ফটাঢোল

দীৱাৰঃ দ্যা ফেচবুক ভাৰ্চন – অমিতাভ মহন্ত

আনন্দ বার্মা এজন নীতিবান পুৰুষ। তেওঁৰ ফেচবুক প্রফাইল খুবেই সাধাৰণ। তেখেতে ফেচবুকত শ্রমিক শ্রেণীৰ স্বাৰ্থৰক্ষাক লৈ নিয়মিত পোষ্ট কৰে। প্ৰায় চাৰি হাজাৰ খাটি খোৱা জনতা তেওঁৰ ফল’ৱাৰ৷ সংসাৰ বুলিবলৈ স্ত্ৰী সুমিত্ৰা দেৱী আৰু দুই পুত্ৰ৷ বৰপুত্ৰৰ নাম বিজয়, সৰুপুত্ৰৰ নাম ৰবি৷

আনন্দ বাৰ্মাৰ জ্বালাময় পোষ্টবোৰত অতীষ্ঠ হৈ মালিকপক্ষই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে৷ আনন্দ বাবুৰ এটা অসাধাৰণ পোষ্টক চুৰি পোষ্ট বুলি চাৰিওফালে প্ৰচাৰ কৰি দিয়া হয়৷ নিখুত ফটোশ্বপ কৰি প্ৰমাণ কৰি দিয়া হয় যে সেয়া আচলতে অন্য কোনোবাৰ পোষ্ট৷ এই চুৰিকাৰ্য্যক লৈ ফেচবুক উত্তাল হৈ পৰে৷ বৰপুত্ৰ বিজয়ৰ ৱালত, বিভিন্ন কমেন্টত “মেৰা বাপ চোৰ হৈ” হেচটেগ মাৰি বিজয়ক বাৰাম্বাৰ টেগ কৰা হয়৷ এদিন হঠাৎ দেখা যায়, ফেচবুক আইডি ডি-এক্টিভেট্ কৰি আনন্দ বাৰ্মা ভাৰ্চুৱেল পৃথিৱীৰ পৰা কৰবাত হেৰাই গৈছে৷

ঘটনাৰ পাকচক্ৰত বিবুদ্ধিত পৰা সুমিত্ৰা দেৱীয়ে উপায়হীন হৈ নিজৰ প্ৰফাইল এটা খোলে৷ কেতিয়াবা এটা দুটা ষ্টেটাছ আপডেট দিয়ে৷ দুই-চাৰিটা লাইক, এটামান কমেন্ট… ইয়াকে সাৱটি সাবিত্ৰী দেৱীয়ে অতি কষ্টৰে নিজৰ প্ৰফাইলটো জীয়াই ৰাখে৷

সময়ৰ লগে লগে বিজয় আৰু ৰবি ডাঙৰ হৈ আহে৷ বিজয় সৰুৰে পৰা খঙাল আছিল৷ প্ৰায়েই ফেচবুকত খঙাল পোষ্টবোৰ দিয়ে৷ মাজে মাজে অন্যৰ পোষ্টত গৈ তুমুল কাজিয়া কৰে৷ এইদৰেই দিনবোৰ গৈ আছিল৷ তেনেতে এদিন বিজয়ৰ সৈতে চিনাকী হয় ফেচবুকীয়া ডন দাভাৰৰ৷ দাভাৰ পাঁচটা সাহিত্য গ্ৰুপ, এটা কৌতুক গ্ৰুপ আৰু এটা ৰন্ধন প্ৰকৰণৰ গ্ৰুপৰ এডমিন৷ গোটেইকেইটাতে সদস্য সংখ্যা পঞ্চাছ হাজাৰৰ কম নহয়৷ ফেচবুকত দাভাৰৰ প্ৰধান বিৰোধী হৈছে সামন্ত৷ দাভাৰৰ দৰেই বিভিন্ন গ্ৰুপৰ এডমিন সামন্ত৷ কৌতুক গ্ৰুপ দুটাৰ আঁৰ লৈ দুয়ো খেলে সদস্য ভগাৰ কুটিল খেল৷

অতি কম সময়তে দাভাৰৰ বিশ্বস্ত হৈ পৰে বিজয়৷ একাধিক ফেইক প্ৰফাইল খুলি সামন্তৰ গ্ৰুপবোৰত ক্ষতি কৰি সদস্য ভগা খেলত এক্সপাৰ্ট হৈ পৰে বিজয়৷ ‘বাপন’ বিতৰ্কৰ সুযোগ লৈ সামন্তৰ কৌতুক গ্ৰুপৰ প্ৰায় পাঁচ হাজাৰ সদস্যক দাভাৰৰ গ্ৰুপলৈ অকলেই টানি আনে বিজয়ে৷ দাভাৰ উৎফুল্লিত হৈ পৰে৷ লগে লগে বিজয়ক ‘পপুলি’ গ্ৰুপৰ এডমিন পদেৰে পুৰস্কৃত কৰে দাভাৰে৷ সেই নিশাই বিজয়ে নিজৰ মাকক সেই গ্ৰুপত এড্ কৰে৷ মাকৰ যিবোৰ পোষ্টে আগতে তিনি-চাৰিটা লাইক পাইছিল, এতিয়া সেই পোষ্টবোৰত বিজয়ৰ অনুগামীৰ কৃপাত হাজাৰৰ ঘৰত লাইক পৰে৷ সুমিত্ৰা দেৱী আনন্দিত হোৱাৰ লগতে বিবুদ্ধিতো পৰে৷ মনলৈ বাৰে বাৰে এটাই কথা আহে৷ “বিজয়ে সঠিক পথত চলিছেতো”?

এইফালে বিজয় ভায়েক ৰবিয়ে ফেচবুকীয়া সাহিত্যিক হিচাপে ইতিমধ্যে নিজৰ এক সুকীয়া পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হয়৷ ফেচবুকীয়া চেলিব্ৰেটী হিচাপে পৰিচিত হৈ ৰবিয়ে এখন কিতাপো প্ৰকাশ কৰিবলৈ মন মেলে৷ কিতাপখনৰ কামত সহায় কৰাৰ সময়তেই ৰবি প্ৰেমত পৰে ফেচবুকীয়া অন্য এক চেলিব্ৰিটী বীৰা নাৰঙ্গৰ সৈতে৷ বীৰাৰ দেউতাক চিনিয়ৰ নাৰঙ্গো এক জ্যেষ্ঠ ফেচবুক চেলেব্৷ ৰবি ফেচবুকৰ জগতত সুখী আছিল৷ কিন্তু যেতিয়াই ৰবিয়ে গম পায় যে বিজয়ে ফেইক একাউন্টেৰে নিজৰ বিশাল ফেচবুকীয়া সাম্ৰাজ্য গঢ়ি তুলিছে তেতিয়া ৰবিয়ে ভায়েক হিচাপে চৰম লজ্জা বোধ কৰে৷ দুয়োৰে মাজত তুমুল তৰ্ক বিতৰ্ক হয়৷ বিজয়ক আচৰিত কৰি সুমিত্ৰা দেৱীয়ে সৰুপুত্ৰ ৰবিৰ পক্ষ লয়৷ বিজয়ৰ জনপ্ৰিয় গ্ৰুপ ‘পপুলি’ এৰি ৰবিৰ সৰু গ্ৰুপ “এটুকুৰা আলসুৱা আকাশ”ৰ মডাৰেটৰ হিচাপে এক্টিভ হৈ পৰে৷

এদিন ৰবিয়ে ইনবক্স কৰি বিজয়ক সঠিক পথত ঘূৰি আহিবলৈ আহ্বান জনায়৷ বিজয় মান্তি নহয়৷ ৰবিক ওলোটাই ইনবক্স কৰে, ” মোৰ দুইলাইনৰ ষ্টেটাছত তিনি হাজাৰ লাইক পৰে, হোৱাটছ্ এপত ভাইৰেল হৈ পৰে৷ মই সত্তৰ হাজাৰ মেম্বাৰ থকা গ্ৰুপৰ এডমিন৷ তোৰ গ্ৰুপত কি আছে?”

উত্তৰ আহে, “মোৰ গ্ৰুপত মা আছে!”

বিজয়  মতগৰ্বী হৈ উঠিছিল৷ ৰবিৰ কথা নামানি নিজৰ পথত ওলাই পৰে৷ এদিন বিজয়ৰ জীৱনলৈ প্ৰেম আহে৷ “টেমা ভাঙি পেলাম” নামৰ ক্লোজড্ নাৰীবাদী গ্ৰুপৰ এডমিন অনিতাৰ সৈতে বিজয়ৰ ইনবক্সত ঘনিষ্ঠতা গঢ়ি উঠে৷ ৰাতি সাৰে থাকি দুয়ো হোৱাইচ্ এপত ভিডিঅ’ কল কৰে৷ দুয়ো সপোন দেখে আগৰ ভুলবোৰ পাহৰাই নতুনকৈ এটা ভাল গ্ৰুপ খোলাৰ৷ কিন্তু সামন্তে বিজয়ৰ কোব পাহৰা নাছিল৷ অনিতাৰ ফেচবুক একাউন্ট হেক্ কৰি সামন্তে তাৰ পৰা অশ্লীল আপডেট, মেছেজ দিয়া আৰম্ভ কৰে৷ উপায়হীন হৈ অনিতাই একাউন্ট ডি-এক্টিভেট্ কৰিবলৈ বাধ্য হয়৷

কথাবোৰ জানিব পাৰি বিজয় ক্ৰোধত ফাটি পৰে৷ সামন্তৰ গোটেইবোৰ গ্ৰুপ বিজয়ে হেক কৰি নষ্ট কৰি পেলায়৷ সামন্তৰ একাউন্ট হেক কৰি ডিলিট্ কৰি দিয়ে৷ তেতিয়াই অনিতাই বিজয়ক খবৰ দিয়ে, সুমিত্ৰা দেৱীয়ে হেনো “ফিলিং চীক” বুলি আপডেট দিছে৷ বিজয়ে খবৰ ল’বলৈ গৈ হতবাক, মাকে তাক সকলোতে ব্লক মাৰি থৈছে৷ মাকৰ খবৰ পাবলৈ বিজয় আকুল, কিন্তু আজি যে সি নিৰুপায়৷

আদৰ্শবান ৰবিয়ে নিজৰ লক্ষ্যৰ পৰা অলপো আঁতৰি নাহে৷ ককায়েক বিজয়ৰ ফেইক একাউন্ট, গ্ৰুপ ভঙা পতাৰ খেল আদি সকলো কু কীৰ্তি পোহৰলৈ আনে৷ ফেচবুক জগতত বিজয়ৰ নাম ক’লা হেচটেগেৰে লিখা হয়৷ বিজয় ভাঙি পৰে৷ সুমিত্ৰা দেৱীয়ে শেষ মুহূৰ্তত মমতাৰ বশত বিজয়ক আনব্লক কৰে৷ কিন্তু হায়… ফেচবুক, হোৱাটচ্ এপ, হাইক কতোৱেই যে বিজয়ৰ অস্তিত্ব নাই৷ ক’লৈ গ’ল বিজয়?

এয়াৰচেলৰ চিম আছিল, পলমকৈ পোৰ্ট কৰিবলৈ গৈ এচ্ এম্ এচটো নাপালে৷ বিজয় আৰু কেতিয়াওঁ ঘূৰি নাহে৷

☆★☆★☆

 

23 Comments

  • বৰ্ণালী ফুকন

    বৰ ভাল লাগিল।

    Reply
  • Manisha Kakati

    কি সাংঘাটিক.. ফেচবুকত দীৱাৰ।

    Reply
  • Ananta Borah

    ভাল লাগিল ।

    Reply
  • উৎপলা কৌৰ

    ধেৎ তেৰি! মানুহ মাৰিবা দেই 😀

    Reply
  • অক্লান্তিকা

    তামাম আৰু দেই৷

    Reply
  • ৰিণ্টু

    বাপ্পা ৰে, এইটো স্ক্ৰিপ্ট লৈ দীৱাৰৰ চিকুৱেল এখন বনাব পাৰি দেখোন।

    খুব ভাল লাগিল পঢ়ি অমিতাভ

    Reply
  • হা হা এইখন ডিজিটেল “দীৱাৰ” দেখোন। বৰ ভাল লাগিল।

    Reply
  • Gitika Saikia

    বেলেগ টুইষ্ট দেই! অগতানুগতিক গল্প। ভাল লাগিল পঢ়ি।

    Reply
  • টেমা ভঙা গ্ৰুপ, হাঁহিলো। বহুত ভাল লাগিল।

    Reply
  • উত্তৰা

    হাঁ ফেবু ফিল্ম “ডিৱাৰ”

    Reply
  • Dhurjjati

    Haha ha superb

    Reply
  • বাপৰে

    Reply
  • Dhruv K

    অপূৰ্ব!

    Reply
  • jomoni manuh

    Bhal lagil porhi. Likhi jauk.

    Reply
  • Nayan

    তামাম লিখিছে!

    Reply
  • Kangkan Borah

    বা: কি সাংঘাটিক

    Reply
  • ববিতা বৰুৱা

    বাপৰে মানুহ মাৰি দিবদে

    Reply
  • Rajeeb

    অমিতাভৰ কলমত নতুন দীৱাৰ… 😀

    Reply
  • দিম্পল

    সাংঘা দেই।
    এইটো

    Reply
  • Kakali Deka

    ভাল লাগিল৷

    Reply
  • অভিজিত কলিতা

    সাংঘাটিক !! অতি উচ্চস্তৰৰ ব্যংগ। বৰ ভাল লাগিল।

    Reply
  • Val lagil

    Reply
  • সাংঘাটিক বুলিহে কলো আৰু !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *