ফটাঢোল

নিলীম কুমাৰৰ 'বৰ্তমানতকৈ নতুন এখন ৰে'লগাড়ী' কবিতাটোৰ এক আলোচনা – চাহিন জাফ্ৰি

সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যৰ এটা অতি জনপ্ৰিয় নাম নীলিম কুমাৰ। ১৯৬১ চনত জন্ম লাভ কৰা কবিজনে বৰ্তমানলৈকে প্ৰায় হাজাৰৰো অধিক কবিতা ৰচনা কৰিছে। জীৱনৰ ৩৫ বছৰৰো অধিক কাল কাব্য সাধনাৰ সৈতে জড়িত থাকি তেওঁ অসমীয়া কাব্য সাহিত্যক সমৃদ্ধ কৰাৰ লগতে নতুনত্বও প্ৰদান কৰিছে। আধুনিক জীৱনৰ জটিলতাক সৰলতাৰে প্ৰকাশ কৰি তেওঁ অসমীয়া কবিতাক আধুনিকতাৰ এক নতুন মাত্ৰা প্রদান কৰাৰ লগতে শব্দ কথনত চমৎকাৰিতা আৰু বুদ্ধিদীপ্ততাৰো পৰিচয় দিছে। তেওঁৰ দ্বাৰা প্ৰকাশিত কবিতা সংকলন সমূহ হ’ল- ‘অচিনাৰ অসুখ'(১৯৮৫),’বাৰী কোঁৱৰ'(১৯৯০),’পানীত ঢৌ ঢৌবোৰ মাছ'(১৯৯০),’স্বপ্নৰ ৰেলগাড়ী'(১৯৯২),’শেলুৱৈ গধূলি'(১৯৯৩),’টোপনিৰ বাগিচা'(১৯৯৬),’ধুনীয়া তিৰোতাবোৰ আৰু অন্যান্য কবিতা'(২০০০),’জোনাক ভালপোৱা তিৰোতাজনী'(২০০২),’নিমখ আৰু একৈশটা কবিতা'(২০০৪),’আমাৰ আকাশত চাৰিজনী জোন'(২০০৪),’নৰকাসুৰ'(২০০৫),’আত্মগাঁথা'(২০০৭),’নীলিম কুমাৰৰ নিৰ্বাচিত কবিতা'(স্ব-নিৰ্বাচিত,২০১৫),’খালিঘৰ’, ‘মই তোমালোকৰ কবি’, ‘এদিন তোমাৰ ঘৰলৈ যাম য’ত তোমাৰ জন্ম হৈছিল'(২০০৭),’কাইলৈৰ পৰা আপোনাক ভালপাম'(২০০৯) ইত্যাদি। ইয়াৰোপৰি তেওঁৰ কেইবাটাও অসংকলিত কবিতাও প্ৰকাশ পাইছে ।

অতি সহজ-সৰল ভাষাৰে গভীৰ অৰ্থবোধৰ সৃষ্টি কৰি কবি নীলিম কুমাৰে পাঠকৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। সুন্দৰ ব্যঞ্জনা, কম কথাতে বহুতো নোকোৱা কথাৰ আভাস, কাহিনীসুৰীয়া কথন-কৌশল, অৰ্থৰ গভীৰতা, আবেগময় অথচ নিৰালঙ্কাৰ গ্ৰাম্য ভাষা, গভীৰ আত্মজিজ্ঞাসা আদি নীলিম কুমাৰৰ কবিতাৰ উল্লেখযোগ্য বৈশিষ্ট্য। সাধাৰণ কথাতেই অসাধাৰণ অনুভূতি প্ৰদানৰ প্ৰচেষ্টাই তেওঁৰ কবিতাবোৰক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। লোক জীৱনৰ পৰা বুটলি লোৱা সমল সমূহৰ যথোচিত উপস্থাপনো তেওঁৰ কবিতাৰ লেখত লবলগীয়া বৈশিষ্ট্য। আনহাতে, নীলিম কুমাৰৰ কবিতাসমূহত দেখা যায় সময় উদাসীন মনোভংগী আৰু গভীৰ আত্মজিজ্ঞাসা। মোৰ এই ক্ষুদ্ৰ আলোচনাত নীলিম কুমাৰৰ মাথোঁ এটি কবিতাৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰা কৰিছোঁ।

নীলিম কুমাৰৰ ‘টোপনিৰ বাগিছা'(১৯৯৬) কবিতা সংকলনৰ অন্তৰ্গত ‘বৰ্তমানতকৈও নতুন এখন ৰেলগাড়ী’- কবিতাটো এটা আত্মজিজ্ঞাসামূলক কবিতা। জীৱন আৰু জগত সন্দৰ্ভে হোৱা দাৰ্শনিক উপলব্ধিৰ প্ৰকাশ তেওঁৰ এই কবিতাটোত দেখা যায়।সময়ৰ বুকুত মানৱ জীৱন হেৰাই গৈ থাকে আৰু সকলোবোৰ জাহ যায় অতীতৰ বুকুত। এইদৰে আমাৰ জীৱন আগুৱাই গৈ থাকে আৰু আমি উপস্থিত হওঁ মৃত্যুৰ দুৱাৰডলিত। জীৱন কালত নানা ধৰণৰ ঘাত-প্ৰতিঘাত,বাধা-বিঘিনি, প্ৰতিকূল পৰিস্থিতি পাৰ কৰি কৰি আমি আগুৱাই গৈ থাকোঁ আৰু উভতি নাচাঁও যে আমি আচলতে কিমান দূৰ অতীত এৰি থৈ আহিলোঁ।আমাৰ জীৱনটোক কবিয়ে ৰেলগাড়ীৰ যাত্ৰাৰ লগত তুলনা কৰিছে। ৰেলগাড়ীৰ যাত্ৰা পথত সময় কটাবলৈ বাদাম কিনি খোৱা, তাচপাত খেলা, পৰ্ণগ্ৰাফী চোৱা আদি কথাৰে তেওঁ মানুহৰ জীৱন যাত্ৰাৰ জৈৱিক কামনা-বাসনাৰ কথা কৈছে। সেইবোৰ যেন সাময়িক সময় অতিবাহিত কৰা অথবা সাময়িক তৃপ্তি লাভৰ পৰিপূৰক। আনহাতে ৰেলৰ যাত্ৰাত পাই গৈ থকা ষ্টেচনবোৰ এটা এটা বিশেষ সময়ৰ প্ৰতীক, যিবোৰ জীৱন যাত্ৰাত মানুহে লাভ কৰে আৰু সাময়িক পৰিতৃপ্ত হয়। ষ্টেচনত বটলত পানী, জুইশলা, চিগাৰেট, কেইটামান আপেল কিনি অনা আদিয়ে নতুন আশা, নতুন উদ্দ্যমক বুজাইছে। সেউজীয়া পথাৰবোৰ পাৰ হৈ গৈ এটা সময়ত কবি উপস্থিত হৈছেগৈ বৰফেৰে আবৃত বগা এখনি নগৰত। আচলতে এই সময়খিনিয়ে বুজাইছে বুকুত অলেখ অতীত সামৰি উপনীত হোৱা বৃদ্ধাৱস্থাক। ইয়াক কবিয়ে শীতৰ সৈতে তুলনা কৰিছে –

….কেনেকৈ পালেহি এই শীত?
ঘড়ীৰ কাটাত কিমান মাইল অতীত
ভৱিষ্যতৰ ডাকঘৰলৈ জানা নেকি তুমি?…

দিনৰ পাছত দিন, বছৰৰ পাছত বছৰ পাৰ কৰোঁতে কবিয়ে বিভিন্ন ঘটনা-পৰিঘটনা আদি স্বচক্ষে দেখি সেইবোৰক পিছ পেলাই গৈ আছে। বিভিন্ন মান-সন্মান, বঁটা-পুৰস্কাৰ, কবিতা উৎসৱ, আৰ্ট গেলেৰী, গাভৰুৰ মৃত্যু আদি সকলো পিছ পেলাই কবিৰ ৰেল তীব্ৰবেগে আগবাঢ়ি গৈ আছে, ভৱিষ্যতৰ ডাকঘৰলৈ। চকুৰ সন্মুখতে দেখা বিভিন্ন হৃদয় বিদাৰক, বিভৎস ঘটনাবোৰক আওকাণ কৰি তেওঁ আগুৱাই গৈ থাকে –

…. বিচ্ছিন্নতাবাদ, ছুৰীকাঘাত, অপহৰণ, হত্যা-লুণ্ঠন, ধৰ্ষণ
ভিক্ষাৰীৰ জোলোঙা দাড়ি চুলিৰে ভোবোকাৰ কয়দীৰ
ৰঙা চকু বন্দীশালৰ উচুপনি অহৰহ এটা ফাপৰে ধৰা 
কুকুৰাৰ ভেউ ভেউ শব্দ কাণ তাল মাৰি যোৱা…।

এই সকলোবোৰ পিছপেলাই কবিয়ে যাত্ৰা পথত আগুৱাই গৈ থাকে। কবিয়ে কিন্তু নাজানে যে এই যাত্ৰা কেতিয়া বন্ধ হ’ব। সেয়ে তেওঁ সুধিছে –

….কেনেকৈ পালেহি এই শীত?
ঘড়ীৰ কাটাত কিমান দূৰ অতীত
ভৱিষ্যতৰ ডাকঘৰলৈ জানা নেকি জানা নেকি তুমি?…

কবিয়ে এইবোৰ দেখি দেখি এক অসহ্য বেদনা অনুভৱ কৰে, সেয়েহে ষ্টেচনবোৰক তেওঁ ‘জহন্নাম ষ্টেচন’ বুলিও অভিহিত কৰিছে। কবিয়ে এই জহন্নাম ষ্টেচনত নামিব নোখোজে।

এইদৰে বহু মাইল অতীত পাৰ হোৱাৰ পাছত কবিৰ উৎসাহ উদ্দীপনাও শেষ হৈ আহে আৰু এই যাত্ৰা পথ আমনি লগা হৈ আহে।

…বটলত পানী নাই
খাদ্যসম্ভাৰ শেষ
অম্লপিত্ত জ্বৰ বমি মূৰৰ ঘুৰণি…।

শেষত এদিন গম নোপোৱাকৈয়ে ঘড়ী বন্ধ হৈছে আৰু এটা কেন্দ্ৰহীন বৃত্তত ৰে’লখন আহি ৰৈ গৈছে। এটা এটাকৈ ডবাবোৰ খহি পৰিছে আৰু তাৰ লগতে গলি গৈছে ডবাবোৰৰ ভিতৰৰ সেউজীয়া উত্তেজনা তথা ইমানদূৰ যাত্ৰাৰ স্মৃতি।

কবি নীলিম কুমাৰৰ এই কবিতাটোত আত্মজিজ্ঞাসা আৰু আত্মৰতিৰ সুন্দৰ প্ৰকাশ দেখা যায়। জীৱন পৰিক্ৰমাত পাৰ কৰিব লগা হোৱা অনেক সমস্যা আৰু অনিশ্চয়তাৰ মাজতো অবিৰাম যাত্ৰাৰ চেতনা প্ৰকাশ কৰা হৈছে। তেওঁ বুজাব বিচাৰিছে যে অমীমাংসীয় সমস্যা আৰু অনিশ্চয়তাৰ মাজেৰে মানুহ জীয়াই থাকিব লাগে আৰু এই যাত্ৰা কেতিয়াও শেষ নহয়।দৰাচলতে কবিতাটোত জীৱন যাত্ৰাৰ কথাকে কোৱা হৈছে আৰু এই যাত্ৰা অবিৰাম তথা চিৰন্তন, তাকে কোৱা হৈছে।

☆★☆★☆

12 Comments

  • Kangkan Borah

    সুন্দৰ লিখন

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ কংকণ দা..

      Reply
  • ববিতা বৰুৱা

    সুন্দৰ

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ আপোনাক

      Reply
  • ভাল লাগিল

    Reply
    • চাহিন জাফ্ৰি

      ধন্যবাদ হেমন্ত দা..

      Reply
  • অনিমা দাস

    ভাল লাগিল।

    Reply
  • Suntu

    ভাল লাগিল পঢ়ি

    Reply
  • অভিজিত কলিতা

    শেষত এদিন গম নোপোৱাকৈয়ে ঘড়ী বন্ধ হৈছে আৰু এটা কেন্দ্ৰহীন বৃত্তত ৰে’লখন আহি ৰৈ গৈছে। এটা এটাকৈ ডবাবোৰ খহি পৰিছে আৰু তাৰ লগতে গলি গৈছে ডবাবোৰৰ ভিতৰৰ সেউজীয়া উত্তেজনা তথা ইমানদূৰ যাত্ৰাৰ স্মৃতি।

    এনে চাৰিয়েলিজম তেখেতৰ কবিতাৰ বিশেষত্ব। বৰ সুন্দৰ আলোচনা। ভাল লাগিল

    Reply
    • চাহিন জাফ্ৰি

      হয় দাদা… সঁচাকৈ বহুত ভাল লাগে কবিতাটো জীৱনটো তেনেকুৱাই.. ।বহুত বহুত ধন্যবাদ আপোনাক।

      Reply
  • Nisha moni das

    Maam likhni khin khub vaal lagil porhi…..agoloi aru porhib paam buli akha thakil…..maam apunar mail id paam neki…..moi o kobita bishyok akhon kitap sampodana kori asu saikarne…..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *