগ্ৰেম। ইফালে ৰাতি কালচাৰেল প্ৰগ্ৰেম আছেই। মোৰ দৌৰি থাকোতেই যায়। তাৰমাজত মৃণ্ময়কে ধৰি বাকীবোৰ সাংবাদিক বন্ধুক যি পাৰোঁ‌, আন্তৰিকতাৰে সহযোগ কৰোঁ‌। গতিকে ফেষ্টিভেলৰ শেষত গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত মৃণ্ময় আৰু মই অন্ততঃ ভালবন্ধু বুলি ক’ব পৰা হ’লো। মোৰো ভাল লাগিল, ‘It’s pretty good, I’ll not feel lonely any more in this media hub’

তিনি-চাৰিদিনমান ফোনত কথা পাতিছিলোঁ‌ নেকি আমি, তাৰপিছতে মৃণ্ময়ে এদিন লগ ধৰাৰ প্লেন বনালে। মই ভালেই পালোঁ‌ কাৰণ দিল্লীৰ ফ্ৰেণ্ডচাৰ্কলটো এৰি আহি ময়ো বন্ধুবোৰক বৰ ‘মিচ’ কৰিছিলোঁ‌। গধুলি ৰেডি হ’বলৈ লৈহে দেখিলো মোৰতো ছোৱালীৰ কাপোৰেই নাই। (আমাৰ কাবাৰ্ডততো মাথো পেন্ট-চাৰ্ট থাকে সেয়াও গ্ৰীন আৰু খাকী, লগত জোতা আৰু টুপি) শেষত কেইমাহমান আগেয়ে দেউতাই দিয়া ৰঙা আৰু সেউজীয়া ৰঙৰ, কলাৰ থকা চুৰিদাৰ-কামিজযোৰকে উলিয়াই আলহ-উদহকৈ পিন্ধিবলৈ ল’লো। ক’ব নোৱাৰাকৈয়ে গান এটাও গুণগুণাই আছিলো নেকি, মোৰ মতি-গতি দেখি ভন্টিয়ে সুধিলে,

“ক’ত যাৱ নো তই ?”

“বন্ধুক লগ পাবলৈ” মই চুৰিদাৰৰ লগত মেটচ কৰিব পৰাকৈ মোৰ দিল্লীতে কিনা কোলাপুৰী জুতিযোৰ কোবাই, জাৰি-জোকাৰি ঠিক কৰি কৰি ক’লো।

“কোন বন্ধু ওলালে অ’ তোৰ ইয়াত ?” ভন্টিয়ে সুধিলে। এইখিনিতে জনাই থওঁ যে মোৰ ভাই-ভনীকেইটা সৰুৰে পৰাই মোৰ গাৰ্জেন। বিশেষকৈ গুৱাহাটীত যিহেতু মই নতুন আৰু সিহঁত আগৰপৰাই ইয়াত থকা গতিকে মোক লৈ সিহঁতৰ ঢেৰ দায়িত্ব বুলিয়েই সিহঁতে জ্ঞান কৰে। তাতে মই হ’লো ঘৰৰ ভিতৰতে আটাইতকৈ বেঙী। গতিকে মোক লৈ সিহঁত দুটা সদায় সচেতন। যিহওঁ‌ক সময়মতেই মই ৰাস্তালৈ ওলাই আহিলোঁ‌। মৃণ্ময়ে গাড়ীৰে মোক ‘পিক আপ’ কৰাৰ কথা। আমাৰ গলিৰ মূৰত ৰৈ মই মৃণ্ময়লৈ অপেক্ষা কৰিছোঁ‌ আৰু ভাবি ভাবিয়েই উতলা হৈছো ক’ত যাম আমি, ক’ত বহিম! কফি খাম নে আইচক্ৰিম। চিকেন চাও বেয়া নহয় কিন্তু। মোৰ ফেভাৰেট। ম’ম’ও। কিন্তু গুৱাহাটীত ম’ম’ খাবলৈ মই একদম ভাল নাপাওঁ। ইয়াত কোনেও ম’ম’ বনাবই নাজানে নে কি ক’ব নোৱাৰো। এদিন খায়েই কাণত ধৰি থৈছো। আমি ম’ম’ খাওঁ ভূটানত। তাৰভিতৰত মাংসই থাকে, অকল পিয়াজ, বন্ধাকবি নহয়। যেনেকুৱা ‘টেষ্টি’, তেনেকুৱাই ‘হেলডি’।

গুৱাহাটীত যে মই নতুন অকল সেয়াই নহয়, বেছিভাগ সময় জংঘলতে সোমাই থাকোঁ‌ বাবে গুৱাহাটীত মই একো চিনিয়েই নাপাওঁ বুলিব পাৰি। অকল ভঙাগড়ৰ পৰা পল্টনবজাৰ চিনি পাওঁ আৰু জানো যে চুপাৰ মাৰ্কেটৰ পৰা বাচত উঠিলে বেলতলা যাব পাৰি। কাৰণ বেলতলাত আমাৰ মাহী আৰু এপাদেউৰ ঘৰ। পিছে তালৈও কোনোদিনে অকলে গৈয়েই পোৱা নাই। হেৰাই যাব পাৰোঁ‌ বুলি ঘৰৰ মানুহকেইটাই অকলে কেতিয়াও পঠিওৱাই নাই। গুৱাহাটীত মই দেখিছোঁ‌ যদি অকল চিৰিয়াখানাখন আৰু কামাখ্যা মন্দিৰটো। অ’ বশিষ্ঠাশ্ৰমো দেখিছোঁ‌ দেই। পিছে এইবোৰ বহুত আগতেই দেখা। বাইদেউ জালুকবাৰীৰ হোষ্টেলত থাকোতে যেতিয়া মই আহি তাইৰ লগত দুদিনমান আছিলো, তেতিয়া। সেইবাৰ মই দৌল-গোবিন্দ মন্দিৰো দেখিলোঁ‌।

মৃণ্ময় আহিল। প্ৰায় এমাহমানৰ পিছত লগ পালোঁ‌ নেকি আমি, গাড়ীত বহি মই উচ্ছাসেৰে সুধিলো,

”ক’ত যাম আমি ?”

মৃণ্ময়ে অকণমান অন্য ধৰণেৰে কিন্তু ধুনীয়াকৈ হাঁহি ক’লে, “ক’তো নাযাওঁ, অকল অলপ তেল পুৰিম।”

‘হেঁ ?’ ভালকৈ নুবুজিলোঁ‌ যদিও মই মুখ ফুটাই তাক একো নুসুধিলোঁ‌। গুৱাহাটীত বা মানুহবোৰ কেনেকৈ ফুৰে!

গাড়ী চলি থাকিল। অৱশ্যে কেনি-কেনি গ’ল মই একো আও-ভাও নাপালো। নিজৰফালৰ পৰা মই দুষাৰমান কথা পাতিলোঁ‌ কিন্তু দেখিলো মৃণ্ময়ৰ সেইদিনা কথাত মন অলপ কম, হাঁহিছে বেছি। সেয়াও মিচিক-মাচাক।

“কি হ’লনো তোমাৰ আজি” থাকিব নোৱাৰি মই সুধিয়েই পেলালো তাক, “কথা কোৱাই নাই যে আজি তুমি?”

মৃণ্ময়ে আকৌ ধুনীয়াকৈ হাঁহি ক’লে,

“অলৰেডি তিনিপেগ হৈ গ’ল”

অলৰেডি তিনিপেগ! পিছে তাৰ ব্যঞ্জনা অৰ্থ বা কি! এইখন পাঠশালাত মই একেবাৰে জধামূৰ্খ। কোৱাহে শুনিছো মানুহক যে মদ খালে মানুহৰ প্ৰথম অলপ ৰিমঝিম ৰিমঝিম নিচা হয়। দুইপেগৰ পিছত লাজ-চাজ ভাগি যায়, তিনিপেগৰ পিছত ৰোমান্টিক হৈ যায়, তাৰপিছত বোলে নিগনিৰ নিচিনা মানুহৰো বাঘৰ সমান সাহস আহি যায়। মোৰ নিজৰ অভিজ্ঞতা পিছে একেবাৰে শূণ্য। হওঁতে আমাৰ ‘পকা আহোমৰ ঘৰ’ত বিহুৱে-সংক্ৰান্তিয়ে সেইবিধ চলিয়েই থাকে পিছে তাত ডুবি আনন্দ লাভৰ অভিলাষ মোৰ কোনোদিনেই নহ’ল। মোৰ দিল্লীৰ বন্ধুবোৰৰ ভাষাতো মই কিবা বোলেনে ‘আউটডেটেড’। ময়ো জানো এইক্ষেত্ৰত মই এজনী ‘চুপাৰ ব’ৰ’। একেবাৰে গদৰ্ভ।

মৃণ্ময়ৰ নীলা ইন্ডিকাখনে ইতিমধ্যে তাৰ ঘৰলৈ বুলি গতি কৰিছে। সেয়াও মোৰেই নিৰ্দেশত। মানে ময়েই কৈছিলো, “কি এইবোৰ বাটে-বাটে ঘূৰা, তাতকৈ ক’ৰবাত বহোঁগৈ আকৌ, ব’লা।”

সি ঘৰলৈকে যাওঁ বুলি কওঁতে মই ক’লো,

“অ ব’লা। ঘৰতকৈ ভাল ঠাই আৰু কি হ’ব পাৰে?”

মোৰ মতে বন্ধু-বান্ধৱক লগ পাবলৈ ঘৰেই আটাইতকৈ ভাল ঠাই। নিৰাপদ, সুস্থিৰ, নিৰুপদ্ৰৱ। ঘৰত নহ’লে আৰু ৰেষ্টুৰেন্ট বা কফিশ্বপ এইবোৰো হ’ব পাৰে।

মৃণ্ময়ৰ মুখত তিনিপেগ শুনি মই কৈ উঠিছিলোঁ‌,

“কি কোৱা ? এম আই চেফ টুনাইট?

মোৰতো চিধাচিধি কথা, খাৰাংখাচ মানুহ।

মৃণ্ময়ে যিমান ধুনীয়াকৈ হাঁহিলে, সিমান ৰোমান্টিক হাঁহি তাৰ মুখত মই কালামাটিৰ ফেষ্টিভেলৰ সেই সাতদিনৰ এদিনো দেখা নাছিলোঁ‌। গৈ তাৰ ঘৰ পালোগৈ, দেখিলোঁ‌ মৃণ্ময়ে তলা খুলিছে। তাৰমানে ঘৰত কোনো নাই। কিন্তু মৃণ্ময়ৰতো পৰিবাৰ আছে। নতুনকৈ বিয়া হোৱা। ফেষ্টিভেলতে মই লগ পাইছোঁ‌। মৃণ্ময়েই চিনাকি কৰি দিছিল। বৰ ধুনীয়া তাৰ পৰিবাৰ, নামটোহে মনত নাই, নিশিতা নে তৰালি কি জানো আছিল।

মই সুধিলো, “হোৱেৰ ইজ ইয়ৰ ৱাইফ?”

“তাই মাকৰ ঘৰলৈ গৈছে” কৈ কৈ তলা খুলি মৃণ্ময় ভিতৰলৈ সোমাই গ’ল, মোক ক’লে, ‘আহা’।
মই ভাবিলো, “অ’ বেচেৰাই সেইকাৰণে মোক ঘৰলৈ আনিব খোজা নাছিল দেহি!”

দেখিলো দুকোঠাৰ এটা সৰু ঘৰ পিছে পৰিপাটিকৈ সজোৱা। ড্ৰয়িং ৰুমৰ এফালে কিচ্ছেন, আনফালে চাগৈ বেডৰুম। মৃণ্ময় ভিতৰৰ পৰা ওলাই আহিল হাতত ভৰা গ্লাচ লৈ। মই ঘুৰি-পকি ড্ৰয়িংৰুমটো চাইছিলোঁ‌, মৃণ্ময়ৰ পৰিবাৰৰ ঘৰ সজোৱাৰ চখ আছে দেই মানিব লাগিব।

বন্ধু বহিল ফ্লোৰত পাতি থোৱা ডানল’পৰ বিচনাত আৰু মই বহিলো একাষৰ কাঠৰ চকীত, সেয়াও ঠেঙৰ ওপৰত ঠেঙ তুলি।

(মোৰ সেইটোৱেই ঢং, হে হে হে)

কালামাটিৰ ফেষ্টিভেল নে আমাৰ কাম কিহৰ কিহৰ কথা পাতিছিলোঁ‌ আমি মোৰ ঠিক মনত নাই কিন্তু কথা পিছে মইহে কৈছিলোঁ‌, মৃণ্ময়ে এহাতেৰে গ্লাচ আৰু আনহাতেৰে চিগাৰেটেই টানি গৈছিল তেতিয়াৰে পৰা। বহুতদেৰিৰ মূৰতহে মই দেখিলো মৃণ্ময়ে পিন্ধি থকা চাৰ্টটো খোলা, একেবাৰে দুফালকৈ।

কথা পাতি থাকোতে মোৰ আকৌ সেয়া চকুতেই পৰা নাছিল।

পিছে মোৰনো কি ! চাৰিপেগৰ পিছত মানুহৰ গৰম লাগিবই পাৰে। মদখোৱাৰ পিছত মানুহে কেনেকৈ ৰিয়েক্ট কৰে সেইবিষয়ে আমাৰ ‘হাৰ্ডডিস্ক’ত কোনো ডাটা ‘চেভ্ড’ নাই।

খুব বেছি পইত্ৰিশমিনিট, মৃণ্ময় উঠিল।

ৱাইফলৈ ফোন লগালে, “বৰ্ণালী আহিছে…”

ময়ো কথা পাতিলো তাৰ পৰিবাৰৰ লগত পিছে পিছৰকণত মৃণ্ময়ে পৰিবাৰক ফোনত কি কি ক’লে মোৰ অকণো মনত নাই মানে কিনো ক’ম আৰু, আমাৰ ৱাইল্ড লাইফ’ত কাম কৰা মাথা যে, ‘আননেচেচেৰি’ কোনো ডাটা আমাৰ হাৰ্ডডিস্কত ‘একচেপ্ট’ নহয়। মোক বৰঞ্চ কাষলৈ টানিছিল ড্ৰয়িংৰুমৰ একাষে সজাই থোৱা মিচৰৰ দীঘল দীঘল ভাস্কৰ্য্যকেইটাই।

পাঁচমিনিটমান পিছত মৃণ্ময় আহি যেতিয়া মোৰ সমুখত হাজিৰ হ’ল, তেতিয়া তাৰ জিনচৰ ডাঠ চাৰ্টটোৰ আটাইকেইটা বুটামেই কচি কচি মৰা। মুখৰ সেই মিচিক-মাচাক হাঁহিটোতো কেতিয়াবাই উধাও হৈছিল (কিজানি ড্ৰয়িংৰুমৰ চকীত মই ঠেঙৰ ওপৰত ঠেঙ তুলি বহি লওঁতেই)।

আহি থাকোতে গাড়ীত মৃণ্ময়ে মিডিয়াত জইন কৰাৰ আগতে কৰা তাৰ আগৰ বিজিনেচৰ কিবাকিবি কথা কৈছিল। চকুৰ চাৱনি আছিল একদম একাগ্ৰ, সমুখৰ লক্ষ্যত মানে কিবা বোলেনে অকল ৰাস্তাত নিবদ্ধ। আগতে যে তাৰ বালিৰ মহল আছিল, পৃথিৱীত সি সন্মান কৰা মহিলাসকলৰ ভিতৰত যে তাৰ মাক আৰু পৰিবাৰ হ’ল প্ৰথম আৰু দ্বিতীয় – যি যি কৈছিল সি মোৰ কাণত বৰ এটা সোমোৱা নাছিল, পেটটোৱে ভোকতে কৰকৰকৈ মাতিছিল (যোৱাৰ আগেয়ে ঘৰত গৰম গৰম বুটভাজি বনাইছিল, তাৰে দুচামোচমান খাই যোৱা হ’লেও !)।

কেইদিনমান পিছত এদিন কথাই কথাই মৃণ্ময়ৰ তালৈ যোৱাৰ কথাটো কওঁতে লগৰ এজনীয়ে মোলৈ আচৰিত হৈ চাই ক’লে, “তোৰ ভয় নালাগিলে অলপো?”

“ভয়? কি কাৰণে?” তাইৰ কথা শুনিহে মই আচৰিত হ’লো।

তাই ক’লে, “তাৰ লগত তই অকলে তাৰ ঘৰত বহি থাকিলি, সি কিবা কৰা হ’লে!”

“অ, তেনেকুৱাও হ’ব পাৰিলেহেতেন নেকি!”

মই ক’লো, “কিন্তু সিতো সেয়া কোৱা নাছিল আগতে, ঘৰলৈ গৈহে গম পালো যে ঘৈণীয়েক মাকৰ ঘৰলৈ গৈছে।”

ভয়তো সিদিনা মই খোৱা নাছিলো, কিন্তু মোক ঘৰলৈ নি কিজানি মৃণ্ময় সেইদিনা সাংঘাতিক ৰিস্কত পৰি গৈছিল কাৰণ লগ পালে সেই তৰালি নে নিশিতাক মইতো ‘ডেফিনেটলি’ ফেলফেলকৈ কৈ দিলোহেঁতেন, ‘তোমালোকৰ ঘৰলৈ গৈছিলো নহয় সিদিনা, মৃণ্ময়ৰ লগত, তুমি মাৰ ঘৰত থাকোতে, বহুতদেৰি বহিলোঁ‌।’

তেতিয়াতো মোৰ লগৰজনীয়ে কোৱাৰ নিচিনাকৈ নিশ্চিতভাবে ‘কিবা’ হৈ গ’লহেতেন, মৃণ্ময়ৰ ইজ্বতৰ।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *