ফটাঢোল

বৰ্তমানৰ পৰিৱৰ্তিত শিশুকাল – চবিনা ইয়াচমিন

মানৱ জীৱনৰ আটাইতকৈ মধুৰ সময়খিনিয়েই হৈছে শিশুকাল৷ এজন ব্যক্তিৰ শিশুকালটোৱেই হৈছে জীৱনটোৰ প্ৰিয় সময়৷ এই সময়চোৱাই হৈছে কৈশোৰ কালৰ দুৱাৰডলি৷ বৰ্তমান যান্ত্ৰিক যুগৰ হেঁচাত শিশুকালৰ ৰসাল জীৱন ম্লান হৈ পৰিবলৈ আৰম্ভ কৰিছে৷ শিশুৰ মন কল্পনাৰে ভৰপূৰ৷ শিশু এটিক, এটি ফুটিবলৈ লোৱা কলিৰ লগত তুলনা কৰা হয়৷ কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি থকা এটি শিশুক বাস্তৱৰ সৈতে চিনাকি কৰোঁতে কেৱল অভিভাৱকেই নহয় প্ৰতিজন প্ৰাপ্তবয়স্কই সাৱধান হোৱাটো বাঞ্চনীয়৷ সকলো শিশুকে আমি সমপৰ্যায়ৰ বুলি জ্ঞান কৰিলে হয়তো কিছু ত্ৰুটি ৰৈ যাব পাৰে৷ শিশুৰ মানসিক স্তৰবোৰৰ মাজত পাৰ্থক্য আছে৷ সেয়েহে প্ৰতিটো স্তৰৰ শিশুৰ প্ৰতি আমাৰ ব্যৱহাৰো হ’ব লাগিব সুকীয়া৷ যদিও এটি শিশুৰ চিন্তা-ধাৰাবোৰে বয়সৰ লগে লগে পৰিপক্কতা লাভ কৰে তথাপিও শিশুটিক গঢ় দিয়াত সমাজ, পৰিৱেশ আৰু অভিভাৱকসকল বিশেষভাৱে দায়িত্বশীল৷ শিশু এটিৰ মনত ‘বৰ্তমান’ সময়টোৱে দ্ৰুত ক্ৰিয়া কৰে৷ অতীত বা ভৱিষ্যত শিশুৰ বাবে জৰুৰী নহয়৷ বৰ্তমানক লৈ এখন সপোনৰ জগত সাজিবলৈ শিশুসকল আগ্ৰহী৷ যিহেতু অতীত অভিজ্ঞতা আৰু ভৱিষ্যত পৰিকল্পনাক লৈ শিশু এটি সচেতন নহয় সেইবাবে অভিজ্ঞজনে শিশুসকলক চকু দিয়াটো প্ৰয়োজনীয়৷

আমি ভালকৈ লক্ষ্য কৰিলে দেখিম যে বিংশ শতিকাৰ আশী-নব্বৈ দশকৰ এটি শিশুৰ লগত বৰ্তমানৰ এটি শিশুৰ শিশুকালৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে৷ ইয়াৰ মূল কাৰণ হ’ল বৰ্তমানৰ যান্ত্ৰিক সমাজ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অত্যাধিক প্ৰভাৱ, প্ৰতিযোগিতামূলক আচৰণ, যান্ত্ৰিকতা আদিয়ে বৰ্তমানৰ শিশুসকলৰ চিন্তাধাৰাক এটা আৱেষ্টনীৰ মাজত বান্ধি পেলাইছে৷ বৈদ্যুতিক মাধ্যমে শিশুসকলক যিমানেই আধুনিক হ’বলৈ শিকাইছে, সিমানেই অন্তৰ্মুখী কৰিছে৷ শিশু মনৰ সহজ-সৰল চিন্তাবোৰ জটিল ৰূপ ল’বলৈ লৈছে৷ জীৱনৰ যি বয়সত আমি নদী-পুখুৰীৰ পাৰে পাৰে দৌৰি, হাবিয়ে-বনে ঘূৰি ফুটুকলা খাই মুখ নীলা কৰি ফূৰ্তি পাইছিলো, বৰ্তমানৰ সেই বয়সৰ এটি শিশুৱে এটা আবদ্ধ কোঠাত বহি মোবাইল ফোন বা কম্পিউটাৰৰ সৈতে সময় অতিবাহিত কৰিহে ভাল পায়৷ অৱশ্যে যুগৰ পৰিৱৰ্তনো ইয়াৰ এটা কাৰক৷ সহজ-সৰল এটা শিশু মন কেনেদৰে সম্পূৰ্ণ হৈ উঠিব তাৰ প্ৰতি লক্ষ্য ৰখা অভিভাৱকসলৰ গুৰু দায়িত্ব৷

সময় আৰু চৌপাশৰ পৰিবেশে বৰ্তমানৰ শিশুসকলৰ ৰুচি, অভিৰুচি, অৱসৰ বিনোদন আদি সকলো দিশতে পৰিৱৰ্তন আনিছে৷ আগৰ শিশুসকলৰ অৱসৰ বিনোদন, ৰুচি-অভিৰুচিসমূহ আছিল বিভিন্ন শিশু আলোচনী পঢ়া, খেলা-ধূলা কৰা আদি৷ সঁচা-মিছা, যুক্তি-অযুক্তি, লৌকিক-অলৌকিক আদি চিন্তাবোৰ শিশুৰ মনত উদ্ৰেগ নহয়৷ এইবোৰেই আছিল সেই সময়ৰ আলোচনীবোৰৰ মূল উপজীব্য৷

এটি শিশুৰ শিশুকালৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি লক্ষ্মীনাথ বেজবৰুৱাই বহুতো মৌখিক সাধু কথা অসমীয়া ভাষাত লিপিবদ্ধ কৰি ‘বুঢ়ী আইৰ সাধু’, ‘ককা-দেউতা আৰু নাতি-ল’ৰা’, ‘জুনুকা’ আদি শিশুপুথি ৰচনা কৰিছিল৷ এই পুথিসমূহ বিশেষভাৱে সেই সময়ৰ শিশুসকলে পঢ়িছিল৷ বৰ্তমান শিশুসকলৰ ক্ষেত্ৰত কিন্তু এনেধৰণৰ শিশু আলোচনী পঢ়ি আজৰি সময় অতিবাহিত কৰা দেখা নাযায়৷ বৈদ্যুতিক মাধ্যমসমূহেই তেওঁলোকৰ আজৰি সময়ৰ লগৰী হৈ পৰিছে৷ আগৰ দিনৰ শিশুসকলৰ মাজত যি আন্তৰিকতা, মৰম-চেনেহ দেখা গৈছিল সেয়া বৰ্তমানৰ শিশুসকলৰ মাজত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ মূল কাৰণ হ’ল কম বয়সতে কেৱল যান্ত্ৰিক জগততে একান্তভাৱে জড়িত হৈ থকা, প্ৰাকৃতিক পৰিবেশৰপৰা নিজকে নিলগাই ৰখা শিশুসকলৰ দৈনন্দিন জীৱন প্ৰণালী৷ মুকলিমূৰীয়া এটা পৰিবেশত আগৰ শিশুসকলে যিদৰে খেলা-ধূলা কৰি জীৱন অতিবাহিত কৰিছিল সেয়া লুপ্তপ্ৰায়৷ সকলো ক্ষেত্ৰতে দেখা দিয়া প্ৰতিযোগিতাই বৰ্তমানৰ শিশুসকলৰ বিস্তৰ ক্ষতি সাধন কৰিছে৷ তামোল গছৰ ঢকুৱাত বহি চোঁচৰা খেলা, কুট-কুট খেলা, টাংগুটি খেলা, ৰুমাল চুৰি খেলা আদিবোৰ খেল বৰ্তমান শিশুৱে চিনি নাপায়৷ মুঠতে ক’বলৈ গ’লে বৰ্তমানৰ শিশুকালৰ প্ৰকৃত ৰং-ধেমালীৰ অভাৱে ভৱিষ্যতে শিশুসকলক এখন যান্ত্ৰিক জগতৰ বাসিন্দা কৰিব বুলিহে ভবাৰ থল আছে৷

☆★☆★☆

18 Comments

  • বিশ্বজিত বনিয়া

    বৰ ভাল লাগিল। লৰালিৰ উৎপাতবোৰলৈ মনত পৰি গল।

    Reply
  • ৰিণ্টু

    পঢ়ি খুব ভাল লাগিল চবিনা। অপ্ৰিয় হ’লেও সত্য, প্ৰতিযোগিতাৰ দৌৰত নাৰ্চাৰী ক্লাচৰে পৰা দৌৰিব লগা হোৱা বাবে আমাৰ ল’ৰা-ছোৱালীবোৰে শৈশৱটো সম্পূৰ্ণৰূপে উপভোগ কৰিব পৰা নাই

    Reply
  • সঁচাকৈ গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিলা চবীনা৷ চিন্তনীয় বিষয়!

    Reply
  • সময়োপযোগী লিখনি।

    Reply
  • ভাল লাগিল চবিনা বা . .

    Reply
  • মিৰাজ

    ভাল লাগিল ।

    Reply
  • Gautam

    ভাল লিগিল। বিষটো গুৰুত্বপূৰ্ণ। অধিক বহল চিন্তাৰ প্ৰয়োজন।

    Reply
  • জাহ্নৱী গগৈ

    সঁচা কথা বা। আজিৰ শিশুসকলৰ ৰুটিন আমাৰ লগত অকনো নিমিলে।

    Reply
  • অনুভৱ আকাশ

    দোষ আমাৰো আছে । শিশুসকলে আজিও বিচাৰে । আমি স্বাৰ্থপৰ ।
    নিজে উপভোগ কৰিলো । সিহতক বন্দী কৰিছো ।

    Reply
    • হয় আমিও কিছু ক্ষেত্ৰত জগৰীয়া৷ ধন্যবাদ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *