ফটাঢোল

টি মানে কি – সৌমিত্ৰ যোগী

কেতিয়াবা কেতিয়াবা এনে লাগে যেন মই এটা দুৰ্ভগীয়া প্ৰজন্মৰ প্ৰতিনিধি। সৌভাগ্যৱান নহয় যিহেতু, গতিকে দুৰ্ভগীয়া। কেৱল মই বুলিয়ে নহয়, আচলতে আমি বুলিয়ে ক’ব লাগে। দুই-এক ব্যতিক্ৰম বাদ দি মোৰ বয়সৰ প্ৰায় সকলোৱে এক কথাত দুৰ্ভগীয়া। দুৰ্ভগীয়া মানে – মই যিটো সময়ত জন্মগ্ৰহণ কৰিছোঁ চাবলৈ গ’লে সময়টো ভাল নাছিল। হয়তো কিবা গ্ৰহ-গতি ভাল নাছিল, গতিকে আমাৰ হাতৰ পৰা সকলো সুযোগ ওলাই গৈছিল অথবা পলাই পত্ৰং দিছিল। কথাখিনি বুজিবলৈ নিশ্চয় দুটামান উদাহৰণৰ প্ৰয়োজন হ’ব।
মোৰ ঠিক অসম আন্দোলনৰ সময়ত জন্ম। “জনতা কাৰ্ফিউ” কি বস্তু ডাঙৰ হৈহে বুজিছিলোঁ। অথচ পিঠিত পৰা বেতৰ কোবটোৰ কাৰণে কিমানদিন যে কেঁকাইছিলোঁ। তিৰাশীৰ জুয়ে পোৰা নিৰ্বাচন বুলি ক’লে আমাৰ ভূপেন হাজৰিকাৰ গানটো মনলৈ আহে আৰু নিৰ্বাচন বৰ্জন কৰা মানুহবোৰৰ সৈতে সেইদিনা চাপৰিত ৰান্ধি খোৱা ভাতসাঁজৰ কথাহে মনত আছে। অথচ সেইদিনা মানুহবোৰৰ সৈতে আমিও চি আৰ পিৰ ভয়ত পলাই পলায়ে চাপৰি গৈ পাইছিলোঁ। এই ত্যাগ আমাৰ অথলে গ’ল কাৰণ মোৰ জন্ম অন্ততঃ দহ বছৰৰ আগতে নহ’ল। নহ’লে, বিধায়ক-মন্ত্ৰী কিবা এটা নহ’লেও পঞ্চায়তৰ সভাপতিকে হৈ থাকিব পাৰিলোহেঁতেন। সেই লাইনত নগৈ অলপ ভদ্ৰ মানুহৰ দৰে মাষ্টৰ-অধ্যাপক এজনকে হৈ থাকিব পাৰিলোহেঁতেন। নাই বুলিও পাছলৈ পদ্মশ্ৰী বা অন্য তেনে ডাঙৰ দুই-এক বঁটা-বাহনকে আৰ্জিব পাৰিলোহেঁতেন। কিবা আমোলা-বিষয়া এটাকে হ’ব পাৰিলোহেঁতেন। নহ’লেও ঠিকাদাৰ বা পেপাৰ এখনৰ মালিকে হ’ব পাৰিলোহেঁতেন। মুঠতে বহুত কিবাকিবি হ’ব পাৰিলোহেঁতেন। কিন্তু এইবোৰ এটাও নহ’ল কাৰণ মই বহুত মানুহতকৈ দহ-বিছ বছৰ পাছত জন্ম হ’বলগীয়া হ’ল।
নাই যে নাই সেই সময়ত জন্ম লৈ স্মাৰ্ট হোৱাৰ সুযোগকণো হেৰুৱাই পেলালোঁ। ইয়াৰ কাৰণ অৱশ্যে বেলেগ। কথাটো অলপ ছিৰিয়াছলি মন কৰিব। আমি আছিলোঁ চিঠিৰ জামানাৰ মানুহ। দীঘল দীঘল চিঠি লিখি ডাকত পঠিয়াই উত্তৰৰ বাবে দীঘলীয়া সময়ৰ বাবে ৰৈ থকা মানুহ। এসময়ত এখন দীঘল চিঠি উত্তৰ হিচাপে আহে। তাকে উৰাই-ঘূৰাই পঢ়ি পাগল হৈ থাকোঁ। হাহোঁ, কান্দো, অভিমানত উফন্দি থাকোঁ, বিৰহত কাতৰ হৈ লঘোনে থাকোঁ, উজাগৰি নিশা কটাওঁ ইত্যাদি। কিন্তু চকুৰ আগতে সকলো নাইকিয়া হৈ গ’ল। তাৰ পাছত ইটোৰ পাছত সিটোকৈ দ্ৰুতগতিত বিভিন্ন বস্তু আহিল। মোবাইল ফোন আহিল। ই-মেইল আহিল। এছ এম এছ আহিল। অৰ্কুট আহিল। ফে’চবুক আহিল। ৱাটছএপ আহিল। টুইটাৰ আহিল। কণামুনা লাগি যায় কেতিয়াবা। ইমান দ্ৰুতগতিত আমাৰ মগজু নচলেতো। আমিতো ভাই এল চি ডি টিভি থকা হাস্পতালৰ কোঠাত ছিজাৰিয়ান হোৱা বেবী নহয়। আমি টিভি দেখিছোঁ ঠোঁটত নোম গজাৰ পাছত। আমি প্ৰথম লৈছিলোঁ মূৰত শিং থকা চে’লফোন। এক বা ডেৰ বৰ্গ ইঞ্চিৰ এক ৰঙৰ সামান্য নীলা স্ক্ৰিণৰ হেণ্ডছেট। স্মাৰ্টফোন যেতিয়া আহিল, ভয়ে খাইছিলোঁ। আমি লৈ থকা হেণ্ডছেটবোৰ বন্ধ হৈ যাব বুলি ৰাতি ৰাতি টোপনি নাহিছিল। গতিকে আমাৰনো ক’ত স্মাৰ্টনেছ থাকিব। স্মাৰ্টনেছ আহে কনফিডেঞ্চৰ পৰা। মই ক’ৰবাত কনফিডেঞ্চ হেৰুৱাই পেলাইছিলোঁ। মিছা ক’লে কিডাল হ’ব অত বছৰে চেষ্টা কৰাৰ পাছতো আজিও অকণমানো স্মাৰ্টনেছ নাহিল। এতিয়া ধৰি লওক ফে’চবুকৰ কথাই কৈছোঁ। কাৰোবাক লাইক এটা দিব খোজোঁ, যেই ৰিয়েকশ্যনবিলাক স্ক্ৰিণত ভাঁহি উঠে ভয়ত বুকুখন ধপধপাই যায়, হাতখন বহু পৰলৈকে কঁপি থাকে। ফলত কাৰোবাক মৰমতে দিব যদি খোজোঁ ৰঙাপাণ এখিলা, পৰেগৈ ঢেকঢেকাই হাঁহি থকা ৰঙা মুখৰ হালধীয়া মূৰটোত। লগে লগে মোৰ ভাল লগা বা মৰমত চেঁচাপানী ঢালি ফোন বা মেছেজ এটা আহিবই – মোৰ মুখখন দেখিবলৈ জোকাৰৰ নিচিনা নেকি? মোক দেখিলে আপোনাৰ কাৰ্টুন যেন লাগে নেকি? ইত্যাদি ধমকি। এইবাৰ হাতৰ কঁপনি গৈ আঁঠুত উঠেগৈ। আৰু তাৰ পাছত মই গোটেই মানুহটো থকথকাই কঁপি থাকোঁ। মোৰ এনেকুৱা দিনো গৈছে – স্ফূৰ্তিতে ক’ব নোৱৰা হৈ মই আচলতে দিব খুজিছিলোঁ ‘ওৱাও’ ইমোজীটো, পৰেগৈ চকুলো বোৱাই থকা ইমোজীটোত। সেইটোৰ ৰিয়েকশ্যন কি হ’ব গম পাইছেই নহয়। কেতিয়াবা এনে লাগে যেন এই ইমোজীকেইটায়ো মোৰ লগত খেল খেলিছে। কাৰণ মাক মৰাৰ দুখত ম্ৰিয়মান হৈ এইমাত্ৰ মা ঢুকাল বুলি দিয়া পোষ্ট বা ফটোত, অথবা এয়া মাক চিতাত তুলি দিছোঁ বুলি দিয়া ফটোত মই কান্দিব খুজি চকুলো বোৱাই থকা ইমোজীটোত টিপিব খোজোঁতেই পৰেগৈ “ওৱাও” ইমোজীটোত। তাৰ পাছত মই সেইটো গুচাব নোৱৰা হৈ পাগল হৈ থাকোঁ।
এনেকে পাগল কোন হয়? আনস্মাৰ্ট মানুহবোৰহে হয়।
আনস্মাৰ্ট মানুহ কোনবোৰ? যাৰ কোনো কনফিডেঞ্চ নাই।
মই এতিয়া মোটামুটি নিশ্চিত হৈ গৈছোঁ যে মই এটা মস্ত নিৰ্ভেজাল আনস্মাৰ্ট মানুহ। নহ’লেনো বাৰু এই বয়সতো ইনবক্সত হাই বা হাই ছেক্সী বুলি মাত এষাৰ দিবলৈ ইমান ভয় খাওঁনে? কাৰোবাৰ দুৰ্দান্ত ফটো এখন দেখিও কিবা গৰম গৰম লাগি যোৱা মন্তব্য এটা দিবলৈ বুকুখন কঁপি উঠেনে? মই মোৰ এই ভয় আৰু সাহসহীনতাক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।
এতিয়া ধৰিব পাৰিছেনে কথাটো? মাত্ৰ কুৰি বছৰৰ পাছত জন্ম লোৱা হ’লেই এই অথন্তৰবোৰ নাথাকিলহেঁতেন। ময়ো আনৰ দৰেই হৈ পৰিলোহেঁতেন এটা ‘স্মাৰ্ট গাই’। ইয়াৰ ফলত হৈছে কি, মোৰ মানসিকতাতো ইয়াৰ প্ৰভাৱ পৰিছে। ধৰি লওক, চুটি বস্তু ভাল পাওঁ কিন্তু নিজে ব্যৱহাৰ কৰিবলৈ বেয়া পাওঁ। যেনে ধৰি লওঁক, ফেয়াৰ কমপ্লেক্সনৰ ছোৱালী বা মহিলাই চুটি হাফপেণ্ট পিন্ধিলে মই ভাল পাওঁ, চালে চাই থাকিবৰ মন যায়, কিন্তু নিজে পিন্ধিব নোৱাৰোঁ। অলপমান দীঘল ধৰণৰ হ’লে ঘৰত পিন্ধিব পাৰোঁ, কিন্তু বাহিৰলৈ ওলাবলৈ লাজ লাগে। কনফিডেঞ্চৰ অভাৱ। স্মাৰ্টনেছৰ অভাৱ।
কিন্তু আমাৰ দৰে দহ বছৰৰ আগতে অথবা দহ-কুৰি বছৰৰ পাছত জন্ম লোৱাৰ সুবিধা নোপোৱা আনস্মাৰ্ট মানুহবোৰক গৰম খলাত থিয় কৰাই আজিকালি সকলো কথাই চুটি হৈ গৈছে। সম্পৰ্ক, সময়, জীৱন, ভাষা – সকলো চুটি হৈ গৈছে। আৰু চুটি হৈ গৈ থাকিব। আজিৰ পৰা দহ বছৰৰ আগতে মিনিস্কাৰ্টবোৰ যিমান দীঘল আছিল আজিকালি সিমান নাই। আৰু সময় যোৱাৰ লগে লগে আৰু চুটি হ’ব। বিখ্যাত ধৰ্মগ্ৰন্থ ‘আদিযামালা’তে এই কথা আছে – “শস্য টুটিব, মৎস্য টুটিব, টুটিব বিৰিষৰ গুটি।।“ গতিকে মিনিস্কাৰ্ট বা স্লিভলেছ টপবোৰৰ কাপোৰ নুটুটিবনে?
জানো – অচ্ছে দিন আনেৱালা হ্যেঁ…। আমাৰ কাৰণে এফালৰ পৰা চাবলৈ গ’লে ভাল দিনেই আহি আছে।
তেতিয়ালৈ চাগৈ আমাৰো কনফিডেঞ্চ আহিব। আমিও স্মাৰ্ট হৈ যাম।
আচলতে কাপোৰক লৈ ইমান সমস্যা নাই। অলপ চেষ্টা কৰিলেই কনফিডেঞ্চ আহি যাব হয়তো। সমস্যা হৈছে ভাষা-চাষাক লৈহে। কেতিয়াবা একো বুজিয়ে নাপাওঁ। আমি এছ এম এছ বস্তুটোকে পৃথিৱীৰ আটাইতকৈ চুটি মিনিস্কাৰ্ট বুলি ভাবিছিলোঁ। আমি দীঘল দীঘল চিঠি লিখি খামত পোষ্ট কৰা যুগৰ মানুহতো। এতিয়াহে লাহে লাহে বুজি পাইছোঁ যে মিনিস্কাৰ্টো চুটি কৰিব পাৰি।
এদিন কি হ’ল চাব, মই ভাষাৰ কথা কৈছোঁ দেই, সেইদিনা মোৰ জন্মদিন। ফে’চবুকত বন্ধু-শুভাকাংক্ষীসকলে শুভেচ্ছা জনাই টাইমলাইনত বা ইনবক্সত দিয়া মেছেজবোৰ আহি আছে। মনটো বৰ ভাল লাগি আছে। ভাল মানে আনন্দত হিয়া নধৰা। মানুহৰ মৰম আৰু শুভেচ্ছা দেখিলে কিমান যে ভাল লাগে। এই ভাল লগাৰ সমানে বেয়া লাগি আছে। বেয়া লগাৰ কাৰণটো হ’ল বহুতৰে জন্মদিন বা বিবাহ বাৰ্ষিকীত মোৰ শুভেচ্ছা জনাই বাক্য এটাও লিখা নহয়। প্ৰায়ে সময়ৰ অভাৱত, কেতিয়াবা অনিহা বা এলাহত। আৰু কেতিয়াবা দুখত। এই দুখটো কিহৰ? এই দুখটো হৈছে কিছুমান মানুহৰ পৰা পোৱা আন্তৰিকতাহীন উত্তৰ। ধৰি লওক, মোৰ অত্যন্ত ব্যস্ততাৰ মাজতে ফে’চবুকটো খুলি তেওঁৰ কাৰণে শুভেচ্ছা জনাই দুটা বাক্য লিখিলোঁ। হয়তো এটা এটাকে বৰ্ণ পিটিকি পিটিকি অসমীয়াতে লিখিলোঁ। এটা সময়ত উত্তৰ আহিব Thanks. কেতিয়াবা তাতোকৈ চমুকৈ – Tnx. কেতিয়াবা দুদিন পাছতো উত্তৰ আহিব পাৰে। আমি চিঠি লিখি ডাকত দিয়া মানুহতো, আহত হৈ যাওঁ। Thanks বা Tnxত মই কোনো আন্তৰিকতা বিচাৰি নাপাওঁ। সেয়া কেৱল আনুষ্ঠানিকতা। মোৰ মতে, এই আনুষ্ঠানিকতা কিয় লাগে? মইতো আপোনাৰ পৰা এটা উত্তৰ দাবী কৰা নাই। মই আশা কৰোঁ, কিন্তু দাবী নকৰোঁ। মই যে আপোনাক শুভেচ্ছা জনাই কিবা এটা লিখিছোঁ, সেইখিনি আন্তৰিকতাৰে লিখিছোঁ। আপুনি মোৰ শুভেচ্ছা আশা কৰি নিশ্চয় বহি থকা নাছিল। কিন্তু মই আপোনাক শুভেচ্ছা জনাইছোঁ, আৰু অত্যন্ত আন্তৰিকতাৰেই জনাইছোঁ। আৰু সেইকাৰণে মই নিজে কাকো আন্তৰিকতাহীন, যান্ত্ৰিক উত্তৰ এটা নিদিওঁ। যদি সময় নাই, প্ৰয়োজনবোধ কৰা নাই তেন্তে নিদিওঁ। এইবাৰ তিনিদিন ধৰি শুভেচ্ছাৰ উত্তৰ দি দিয়ে জন্মদিন উদযাপন কৰিলোঁ। প্ৰয়োজন হ’লে এসপ্তাহ ধৰি উত্তৰ দি থাকিম। ভাল লাগে মনটো। হয়তো এই ভাল লগা, বেয়া লগা, দুখ লগাবোৰো মোৰ আনস্মাৰ্ট পাৰ্ছনেলিটীৰে অংশ।
কিন্তু আপুনি কি বুলি ভাবিছে? মই সদায় আনস্মাৰ্ট হৈয়ে থাকিম? নাথাকোঁ। এই জন্মদিনতে মই পণ লৈছোঁ। ময়ো স্মাৰ্ট হ’ম। মোৰো পূৰা কনফিডেঞ্চ থাকিব।
কিন্তু শপতবাক্য পাঠ কৰি থকাৰ মাজতে এনে এটা শুভেচ্ছাবাণী আহিল, সেইটো চাই মই ভাবিবলৈ বাধ্য হ’লোঁ যে মই সঁচাকৈয়ে এটা আনস্মাৰ্ট গাই।
HBD
মই একো বুজি নাপালোঁ। প্ৰেৰকৰ নামটো চালোঁ। বৰ পৰিচিত নাম নহয়। বৰ বেছি লাইক-কমেণ্ট কৰি থকা সকলৰ ভিতৰৰ নাম নহয়। ভুলতে দিলে নেকি মোক? বাৰ্থ ডে’ৰ দিনা ইনবক্সত যে কেৱল শুভেচ্ছাই আহিব তেনেকুৱাতো কোনো কথা নাই। ধাৰৰ ধন ঘূৰাই দিয়াৰ তাগিদাও আহিব পাৰে। আনকি, আজি আপোনাৰ বাৰ্থ ডে’ নেকি বুলি সোধা মেছেজো আহিব পাৰে।
সাংবাদিকতা কৰি থকা সময়ত এনেকুৱা এটা শব্দ আমাৰ পৰিচিত আছিল – PB. পি বি মানে পৰেশ বৰুৱা। পৰেশ বৰুৱাৰ নাম তেতিয়া কোনেও মুকলিকৈ উচ্চাৰণ নকৰে। ভয়, আতংক, ৰিস্ক। আজিকালি বহুতেই হিমন্ত বিশ্ব শৰ্মাৰ নামটো পূৰাকৈ নলয়। HBS বুলি কয়। আজিকালি বিলাসিতা কৰিবলৈ মন গ’লে বেলেগ কথা, এনেয়ে কোনেও PB বুলি নকয়। মই ভাবিলোঁ, তেওঁ মোক HBSৰ কথা কিবা ক’ব খুজিছে। এবাৰ লিখিলোও – “কি ক’ব খুজিছে কওক।” বহুত ভাবি বাক্যটো মোহাৰি দিলোঁ। তাৰ পাছত ঠিক কৰিলোঁ, আজিয়েই সেই দিন হওক – মই স্মাৰ্ট হ’বই লাগিব। সকলো মানুহেই জন্মদিনৰ দিনা কিবা নহয় কিবা এটা কৰে। ময়ো কিবা এটা কৰি দেখুৱাব লাগিব। HBD মানে কি বুজি পাব লাগিব।
বহু সময় গভীৰভাৱে বিশ্লেষণ কৰি চালোঁ। সশস্ত্ৰ বিদ্ৰোহী সংগঠনবিলাকৰ কিছুমান কোড থাকে। আগতে PBৰ দিনত খুব চলিছিল। “তোমালোকলৈ বজাৰৰ পৰা কলডিল তিনিটা আনি থৈছোঁ”। পুলিচৰ এক্সপাৰ্টে এনালাইছিছ কৰি উলিয়ালে যে PBয়ে দিয়া এই মেছেজটোৰ অৰ্থ হৈছে ৰকেট লাঞ্চাৰ তিনিটা আনি থৈছোঁ। সেইমতে পিছৰ বাক্যটো পঢ়ি পুলিচে আক্ৰমণ সংঘটিত হ’বলগীয়া ঠাইডোখৰো চিনাক্ত কৰি উলিয়ায়। মইনো HBD মানে কি তাকে উলিয়াব নোৱাৰিমনে? তাৰ পাছত উলিয়াই পেলালোঁ। HBD মানে হৈছে – Happy Birth Day. মনটো ভাল লাগি গ’ল। মই তাৰমানে স্মাৰ্ট হোৱাৰ প্ৰথম ঢাপটোত ভৰি থৈছোঁৱেই। নহ’লে টিঙিচকৈ উঠিলহেঁতেন। হয়তো খঙতে এনেকৈয়ো ৰিপ্লাই দি পালোহেঁতেন – “মৰাহঁত। দিবলৈ মন নাথাকিলে নিদিবি আকৌ। এই আন্তৰিকতা নোহোৱা মেছেজবোৰ কিয় দিব লাগে। কোনে কাণত পিস্তল লগাই দি শুভেচ্ছা দিবলৈ কৈছে?”
কিন্তু মই তেনেকৈ নিলিখিলোঁ, কাৰণ মোৰ খঙেই নুঠিল। তাৰ পৰিৱৰ্তে মই অত্যন্ত স্মাৰ্টলি উত্তৰ দিলোঁ – T.
T মানে হৈছে – Thank you so much.
আৰু মই মোৰ এই জন্মদিনতে সিদ্ধান্ত ল’লোঁ যে এতিয়াৰ পৰা মই আৰু কাকো ইমান দীঘলকৈ শুভেচ্ছাবাণী লিখি সময় খৰচ নকৰোঁ। কেৱল এটা বৰ্ণ লিখিম – H. আৰু এই বৰ্ণটোৰ, মানে এই শুভেচ্ছাবাণীটোৰ অতিৰিক্ত লাভ হ’ল – জন্মদিন, বিবাহ বাৰ্ষিকী, শিক্ষক দিৱস, ভেলেণ্টাইন ডে’, বিহু-পূজা, একাদশী-আঁউসী, ছটপূজা-দছেৰা সকলোতে দিব পাৰি।
বাদ বাকী, পাবলৈ থাকিল Tটোহে, সেইটোও পোৱা যাব। পাই থাকিলে দি থাকিবও পাৰি। নে কি?
সেইবুলি চমু কৰাৰ নামত কোনেও ৰিপ্লাই হিচাপে কেৱল বিন্দু এটা দি নথ’ব আৰু দেই। মিনিস্কাৰ্টটো ইমানো চুটি হোৱা উচিত নহয়। স্কাৰ্টৰ নামত কঁকালত কেৱল যদি বেল্টডালহে থাকেগৈ সেইটোনো কি ধৰণৰ মিনিস্কাৰ্ট?

☆★☆★☆

6 Comments

  • বৰ ভাল লাগিল। সংক্ষেপতে সাংকেতিক ভাষাত লেখা বাক্যবোৰ বূজিবলৈ সঁচাই দিগদাৰ হৈছিল। এতিয়া আমাৰো কফিডেন্স বাঢ়িল–

    Reply
  • লিখাটো পঢ়িহে বুজিলো, টি মানে কি! হাঃ হাঃ -আমিও কাঠ পেঞ্চিলেৰে কেচেটৰ ফিটা ঘুৰাই ঘুৰাই ঠিক কৰা জমানাৰেই৷ মজ্জা লাগিল৷

    Reply
  • Purabi M kotoky

    ভাল লাগিল….টি মানে কি….গম পা্য়।

    Reply
  • Kangkan Borah

    সাংঘাটিক….. মজ্জা লাগিল

    Reply
  • দিম্পল

    ভাল লাগিল দাদা।
    টি থাকিল

    Reply
  • অনিমা দাস

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *