ফটাঢোল

নিগনি – প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

নিগনিপিয়ল, ২০১৪ ৰ প্ৰতিবেদন:
পিয়লৰ স্থান: মোৰ আৱাস
পিয়লৰ দিন: ১৩ ছেপ্টেম্বৰ ২০১৪
মুঠ নিগনিৰ সংখ্যা: ১১
জাতীয়তা: ভাৰতীয়
স্বৰূপ: প্রথমে খাদ্যসন্ধানী শৰণাৰ্থী, পাছলৈ চোৰ আৰু ডকাইত
প্রাপ্তবয়স্ক পুৰুষ:তথ্য নিদি পলায়ন (৩, অর্থাৎ ২৭.২৭% বুলি অনুমান কৰা হৈছে)।
প্ৰাপ্তবয়ষ্ক মহিলা: ঐ (ঐ)।
শিশু: ৫ (৪৫.৪৫%)
ঘনত্ব: ০.০০৮৯/বর্গফুট
জীৱিকা: চৌর্যবৃত্তি ৫, ডকাইতি ১, পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰশীল ৫
ধর্ম: ভক্ষণবাদ (ধাৰণা কৰা হৈছে)
পন্থা: কূটনীয়া (ঐ) জাতি: জাতিভেদ নাই (ঐ)
শিক্ষা: ডকাইতিত ডক্টৰেট ১, ভক্ষণ-বিজ্ঞানত। স্নাতকোত্তৰ ৫, কূটন-কৌশলত পি জি ডিপ্লোমা ৫, শীঘ্ৰ পলায়নত ছাৰ্টিফিকেট ৫ (এই আটাইখিনি আনুমানিক)। বিশেষ পাৰদৰ্শিতা গোন্ধ প্ৰসাৰণ আৰু চিকচিকায়ন৷

আজিৰ “দৈনিক নিগনিসাধাৰণ”ৰ বৰ বৰ হৰফৰ খবৰ:
আৱাসত সর্বত্র নিগনিনাশক প্ৰয়োগ: নিহত ২
আঁৰত তৃতীয় শক্তি: দুর্ত্তক নিগনিনাশক প্ৰয়োগৰ পৰামৰ্শ দিছিল ফেচবুকৰ বন্ধুই কমা নাই নিগনিনাশকৰ দুৰ্ভাৱনা: সর্বত্র ৰেড এলার্ট, ৰাতি সান্ধ্য আইন
একে দুৰ্বত্তৰ দ্বাৰা ৫ শিশু অপহৰণ: নিগনি শূন্য স্থানত বিসৰ্জনৰ সন্দেহ
হাইকমাণ্ড নির্বিকাৰ: কিবা এটা কৰক, গণেশজী।
“কেতিয়াও বিয়া নহওক দুবৃত্তৰ”: নিগনি সভাৰ শােকসভাত শােকসন্তপ্ত পৰিয়ালৰ শাওপাত
“দুৰ্বত্তৰ বিৰুদ্ধে গঢ়িম জংগী আন্দোলন”: এম পি ছিৰ সভাপতি কূটনপ্রাণ জেৰীৰ হুংকাৰ ।

☆★☆★☆

6 Comments

  • Krishna Botah Phukon

    ভাল লাগিল। সমবেদনা জ্ঞাপিলো

    Reply
  • Krishna Borah Phukon

    ভাল লাগিল। সমবেদনা জ্ঞাপিলো

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    মজ্জা৷

    Reply
  • গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ, লগতে নিগনি নিধন যজ্ঞৰ তিব্ৰ প্ৰতিবাদ জনালোঁ।

    Reply
  • Kangkan Borah

    সুন্দৰ

    Reply
  • হাঃ হাঃ, মজ্জা৷ নিগনি পিয়লৰ পিচত সমুহ ভোকাতুৰ নিগনি সন্থাই তীব্ৰ গৰিহনা দিয়ে আৰু এই পিয়লত জঘন্য ষড়যন্ত্ৰৰ গোন্ধ পোৱা বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *