ফটাঢোল

কিটিপ – ডাঃ বিকাশ বৰুৱা

এটা কথা অকণো লুক-ঢাক নকৰাকৈ চাফ চাফ কৈ দিয়াই ভাল। সুখী, সন্তুষ্ট মানুহবোৰক দেখিলে মোৰ ‘ভীষণ হিংসা’ লাগে। অসমীয়া ভাষাৰ ‘ঈৰ্ষা’ শব্দটোক সকলোৱে হিংসা বুলিয়ে কয়। গতিকে ময়োনো কিয় নকওঁ• কাৰণ মেজৰিটি মাষ্ট্ বী গ্ৰাণ্টেড। সুখী, সন্তুষ্ট মানুহক দেখা মাত্ৰকতে মই জ্বলি-পুৰি মৰো। লাওখোলা, চুলি, উফি, ওকণি, টিকণি.. আটাইবোৰ গৰম হৈ যায়। ভিতৰত মগজটোৱেও কাম কৰিবলৈ বন্ধ কৰি দিয়ে। আচৰিত কথা যে বহুত চেষ্টা কৰিও মই নিজে সুখী আৰু সন্তুষ্ট হ’ব নোৱাৰিলো।

কিন্তু.. এই মানুহবোৰ কেনেকৈ ইমান সুখী? সেইটো ভাবি মোৰ তাতোকৈয়ো বেছি আচৰিত লাগে। চৌদিশৰ পৃথিৱীখনলৈ একদম কেৰেপেই নকৰাকৈ এওঁলোক কেনেকৈ থাকে? সংসাৰৰ ইমানবিলাক দুখ-যন্ত্ৰণা, অশান্তি, চিঞৰ-বাখৰ, ধূলি-বোকা, জাবৰ-জোঠৰে গাৰ নোম এডালকে লৰাব নোৱাৰে। নিৰ্বিকাৰ। নোম নহয় যেন একোডাল মস্ত মস্ত হাতী বন্ধা শিকলিহে।

পিচে এতিয়া লাহে-লাহে বুজিছোঁগৈ। আচলতে মইহে গণ্ডগোলীয়া। মোৰ কেইবাটাও নট ঢিলা। নহ’লে মানুহ ইমান বিপৰীত হ’ব পাৰেনে? হজম নোহোৱা প্ৰতিটো বস্তু চিধা আহি মোৰ লাওখোলাতহে লম্ভে। সিদিনা ঘৰৰগৰাকীয়ে কৈছে,- অশান্তিবিলাক মই নিজেইহে হেনো চপাই লওঁ আৰু অশান্ত হৈ নপৰালৈকে শান্ত নহওঁ। অশান্তিৰ দুই এটা নমুনা দিওঁ। ধৰি ল’লো এখন বাছ। ঘেট্লেং মেট্লেংকৈ সুদীৰ্ঘ তিনিশ এঘাৰ কিলোমিটাৰ পথ আহি আছে। যেনিতেনি শব্দ। এটা প্ৰচণ্ড কোলাহল। কাণৰ কাষতে খিৰিকীৰ এখন আইনা ঘৎঘৎকৈ ননষ্টপ লৰি আছে। বাৰে বাৰে পিচলি গৈছে। ধূলি সোমাইেছে। বতাহে কোবাইছে। ভিতৰৰ ফটা-চিটা আসন আৰু মজিয়াখনৰ পৰাও ধূলি উৰিছে। হাঁচি আহিছে। চকা ফুটিছে। গোটেই ৰাস্তাটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। মাজে মাজে এনে এটা জাঁপ মাৰিছে, উফৰি ক’ৰবাত পৰিছোগৈ। তলফালে কিমান যে নট-বল্টু, লোহা-লক্কৰ সৰি পৰিছে তাৰ কোনো হিচাপেই নাই। মাজতে এজাক বৰষুণ আহিছে। লগে লগে পানী সোমাইছে। ৱাইপাৰডাল নাই বাবে বাৰে বাৰে গাড়ী ৰখাই কণ্ডাক্টৰে বাটৰ কাষৰ পৰা কচুপাত চিঙি আনি তাৰে সমুখৰ আইনা মচিছে। হঠাৎ এবাৰ গীয়েৰ শ্লিপ, মাজে মাজে ব্ৰে’ক ফেইল। সন্ধিয়া হ’ল, কিন্তু হেডলাইট নজ্বলে। কণামুনাকৈ খুপি খুপি আহি আছে। গতিবেগ শূন্য। ইমানবিলাক ঘটনা ঘটি আছে, পিচে সুখীসকল নিৰ্বিকাৰ। সুন্দৰকৈ নাক বজাই ফস্তি মাৰি শুই আছে। ইফালে আকৌ এই নাকৰ বাজনাটোও আন এক যন্ত্ৰণা। কিন্তু এখেতসকলক একোৱেই আমনি নকৰে। ঘড়ীৰ কাঁটা বা সময় লৈয়ো চিন্তিত নহয়। ইমানবিলাক সুখী মানুহৰ মাজত মাত্ৰ এটা অসুখী আত্মাই গোটেই ৰাস্তা সুখীৰ সুখ সহিব নোৱাৰি প্ৰচণ্ড খং, বিৰক্তি আৰু ‘হিংসা’ত চটফটাই মৰিছো।

এটা তেলৰ ডিপো। মাত্ৰ সাতটামান মানুহ। তাতেই হেঁচা-ঠেলা। কোনোপধ্যে লাইন নকৰে। কাউণ্টাৰৰ ফুটাটোত গৈ আটাইবোৰে একেলগে হাত ভৰাইেছে। আনকি ভদ্ৰকেইজনেও শাৰী পাতিবলৈ বিচৰা নাই। সৰ্বশক্তিৰে চেষ্টা কৰিছে, কেনেকৈ আগবাঢ়িব পাৰি। ধমক লগালো। ভদ্ৰ-অভদ্ৰ, বীৰপুৰুষ-কাপুৰুষ আটাইবোৰ সুৰসুৰকৈ শাৰী পাতি থিয় হ’ল। ভাবিছিলো, গালি খাই মানুহখিনিৰ খং উঠিব। নুঠিল। অসন্তুষ্ট হ’ব। নহ’ল। অন্ততঃ এবাৰমান মোলৈ পোন্দোৱাকৈ চাব। নাচালে। লাইনত থিয় হৈয়ো সকলোটি সুখতেই থাকিল। ইমানেই সুখী যে কৃতজ্ঞতা আৰু ধন্যবাদ জনাবলৈকো নাপাহৰিলে। মোৰ অসুখী আত্মাটোৱে ডবল বিচুৰ্তি খালে।

ৰাজ্যখনত ৰাস্তা বা আলিবাট বোলা বস্তুবিধ সমূলঞ্চে নোহোৱা হ’ল। একালৰ ডাইনছ’ৰৰ দৰেই তাৰো বিলুপ্তি ঘটিল। তাৰ ঠাইত এতিয়া লাখ লাখ পুখুৰী। সাগৰ। সৰোবৰ। ৰৌ বাহু মেলিব পৰা ফিছাৰি। ধান ৰুব পৰা খেতি পথাৰ। জঁপিয়াই আত্মহনন কৰিব পৰা দ দ কুঁৱা, গ্ৰেণ্ড কেনিয়ন, মেৰিয়ানা ট্ৰেন্স। ফাঁকে ফাঁকে দাঁত নিকটাই থকা প্ৰাক-ঐতিহাসিক যুগৰে কেই মিলিগ্ৰামমান আধাভগা শিলগুটি। খণ্ড বিখণ্ড ‘পিটচ’। কাষবোৰত অন্তহীন সুদীৰ্ঘ গৰা, গড়খাৱৈ। লগতে কম্পালছৰি, মেণ্ডেটৰি বোকা, পানী, ধূলি। পিচে কি হ’ব? সুখীগণৰ কোনো আপত্তি নাই। অভিযোগ নাই। খং নাই। গালি নাই। ‘কিয় একো এটা নকৰে’ বুলি মন্ত্ৰী বিধায়কৰ কাষ চপা নাই। গড়কাপ্তানি বিভাগৰ অফিছটো বা অফিছাৰজনক বিচাৰি ঘুৰ্মুটিয়াই ফুৰা নাই। কোনো প্ৰকাৰৰ হৈ চৈ, চিঞৰ বাখৰ, ঘমঘণ্ট লগোৱা নাই। অনশন কৰা নাই। অসমবন্ধ দিয়া নাই। পথ অৱৰোধ কৰা নাই। নাই যি নাই উজুটি খাই পৰি হাত-ভৰি আৰু নগদ সোতৰটাকৈ দাঁত ভাগি গুড়ি হৈ যোৱাৰ দুখতো অকণমান কেঁকাই গেঁঠাই লৈ আনক আমনি দিয়া নাই। ‘এইসোপাই আঁতিছিলগৈ, তাৰ ওপৰতে আকৌ এই স্পীডব্ৰে’কাৰকেইডাল কোনে দিলেহি’ বুলি কাকো খেদা মাৰি যোৱা নাই। বৰঞ্চ অতি ৰংমনেৰে সেইপিনেৰেই মৰ্নিং ৱাক কৰিছে, জগিং কৰিছে, ম’বাইলত কথা পাতি পাতি হাতত শিকলি ধৰি কুকুৰ ফুৰাইছে, সাইলাখ পাতবেং বা ভেকুলীটোৰ দৰে জঁপিয়াই জঁপিয়াই গাঁত পাৰ হৈ জীৱনৰ বাটত বাট বুলিছে। বিধে বিধে ধুনীয়া ধুনীয়া দীঘল দীঘল গাড়ী-মটৰবিলাকেও উলাহতে লং জাম্প, হাই জাম্প.. আটাইবিলাক মাৰিছে। যেন অলিম্পিকৰ খেলপথাৰখনহে। উজুটিত দাঁত উফৰি পৰিছে, চশমা চিটিকি গৈছে, কাৰোবাৰ খোপা-চোপাও সুলকিছে, পেটিকোটৰ ৰছী ছিগিছে, কিন্তু সুখীগণৰ সুখ পূৰামাত্ৰাই অটুত আছে। লাওখোলা কাৰ গৰম হৈছে একমাত্ৰ মোৰ।

‘অখণ্ড ভাগৱত’ৰ মাইক। এঘণ্টা নহয় দুঘণ্টা নহয়, এদিন নহয়, দুদিন নহয়, একেলেঠাৰিয়ে এসপ্তাহ। দিন নাই ৰাতি নাই, বাজিয়ে আছে বাজিয়ে আছে। দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰ নিকপকপীয়াকৈ মাৰিও ৰক্ষা পোৱা নাই। যিমানে নিশা গভীৰ হয়, মাইকৰ আৰ্তনাদো সিমানেই বাঢ়ে। দুয়োখন কাণত বিধে বিধে ঠিলা। প্ৰথমে কপাহ, তাৰ পিচত ৰবৰ, গাৰুত জোৰেৰে হেঁচা, শেষত ষ্টেথস্ক’প। উপায়ুক্তক ক’লো, এখন আইন আছে, তাকো উচ্চতম ন্যায়ালয়ৰ ৰায়.. এনেকৈ যধেমধে যেতিয়াই তেতিয়াই ননষ্টপ মাইক বজোৱাৰ প্ৰশ্নই নুঠে.. ইফালে আৱাসিক অঞ্চল.. পৰীক্ষাৰ্থী আছে, ৰোগী আছে, বেলেগ বেলেগ ধৰ্মৰ মানুহ আছে.. কিবা এটা কৰক। নকৰে। ধৰ্মীয় বিষয়। ভগৱান ৰিলেটেড। ‘কিবা এটা কৰিবলৈ’ ভয় লাগে। মাইক বজোৱা নামঘৰৰ নিচেই কাষতে থকা এজন ডেকা বিজ্ঞানীক লগ পালো। ঘৰত মাকৰ অসুখ। হাৰ্টৰ প্ৰব্লেম। সিপিনে জীয়েকৰ পৰীক্ষা। সুধিলো, ‘ডিষ্টাৰ্ব হোৱা নাই•’ ওঁহো। ৰাইজ, নামঘৰ আৰু ভাগৱতৰ কথা। বেয়া লগাৰ, আপত্তি কৰাৰ প্ৰশ্নই নুঠে। বৰঞ্চ নামঘৰৰ ইমান কাষতে ঘৰটো হোৱাই পৰম সৌভাগ্য বুলিহে ক’ব পাৰি।

ঠাণ্ডা দিন। বাছত এফালে গৈ আছোঁ। ঠাণ্ডাৰ উপৰিও ওৰেটো বাট কিনকিনীয়া বৰষুণ, ফেৰফেৰীয়া বতাহ। হঠাৎ এবাৰ ‘পোৱালী’ কণ্ডাক্টৰ মহাশয়ৰ কি মন গ’ল, বাছৰ দুৱাৰখন সম্পূৰ্ণকৈ খুলি লৈ ফুটব’ৰ্ডত খাড়া। লগে লগে ভিতৰলৈ হোহোৱাই ঠাণ্ডা বতাহ। সিফালে মহাশয় নিৰ্বিকাৰ। উদ্দাত্ত কণ্ঠ, ওঁঠত গান। ডিঙিটো মেলি কাষৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰাত মচগুল। মই ভাবি আছো, আটাইবোৰ যাত্ৰীয়ে এতিয়া হুলস্থুল লগাই দিব। ‘ঐ পোৱালী, দৰ্জা বন্ধ কৰ’ বুলি ডেকা পাৰ্টিয়ে মস্ত ধমকি লগাব। গালি খাই পোৱালীয়েও ‘লগালগ’ দৰ্জা বন্ধ কৰি সুৰসুৰকৈ গৈ কেবিনত সোমাব। কিন্তু তেনে একো নঘটিল। যি বুজিলো কাৰো কোনো সমস্যা নহ’ল। বুঢ়াকেইজনে মোনাৰ পৰা এড়ি চাদৰ আৰু মহিলাসকলে শ্বল উলিয়ালে। ডেকা আৰু চেঙেলীয়াসকলে চিগাৰেট জ্বলালে। এজনে হাততে লৈ থকা চুৱেটাৰটো পিন্ধি ল’লে। মুঠতে সুখী মানৱ তেতিয়াও সুখতেই থাকিল। বাছৰ খোলা দুৱাৰেৰে দুহাত বাহিৰত পোৱালীৰ কণ্ঠেৰে অবিৰাম নিৰ্গত হ’ল লেটেষ্ট অশ্ৰাব্য বেবেৰিবাং হিন্দী গীত..

এনেকুৱা অগণন কাহিনী। সুখী মানৱৰ অন্তহীন সুখ। দুখীজনৰ কুলাই পাচিয়ে নধৰা দুখৰ উপৰি দুখ।

এসময়ত এটা অভ্যাস আছিল। নগৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত সন্ধিয়া অকণমান আড্ডা
মাৰো। ভাল ভাল মানুহ কেইবাজনো আহে। চৌ চৌকৈ প্ৰচুৰ ৰস ওলায়। পিচে এতিয়া যাবলৈ এৰি দিছো। একালৰ নিৰিবিলি সুন্দৰ ঠাইখিনিত আজিকালি অনবৰতেই গাড়ী মটৰৰ হোহোৱনি, ভেকুৱাম হৰ্ণৰ অত্যাচাৰ, প্ৰচণ্ড ধূলি, বৰষুণ দিলেই পানী আৰু থেপথেপীয়া বোকা, লেঠাৰি নিচিগাকৈ এটা অসহ্য কোলাহল, জঘন্য অশ্ৰাব্য গান, পুলিচৰ হুইচেল..। মানুহে সোধে- ‘আহিবলৈ এৰিলে যে? কি কথা?’ আহিবলৈ কিয় এৰিলো, কাৰণবিলাক ক’লে তেওঁলোক পিচে আচৰিত হয়। উৱা.. ভেকুৱাম হৰ্ণ, ধূলি, কোলাহল, এইবিলাকৰ ভয়তনো ঘৰত সোমাই থাকিব পাৰিনে• বাকী কোনেও দেখোন আপত্তি কৰা নাই। আমনি পোৱা নাই। আগৰ দৰেই আহি আছে..

পিচে সেইটোৱেইতো মোৰ ট্ৰেজেদী। তোমালোকে কি বুজিবা? চৌদিশৰ পৃথিৱীখনত সকলো সুখী। কাৰো কোনো সমস্যা নাই। দেৱালীৰ ব’ম, ফটকা, ভেকুৱাম হৰ্ণৰ আৰ্তনাদ, এসপ্তাহে চলি থকা নামঘৰৰ মাইক, নৰেন্দ্ৰ মোদীৰ সুৰীয়া ভাষণ, গৌতম ৰয়ৰ গান, টিভি চেনেলৰ ভাষা, বাক্য, উচ্চাৰণ.. এই আটাইবোৰ আহি কেৱল মোৰ কাণতেহে সোমায়। তামোলৰ পিক, থু-খেকাৰ, জাবৰ-জোথৰসোপা কেৱল মোৰ চকুতেহে পৰে। নৰ্দমাৰ ভেকেটাভেকেট গোন্ধে মোৰহে নাকটোত আহি খুন্দিয়ায়। লুণ্ঠন, অত্যাচাৰ, বলাৎকাৰ, গুণ্ডামি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ.. এনেকুৱা আটাইবোৰে একমাত্ৰ মোৰ লাওখোলাটো, মোৰ ব্ৰহ্মতালুখন, আৰু মোৰ টিকণিডালহে বিচাৰি পায়গৈ। সৰ্বতোপ্ৰকাৰৰ অশান্তি অনবৰত একমাত্ৰ ময়েহে ভোগ কৰো। হে ঈশ্বৰ হে আল্লা হে গড.. জানো, তুমি মাথো এলজেব্ৰাৰ এটা ধৰি লোৱা এক্স। বা ৱাই। বা জেদ। তথাপিও তোমাক তেল মাৰিছো, হাতে-ভৰিয়ে ধৰিছো.. মোক সুখী আৰু সন্তুষ্ট হোৱাৰ কিটিপটো শিকাই দিয়া। প্লীজ। এনেকৈ আৰু সদায় কিমান অশান্তিত কটাম? কিমান চটফটাম? চাওঁতে চাওঁতে দেখোন মৰিবৰেই হ’ল।

☆★☆★☆

6 Comments

  • উত্তৰা

    আটাইখিনি অতি সত্য কথা। আৰু এই অখণ্ড ভাগৱতৰ কথা নকলোৱে বা যেতিয়া ঘৰৰ ওচৰে পাজৰে তিনি চাৰিটা নামঘৰ থাকে তেতিয়া অনুভৱ হয়, স্বৰ্গখন কিয় আকাশৰ ওপৰত কৰি লৈছে ভগৱানে।

    Reply
  • সৌৰভ শৰ্মা

    মহাশয়, শত শত প্ৰনাম, বৰ ভাল লাগিল

    Reply
  • ৰিণ্টু

    তীক্ষ্ণধাৰ ব্যংগ, অখণ্ড ভাগৱতৰ উপৰিও আজিকালি আৰু এটা নতুন ট্ৰেণ্ড আহিছে। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগীতা। যোৱাবাৰ যোৰহাটৰে চাৰি ঠাইত দেখিলো, চাৰি দিনলৈ দুপৰীয়াৰ পৰা মাজনিশালৈ ডাঙৰ ডাঙৰ চাউণ্ড বক্সৰ শব্দ। প্ৰত্যেক গাৱেঁ‌ আজিকালি বেলেগে বেলেগে ভাওনা প্ৰতিযোগিতা পাতিবলৈ ল’লে।

    খুব ভাল লাগিল পঢ়ি চাৰ

    Reply
  • পঢ়ি ভাল লাগিল ছাৰ৷ আপোনাৰ লিখা পালেই নেৰো! বহু বছৰ হ’ল৷ ফটাঢোলত পাই আমি খুউৱ আনন্দিত৷

    Reply
  • বহুত ভাল লাগিল ছাৰ।

    Reply
  • অভিজিত কলিতা

    সচেতনতাৰ শাস্তি। ক্ষোভৰ অন্যন্য বংগাত্মক বহিৰ্প্ৰকাশ। ধন্যবাদ চাৰ।

    Reply

Leave a Reply to সৌৰভ শৰ্মা Cancel reply

Your email address will not be published. Required fields are marked *