ফটাঢোল

দৌলোৎসৱৰ ইতিবৃত্ত – পাৰ্ভিছ জলী ভূঞা

ফাকুৱা বা দৌলোৎসৱ হ’ল ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে পালন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতন উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱৰ সৈতে জড়িত হৈ আছে বহুত পৌৰাণিক আখ্যান৷ ইয়াক প্ৰাচীন মদন পূজাৰ এক আনুষঙ্গিক উৎসৱ বুলিও কোৱা হয়৷

আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে আদিদেৱ মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল ৷ কঠোৰ তপস্যাত মগ্ন মহাদেৱৰ তপস্যা ভঙ্গ কৰিবলৈ দেৱতাসকলে উপায়ন্তৰ হৈ কামদেৱক কামবাণ নিক্ষেপ কৰিবলৈ দিছিল ৷ মহাদেৱৰ তপস্যা ভঙ্গ হোৱাত তেঁওৰ ক্ৰোধ দৃষ্টিত কামদেৱ ভষ্ম হয়। পৌৰাণিক আখ্যানত এই দিনটোক “কাম দহনৰ দিন” বুলি অভিহিত কৰিছে৷

আন এক আখ্যান মতে হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলীকাক নিৰ্দেশ দিছিল। হোলীকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই নিঃশেষ হৈ গ’ল। হোলীকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা ভিক্ষা কৰাত প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিচত বছৰত অন্ততঃ এদিন হ’লেও মানুহে হোলীকাক স্মৰণ কৰিব৷ এই হোলীকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি৷ সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলীকাক দাহ কৰা হয়৷

অসমত শ্ৰী মন্ত শংকৰদেৱে বৰদোৱাত একৈশ বছৰ বয়সত এই উৎসৱ পালন কৰিছিল। তাৰ পিছতেই বৰপেটাত বৰপেটা সত্ৰৰ মথুৰা দাস বুঢ়া আতাই ১৫১৮শকত দৌল উৎসৱ প্ৰচলন কৰিছিল৷
ৰামচৰণ ঠাকুৰৰ মতে, শ্ৰী মন্ত শংকৰদেৱে আধ্যাত্মিক আলোচনা কৰোতে সন্ঢৰা দলৈয়ে তেওঁক ফাকু উৎসৱ অহাৰ কথা জনালে৷ শংকৰ গুৰুৱেও দৌল নিৰ্মাণ কৰি উৎসৱটো পালন কৰিবলৈ মন মেলিলে আৰু ভক্তসকলক একত্ৰিত কৰি দায়িত্ব দিলে৷ তেওঁ ফাকু ক্ৰয় কৰিবৰ বাবে বলোৰামক মৰুৱাপুৰ নামৰ ঠাইলৈ পঠালে আৰু বলোৰামে সেৰত এক মহা (সিকি)দৰত কেইবা কলহ ফাকু ক্ৰয় কৰি এখন ভাৰত বোজাই দহ দিনৰ মূৰত টেম্বুৱানীলৈ আহে৷ তাৰ পিচত শংকৰে পেহাক বুঢ়া খাক যজ্ঞ সম্পাদন কৰিবৰ বাবে বগা ছাগলী আনিবলৈ ক’লে৷ ইতিমধ্যে তিনিটা দৌল নিৰ্মাণ হোৱাত শংকৰদেৱে তাত মেষদাহ যজ্ঞ সম্পাদন কৰিলে৷ দৌল উৎসৱৰ বাবে সাতটা গীত ৰচনা কৰা হৈছিল৷ ভূঞাসকলে তাল-খোল লৈ সেই গীতবোৰ গাই গাই শোভাযাত্ৰা কৰি দৌললৈ আহিল আৰু বিগ্ৰহ স্থাপন কৰিলে।

তাৰ পিছদিনা দোকমোকালিতে উঠি শংকৰদেৱে স্নান কৰি বিষ্ণুক প্ৰণাম কৰিলে। চাৰি দাঁৰ সময় অতিক্ৰম কৰাৰ পিছত ৰাম ৰাম আৰু শংকৰ গুৰুৱে দৌলত ফাকু দিবলৈ আৰম্ভ কৰিলে আৰু মহাপুৰুষ জনাই নিজে খোল লৈ গায়ন হ’ল। যদু‌, ৰামধন ,জয়, বলাই, লক্ষ্মণ আৰু কেতাই খাঁয়ো আনন্দত নাচিলে আৰু ওৰে নিশা আনন্দ কৰিলে৷

ইয়াৰ পিছদিনা গোবিন্দৰ মূৰ্তিক আসনত তুলি শোভাযাত্ৰা কৰা হ’ল আৰু বহু ঠাই ফুৰি পুনৰ গোবিন্দক মন্দিৰলৈ লৈ যোৱা হ’ল৷ গোবিন্দৰ গৃহ আগমনৰ উদ্দেশ্যে গীত গোৱা হ’ল আৰু শংকৰ মহাপুৰুষে নিজেই বাদ্য সংগত কৰিলে৷ লক্ষ্মীৰ হৈ সৰ্বজয়ে আঁ‌ৰ কাপোৰ ধৰি আছিল৷ দুৱাৰৰ প্ৰতিবন্ধক এৰি দিয়াৰ বাবে খাটনি জোৰা শ্লোক গোৱাৰ পিছত লক্ষ্মীয়ে দুৱাৰ মেলি দিলে আৰু গোবিন্দৰ গৃহত প্ৰৱেশ ঘটে৷ এনেদৰেই দৌল উৎসৱৰ সামৰণি পৰে।

নক্ষত্ৰ গণনা অনুসৰি এই উৎসৱ তিনিদিনীয়া, চাৰিদিনীয়া বা পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা হয়৷ সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে চাৰি বা পাঁচদিনীয়াকৈ আৰু চ’ত মাহৰ পূৰ্ণিমা তিথিত দৌল হ’লে তিনিদিনীয়াকৈ পালন কৰা হয়৷ চাৰি বা পাঁচদিনীয়া দৌলক ডেকাদৌল আৰু তিনিদিনীয়া দৌলক বুঢ়াদৌল বুলি কোৱা হয়৷ দৌলোৎসৱৰ প্ৰথম দিনটোক ‘গোন্ধযাত্ৰা’, ‘বহ্নোৎসৱ’ বা ‘গন্ধ’; দ্বিতীয় দিনটোক ‘ভৰদেউল’ আৰু তাৰ পিচৰ দিনা ‘সুঁৱেৰী’ বা ‘ফাকুৱা’ বোলা হয়৷

পুৱাৰাম মহন্তৰ মতে শ্ৰীমন্ত শংকৰদেৱক ৰামৰায়ে এবাৰ তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত অনুৰোধ কৰিছিল, “আপুনি বহু তীৰ্থত নানা ৰকম উৎসৱ দেখি আহিছে৷ আমালোকৰ এটি আমোদজনক উৎসৱ দেখুৱাবলৈ হঁক৷” ৰামৰায়ে দৌলোৎসৱৰ ব্যয়ো বহন কৰে। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱটি পালন কৰা হৈছিল। ড° মহেশ্বৰ নেওগে পুৱাৰাম মহন্তৰ বৰ্ণনাৰ ভিত্তিত ক’ব খোজে যে দৌলোৎসৱটি চিহ্নযাত্ৰাৰ সময়তে নিৰ্মাণ কৰা এটি কীৰ্তন ঘৰত অনুষ্ঠিত হৈছিল৷ কিন্তু এইটো গ্ৰহণযোগ্য নহয় কাৰণ বৰদোৱাত থকা দৌলউৎসৱৰ মন্দিৰটো কীৰ্তনঘৰৰ পৰা বহু নিলগত অৱস্থিত৷ আকৌ ৰামচৰণ ঠাকুৰে মেষদাহ যজ্ঞ সম্পাদন আৰু তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে এহাল বগা ছাগলী ক্ৰয় কৰোৱাৰ যি বিৱৰণ দিছে সি অৱিশ্বাস্য৷ কাৰণ পঢ়াশালিত থাকোতেই তেওঁ বলি-বিধানৰ বিৰোধিতা কৰিছিল৷ এনেধৰণৰ কথাবোৰৰ মাজত বহুত ক্ষেত্ৰত সামঞ্জ্যতা দেখা পোৱা নাযায় যদিও শংকৰদেৱে প্ৰচলন কৰা এই ফল্গুৎসৱে একতা, সম্প্ৰীতি, আৰু ঐতিহ্যৰ ভাৰ বহন কৰাত সক্ষম হৈছে৷ অসমৰ সত্ৰ , থান সমুহে এতিয়াও সেই পৰম্পৰা সমূহ অক্ষুন্ন ৰাখি ইয়াক পালন কৰি আহিছে আৰু ধৰ্মীয় আচাৰ, ভক্তিৰস আৰু লোক-পৰম্পৰাৰ অপূৰ্ব সমন্বয়ৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷

( সহায়ক গ্ৰন্থ: কথা গুৰুচৰিত৷ ৱিকিপিডিয়া ৷)

☆★☆★☆

4 Comments

  • Ananta Borah

    তথ্য সমৃদ্ধ লেখা । এনেকুৱা লেখা আপোনাৰ পৰা আৰু আশা কৰিলো ।

    Reply
  • Parvish jolly Bhuyan

    অশেষ ধন্যবাদ

    Reply
  • ভাল লাগিল পঢ়ি ।

    Reply
  • পাৰবীন

    ভাল লাগিল পাৰ্ভিছ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *